Friday, 2 June 2017
কথাত কটা যায় কথাত বটা পায়ঃ
কথাত কটা যায় কথাত বটা পায়ঃ
মানুহজনে ড্ৰাইভিং লাইচেঞ্চ বনাবলৈ মতাত প্ৰচণ্ড ঠাণ্ডাত ৰাতিপুৱাতেই অফিচটোৰলৈ গ'লো।অফিচাৰ দহ বজাতহে আহে। গতিকে দুয়ো চাহ খাবলৈ গছৰ তলৰ দোকান এখনলৈ গ'লো।চাহৰ গিলাছটো হাতত লৈ তেখেতে মোৰলৈ চাই শুধিলে, "গা ধুই আহিছানে? কিমান দিন ধোঁৱা নাই?" কিবা যেন অবতৰত গজা ধানৰ দৰেই প্ৰশ্নটো কৰিলে!
তেওঁলৈ চাই সঁচাটোকেই ক'লো,"গা ধোৱা নাই।গৰম পানীৰে মুখখন ধুই ,চুলিত তেল সানি ,বডি স্পে' লগাই একদম ফ্ৰেছ হৈ আহিলোঁ। সদায়ে নুধো।"
তাৰ পাছত সেই প্ৰচণ্ড ঠাণ্ডাক "ফেচ টু ফেচ" চেলেঞ্জ দিয়াৰ দৰে তেওঁৰ নানা কথা। ৰাতিপুৱা চাৰি বজাতেই উঠি গা-পা ধুই,পূজা-পাঠ কৰিহে হেনো ভোজন কৰে।গা নুধোৱাকৈ খোৱাটো নিয়ম নহয়। নিম্নজাতিৰ হাতেৰে উপায় নহ'লেহে হেনো খায়।তেখেত উচ্চ কুলৰ।কিবা হেনো ভাল জাতৰ।য'তে ত'তে নেখায়।
তেখেতে কৈ গৈ থাকিল। মই নিৰৱে মনে মনে শুনি "হমম হমম" বুলি কৈ মই নো কি জাতৰ ,কি কুলৰ সেইটোৱেই ভাৱি থাকিলোঁ।
এনেতে মোৰ চচমাত চূণৰ দৰে বগা- ক'লা বৰণৰ কিবা এটা লগা যেন পোৱাত প্লাষ্টিকৰ চাহৰ গিলাছটো ডাষ্টবিনত পেলাই দি ৰুমালেহে সেইখিনি মচিবলৈ লৈ যিটোহে দেখিলোঁ| মানুহজনৰ এহাতে সোৱাদ লৈ লৈ খোৱা চাহৰ গিলাছটো।আনখন হাত সেই ক্ৰিকেটৰ পিটছৰ দৰে তেওঁৰ বৃহৎ তালুখনত। তেওঁ বাৰে-বাৰে হাতেৰে তালুখন খেপিয়াই চাই বগা-ক'লা বৰণৰ সেই
জুলীয়া গৰম গৰম পদাৰ্থখিনি চকুৰ সন্মুখলৈ আনি মাজে মাজে শুঙিও চাইছে। ওপৰৰ কাউৰী দুজনীয়ে তেতিয়াৰ পৰাই আনন্দতে কলকলাই আছিল।অলপতে সিহঁতৰ এজনীয়ে কামফেৰা কৰি দিয়াত গছৰ পাতেৰে মিহলি হৈ চিধাই আহি মানুহজনৰ সেই বৃহৎ পিটছখনত পৰাত তাৰ পৰা চিটিকি আহি মোৰ চচমাত দুটোপাল পৰিছিল। মানুহজনে তালুখন খেপিয়াই সেইখিনি পৰীক্ষা-নিৰীক্ষা কৰি থাকোঁতেই আনজনী কাউৰীয়ে কামফেৰা কৰি দিলে।এইবাৰৰ খিনি গছৰ পাছত মিহলি হৈ নহাত চিধাই কাণৰ কাষেৰে গৈ তেখেতৰ বগা চুয়েটাৰত পৰিছেগৈ।
মানুহজনে কৈ থকা সেই গা ধোৱা,নুধোৱা জাতি-কুল,পবিত্ৰতা- অপবিত্ৰতাৰ কথাখিনি আধৰুৱা হৈয়ে থাকিল।নিমাত হৈ কাগজখিনি মোক গটাই বাইকখনত ষ্টাৰ্ট দি চিধাই ঘৰ পালেগৈ।পাছৰলৈ সোধাও নহ'ল যে তেখেতৰ সেই বৃহৎ তালুখনত কাউৰীহালে কামফেৰা কৰাত শুদ্ধিকৰণ কেনেকৈ কৰিছিল?
মানুহজনলৈ বেয়াও লাগিছিল।অধিক কথাত কটা যোৱাৰ লগতে কাউৰীদুজনীৰ পৰা বটাও যেন পালে।
পিছে কাউৰীৰ কাৰণে মোৰ লাইচেঞ্চ বনোৱা কামটোও নহ'ল।
বেয়া মানুহ ভাল মানুহ :
বেয়া মানুহ ভাল মানুহ :
অমুক বেয়া, তমুক বেয়া,অমুকে অমুক কৰিলে তমুকে তমুক কৰিলে,এনে ধৰণে দিনে ৰাতিয়ে আমিবোৰে কেৱল বেয়া বেয়া বোৰকেই বিচাৰি খুচুৰি বান্দৰৰ ঘাঁ যেন কৰোঁ| সেইয়া হয়তো কাৰোবাৰ ঘৰত, অফিচত,সমাজত, ছ'চিয়েল মেডিয়াত সঘনে শুনিব পোৱা যায়| বেয়া বিচাৰি, খুচুৰি ফুৰা বহু কেইজনক আতৰালোঁ| বেয়া বিচাৰি খুচুৰি ফুৰা এনে ভাল মানুহ মোক নেলাগে.|এনে লোকে গোটেই পৰিবেশটোৱেই দুগন্ধময় কৰি ফুৰে| বেয়াজনে এবাৰ কৰা কামটো এনেলোকে হাজাৰ বাৰ হাজাৰ জনৰ আগত কৰোৱাই ..মুখেৰে!
মানুহ কোনো বেয়া নহয় | এই পৃথিৱীৰলৈ মানুহ বেয়া হৈ নাহে|মাকৰ গর্ভৰ পৰা অহা দিনাখন একদম ”নেচাৰেল” হৈয়ে আহে| মানুহক দূষিত কৰে পৰিবেশে..| বেয়া বিচাৰি দিনে ৰাতিয়ে ঘুৰি ফুৰা এনে ভাল মানুহে বেয়া মানুহ তৈয়াৰ কৰা পৰিবেশ এটা গঢ়ে|
মানুহক বেয়া বুলি হৈ চৈ কৰাতকৈ সেইজনক শুধৰাবলৈ কোনোৱেই চেষ্টা নকৰে| বেয়া বেয়া বুলি চিহ্নিত হোৱা এনে বহুত ভাল মানুহ আমি দেখিছোঁ| কোনো ছোৱালীয়ে গণিকা হোৱাৰ সপোন নোপোহে| গণিকা এচাম ভাল মানুহে বনায় মেচিনত বনোৱাৰ দৰে|
সিদিনা ইউ পি ত বিয়া এখন খাবলৈ গৈ আধা নগ্ন হৈ নাচি থকা ছোৱালীজনীক দেখি আচৰিত হ’লো| তেনে নাচনিয়ে বিয়াত নানাচিলে হেনো বিয়া বিয়াই নহয়| লগৰ জনৰ ভদ্র দেউতাকক তাইৰ বিষয়ে সোধাত ক’লে ,” এহহ সেই বোৰ বেয়া ছোৱলী, বেয়া ঘৰৰ,নাচে ,পইচা লয়”|
পাছত দেখিলোঁ সেই ভদ্র মানুহজনেই আটাইতকৈ বেছি পইচা উৰুৱালে|বন্দুকৰ গুলি ফুটালে, তাইক এৰাতিৰ বাবে দৰদাম কৰিলে..| ভাল বিচাৰি যেন বেয়াহে পালো|ছোৱালীজনীৰ প্রতি পতৌ উপজিল|
ঠিক তেনেদৰে বেয়া বেয়া বুলিয়েই জীৱনটো চিনাকী দিয়া বোৱাৰীজনীয়েই বুঢ়ীজনীক অন্তিম সময়ত প্রতিপালন কৰাও দেখিছোঁ|
বেয়া বেয়া বুলি চিনাক্ত কৰা এদিনাখনৰ মোৰ আটাইতকৈ বেয়া শত্রু জনেই আজিৰ আটাইতকৈ ভাল বিশ্বাসী বন্ধু| মানুহ কোনোয়েই যেন বেয়া নহয়|বেয়া মানুহে বনায়|
বেয়া বিচাৰি খুচুৰি থকা সকলৰ মনত একপ্রকাৰৰ “ ইন চিকিউৰ” নামৰ বস্তু এটা সোমাই থাকে|তেওঁলোক যেন সুৰক্ষিত নহয়, তেওঁলোক যেন নিৰাপদ নহয় এনে এটা ভাৱ সোমাই থাকে কাৰণে নিৰাপত্তা বা নিজৰ সুৰক্ষাৰ কাৰণে আনৰ বেয়াবোৰ উলিয়াই ফুৰে|
ময়ো এজন বেয়া মানুহ| বেয়া বিচাৰি ফুৰা ভাল মানুহ বোৰক মই ঘিণ কৰোঁ| ভয়ো কৰোঁ| কাৰণ এনে মানুহবোৰ গোন্ধায. বেয়া , বেয়া !!!
বেয়া মানুহক ভাল মানুহ সজা মানুহবোৰক মই প্রনিপাত কৰোঁ| এনে মানুহো বহুত দেখিছো| আনে বেয়া বেয়া বুলি চার্টিফিকেট দিয়া বহুতো বেয়া মানুহক এনেবোৰে ভাল কৰিছে| এনে মানুহ বোৰ মোৰ কাৰণে স্বয়ং ইশ্বৰৰে আন এটা ৰূপ!
কথাবোৰ দেখি, বুজি জানি আজি কালি ময়ো বেয়া মানুহেই বিচাৰি ফুৰোঁ| কিজানি সেই বেয়া মানুহতেই এজন ভাল মানুহ বিচাৰি পাওঁ এনে আশাৰে..|
লেম:
লেম:
টেবুল লেম মোৰ বৰ প্ৰিয়।বিশেষকৈ টেবুল লেমৰ চিমনিৰে ওলোৱা ধোঁৱাৰ গোন্ধটো! সৰুতে, গধুলি মায়ে চাফ চিকুণ কৰি জ্বলাই দিয়াৰ পাছত লেমৰ চিমনিৰ ওপৰেৰে ওলোৱা গোন্ধটোৰ আমেজ সদায়েই লৈছিলোঁ।আজি বহু বছৰেই হ'ল সেই গোন্ধটো নোপোৱা।সেই গোন্ধটোৱেই খন্তেকতে মোক সুদুৰ অতীতলৈ লৈ যোৱাটো নিশ্চিত।
চিঞৰি চিঞৰি মূখস্থ কৰা,
" নিচিনো তোমাক ক'ত আছা প্ৰভু…।"
গধুলি হলধৰ খুড়াই চোতালৰ একাষে জ্বলোৱা উমি উমি জ্বলি থকা জগাটোৰ ধোঁৱা, তাৰ কিছু সময় আগত বা পাছত গোসাই ঘৰৰ পৰা পদূলিলৈ বিয়পি থকা সেই ধূনাৰ গোন্ধটো…। এবাটি গাখীৰ দিয়া চাহ ,কলপাতেৰে বিয়পি যোৱা গুৰ!
এই টেবুল লেমৰ গোন্ধটোৰ লগতেই মনৰ কোনোবা এটা কোণাত হাজাৰ স্মৃতি লুকাই আছে। পঢ়ি পঢ়ি টোপনি আহিলে এই লেমটোৰে মহ মৰাতোও এটা বৰ আমোদজনক কাম আছিল।দেৱালত পৰি থকা মহ বোৰৰ তলত চিমনিটো লাহেকৈ লগাই দিলে চিমনিৰ তাপত মহবোৰে 'চেনেট' কৈ শব্দ কৰি চিমনিৰ ভিতৰত বাগৰি পৰা,তাৰ পাছত পাছদিনা ৰাতিপুৱা এটা এটাকৈ হিচাপ কৰি সগৌৰৱেৰে দীপুহঁতক কোৱা ,"যোৱা কালি মই বাৰটা মাৰিলোঁ,তহঁতে?"
কেতিয়াৱা আকৌ ডাঙৰ পৰুৱা বা বৰল ক'ৰবাৰ পৰা উৰি উৰি চিমনিৰ ভিতৰত ফচিলে কি যে আনন্দ! পঢ়া শুনা একাষে কৰি থৈ লাগি যাও সেইটোৰ পাছত।কেনেবাকৈ ওলালেও আধা জ্বলা সেই পৰুৱাটোক বিচাৰি চালাথ কৰোঁ। তাৰ পাছত কম্পাচৰ কটাৰে চেপি আকৌ চিমনিৰ ভিতৰত ভৰাই দি মধুৰ আমেজ লও!
এই কেইদিন অকনমান গৰম পৰিছে।যোৱা বছৰৰ মহ মৰা ৰেকেট খন বেয়া হৈ যোৱাত সিদিনা আকৌ এখন আনিলোঁ। এই খন হাতত লৈ উধাই মুধাই ঘুৰালেও ক'ৰবাত কেনেবাকৈ সৰু মহ বা মাখি এটা লাগিলেই "চেনেট চেনেট" ,একেবাৰেই স্বৰ্গগামী হৈ যায়। এই খনেৰেই বিশেষ আনন্দ পোৱা যায় যদিও সেই লেমৰ দৰে নহয়।লেমত পোৱা সেই মধুৰ গোন্ধটো এইখনত নেপায়।
মন যায় এই বেলিও ঘৰলৈ গ'লে পুনৰ মহ মাৰিবলৈ।পুনৰ সগৌৰৱেৰে "মই দহটা মাৰিলোঁ তই কেইটা"।
পিছে আজিকালি সেই লেমবোৰ নোহোৱা হ'ল।
তেখেত থকা হ'লে
তেখেত থকা হ'লে..
"বিহুটি আহিলে দেউতাই এমাহমান আগৰে পৰা বাঁহ, খৰি বিচৰাত লাগি গৈছিল| আগৰ মানুহ তেওঁ| তেল দিয়া পিঠা খাই ভাল পায় কাৰণে মানুহে পিঠাৰাম বুলিয়েই ধেমালিতে মাতিছিল | পিঠা বনাম বুলি ক’লে সাত সাগৰ তেৰ নদী পাৰ কৰি হ’লেও যা-যোগাৰ আনি দিছিল |উৰুকাৰ দিনা ৰাতিপুৱা ৰাজহুৱা পুখুৰীৰ মাছ মৰাৰ পৰা ছাগলীৰ মাংস আনি দিয়াৰলৈকে ,পাছত আকৌ গধুলি পিঠাচুঙা পুৰাত মাক সহায় কৰি গৰমে-গৰমে জুইশালত সৰু চুঙা এটা কাটি জুটি লোৱাটো দেউতাৰ এটা পুৰণা অভ্যাস |
বিহু আহে আৰু যায় | মানুহে আনন্দ কৰে | দেউতা নোহোৱাৰ পৰা সেই আনন্দ নোহোৱা হ’ল | আজিকালি গৰমে-গৰমে জুইশালত বহি কোনেও পিঠা চুঙা নেখায় | তথাপি এসময়ত ভোৰভোৰাই দেউতাক তেনে কৰিলে কর্কথনা কৰা মায়ে যোৱা তিনি বছৰ ধৰি চোতালৰে একাষত সৰু চুঙা এটা আৰু কেইখন মান তেল দিয়া পিঠা আগবঢ়ায় |কয় তেখেত থকা হ’লে......|
মোৰ দুচকু নিগৰি যায়| বিহুটিয়ে দুখহে কঢ়িয়াই আনে|
জানানে মণ্টু ,তোমাক লগ পোৱা হ'লে দেউতাই হিন্দীত কথা পাতিলে হয়, হায় হায় লগাই।খুউব ভাল পালে হয়।"
- বন্ধুজনে আৱেগেৰে কৈ গ'ল |
বন্ধুৰ কথাই বুকুৰ কোনোবা এটা অংশত আঘাত কৰি গ'ল।
00000
এই বাৰ ঘৰলৈ যাওঁতে মাৰ আলমীৰাটোলৈ প্রথমে গৈছিলোঁ | সেইটো খুলি চাই তাত থকা মাৰ কাপোৰবোৰ চুই চাইছিলোঁ | মনে মনে কাপোৰবোৰ আঁকোৱালী লৈ কিছুসময় নিৰৱে কটাইছিলোঁ। মই যেন মাৰ বুকুতেই গুজি শুই আছিলো।কাপোৰবোৰৰ সেই মা মা গোন্ধটো তেতিয়াও আছিল। হস্পিটেকত ভৰ্তি হোৱাৰ এমাহ আগত মায়ে কাপোৰ কেইযোৰ ধুই মেলি নিজে ইস্ত্রী কৰি ৰাখিছিল |কাপোৰবোৰ তেতিয়াও ইস্ত্রীৰ ভাজে-ভাজে আছিল। বাকী কাপোৰবোৰ ওচৰৰে আমাৰ ঘৰত কাম কৰিবলৈ অহা উলাৰিক দিছিলো যদিও দেউতাই সেই কেইখন দিবলৈ মানা কৰিছিল| আজিহে সেই কেইখনৰ মুল্যটো বুজি পালো | আলমীৰাটোৰ একাষে আছিল এটা নতুন সেন্দুৰৰ টেমা | এখন সৰু আইনা আৰু কিছুমান সৰু-সুৰা বস্তু | দেউতাই সিদিনা কৈছিল সেইবোৰ হেনো মোৰ বিয়াৰ বাবেই এপদ দুপদকৈ অগতীয়াকৈ কিনি থৈছিল| বিয়া নেপালে তেখেতে | |
মানুহজনীয়ে উচুপিছিল ”তেখেত থকা হ'লে তোমাক কিমান মৰম কৰিলে হয় ”
চকুদুটা সেমেকি গৈছিল|
এই পৃথিৱীখনলৈ মানুহ আহে আৰু যায় | এক পুৰুষ আহে এক পুৰুষ যায়| সকলোবোৰ দুদিনীয়া অতিথি| প্রজা যিটো বাটেৰে যায় ৰজাও সেইটো বাটেৰেই যাব লাগিব | পিছে কথা হ'ল যোৱাটো নিশ্চিত
বুলি জনিও মানুহে জীৱিত কালত মাক দেউতাকক কদৰ নকৰি মৃত্যুৰ পাছতহে উপলব্ধি কৰা দেখা যায় |হয়তো মা দেউতা লগত থকালৈকে মানুহে একো অনুভৱেই নকৰে| যেতিয়া গুছি যাব তেতিয়া পাছত হয়তো অনুশোচনা কৰি ক’ব “ মা থকা হ'লে,মায়ে বনাই দিয়া পিঠাৰ সেই জুটি ,সেই মৰম| বিহু আহি থাকিব গৈ থাকিব | কিন্তু মা দেউতা লগত থকাৰ সেই অনুভৱ সেই মৰম দুনাই ঘুৰি নাহে |
মা দেউতা ঘৰত থাকে,মই থাকো দূৰৈত। সদায়েই গধুলি এঘণ্টা তেওঁলোকৰ লগত কথা নাপাতিলে দেখোন মনেই নভৰে। ভয় লাগে সময়ত সোঁতত যদি হেৰাই যায়। ভাবিবলৈ সাহসে নধৰে। তথাপি এয়াই যেন নিয়ম,প্ৰকৃতিৰ,ঈশ্বৰৰ!
মুৰ্গীৰ কণীঃ
মুৰ্গীৰ কণীঃ
ৰাতিপুৱাতে দীপুক ফোন কৰিলোঁ।সি খুউব ব্যস্ত। মূৰ্গীৰ পাছত গোটেই বাৰীখন দৌৰি আছে। দুয়োজনীয়ে হেনো বেলেগৰ ঘৰত হে কণী পাৰে ,গতিকে মাকৰ কথাত সি আজি উঠি পৰি দৃঢ়তাৰে লাগিছে।কণী পৰা ঠাই,আৰু কণী হেনো সি আজি বিচাৰি উলিয়াবই।কথা পাতি থাকোঁতেই এজনীয়ে "কু কু কুক" কৈ দীঘলকৈ কণী পৰাৰ টিলিঙাটো বজাই দিয়াত খুড়ীৰ হাতত ফোনটো গটাই সি দৌৰ মুৰ্গীজনীৰ পাছে পাছে। খুড়ীয়ে ফোনটো কাণত ওলোটাকৈ লৈ চিঞৰি চিঞৰি তাক গোহালী ঘৰৰ পাছফালে থকা খদাটোত(পাচি) আৰু ঢেঁকীশালৰ ডুলিটোৰ ওপৰৰ খেৰখিনিত ভালদৰে চাবলৈ কৈ আছে।মই ফোনটো ৰাখো নেকি বুলি কোৱাত খুড়ীয়ে তপৰাই ক'লে ,ৰ'বাচোন দৰকাৰ এটা আছে,পিছে সময়ে পোৱা নাই তোমাৰ লগত কথা পাতিবলৈ।খুড়ীয়ে চাগে দীপুৰ কাৰণে ছোৱালীৰ কথা ক'ব ,মনে মনে অনুমান কৰিলোঁ।জানাই নহয়।দুজনীকৈ মুৰ্গী,যোৱা দুমাহ ধৰি নিজৰ ঘৰত কণী নেপাৰে।বেলেগৰ ঘৰত কণী পাৰে।জানানে? আমাৰ কিবা দিন কালেই বেয়া । আজিকালিৰ মানুহবোৰ আগৰ দৰে নহয়।নতুন নতুন বোৱাৰীবোৰ ঘৰে ঘৰে।আগৰ দৰে নহয়।কণী পাৰিলেও কোনেও নকয়।যোৱা দুমাহ ধৰি মুৰ্গী কেইজনীয়ে ঘৰত কণী পৰা নাই।ক'ৰবাত নহয় ক'ৰবাততো নিশ্চয়ে পাৰিছে,জানানে কোনেও নকয়।লুকাই ৰাখে। আমাৰ বেয়া দিন বুইছ,দেউতাক ঢুকুৱাৰ পৰাই সৌ সিদিনা ছাগলী পোৱালী এজনী শিয়ালে খালে,বাহৰ পাৰবোৰো বাহতে মৰে,জানানে।এই বাৰ জহা ধানো ভাল নহ'ল নহয়।গোসানী আইৰ লেঠাটো মাৰিবলৈ কওঁ, পিছে ই দেখোন গুৰু গোসাঁই একোৱে নেমানে।দেউতাক থাকিলে…।খুড়ীয়ে আন দিনৰ দৰে দুখৰ ভাণ্ডাৰবোৰ মোৰ আগত এটা এটাকৈ খোলে।যেন পৃথিৱীৰ আটাইতকৈ দুখী মহিলাজনী খুড়ীয়েই হয়।
যানহওঁক এই মুৰ্গীৰ কণীৰ কথাই মোক খন্তেকতে অতীতলৈ লৈ গ'ল।খুড়ীৰ কথাত 'হমম হমম' বুলি ময়ো অতীতলৈ গুচি গ'লো,অতীততে হেৰুৱা সেই মুৰ্গীকণী দুটা বিচাৰি…।
সৰুতে পথাৰৰ সৰাধান বিচাৰি ,বেচি দেউতাৰ হতুৱাই এবাৰ এটা মুৰ্গীৰ পোৱালি বজাৰৰ পৰা অনাইছিলোঁ। দুদিনমান ঠেঙত সৰু জৰী এডাল বান্ধি নিজৰ লগতে ৰাখিছিলোঁ। তাইক পাৰ্য্যমানে খাবলৈ দিয়াত লহপহকৈ বাঢ়ি গৈছিল।লাহে-লাহে তায়ো যেন যৌৱনতহে ভৰি দিছিলগৈ।মোৰ মনত আনন্দৰ সীমা নাই। দিনে ৰাতিয়ে মাক এটাই কথা সুধো তাই কেতিয়া কণী দিব।এদিন ভঁড়াল ঘৰৰ ওপৰত থোৱা খৰাহীটোৰ ওপৰৰ পৰা "ক কু কু" কৈ চিঞৰি ওলাই অহাত একে দৌৰে গৈ ভঁড়াল ঘৰ পালোগৈ।তাই কণী দিছে।সৰু কণী।কণীটো চুই,এবাৰ শুঙিও চালোঁ।একদম গৰম গৰম।মোৰ যে কিমান আনন্দ।আথেৰেথে কণীটো মাক দেখুৱাই পঢ়া টেবুলৰ ভিতৰত থ'লো।মায়ে বুজালে কণী পৰা শেষ হ'লে একেলগে সকলোকে উমনি দিলে এগাল পোৱালী হ'ব।মনত নানা সপোন। এনেদৰে সদায় মুৰ্গীজনীয়ে কণীপৰা চাই হে সেইটো টেবুলৰ ভিতৰত থৈ মই স্কুললৈ যাও।দুই এদিন স্কুল যোৱাও নহ'ল।
এদিনাখন স্কুলৰ পৰা আহি কণী কেইটা হিচাপ কৰি চালো ।দুটা কণী নাই।তামাম চিঞৰ বাখৰ।আলহী আহিছিলে।আলহীক খোৱালে।মায়ে হাঁহৰ ডাঙৰ কণী দুটা আনি হাতত দিলে যদিও সেই কেইটা নল'লো।মোক সৰু কণী লাগে।উপায়হীন হৈ হলধৰ খুড়াই আলহীৰ চাইকেলেৰে মনে মনে ওচৰৰ গাঁৱখনলৈ সৰু কণী বিচাৰি গ'ল…।
বহু সময়ে ময়ো ফোনটো কাণত লৈ খুড়ীৰ কথাত "হমম হমম" বুলি কণী বিচাৰি অতীতলৈ গুচি গৈছিলোঁ।এনেতে দীপুৱে কেতিয়া খুড়ীৰ পৰা ফোনটো ল'লে গমেই নেপালোঁ।
ফোঁপাই ফোঁপাই ," দোষ্টী কণী দুটা পালোঁ।"
দীপুৰ কথাত মোৰ মনে প্ৰাণে হাঁহি বিৰিঙি উঠিছে।মোক যেন হলধৰ খুড়াইহে চাইকেল মাৰি গৈ শৈশৱতে হেৰুৱা কণী দুটাহে আনি দিলে…।মনটো কিবা এটা আনন্দৰে ভৰি গ'ল।
°°°°°°°°
(জিঅ' পেক ফিনিছ হোৱাৰ বাবে গৰম গৰম কণী কেইটাৰ ফ'টো দীপুৰ পৰা নেপালোঁ)
কইনা দ'ৰা:
কইনা দ'ৰা:
চাবোন লগাই 'জিলেট ইউজ এণ্ড থ্ৰ' পাত গালত এনেয়ে এপাক নে দুপাক মাটি মৈৰ দৰে ঘুৰাই আছিলোঁ। নিজৰে খেতি,সদায় এনেকৈ দুপাক ঘূৰাও। এনেতে মোবাইলটো বাজিল।আইনাখন টেবুলত থৈ ৰিচিভ কৰি 'লাউড স্পীকাৰ' লগাই দিছো। সিফালৰ পৰা দীপুৱে চিঞৰিছে।
: হেল্ল' হেল্ল', আব্বে ক'ত আছা তই?
: ৰুমত ,দাড়ি কাটি ,ক'?
: মই ৰঙামাটীত আহিছিলোঁ।নেটৱৰ্ক নাই কাৰণে কলগছৰ তলত আহিছো।হেল্ল' হেল্ল' শুনিছানে?
: শুনিছো ক' জল্দী।
: তই বিয়া পাতিছিলি যে ছোৱালী জনী,দীপিকা ,সিহঁতৰ ঘৰত আহিছিলোঁ।গিৰিয়েকক এল আই চি পলিচি এটা দিব আহিছো।
: মই বিয়া পাতিছিলোঁ? কোন? জোনালী? আইমনি?ত'ৰা?
:হেল্ল' হেল্ল' ,আৰে নেটৱৰ্ক টো নেপায়েই ।তই যে বিয়া পাতিছিলি,তই যে বিয়া পাতিছিলি…হেল্ল' হেল্ল'…
: আব্বে ক' শুনিছো। কি মই বিয়া পাতছিলোঁ?
: তই যে বিয়া পাতিছিলি ছোৱালীজনী সিহঁতৰ ঘৰৰ কলৰ তলত মই।হেল্ল' শুনিছানে?
তই যে বিয়া পাতিছিলি…হেল্ল' তই যে বিয়া…
দীপুৰ নেটৱৰ্কৰ লগতে বেলেঞ্চো গ'ল।লাউড স্পীকাৰ অন হৈ আছিল। দীপুয়ে জোৰ জোৰকৈ কৈ থকা কথা খিনি শুনি একেটা কোঠাতে আমনজিমনকৈ বহি আছিল মোৰ লগত যোৰহাট কোৰ্টৰ চাৰিওফালে তিনিদিন আঠপাক মান ঘূৰি বগা কাগজত চঁহী কৰা ছোৱালীজনী।
একো নক'লে যদিও মনত কিবা এটা থাকি গ'ল।দীপু বাচিল।ময়ো বাচিলোঁ।
এই বাৰ ঘৰলৈ যাওঁতে আমি দুয়ো মামাহঁতৰ ঘৰলৈ গ'লো।মামাৰ ছোৱালীজনীয়ে অতীতৰ কাহিনীবোৰ কৈ অকৎস্মাতে মনত পেলালে:
:আচ্ছা তই যে বিয়া পাতিছিলি ছোৱালীজনী নাম কি আছিল?
:আৰে মই তো বহুতকে বিয়া পাতিছিলোঁ।কোনজনী?
:সেই যে ঢেকীশালত আমি যে নাৰিকলৰ কোৰোকাৰে,মই যে তোৰ মাক,তাই তোৰ কইনা হৈছিল,কি নাম আছিল?
:তুলিকা?
: অহহ তুলিকা।তাইক সিদিনা মঙলদৈৰ মাছৰ বজাৰত লগ পাইছিলো জানা।তোৰলৈ ঘপংকৈ মনত পৰিছিল।কি যে দিনবোৰ আছিল।কইনা দৰা খেলাৰ।
বহু সময়ৰে পৰে একে ধ্যানে চকু নজপোৱাকৈ আমাৰ ওচৰতে বহি নিৰৱে শুনি থকা মহিলাজনীৰ মুখত হাঁহি বিৰিঙি উঠিল।
দীঘলকৈ উশাহ এটা লৈ হাঁহি হাঁহি,"তুমি মোৰ আগতে কেইজনীক বিয়া পাতিছিলা হে?"
গগনা:
গগনা:
হলধৰ খুড়াক একোতেই হৰুৱাব নোৱাৰে | ছাগলীৰ ছালৰ ঢোল বনাই , বিহুগীত ৰচি, গগনা , পেঁপা নিজ হাতে বনাই বিহু গোৱাৰ পৰা ৰাতি হুঁচৰিত লেম লোৱা বুঢ়াজন হৈ গৃহস্থৰ মংগল কামনা কৰাৰলৈকে..| বাঁহৰ ধুনীয়া ধুনীয়া বিচনী , জাকৈ খালৈ ,পল',খদা(পাচি).ঢাৰি , দলা চালনী, মুঢ়া ইত্যাদি বোৱাৰ পৰ ঘৰৰ ছাল চিলোৱাৰলৈকে | চুলি কটাৰ পৰা খেৱলী জাল নিজে বনাই নদীৰ দৰিকণা ,পুঠি ,খলিহনা ধৰাৰলৈকে | সেই দৰে আহু শালি খেতিত হাল বাই নিজে খেতি কৰাৰ পৰা নাঙলৰ ফাল বনোৱাৰলৈকে....| বিহুটিয়ে অগাদেৱা কৰি থকা এই কেইদিন খুড়াৰ আজঁৰি নাথাকে | মানুহৰ ঘৰে ঘৰে কেবল এজনৰে কথা , সেইয়া হলধৰ কাই | বিয়াবোৰো গাঁৱত নামিছে | গতিকে বিয়াৰ আগে আগে ঘৰৰ ছাল চিলাই বেৰবোৰ নতুনকৈ মাতিৰে লিপি চূণ তেল লগাই সজাই তুলিবলৈ বিয়া ঘৰীয়াবোৰ উঠি পৰি লাগিছে | হলধৰ খুড়াৰ প্রয়োজন এইবোৰতেই | হলধৰ খুড়া নাথাকিলে ঘৰৰ ছালৰ মুধাৰ শেষ কাম খিনি কোনে কৰিব ? সেই জাতি বাঁহৰ তঙাল কোনে তোলিব? বিয়াসভাত ভোজৰ হিচাপ নিকাছ কোনে দিব? সেই হেড ৰান্ধনীজন হৈ ভাজি থকা মাছ বা মাংসখিনি চাই নিদিলে দেখোন তলতীয়া ৰান্ধনী কেইজনে একো উহাদিহে নেপায় | তাতে আকৌ খুড়াৰ হাতৰ সেই ছাগলী মাংসৰ সোৱাদ ! হাজাৰ জনে খাই আঙুলি চেলেকী চেলেকী “ মাংসৰ জোল অলপ দিবনে , পাৰিলে এপিছ সৰুকৈ ?” বিয়া ঘৰবোৰত ৰভাৰ খুটা পুটাৰ পৰা কল পটুৱাৰ দোনা(দোং)সজাৰলৈকে|ৰাতি বামুনৰ ওচৰত বহি আকৌ আশী বছৰীয়া বুঢ়াজন হৈ বিয়া ঘৰীয়াক দিহা পৰামর্শ দিবলৈ..|
সৰুতে আমাক দীঘল দীঘল নাৰিকলৰ পাতৰ পেঁপা, ঘড়ী, ৰঙচঙীয়া কাগজৰ চিলা, নৌকা, বাঁহৰ গাড়ী, এইবোৰ সজাই দিছিল| সেইবোৰ পাই আমি কিমান যে সুখী হৈছিলোঁ| খুড়াই পাৰি দিয়া মদাৰ ফুলবোৰ নখত লৈ আমি কিমান যে খেলিছিলোঁ|
খুড়াৰ লগত এটা বিশেষ দৰকাৰ আছিল| খুড়াই ধুনীয়াকৈ গগণা, মহৰ শিঙৰ পেঁপা আৰু বা়ঁহী সজায় |এই বাৰ ঘৰলৈ গ’লে তেওঁৰ হাতৰ গগণা দুটামান লৈ অনাৰ কথা ভাবিছিলোঁ|বজাব নোৱাৰিলেও সজাই থ’বলৈ ..|খুড়াক কেইবা বাৰো ফোন কৰিলোঁ | নেপালোঁ |
আজি ৰাতিপুৱা ফোন কৰিলোঁ | খুড়া হস্পিটললৈ যাব ওলাইছে,দীপুৰ লগত | বুকুখন হেনো মাজে মাজে খূউব বিষায় | আগৰ দৰে গাত বল শক্তি আৰু নাই | -খুড়ীয়ে বৰ দুখ মনেৰে ক’লে|
ফোনটো কাটি মোৰো বুকুখনৰ কোনোবা খিনিত বিষ যেন অনুভৱ কৰিলোঁ| মনটো সেমেকি গ’ল|
একো নহ'লেও আকৌ পুনৰ তেওঁৰ হাতৰ গগনা এটাকে আনি স্মৃতি হিচাপে সাঁচি থ'ব পাৰিলে..|
ঈশ্ৱৰক তেওঁৰ আৰোগ্য কামনা কৰিলোঁ !
দূৰত্বঃ
দূৰত্বঃ
"অ'ই গৰু ইফালে আহ!" ,আহিছিল।"অ'ই ফলিখন আন" ,আনিছিল,"অ'ই গৰু নাকটো মুচ",গৰুৱে হয়তো মুখখন জোঙা কৰি নাকটো উজাই এবাৰ সুহাতৰ বাহুৰে মচি দিছিল,"অ'ইগৰু 'ক' ঘূৰা" ,এই
গৰুৱে ফলিখনত আঁকি দিয়া 'ক'টো একান্ত মনেৰে ঘূৰাইছিল।
নাকৰ শেঙুন আহি ওঁঠত ওলমি গৈছিল।মাজে -মাজে জিভাৰে ওলমি থকা শেঙুনৰ সোৱাদো লৈছিল।ক'ব নোৱাৰাকৈ এই গৰুৱে সোঁহাতৰ বাহুৰে আৰু এবাৰ বাওঁহাতৰ বাহুৰে নাকটো মচিছিলোঁ।এই গৰুৰ গালৰ এফালে শেঙুনৰ দাগবোৰ পৰি ৰৈছিল।ৰান্ধনী ঘৰত ভাত বহাই দালিত তেল মৰা কামটো শেষ কৰি মা উলাই আহিছিল।আথেৰেথে এখন হাতেৰে গলত ধৰি আনখন হাতেৰে চাঁদৰৰ আচলেৰে এই গৰুৰ নাকটো মচি দিছিল।এই গৰুৰ নাকত ৰান্ধনি ঘৰৰ গৰম গৰম ভাৱ এটা আৰু তেল মৰা পাঁচফোৰণ,নেহৰুৰ গোন্ধটো লাগি গৈছিল। এই গৰুৱে সেই গোন্ধটো ঠিক তেতিয়াৰ পৰাই ভাল পাইছিল।এই গৰুক নাঙঠ কৰি চোতালতে পীৰা এখনত বহুৱাই নিম পাতেৰে মায়ে গা ধুৱাইছিল। যেন গৰুৰ বিহুহে! মাজে মাজে উপলব্ধি হৈছিল।
এই গৰু ডাঙৰ হৈছিল। "গৰু" নামটো লাহে-লাহে আঁতৰি গৈ "সৰু বোপা"," "বোপা",এইবোৰ নামেৰে বিখ্যাত হৈছিল।পাছলৈ গৈ "আমাৰ অমুকা,তমুকা" নামেৰে এই গৰুৰ কথা বেলেগক কোৱা হ'ল। এই গৰুৱে আজিও সেই সৰুতে মতা "এই গৰু" নামটোকে বিচাৰে যদিও ভতিজাজনেহে সেই নামটো উত্তৰাধিকাৰী হিচাপে পালে। মাজে মাজে এই গৰুৰ ঈৰ্ষা হয়।
আজিকালি দেউতাই "অ'ই গৰু ইফালে আহ!" বুলি মাতিলে সৰু ভতিজাজনহে ঝুনুক ঝানাককৈ দৌৰি যায়,এই গৰুৱে মুৰ দাঙি আজিও চায়।
এই গৰুৱে মনতে কয় "বেটা তোৰো যাব এদিন এই নামটো "
সচাঁই সৰু কালৰ মৰমৰ মাতবোৰ নোহোৱা হৈ গৈ লাহে লাহে দূৰত্বও বাঢ়ি যায়। মানুহ সৰুৰ পৰা ডাঙৰ হয়,বাপেকৰ বুকুত খেলি ডাঙৰ হোৱা পুতেকৰ ,"বাপেক-পুতেক "সম্বন্ধটো এদিন হয়তো কথা কওঁতেই গোঁজৰা,গোঁজৰি হোৱাৰ দৰে হয়। ঠিক তেনেদৰে ছোৱালীবোৰৰো।পিছে ছোৱালীবোৰৰ বহুত কম দেখা যায়।সময়বোৰ বাগৰাৰ লগে লগে যেন "বাপেক-পুতেক" সম্বন্ধটোৰ মাজত যেন এটা "দূৰত্ব" আহি যায়। বহুতৰে আৰু বাপেক পুতেকৰ দেখা দেখিয়েই হ'ব নোৱৰা পৰিস্থিতিও হোৱা নিজ চকুৰে দেখিছো।বেয়া লাগে। দূত্ববোৰ বঢ়াৰ লগে লগে " মা,আই,দেতা,পিতাই,বাবা,তা,…" এইবোৰ মৰমৰ মাতবোৰো গুচি গৈ "বুঢ়া ,বুঢ়ী" হয়।
মানুহক সৰুতে মৰমতে মতা নামটোৰে যদি ডাঙৰ হোৱাৰলৈকে ,মানে বুঢ়া হোৱাৰলৈকে মাক বাপেকে মাতিলে হয়।তেতিয়া হয়তো এই "বুঢ়া-বুঢ়ী" শব্দ দুটা নাহিল হয়।দূৰত্ববোৰো বাঢ়ি নগ'ল হয়।হয়তো "এই গৰু ইফালে আহ " বুলি মাতিলে কেইবাটাও গৰুৱে মুৰ দাঙি চালে হয়।পাছত যেন বাপেকে লাঠি ডাল লৈ ক'লে হয়,"অ'ই গৰু তোক 'ক' ঘূৰাবলৈ মতা নাই নহয়,পুতেৰক মাতিছো,সাধু কথা ক'বলৈ।"
সিদিনা বিহাৰৰ লগৰ এজনৰ কথা শুনি আচৰিত হ'লো।সি "গুটখা" খায়।মনে মনে খায়।সৈনিক বাপেকে গম পালে হেনো সৈনিকৰ ষ্টালেৰে "লাঠি" লগায়।পুতেকে নিৰৱে চায়। কথাটো কিবা এটা ভাল লাগিল।বাপেকলৈ শ্ৰ দ্ধা জন্মিল।মোৰ দেউতাও এদিন "সৰু বোপা" বুলি চিঞৰি চিঞৰি মতাত মই "ঐ" (অউউ) বুলি মাতিছিলোঁ।দেউতাৰ প্ৰকাণ্ড হাতৰ চৰ মোৰ গালত পৰি ৰৈছিল।পাছত মায়ে মানুহক "ঔ" বুলি ক'বলৈ মানা কৰি বুজাইছিল।মোৰ কাণত "ঔ" শব্দটো বহু দিনলৈকে বাজি আছিল।সেইয়াই দেউতাৰ হাতৰ প্ৰথম আৰু অন্তিম চৰ আছিল যদিও আজিও দেখোন "ঔ" শব্দটো কাণতে থাকি গ'ল।
"দূৰত্ব"-এই দূৰত্ববোৰ সকলৰে জীৱনত ক'ব নোৱাৰাকৈ আহে।মৰমৰ মাতবোৰো নোহোৱা হৈ যায়।বাপেক পুতেক,নতুবা মাক পুতেকৰ মাজৰ দূৰত্ব,বাপেক জীয়েক,নতুবা মাক জীয়েকৰ মাজৰ দূৰত্ব,ককাই ভাইৰ মাজৰ দূৰত্ব, দুই বন্ধুৰ মাজৰ দূৰত্ব…। যেন সম্বন্ধবোৰ একেটা ঘাটতে নাও মেলা দুজন নাৱৰীয়াৰ দৰেহে,যি নেকি ধেনুভেজীয়াকৈ পৰষ্পৰে বিপৰীত দিশত সময়ৰ অনুপাতে এজনে আনজনৰ পৰা আতঁৰি যায়। যেন "দূৰত্ব" ও যেন এনেকৈহে সময়ৰ লগে লগে সম্বন্ধবোৰৰ মাজত আহে।
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
তগৰ:
তগৰ:
গাওঁখনৰ সোঁ মাজতে থকা নামঘৰটোৰ সন্মুখত তিনিডাল প্ৰকাণ্ড আঁহত।ওলমি ওলমি থকা কপৌ ফুলবোৰ। নামঘৰৰ একাষে সুগন্ধি বিলাই দলদোপ হেন্দোলদোপকৈ লাগি থকা তগৰ ফুলবোৰ।ভোমোৰাবোৰ,সিঁহতৰ পাছে পাছে নাচি বাগি দৌৰি ফুৰা আমি ,দীপু,মই……।তগৰ ফুলবোৰ চিঙি চিঙি চোলাৰ জেপে,হাতে,কাণে সোমোৱাই লৈছিলোঁ।
ঢুলীয়াই ঢোল বজাই আঁহতৰ তলতেই আখৰা কৰিছিল।গাঁৱৰ গাভৰু কেইজনীয়ে নাচিছিল।হলধৰ খুড়াই নাচৰ তালে তালে নিজ হাতে বনোৱা মহৰ শিঙৰ পেঁপাটি বজাইছিল…। ৰাইজে আখৰা চাইছিল।দূৰৈত কলগছৰ ফাঁকেৰে আঘোণা খুড়াই দহবছৰীয়া জীয়েক মিতালীৰ নাচ চাই খুড়ীৰ হাতত খুচি ," চাচোন চা, আমাৰ মাজনীয়ে নাচিছে, পাৰিছে দেখোন নাচিব"।কিমান যে সন্তোষ পাইছিল আঘোণা খুড়াই।নিজে গৈ যেন এপাক নাচিহে দিব।
গধূলি।লেমৰ পোহৰটি ধিমিক-ধামাক হৈ পৰিছিল।টেবুলৰ একাষে থোৱা তগৰ ফুলদুটাৰ গোন্ধটোৱে গোটেই কোঠাটো আমোলমোলাই তুলিছিল।ধুমুহাজাক এৰা যেন কৰিছিলহে মাত্ৰ এনেতে মায়ে ৰান্ধনি ঘৰৰ পৰা ধূনাৰ বাটিটো লৈ কোঠাটোত এপাক ঘূৰাই দিছিল। তগৰ আৰু ধূনাৰ গোন্ধৰ সংমিশ্ৰনত গোটেই পৰিবেশটোৱে এক বিশেষ ৰূপ লৈছিল।পদূলিমুখত হুঁচৰি গাবলৈ গাঁৱৰ ডেকাহঁতে ঢোলৰ তালিত চাপৰ দিছিল।মাৰ উখলমাখল লাগিছিল যদিও দেউতাই লেমটো লৈ হুঁচৰিক আঁদৰিবলৈ আগবাঢ়ি গৈছিল। কিতাপখন জপাই একে জাপে চোতাল পাইছিলোগৈ…।
দীপুয়ে সৰু বিহুৱানখন গলত লৈ হলধৰ খুড়াৰ লগত হুঁচৰিৰ পাছে পাছে আহিছিল।দীপুৰ দুয়োখন কাণৰ লতিত দুপৰীয়াতে সোমোৱাই ৰখা তগৰ ফুল কেইটাই তেতিয়াও সুগন্ধি বিলাই আছিল।দীপুৰ কাণদুখনৰ ওচৰলৈ গৈ মই নাকটো জোঙা কৰি এবাৰ শুঙি চাই চিধাই বৰঘৰলৈ গৈ আলনাৰ পৰা বিহুৱান খন লৈ টেবুলৰ ওপৰত আথেৰেথে থৈ দিয়া তগৰ ফুল দুটা কাণৰ লতিৰ ওপৰত সোমোৱাই দীপুৰ লগত হুঁচৰিৰ পাছে পাছে গৈছিলোঁ। মাজে মাজে কাণদুখন চুই তাৰ ফালে চাই সুধিছিলোঁ,"তোৰ কেইটা কাণত আছেনে?"
সময় বাগৰিল।
কেইবা পুৰুষ দেখা সেই আঁহত কেইজোপা আজি নাই।কপৌ আৰু তগৰ ফুলবোৰো নামঘৰৰ সন্মূখত নাই।নাই সেই আঁহতৰ তলৰ বিহু।আজি কালি মঞ্চ পালেগৈ…।
তথাপি কিয় জানো ক'ৰবাত ঢোলৰ মাত শুনিলে,
"অতিকৈ চেনেহৰ মূগাৰে মহুৰা,তাতোকৈ চেনেহৰ মাকো…" এই বিহুগীতটো শুনিলে কিয় জানো নজনাকৈয়ে সেই তগৰ ফুলৰ গোন্ধটো,সেই কপৌ ফুলবোৰ,ভোমোৰাবোৰ,দীপু,মই,হলধৰ খুড়া,দীপুৰ দুয়োখন কাণৰ লতিত সোমোৱাই ৰখা মৰহা তগৰ দুটা,এনেবোৰ কথাহে মনলৈ আহে। বিহুৰ এনে বতৰত নাজানো কিয় ঘনে-ঘনে আজিও কাণদুখনহে চুই চাওঁ দেখোন।কিজানি এৰি অহা সেই তগৰ দুটা বিচাৰি……।
দান,সোঁহাত ,বাওঁহাত আৰু ঢোলঃ
দান,সোঁহাত ,বাওঁহাত আৰু ঢোলঃ
মানুহক দান কৰিলে হেনো সোঁহাতে কি দিলে সেইয়া বাওঁহাতক জানিবলৈ দিব নেলাগে।গুপুতে দান কৰি ঢোল নোকোবাই মনে মনে আত্মশান্তি লাভ কৰাজনেই হেনো আচল দানী।ঈশ্বৰে চায়।প্ৰতিদানো দিয়ে এনেবোৰক!বিশ্বাস কৰোঁ ।
১) লগৰ এজনৰ মাকক তেজ দিবলৈ বন্ধু কেইজন মান গোটাই হস্পিটেললৈ লৈ গ'লো।মাক অপাৰেচন থিয়েটাৰত। দুজনে দিলে।শেষৰ জনৰ পাল।মোক মোবাইলটো ধৰাই দি কৈছে "ফ'টো ল"। হস্পিটেলত তেনেকৈ ফ'টো ল'বলৈ ভাল লগা নাছিল যদিও মই নিজে মাতি অনাৰ কাৰণে ল'ব লগাত পৰিলোঁ।এখন ল'লো,তাৰ সন্তুষ্টি নহ'ল।বেলেগ এখন লাগে।ল'লো।এইখনত হেনো তেজ দিয়া হাতখন অহা নাই।উপায়হীন হৈ আকৌ এখন…।ইফালে মাকক লৈ বন্ধুৰ লৰা-ধপৰা লগাত ফ'টো চটো বাদ দি ওচৰলৈ গ'লো।
অপাৰেচন হ'ল।সকলো ভালে ভালে গ'ল।
সন্ধিয়া ফেচবুক খুলি চালো ফ'টো তোলাজনে ফ'টো কেইখন পোষ্ট কৰি তলত লিখিছে
"আজি ৰক্তদান কৰিলোঁ বন্ধু অমুকৰ মাকক ।ৰক্তদান মহান দান।"
তলত এহেজাৰ লাইক,কমেণ্ট।বাকী তেজ দিবলৈ যোৱা কেইজনৰ এজনে লিখিছে " ইয়ৰ ম'ম,মাই ম'ম,অৱাৰ ম'ম,অল আৰ ম'ম। মাকক তেজ দিয়তো পুতেকৰ কৰ্তব্য।" বেলেগ এজনে লিখিছে,"চালে ধিন্ধোৰা পিটনে কা ক্যা জৰুৰট থা?"
পোষ্টটো পঢ়ি কিবা এটা ভাল নেলাগিল।ফেচবুকত দি মানুহৰ প্ৰশংসা লাইক,কমেণ্ট ল'বৰ বাবেহে ফ'টোখন লৈছিলে।এচামে এইটো বৰকৈ কৰে।পিছে তেজ লোৱাজনে দেখিলে কেনে অনুভৱ কৰিব সেইটো ভাবি নেচায়।
২) পুৰণা বন্ধু।দিল্লীলৈ আহি মোৰ ৰুমতে এসপ্তাহ থাকিলে।সি চাকৰি কৰে।মই নকৰো,পঢ়ো।এদিন ওচৰৰ বজাৰলৈ দুয়ো যোৱাত সি কিবা কিবি কাপোৰ ল'লে।বগা ২০০ টকীয়া "ট্ৰি চাৰ্ট" এটা লৈ মোক ক'লে,"এইটো ল"। ল'লো।কিবা এটা ভাল লাগিল।যিমান হ'লেও গিফ্ট।
সময় বাগৰিল।তাৰ হ'বলগীয়া ঘৈনিয়েকক মোৰ ওচৰলৈ লৈ আনি এদিন কথাই কথাই ক'লে,ইয়াক মই আগতে বহুতো 'হেল্প' কৰিছিলোঁ।কাপোৰ চাপোৰো দিছিলোঁ।
কথাটো পাতলকৈ ক'লে।ময়ো পাতলকৈ হাঁহি এটা মাৰি কথা সামৰিলোঁ যদিও কথাটো গভীৰভাৱে মনত থাকি গ'ল।আজি কালি কোনোৱাই তেনেকৈ মৰমতে গিফট চিফট দিব বিচাৰিলে সেই কথাটোৱেই বাবে বাবে আমনি কৰে।কিজানি কিবা প্ৰতিদান বিচাৰে,কিজানি ঠিক তেনেকৈয়ে কেতিয়াবা বাক্যৰ বাণ মাৰি বাঃ বাঃ ল'বলৈ সুযোগ বিচাৰে "ইয়াক মই কাপোৰ চাপোৰ দিছিলোঁ…"
পিছে সকলো তেনেকুৱা নহয়।
মানুহক পাৰিলে সহায় কৰি ভাল পাও। সহায় কৰি ঢোল কোবাবলৈ,বা চেলফী লৈ মানুহৰ বাঃ বাঃ লোৱাতো একেবাৰে বেয়া পাওঁ।সিদিনা দিল্লী ডেকা পুলিচ বন্ধু এজনে কথা এটা কৈ তাৰ প্ৰতি থকা শ্ৰদ্ধা দুগুনেই বঢ়ালে।সি আমি নজনাকৈ দুজনীকৈ ছোৱালী এড'প্ত কৰিছে।চয় বছৰ হ'ল অথচ আমি সিদিনাহে গম পালোঁ।আমিবোৰে হ'লে কিমান ঢোল কোবাই বাঃ বাঃ ল'লো হয়। মই যেন এজন মানুহ হে দেখিলো এনে অনুভৱ হ'ল।
মানুহক সহায় কৰক।প্ৰতিদান নিবিচাৰিব।বিচাৰিলে কেতিয়াবা পাব কিন্তু তাৰ বিনিময়ত প্ৰতিদানৰ আশাত দুগুন কষ্টহে পাব। নিজে প্ৰতিদানৰ আশাত বহুবাৰ বহু কেইজনক সহায় কৰি পাছত প্ৰতিদান নোপোৱাত বহুত মনোকষ্ট পাইছো।এই ক্ষেত্ৰত ভুল মোৰ মানসিকতাতহে আছিল। মানুহৰ স্বভাব,সহায় কৰে সহায় পাবলৈ।ঠিক তেনেদৰে সহায় পাই পাঁহৰি যোৱাটোও মানুহৰে স্বভাৱ।এই ক্ষেত্ৰত প্ৰতিদান বিচাৰি সহায় কৰা জনে উজুটি খোৱাটো নিশ্চিত।
ভিক্ষাৰীবোৰক আমি দান কৰোঁ।প্ৰতিদান নিবিচাৰো বা লোৱাৰ মানসিকতাও নাই।ভিক্ষাৰীবোৰে প্ৰতিদান হিচাপে আমাক মনোকষ্ট নিদিয়ে অথচ আনন্দহে দিয়ে।গতিকে দান কৰা বা সহায় কৰাৰ ধাৰণাটো এনেকুৱা হ'লে আঘাত পোৱা নাযায়।
তথাপি দেখোন গুপুৰে দান কৰি নিৰৱে থকা সকলহে মোৰ আদৰ্শৰ ।তেওঁলোকৰ প্ৰতিহে শ্ৰদ্ধা আৰু ভাল পোৱা হৃদয়ৰ কোনোৱা খিনিত ঠাহ খাই আছে।চেষ্টা কৰো তেওঁলোকৰ আদৰ্শৰ খোজত খোজ মিলাই চলিবলৈ…।
ভেকুলী:
ভেকুলী:
(বতৰৰ ফল…)
আজি ক'তো হুঁচৰিৰ প্ৰ'গেম নাই।গতিকে পাতল বিচনা চাঁদৰখন মেৰিয়াই নিচিন্তে শুই আছো।বতৰটো ডাঁৱৰীয়া।মাজে-মাজে ঢেৰেকণি,গিৰগিৰণি। লাহেকৈ খিড়িকী খন মেলি চাই একো নেদেখিলোঁ যদিও সাউৎকৈ ক'ৰবাৰ পৰা দুটোপালমান বৰষুণৰ পানী আহিহে মোৰ মুখত পৰিলহি।মাজে মাজে জোনাকী পৰুৱাবোৰে পোহৰ বিলাই বিলাই অহা যোৱা কৰি আছে।ওচৰৰ পথাৰ খনত ভেকুলীবোৰে বৰকৈ টোৰটোৰাইছে ।মাজে মাজে মায়ে ৰান্ধনি ঘৰৰ পৰা ওলাই আহি ভৰিখনৰ খবৰ লৈছে।নেহৰু দিয়া গৰম তেল খিনিৰে দুই এবাৰ মালিচো কৰি আকৌ গুচি গৈছে।যোৱা কালি হুঁচৰিত গাই থাকোঁতে নিপেনৰ ভৰিৰ গচকত মোৰ ধূতিখন প্ৰায়ে সোলকি গৈছিল।মানুহৰ মাজত ধূতিখন বচাবলৈ যাওঁতে পিচল চোতালত মোৰ ভৰিয়ে পিচল খাই মোচোকা খাইছিল।তেতিয়া একো হোৱা নাছিল যদিও এতিয়াহে বিষটো অনুভৱ কৰিছো। জেঠৰ মাহ ওচৰ হ'ল।মানুহবোৰ ভাগৰি গৈছে।আজি সকলোৱে 'ৰেষ্ট' ল'ব।
দীপুৱে পদূলিমুখৰ পৰা চিঞৰিছে।তাৰ টৰ্চ লাইটৰ পোহৰ প্ৰচণ্ড গতিবেগেত মেলি থোৱা খিড়িকীখনেৰে আহি মোৰ মোচোকাখোৱা ভৰি খনত পৰিছেহি। সি নিপেনক ক'লে ,"চা চা বেটাই একদম ভৰি-চৰি ওপৰ কৰি শুই আছে।একেবাৰে লেঙেৰা হৈ গ'ল চাগে।"
দুয়ো আহি মোৰ কোঠা পালে।নিপেনে ক'লে,"কিহে লেঙেৰা নোযোৱা নেকি?"
দীপুৱে ক'লে "ইয়াক দাঙি লৈয়ে যাও বলা"
দুয়োয়ে খূউব জোৰ কৰিলে যদিও অৱশেষত ভৰিখনৰ অৱস্থাটো চাই মান্তি হৈ গ'ল। সিহঁতে ৰান্ধি বাঢ়িহে মোক নিবলৈ আহিব।
দুয়ো গ'ল।যোৱাৰ সময়ত মোৰ কোঠাৰ কাঠৰ খুটাটোৰ একাষে থকা "জোং" ডালো লৈ গ'ল।
বৰষুণজাক আহো আহো কৰিও অহা নাই।কথাবোৰ ভাৱি ভাৱিয়ে মোৰ প্ৰায়ে টোপনি অহা যেনেই হৈছিল।আমি তিনিও নলে-গলে লগা বন্ধু।তিনিও মিলি ক'ৰবালৈ গ'লে স্বয়ং যমো পলায়। ঢেকীয়া বিচাৰিবলৈ গৈ আমি ফেঁটীসাপ ধৰো,কেঁকুৰাৰ গাতত হাত ভৰাই পুঠি,খলিহনা বিচাৰি আনো।আমি যেন নিজেই "যম কাল"।
মোৰ নকীয়া ১১০০ মডেলৰ মোবাইলটো বাজি বাজি নুমাই যোৱাৰ দৰে হৈছে।বেটেৰী নাই।এই কেইদিন বৰষুণৰ বাবে গাঁৱত লাইট নাই। চকু কেইটা মোহাৰি মোবাইলটো চাই দেখিলো দুটা মিছ কল। মেলি থোৱা খিড়িকীখনেৰে ম'হবোৰ আহি আহি ভোজখোৱাৰ দৰে মোক লগে ভাগে খাই গ'ল হি।দীপুৱে চিঞৰি থকাত মায়ে ক'লেহি।নোযোৱা দেখি সিহঁত দুটা নিজে আহিল লৈ গ'ল।
মই অলপ গহীন হৈ শুধিলোঁ ,"আজি কেইটা পালি?"
দীপুৰ উত্তৰ,"তোৰ পাতত পৰিবহে লাগে,টেনচন কিহৰ বে "
নিপেনে লাহেকৈ ক'লে,"আজি বল্লে বল্লে,পোন্ধৰটা এতিয়াও বান্ধি থোৱা আছে।"
সংঘটোৰ ভিতৰত আমাৰ ৰন্ধা-বঢ়া কামটো হয়। চাৰি বছৰ আগতে সজোৱা সংঘৰ ঘৰটোৰ বেৰবোৰ প্ৰায়ে জহি খহি গৈছে।চাইন বৰ্ডখনৰ আখৰবোৰো শুকান কাগজৰ দৰে শুকাই শুকাই ফাটি ফাটি এৰাই গৈছে যদিও "বননগৰী" শব্দটো কেনেবাকৈ আছেগৈ।আগফালৰ বেৰখনৰ চোঁচবোৰৰ এফাল নাই।বৰষূণ দিলে ছাগলীৰ পোৱালী,দামুৰী এইবোৰ সোমাই মলমুত্ৰ ত্যাগ কৰে।সৰুৰে আমি এই সংঘটোৰ ভিতৰত থকা বালিৰে বালিঘৰ সাজি সাজি কইণা দ'ৰা খেলিছিলোঁ,আজিকালি কোনোৱেও নকৰে।মাজে-মাজে আমিহে "খানা চানা" খাওঁ। এই কেইদিন ঘৰটোৰ ভিতৰ খন প্ৰায়ে পৰিস্কাৰ কৰি ৰখা হৈছে। ঘৰটোৰ একাষে পুৰণা সৰু কেৰাহী এটা,ডিঙিত ৰচিৰে বন্ধা সৰু বটল এটাত অলপ সৰিয়হৰ তেল,বেৰৰ ওলোমাই থোৱা পলিথিন কেইটাত অলপ মচলা,জিৰা,জালুক,পাঁচফোৰণ…।
লগৰ জয়ন্তই ধুনীয়াকৈ সৰু সৰু কেইটামান কল পটুৱাৰ দোনা সজাই কাষৰ পুখুৰীটোত ধুই মেলি আগবাঢ়ি আহিছে। "ইয়াক এটা দে" - নিপেনে তাৰ হাতৰ পৰা এটা দোনা লৈ মোক দিলে। পুতুলে কেৰাহীটিৰ পৰা মচমচীয়াকৈ ভজা ঠেং কেইখনমান মোক দিলে।"ল টেষ্ট ক'ৰ"- বাকীবোৰে ভাজি থাকোঁতেই আধা খালে।তইহে বাকী আছিলি।"
মচমচীয়াকৈ ভজা ঠেং এখন মুখত সোমাই চোৱাই থাকোঁতে দীপুৱে পাতৰ পৰা চাই চিতি মচমচীয়া এখন লৈ ল'লে।"বেটা শকত হৈ গৈছে,চাচোন চা তাক,আজি বেছিখিনি সিয়েই খালে।আমি নোৱাৰিলোয়েই,আমুৱাই গ'ল।"-জয়ন্তই ক'লে।
মোৰ ফালে চাই দীপুৱে ক'লে ,"খা বে,চিন্তা নকৰিবি,আৰু পোন্ধৰটা বান্ধি থোৱা আছে।"
মজিয়াত ঠেঙত সৰু সৰু ৰচি লগাই বান্ধি থোৱা ভেকুলী কেইটাই জপিয়াবলৈ চেষ্টা কৰি আছে।এটা কেনেবাকৈ জপিয়াই গৈ দোনা এটাত পৰিলগৈ।টৰ্চ মাৰি চোৱাত সি প্ৰায় নিৰৱে মোৰলৈ চকু কেইটা তলতলকৈ মেলি চাই আছে,মাজে মাজে দুই এবাৰ চকুৰ টিপো মাৰিছে।তাক দেখি মৰম লাগিছিল যদিও উপায় নাই।হয়তো মোৰ হাতত থকা মচমচীয়া ঠেংখনৰ দৰে তাৰ মঙহ হাল ঠেংখনো কাইলে মোৰ পাতত পৰিবহি।
আমাৰ ওচৰৰ ৰাস্তাৰে মিনতি আৰু হলধৰ খুড়া গাঁৱবুঢ়াৰ ঘৰলৈ গৈছে।মিনতিয়ে চিঞৰিছে,"অই তহঁতে আজিও ভেকুলী খাইছ' মই নেনাচো দিয়া কাইলে পৰা।চি কটা কেইটা"
দীপুৱে ঠেংখন চোৱাই চোৱাই , "মিনতি খুড়াক লৈ আহি যা, এইয়া ভেকুলীৰ ঠেং খোৱাৰ বতৰ"
মিনতি গুচি গৈছিল।ঠেংখনো চোবোৱা শেষ হৈ গৈছিল যদিও দোনাৰ ভিতৰত থকা ভেকুলীটোৱে নিৰৱে মোৰলৈ তেতিয়াও চায়েই আছিল।
আজি কেইবা বছৰো হ'ল।ভেকুলীখোৱা বতৰবোৰো গ'ল যদিও নাজানো কেলে আজিও সেই নিষ্পাপ ভেকুলীটোৰ নিৰৱ চাৱনিটো দেখোন বুকুতেই ৰ'ল। এক স্মৃতি হৈ মনত কোনোবা এটা কোঠাত…।
বিন্দাচ:
বিন্দাচ:
লেপটপটো পিঠিত লৈ অ'টো খনৰ পৰা নামিলোঁ।আশে-পাশে কাকো নেদেখি গলিটোৰ ফালে আগবাঢ়িলোঁ।ওচৰতে দুডালমান নিম গছৰে সৈতে এখন সৰু পাৰ্ক ,সৰু-সৰু ল'ৰা-ছোৱালীবোৰে খেলিছে।গছৰ তলত লোহাৰ বেঞ্চ এখন।মানুহ এজনে দীঘল ডিঙিৰ বটল এটা আৰু বহীৰ পাতেৰে মেৰিয়াই থোৱা ভজা বুট দুটামান বেঞ্চখনত থৈ বিন্দাচ বহি আছে। মদ খোৱা মানুহ।একো নাই।মদখালে হেনো মানুহে সঁচা কথা কয়।গতিকে ঠিকনাটোও সঁচাকৈয়ে বুজাই দিব চাগে।শুধিলোঁ। " অকনমান আগত থকা গলিটোৰে বিন্দাচ সোঁফালে ঘূৰি বিন্দাচ বাওঁফালে ঘূৰিবা, মন্দিৰ এটা পাবা,সেই খিনি পাৰ কৰি বিন্দাচ চিধাকৈ গৈ থাকিবা।কুকুৰবোৰ পাছত পৰিব।ভয় নকৰিবা।বিন্দাচ গৈ থাকি বিবাহ ভৱনটোৰ সোঁফালে ঘৰটোত বিন্দাচ সোমাই যাবা। মোৰ ফোন নম্বৰ লোৱা।দিগদাৰ হলে বিন্দাচ মিছকল দিবা।জিঅ' আছে।"- মদৰ বটলটো হাতত লৈয়ে মানুহজনে বিন্দাচ বুজালে।
ময়ো ধন্যবাদ এটা দি বিন্দাচ আগুৱাই গ'লো। এঘণ্টাৰ কাম।কিছু বছৰ আগতে বিহাৰৰ ৰুমমেট নিখিল কুমাৰ আৰু মই নমতা বিয়া বোৰ খাই বিন্দাচ এই গলিবোৰেৰে ঘূৰি ফুৰিছিলো যদিও আজিকালি বহুত পৰিবৰ্তন হ'ল।সৌ সিদিনা আকৌ তাৰ বন্ধুৰ খুড়াকৰ ল'ৰাৰ বন্ধুৰ ককায়েকৰ বিয়া খাবলৈ এই গলিয়েৰেই আহিছিলোঁ।দুয়োয়ে বিয়াৰ ভোজটো খাই মেলি ৰাতিলৈ ভাত পানী নবনাই নাকত তেল নগাই বিন্দাচ শুই থাকিলোঁ।পাছদিনা আধা ৰাতিয়েই পেটে ঘোৰ-ঘোৰ কৰাত টয়লেটত গৈ বিন্দাচ দুইঘণ্টা বহিলোঁ।মনত আছে।
কথাবোৰ ভাৱি ভাৱিয়েই বিন্দাচ সোঁফালে গৈ বাওঁফালে গ'লো। মন্দিৰটো পাৰ হ'লো। কুকুৰবোৰে ভূকি ভূকি পাছত পৰাত ময়ো বিন্দাচ আগুৱাই গৈ থাকিলোঁ।বিবাহ ভৱনটো পালোঁ।সোঁফালে ঘূৰি ৰঙা বিল্ডিংটোত বিন্দাচ কলিংবেল বজালোঁ।দৰ্জা খুলিলে। এডিডাচৰ চেণ্ডেলযোৰ দৰ্জাৰ মুখতে থৈ বিন্দাচ সোমাই গ'লো।কুকুৰবোৰেও মোৰ পাছে পাছে দৌৰি দৰ্জাৰ মুখলৈ আহি বিন্দাচ ভূকি থাকিলে।কেৰেপ নকৰিলোঁ।
কামটো কৰিলোঁ।চাহপানী খাই লেপটপটো পিঠিত বান্ধি দৰ্জাখনলৈ আহিলোঁ। কুকুৰ কেইটাই মোৰ এডিডাচৰ চেণ্ডেল এপাত কামুৰি চিগি বিন্দাচ দৌৰা দৌৰি কৰি সিহঁতৰ মাজতে খেলি আছে।বাকী এপাত চেণ্ডেল দৰ্জাৰ ওচৰত নিৰৱে বিন্দাচ পৰি আছে।
চেণ্ডেলৰ দোকান বহু দূৰত।মানুহজনে চেণ্ডেল এযোৰ দিলে যদিও নলৈ বাকী থকা এডিদাচৰ চেণ্ডেল পাতকে পিন্ধি বিন্দাচ কুকুৰবোৰৰ মাজেৰে খোজকাঢ়ি গৈ অ'টো এখন বিচৰাত লাগিলোঁ।
ৰাস্তাত,গলিত মানুহবোৰে মোৰ এডিডাচৰ চেণ্ডেল পাতলৈ বিন্দাচ চাই আছিল যদিও ময়ো কাৰোলৈ কেৰেপ নকৰি বিন্দাচ খোজকাঢ়ি আহিলোঁ।
অ'টো নেপালোঁ।লোহাৰ বেঞ্চত বহি থকা মদাহীজনকহে পালোঁ।কেনেকৈ যাম বুলি সোধাত ক'লে ,"বিন্দাচ খোজকাঢ়ি যোৱা,লাগিলে এপেক ধৰি যোৱা।"
এপেক নধৰিলো যদিও বিন্দাচ এপাত চেণ্ডেলেৰে খোজকাঢ়িয়েই এডিডাচৰ দোকানখন পালোগৈ…।
মানুহজনে এপেক ধৰিহে "বিন্দাচ" হ'ল,মই নধৰাকৈয়ে "বিন্দাচ" হ'লো। আপোনালোক??
তামোল:
তামোল:
হলধৰ খুড়াই আজিকালি ফেইচবুক কৰে। যোৱা বছৰ বাৰীৰ নাৰিকল তামোল বেছি পোৱা পইচা খিনিৰে এনড্ৰ'ইড মোবাইল এটা লৈছিল। সেইটোতেই দীপুৱে হেনো দুমাহ আগতে একাউণ্ট এটা খুলি দিছে। সৌ সিদিনা আকৌ নতুনকৈ হোৱাটছএপ টোৰ ব্যৱহাৰ জানি কিমান যে সুখী হৈছিল। মোৰলৈ মাজে-মাজে নিজৰ বাৰীখনৰ ,তামোল-পাণ বোৰৰ,নাৰিকলবোৰৰ ফ'টো পঠিয়াই তলত লিখে,"চা সৰুতে তই বগোৱা তামোলজোপা ,কিমান ডাঙৰ হ'লগৈ।তোৰ জন্মৰ চয়বছৰ আগতে সেইজোপা লগাইছিলোঁ।তই সেইজোপাত বগাই এবাৰ পিছলি পৰিছিলি। মই দাঙি বৌৰ ওচৰলৈ লৈ গৈছিলোঁ। বৌৰ উত্তম-মধ্যম তোৰ পিঠিত পৰিছিল।মই ৰক্ষা কৰিছিলোঁ। সেইজোপাৰ তলত গ'লে তহঁতলৈ বৰকৈ মনত পৰে অ"। দীপুও কম নাছিল।সিও এটা বিষৰ গুটিয়েই আছিল"।- খুড়াই মনৰ কথাবোৰ হোৱাটছঅপতেই লিখে।
আজিকালি খুড়াই ফেইচবুকত কাৰোৱাক মেচজ দিব লগা হ'লে 'টাইমলাইন'ত নিলিখি 'ইনবক্স'ত লিখিবলৈ শিকিছে । বন্ধু বান্ধৱীৰ সংখ্যাও হেনো ১০জনৰ পৰা গৈ ১১৪ জন হ'ল গৈ। সৌ সিদিনা ফোন কৰাত বান্ধৱী এজনীৰ কথা ক'লে। নতুনকৈ বন্ধুত্ব কৰিছে। দেৰগাৱঁৰ। ছোৱালীজনী হেনো খূউব মৰমীয়াল।খুড়াৰ প্ৰতিটো মেছেজৰ উত্তৰ দিয়ে। বেমাৰ আজাৰৰ খবৰ লয়।সিদিনা বুকুখন বিষাই থকাত তাই হেনো ঘনে-ঘনে মেছেজ দি খুড়াৰ খা-খবৰ লৈ আছিল। খুড়াৰ নেট পেক শেষ হোৱাত পাছতহে মেছেজবোৰ পালে। খুড়াই দীঘলকৈ উশাটো লৈ মোক কয়,"বোপা যোৰহাট গ'লে এবাৰ ছোৱালীজনীৰ ঘৰলৈ যাবিছোন। খূউব ভাল ছোৱালী। দেউতাক নাই কাৰণে মোৰলৈ বৰ মৰম তাইৰ।মোৰো কিবা নিজৰ ছোৱালীৰ দৰেই লাগে। ল'ৰা এজন থকা হ'লে নিজৰ বোৱাৰী কৰিয়েই আনিলো হয়। পিছে ভাগ্যতেই নাই।"ঈশ্বৰে তাইক মঙ্গল কৰক,ভাল হওঁক।"
যোৱাকালি খুড়াৰ মিছকল। আজিকালি খুড়াৰ গাটোও ভাল নহয়। ফোন কৰিলোঁ। খুড়াৰ মনটো বেয়া। বতাহ ধুমুহাত বাৰীখনৰ কেইবাজোপা তামোল বাগৰি পৰিছে।বছৰৰ বহুখিনি 'ইনকাম' এই তামোল কেইজোপাই দি আহিছে। খুড়াই হোৱাটচএপত বাগৰি থকা তামোল এজোপাৰ ফ'টো দি কৈছে," চাচোন চা তহঁতৰ শৈশৱৰ লগৰী সেই গছজোপাও বাগৰি পৰিছে। সেই জোপাৰ ঢকুৱাত বহি দীপু আৰু তই কিমান যে খেলিছিলি। মাজে-মাজে ময়ো তহঁতক বহুৱাই টানিছিলোঁ। নিলে বুইচ,বতাহে নিলে। " খুড়া প্ৰায় আৱেগিক হৈ গৈছিল। আগৰ মানুহ। গছ -গছনিৰ প্ৰতি বৰ মৰম।নিজৰ ল'ৰা ছোৱালী নাই বাবে এইবোৰকেই নিজৰ বুলি ভাৱে। আদৰ কৰে,মৰম কৰে।
বাগৰি পৰা তামোলজোপা মোৰ হোৱাটএপত ভুমুকি মাৰিছিল।ডাইনলোড কৰি সেইজোপা জোম কৰি কৰি চাইছিলোঁ। হলধৰ খুড়াৰ বুকুৰ ধন স্বৰূপ সেইজোপা একালত আমাৰ লগৰী আছিল।গছজোপা বাঢ়ি গৈছিল।আমিও ফেৰ মাৰি বাঢ়ি গৈছিলোঁ। গছজোপাই ঢকুৱা দিছিল,তাত বহি আমি খেলিছিলোঁ। ডাঙৰ হোৱাত মুখ ৰঙা কৰি সেইজোপাৰ তামোল খাইছিলোঁ। কিমান যে সোৱাদলগা আছিল সেইজোপা।দিল্লীলৈ আহিলেও সেইজোপাৰেই তামোল লৈ আনিছিলোঁ। কথাষাৰ ভাবি ভাবি মনটো সেমেকিল।
ফ'টখন ডাইনলোড হোৱাৰ কথা গম পাই হলধৰ খুড়াই তলত সৰুকৈ লিখিছে,"জানানে সেইজোপাৰ তামোল বেছিয়েই এই হোৱাটছএপ,ফেইচবুক,এনড্ৰ'ইড মোবাইল…। এবাৰ তোৰ ক'লেজৰ ফীজ লগাত সেইজোপাৰ তামোল বেছি পোৱা পইচাখিনিয়েই দেউতাৰে লৈ গৈছিল …"
কথাবতৰা শেষ হ'ল যদিও শেষৰ শাৰীটোৱে বুকুত হেচুকি গ'ল ।যেন পৃথিৱীৰ পৰা নিজৰ কোনোৱা আপোনজনহে নোহোৱা হ'ল এনে অনুভৱ হ'ল।
(গছ পুলি ৰোৱক নিজৰ লগতে আনকো জীৱাই ৰাখক! ল'ৰাছোৱালী জন্ম হ'লে গছ ৰোৱক,জন্মদিন পালনো গছ পুলিৰেই কৰক।)
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
ফেঁহু:
ফেঁহু:
আঘোণী বুঢ়ীৰ ছাগলী এপাল।বুঢ়ীয়ে প্ৰায়ে ছাগলীবোৰ মুকলিকৈ এৰি থৈ দিয়ে।ডাঙৰ খাহী দুটাই লোকৰ শাকনি বাৰীৰ ভেন্দি,বিলাহী,লাইশাক,পালেংশাক, ৰঙালাওৰ আগ এইবোৰ চহাই চহাই একদম তজবজীয়া হৈ গৈছে।যোৱা বাৰ মাঘত সিহঁতক কিনিবলৈ কিমান যে গ্ৰাহকৰ ভিৰ লাগিছিল।পিছে বুঢ়ীয়ে নিদিলে।কেনেকৈনো দিব? চকুৰ আগতে লহপহকৈ ডাঙৰ হোৱা পোৱালী কেইটাক কেনেকৈ বাৰু মাঘৰ বিহুৰ "খাহী" হ'বলৈ দিব।যিমান হ'লেও নোৱাৰে ।কিয়নো আঘোণী বুঢ়ীও এজনী "মা"।গৰু-ছাগলী,হাঁহ,কুকুৰা,পাৰ এইবোৰক বুঢ়ীয়ে নিজৰ সন্তান বুলিয়েই মৰম কৰে।সেইকাৰণে হয়তো বেলেগৰ ঘৰলৈ আহি যোৰ পতা পাৰ চৰাই কেইজনীক লৈও মাজে সময়ে হোৱা কন্দলবোৰ প্ৰায়ে শুনা যায়।বুঢ়ীয়ে সহজতে এৰি নিদিয়ে। জীৱ জন্তুৰ প্ৰতি এই মোহ টো বৰ বেলেগ ধৰণৰ। সিদিনা আকৌ হলধৰ ৰ বাৰীৰ নতুনকৈ গজালি মেলা পান কেইজোপা খাই পেলোৱাত বৰ কন্দল খন হৈছিল। নহ'বনো কিয়? বুঢ়ীয়ে হাঁহৰ কণী মূৰ্গীৰ কণী ,গৰুৰ গাখীৰ বেচি নিজৰ পেটটো পোহাৰ দৰে হলধৰৰো সেই বাৰীৰ পান-তামোল নাৰিকল এইবোৰেই সম্পদ।সেইবোৰ বেছিয়েই জীৱিকা চলে। গতিকে চীন ভাৰতৰ যুদ্ধখন নোহোৱাৰ কাৰণটো
নাথাকে।লাগিবই দুয়োৰ কাৰণে ছাগলী,পান এইবোৰেই বুকুৰ ধন। হলধৰৰ এটাই কথা বুঢ়ীয়ে লোকৰ ঘৰে-ঘৰে এতিয়াও সৰু সুৰা কাম কৰি পেটটো চলোৱাতকৈ সেইবোৰ নেবেচেনো কিয়? ছাগলীবোৰক মুকলিকৈ এৰি দি লোকৰ গালি শপনি খোৱাতকৈ বেছি দিয়াটোৱেই দেখোন উত্তম।পিছে বুঢ়ীয়ে সিহঁতক মাৰি খাব বুলি কেতিয়াও নেবেছে।
একালত এই আঘোণী বুঢ়ীৰ ঘৰত বাৰু কি নাছিল? তিনিজনকৈ কাণ সমনীয়া ল'ৰা,চাৰিটাকৈ ধানৰ ভঁড়াল।অজস্ৰ মাটী সম্পতি।মানুহে সিহঁতক সদাগৰ বুলিয়েই নাম দিছিল।গোটেই গাওঁখনত দপদপাই থকা সিহঁতৰ প্ৰভুত্ব বেলেগ গাঁৱলৈকেও পৰিছিল।মানুহে সহায় বিচাৰি সিহঁতক ওচৰলৈ আহিছিল,সহায়ো কৰিছিল। আঘোণী বুঢ়ীৰ স্বামী "লাওমুৰা" বুঢ়াৰ হুকাৰ চিলিম লগাই দিয়া লগুৱা নৰেশ্বৰক হেনো বুঢ়াই উপহাৰ হিচাপে সাতবিঘা দ' মাটী দিছিল। সেই মাটীৰ ধান বেছিয়েই আজিও নৰেশ্বৰৰ পৰিয়ালটো ধুনীয়াকৈ চলে।মাজে-সময়ে আকৌ আঘোণী বুঢ়ীক নৰেশ্বৰৰ বোৱাৰীয়েক জোনালীয়ে চাউল বাচিবলৈ মাতে। খাবলৈও দিয়ে।আমাৰ ঘৰলৈকে আহিলে খাবলৈ দি দুসাজৰ চাউলো দি পঠিয়াও।যিমান হ'লেও আগতে বহুত মৰম কৰিছিল নহয়।বেয়াও লাগে। "অতিদৰ্পে হত লংকা"- মানুহে কয়। আঘোণী বুঢ়ীৰ ঘৰখনো পাছত পুতেকহঁতৰ কাণ্ড কাৰখানা বোৰৰ কাৰণে এদিন জহিখহি গ'ল। চৰকাৰে দিয়া সৰু ঘৰটোত বুঢ়ী অকলশৰে থাকে।তজবজীয়া খাহী দুটাই বুঢ়ীক পহৰা দিয়ে। বুঢ়ীয়ে আধা ৰাতিৰলৈকে জুইৰ কাষত বহি সিহঁতৰ কান্ধত হাত থৈয়ে প্ৰায়ে কথা পাতে।সিঁহতক নিজৰ বেদনাবোৰ কয়।পুতেকহঁতৰ কথা,এৰি অহা দিনবোৰৰ কথা…।ছাগলী দুটাই নিৰৱে ঘাঁহৰ পাগ লৈ লৈ বুঢ়ীত কথা শুনে…।
যোৱাকালি আঘোণী বুঢ়ীৰ পাখৰীজনীয়ে দুটাকৈ পোৱালী দিলে।বুঢ়ীয়ে ফেঁহু বনাবলৈ বাঁহ বিচাৰি হলধৰৰ ওচৰলৈ আহিছিল।আমাৰ বাবুয়ে হলধৰ ককাকৰ লগত ফেহু খাবলৈ বুঢ়ীৰ ঘৰলৈ যোৱাত সেই তজবজীয়া খাহী দুটাক কিবা কৈছিল নেকি? নে জোকাইছিল? যিটোহে খেদিলে।সি পাগলৰ দৰে চিঞৰ বাখৰ কৰি একদম মাকৰ ওচৰ পালেহি।
ভয়তে গধুলিলৈ জ্বৰো উঠিল।
তাক কোচত লৈয়ে মায়ে কাহিনীবোৰ কৈ আহিল।ভতিজাজনে নিৰৱে শুনিছে।ময়ো নিজ চকুৰে দেখা কথাবোৰ পুনত মাৰ মুখৰ পৰা সাধু কথাৰ দৰে শুনি শুনি কেতিয়া এঘণ্টা পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ।
ফোনটো ৰাখিলো যদিও মুখখন কিবা ফেহু ফেহু লাগি থাকিল। কিছু সময়ৰ কাৰণে ময়ো যেন বুঢ়ীৰ দৰে অকলে অকলে নিজৰ লগতহে কথা পাতিছো। মোৰ হাতৰ কলপাতখনত আঘোণী বুঢ়ীয়ে দিয়া ফেঁহুৰ ডাঙৰ ডাঙৰ টুকুৰা কেইটা চুবাই চুবাই মই যেন দীপুক কৈছো "দীপু মোৰ পাতত ডাঙৰ টুকুৰা পৰিছে,তোৰ পাতত??"
L
চিগাৰেট:
চিগাৰেট:
জ্যামিতি বাকচটো মোৰ বুকুৰ ধন স্বৰূপ আছিল। স্কুলত লিচু, জলপাই,আমলখি,বগৰী এইবোৰৰ বেপাৰ খন কৰি পোৱা লাভৰ ধনৰাশি ৰাখিবলৈ সেইটো বিশেষ চন্দুক হিচাপেও ব্যৱহাৰ কৰিছিলোঁ।পইচাবোৰ জ্যামিতি বাকচটোৰ ভিতৰত পাৰি থোৱা সৰু চিঞাহী লগা কাগজখনৰ তলত গোপনে ৰাখিছিলোঁ।মাজে-মাজে সেইটো লৰাই দি ঝুুনুক ঝানাক শব্দটো শুনি কিমান যে আনন্দ পাইছিলোঁ।বাকী কাগজখনৰ ওপৰৰ আছিল চিঞাহীলগা মাটীৰ পেঞ্চিল এডাল বা দুডাল,দুটা নিব কলম,দুডাল প্ৰায় শেষ হওঁ হওঁ হোৱা ৰঙা ৰিফিল।আধা কামোৰা শিলিখা এটা,এটা লিচুৰ গুটি……।
দীপুয়ে সাহস দিলে।সি হেনো আনিব পাৰিবই।দোকানী খুড়াই সন্দেহ নকৰে।মাজতে মোমায়েক আহোঁতে সি হেনো এদিন আনি দিছিল।দুই টকাত এক পেকেট দিয়ে।পিছে আমি বিচৰা পাছফালে তুলা থকা বিধ হেনো নাৰাখে।বিড়ী নতুবা চাৰমিনাৰহে ৰাখে।বিড়ী নেখাও।সিদিনা যমুনা বাইৰ বিয়াত ৰাতি কলৰ তলত গৈ জয়ন্তৰ লগত দুডাল খালোঁ।মজা নেলাগিল। দীপুৰ কথাত মৰসাহ কৰি জ্যামিতি বাকচৰ ভিতৰৰ সাচতীয়া ধনৰাশিৰ পৰা কাগজৰ দুই টকাটো উলিয়াই তাৰ হাতত দিলোঁ।সি মাৰ্বল বেচি পোৱা পঞ্চাশ পইচাটোৱে দুই পেকেট দিয়াচলাইও আনিব।যিহেতো সিওঁ খাব।
দীপুয়ে দোকানৰ পৰা আনিলে।আঘোণ মাহ।চিগাৰেটৰ পেকেটটো লৈ সোণালী পথাৰ খনৰ মাজত থকাৰ বকুলজোপা পালোগৈ।ধুনীয়া বতাহ।ওচৰত কোনো মানুহো নাই। আজি হলধৰ খুড়াও পথাৰত নাই। গতিকে আমাক আৰু কোনে পায়।দীপুৱে চিগাৰেটৰ পেকেটটো খুলি এডাল মুখত ল'লে,মই দিয়া চলাই জ্বলাই লগাবলৈ চেষ্টা কৰিলোঁ।বকুলৰ ওপৰত বতাহ জাকে নুমুৱাই দিলে।তিনিবাৰ চেষ্টা কৰিলো,নোৱাৰাত সি নিজে দিয়া চলাইটো মাৰি কেনেবাকৈ চিগাৰেটত নলগাই নিজৰ নাকতহে লগাই দিলে।
ইতিমধ্যে তাৰ নাকৰ শেগুন লাগি লাগি চিগাৰেটডাল আধাতে সেমেকি গলি যোৱাৰ দৰে হৈ ভাঙি গ'ল।পেলাই দিলে।দ্বিতীয় ডাল চেষ্টা কৰিলে।একেই হ'ল। এটা দিয়াচলাইৰ পেকেট শেষ।সি নোৱাৰিলে।এইবাৰ মোৰ পাল।বতাহ খিনিয়ে গোটেই কাণে- মুখে মেৰিয়াই চুলিবোৰ উৰুৱাই নিছে।চাৰিডাল শেষ,দীপুৱে চাৰিডাল আগতে শেষ কৰি থৈছে।গছৰ পৰা নামি মাটিত বহি চেষ্টা কৰিলোঁ।নোৱাৰিলোঁ।জুইৰ শিখাটো অলপমান জ্বলি লগে লগেই নুমাই যায়।আধা ঘণ্টা চেষ্টা কৰিলোঁ।দিয়া চলাইও শেষ চিগাৰেটো শেষ।নজ্বলিল। চিগাৰেট খোৱা আশা এৰি পকাধানৰ মাজৰ আলিৰে খোজ ল'লো।
শৈশৱ গ'ল।হায়াৰ চেকেণ্ডাটিত এদিন এজনে ,"আব্বে মই আছো, বিনদাচ খা,এনেকে টান। ধোঁৱাবোৰ এনেকৈ উৰুৱাই দিয়ে।অলপ ডাঙৰ হ'।হাতীৰ দৰে মষ্ট শৰীৰটো লৈ সৰু হৈ থাকিবিনে?"
লাজে-অপমানে দুদিন খালো।প্ৰথম দিনা খাওঁতে খোৱা বস্তু গিলি দিয়াৰ দৰে ধোঁৱাবোৰ বিনদাচ গিলি দিয়াত যিটোহে অৱস্থা হৈছিল। নাকে মুখে চকুৱে ধোঁৱাবোৰ ওলাই আহিছিল।কাঁহি কাঁহি বুকুখন বিষাই গৈছিল।পুনৰ অপমান।" আব্বে অনেকৈ গিলে নেকি? ,চা এনেকৈ আৰাম সে ?" -লগৰ জনে বুজালে। দিনবোৰ পাৰ হ'ল।পঢ়া শুনা শেষ কৰি কৰ্মৰত হলোঁ।অফিচ জইন কৰি এখন নতুন দুনীয়া দেখিলোঁ।ধুনীয়া ধুনীয়া ছোৱালীবোৰে অফিচৰ "স্মকিং য'ন"ত আহি যিটোহে চিগাৰেট হুপে।ধুনীয়াকৈ এখন হাতেৰেই পেকেটৰ পৰা চিগাৰেট ডাল উলিয়াই এখন হাতেৰেই বিশেষ ভংগীমাত জ্বলাই বিন্দাচ ধোঁৱাবোৰ ওপৰলৈ গোলা গোলা কৰি উৰুৱাই দিয়ে।প্ৰথম দিনা দেখি মই "ফিউজ" হৈ যোৱাৰ দৰে হৈছিলোঁ। সেইবোৰ দেখি শুনিয়েই চাৰি বছৰ আগতে এদিন খাবলৈ বৰ মন যোৱাত লুকাই চোৰকৈ ওচৰৰ দোকানখনত গৈ পুতেক থকাত তুলা থকা ডাঙৰ "গল্ড ফ্লেগ" এডাল কিনি জ্বলাবলৈ গৈ তাৰ দহটা মান দিয়া চলাইৰ কাঠী শেষ কৰাত সি খঙতে অগ্নিশৰ্মাটো হৈ যিটোহে শুনালে-
"পেহলে চিগাৰেট জ্বলানা চিখ ভাইয়া"
দিয়া চলাইটো তাৰ হাতত গুজি চিগাৰেট ডাল মোহাৰি -মোহাৰি লাজে অপমানে ঘৰ পালোগৈ।
আজি চাৰি বছৰেই হ'ল পুনৰ চিগাৰেট খোৱা নহ'ল।
আগৰলৈ খোৱাও নহ'ব।আজি কালি চিগাৰেট খোৱাবোৰক খুউব উপদেশ দিও নেখাবলৈ।বহুজনে আকৌ এৰিলেও।পিছে নোখোৱাৰ কাৰণটো কি সেইয়া মইহে জানো ???
তথাপি কওঁ, চিগাৰেট টিগাৰেট নেখাবছোন।গাবোৰ বৰ লেতেৰা গোন্ধায় হে…।চিগাৰেট চিগাৰেট!
অচিনাকী পাঠকজন:
অচিনাকী পাঠকজন:
তেখেতৰ ঘৰত গেলামালৰ দোকান আছে।গধুলি গ্ৰাহক আহিছে,চেনি বিচাৰি।জুখি মেলি বান্ধিবলৈ বেৰৰ দীঘল জোঙা গজালটোত ওলোমাই থোৱা ডাঙৰ "স্কুয়েৰ টাইপৰ" কাগজবোৰৰ পৰা এখন টানিছে।এখন ওলাই আহিছে।অলপ ওপৰে ওপৰে চকু ফুৰাই "মা" শব্দটো পাই একাষে থৈ বেলেগ এখন টানি সেইখনত একো নোহোৱাত চেনি খিনি বান্ধি গ্ৰাহকক বিদায় দি আগৰ কাগজখন মনোযোগেৰে পঢ়িছে।তেখেতৰ ঘৰলৈ বাতৰি কাকত নাহে।গতিকে বস্তু বেচিবলৈ কিলো হিচাপত কিনি অনাবোৰকেই আগতে আটি গুৰি মাৰি পঢ়ি শেষ কৰি কিবা ভাল বস্তু পালে কাটি থয়,নতুবা কেতিয়াবা সৰু ডায়েৰীখনত লিখি থয়…।পুৰণা অভ্যাস।দেউতাকে শিকোৱা।
একাষে থোৱা কাগজখিনিত "মা" নামৰ লিখনি এটা আছে।আধা আছে,আধা নাই।আধা পঢ়ি আধাখিনিৰ বাবে ওলোমাই থোৱা কাগজবোৰ নমাই এফালৰ পৰা বিচাৰি চালাথ কৰিলে।এখনত পালে কিন্তু সম্পূৰ্ণ নহয়।ইমান পৰে গ্ৰাহকবোৰক ৰখাই থৈ বাকীখিনি বিচাৰি আছিল। গ্ৰাহকবোৰক ফটাফট বিদায় দি বাকীখিনি পঢ়ি ,কেচিৰে ধুনীয়াকৈ কাটি ডায়েৰীৰ ভিতৰত থৈ বাকীখিনিৰ বাবে চিধাই তাত লিখা নম্বৰটোত ফোন কৰিলে।পিছে নম্বৰটো আছে নামটোহে নাই।
ফোনটো ৰিং হৈ ৰিচিভ হোৱাত পুনৰ গ্ৰাহকবোৰক ৰখাই থৈ চিধাই ক'লে,
"আপোনাৰ নম্বৰটো পেপাৰত পালো।"মা" লিখাটো পৰি আৱেগিক হৈ গ'লো।আপুনি বেয়া নেপায় যদি শেষৰখিনি ফোনতে ক'বনে?"
তিনি বছৰ আগতে "অসমীয়া খবৰ"ত প্ৰকাশিত লিখাটোৰ শেষৰ খিনি আচলতে পাহৰিছিলোঁ।নামটো শুধিলোঁ। "দীনেশ পাঠক"।ক'লে ,"বেয়া নেপাব মই এজন সাধাৰণ দোকানী মানুহ,সপ্তম শ্ৰেণীৰলৈকে পঢ়া,দোকানত মাল বেচিবলৈ অনা বাতৰিবোৰকেই পঢ়ো…।"
মানুহজনৰ গ্ৰাহকৰ ভিৰটো বেচি হোৱাত আৰু মোৰ আশে-পাশে থকা গাড়ীৰ হৰ্ণবোৰৰ কোলাহলৰ বাবে কাইলে কথা পাতিম বুলি আশ্বাস এটা দি ফোনটো কাটিলে।
আজি পুনৰ কল কৰিলে। বহু সময় কথা পাতিলোঁ।মানুহজন ওডালগুৰিৰ।আমাৰ ঘৰৰ পৰা বিশ মিনিটৰ ৰাস্তা।কথা-বতৰা শেষ হোৱাৰ আগতে নিজৰ পৰিবাৰৰ লগতো চিনাকী কৰাই দিলে।এইবাৰ ঘৰলৈ গ'লে তেওঁলোকৰ ঘৰলৈ যোৱাৰ কাৰণে আগতেই নিমন্ত্ৰণ দিলে।ভাল লাগিল।যোৱাৰ আশা দিলোঁ।নগ'লে হেনো নিজে গাড়ীখন লৈ নিবলৈ আহিব।কি যে মৰমবোৰ !মানুহবোৰ! কেনেকৈ বাৰু নোযোৱাকৈ থাকো? যাম,নিশ্চয়ে যাম। তেওঁক চাবলৈ নিশ্চয়ে যাম। তেওঁৰ পৰা মোৰ বহু কথাই শিকিব লগীয়া আছে। বিশেষকৈ পঢ়িবলৈ শিকিম,এজন ভাল পাঠক হ'বলৈ শিকিম,তেওঁৰ দৰে এজন অসাধাৰণ পাঠকৰ পৰা…।
মনটো বৰ ভাল লাগিল।নাজানো কেলে?? বাতৰি কাকতবোৰে লিখাৰ বিনিময়ত ফুটা কঢ়ি এটা নিদিলেনো কি হ'ব এনে ধৰণৰ মানুহবোৰেই দেখোন সম্পদ! আশা! আনন্দৰ উৎস…।আৰু কি লাগে হে??
(বান্ধৱী সেবিকা হাজৰিকাই কথা খিনি লিখিবলৈ কোৱাত নিলিখি নোৱাৰিলোঁ। লিখিলো মানুহজনৰ প্ৰতি সন্মান জনাই)
খোৱাৰ:
খোৱাৰ:
ঘৰৰ পশ্চিমফালে থকা সৰিয়হৰ খেতিদৰা।নৰাৰে আঁৱৰা ওচৰৰ বৃহৎ খালী পথাৰ খন।সেইখনেই আমাৰ 'এক্সষ্টা এক্টিভিটি' বা নিজৰ 'টেলেণ্ট' দেখুওৱাৰ একমাত্ৰ স্থল।আমাৰ লগত বাঁহৰ দীঘল দীঘল কেইডালমান লৰু।লৰুৰ সৰু সৰু টুকুৰা (টাং) কেইটা…নৰাবোৰ উঘালি উঘালি তৈয়াৰ কৰা এখন ধুনীয়া পিটচ।হয়তো তেতিয়া ক্ৰিকেট নামৰ খেলবিধ আমাৰ মাজত আৱিস্কাৰ হোৱাই নাছিল।হ'বনো ক'ৰ পৰা,চাবলৈ গাঁৱত টি ভি নামৰ অচিনাকী বস্তুটোও থাকিব লাগিব ? ভাত পানী খাই উঠি গৰু চ'ৰাবলৈ যোৱাটো কিমান যে হেপাহৰ কথা আছিল ! গধূলি পঢ়া টেবুলত দাদা আৰু মোৰ গোপন আলোচনা,"অমুকে বেয়া টাং খেলে ৰে তই ন'ৰ'ই দেখোন ,তয়ো মাৰবিচোন কালি,দেখেই দিবি খেলা" ।পাছৰ দিনা হয়তো দাদাই খেলা দেখুৱাই থাকোঁতেই সৰিয়হ ৰখি একাষে বহি থকা মোৰ কপালত টাং পৰি সৰিয়হৰ ফুল সৰিয়হৰ ফুল দেখিছিলোঁ…।
কেতিয়াবা হয়তো কাৰোৱাৰ এৰি দিয়া গৰু ছাগলীবোৰ দলে বলে আহি সৰিয়হ খোৱাত লাগিছিল।মাজে মাজে টাং খেলা এৰি দৌৰি গৈ সিহঁতক খেদাই দিছো।কেতিয়াবা হয়তো বেচি অন্যায় কৰি খেতি নষ্ট কৰিলে গৰু ছাগলীবোৰ খেদি লৈ গৈ খোৱাৰ (পাউণ্ড)ত দি পোৱা দুই এটকাৰে চানাচুৰ ,বা গ্ৰীণ মটৰ কিনি আনি টাং খেলি থকা দাদাক দুই এটা গনি গনি ধাৰে দিছো।
কথাবোৰ মনত পৰে কেতিয়াৱা। হলধৰ খুড়াই গাই এজনী পুহিছে।দামুৰীও এটা আছে।যথেষ্ট গাখীৰ দিয়ে। মাজে মাজে গাখীৰ বেচি চাউল দালি আনে যদিও খুউব দুঃখ প্ৰকাশ কৰে। এইয়া হেনো দামুৰীটোৰ প্ৰতি অন্যায় ।পোৱালীৰ মুখৰ গাখীৰ কাঢ়ি …পিছে উপায় নাই।ঘৰখন নচলে।যোৱাকালি গোটেই দিনটো গাইজনীক খোৱাৰ(পাউণ্ড)ত বান্ধি থোৱাত সন্ধিয়া গৈ বিশ টকা দি মুকলি কৰি আনিলে।দামুৰীটোৱে হেনো দিনটো একোৱেই নেখালে।মাকক নেদেখি দুখে কষ্টে নিৰৱে কেৱল শুইয়েই থাকিলে।অলপ ধেমালি কৰি নজপিয়ালেও… । কাইলৈ গোৱাল নাহে।মানা কৰিলে।
কথাখিনি শুনাৰ পাছত নিজকে বৰ অপৰাধী অপৰাধী যেন লাগিল। সৰুতে আমি খোৱাৰত দি পোৱা দুই এটকাৰে আনন্দৰে চানাচুৰ খোৱা গাইবোৰৰো কিজানি তেনেকুৱা দামুৰী আছিল? সিহঁতেও হয়তো দিনৰে দিনটো হেম্বেলিয়াই পাছত গধূলি মালিকে জৰিমনা দি এৰাই দিয়াত চিধাই ঘৰলৈ দৌৰ মাৰি পোৱালীবোৰক গাখীৰ খোৱাইছিল? হয়তো কোনোৱা এজনে আহি জোৰ কৰি দামুৰীটোক গোহালী ঘৰৰ একাষে থকা সৰু খোৱাৰটোত সোমোৱাই থৈছিল।গায়ে দামুৰীৱে খোৱাৰত সোমোৱাই থোৱা গৃহস্থবোৰে হয়তো মূৰে কপালে হাত দিছিল।হয়তো সিহঁতেও "কাইলৈ গাখীৰ দিয়াতো টান হ'ব দিয়ক" বুলি গোৱালক আগতীয়াকৈ জনাইছিল।কাৰোৱাৰ হয়তো আনিব লগীয়া সমবায়ৰ চেনিখিনি বা চাউলখিনিও অনা নহৈছিল।
কথাখিনি শুনাৰ পাছত চঞ্চল দামুৰীটোৰ সেই নিৰৱ অৱস্থাটোহে দেখোন বাৰে বাৰে মনলৈ আহিল।সি নো কি জানে যে তাৰ মুখৰ গাখীৰ খিনি কাঢ়ি মানুহে চাউল দাইল আনে …| মাকৰ অনুপস্থিতিত দিনটো কেনেকৈ যে কটালে …।হয়তো তাৰ নিৰৱতাই সেইটো প্ৰকাশ কৰিলে।
চিন্তা ভাৱনা কল্পনা ব্যস্ততা এইবোৰ
চিন্তা ভাৱনা কল্পনা ব্যস্ততা এইবোৰ..
এলবাৰ্ট আইনষ্টাইনে কোৱা এষাৰ উক্তি -" কল্পনা জ্ঞানতকৈও উৎকৃষ্ট"।কল্পনা ,কল্পনা মানুহে যথেষ্ট কৰে।আমিও কৰো । একেদৰে আইনষ্টানেও কৰিছিল। তেখেতৰ পদাৰ্থ বিজ্ঞানৰ আপেক্ষিকতাবাদৰ বিশেষ কথাবোৰ কল্পনাৰ গভীৰ সাগৰত ডুব গৈয়ে আবিস্কাৰ কৰিছিল।কল্পনা কৰি কৰি তেওঁ ইমানেই অভ্যস্ত হৈছিল যে চকু কাণ হাত ভৰি এইবোৰ লৰচৰ নকৰাকৈ ঘণ্টাযোৰা সময় এটা জড় মূৰ্তি হৈ পৰিছিল। এবাৰ হেনো কোনোৱা এজনে গৈ চুই চাইছিল,সন্দেহ হৈছিল,তেখেত মৃত নে জীৱিত,মানুহ নে প্ৰতিমা…। এনেবোৰ গুণৰ বাবেইতো সময় বালিৰ খোজবোৰে চাপ বহুৱাই ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখি গৈছিল ।
হায়াৰ চেকেণ্ডাৰীত পঢ়ি থাকোঁতে এজনে কৈছিল ৰাসায়নিক সমীকৰণ,পদাৰ্থবিজ্ঞানৰ গতি বিধি এইবোৰ পঢ়াৰ পাছত কল্পনা কৰি চাবা,কল্পনা কৰিয়েই নিজৰ মানস পটভূমিত সেইবোৰৰ ছবি আঁকিবা । দেখিবা মুখস্থ নকৰিলেও আজীৱন সেইবোৰ মনত থাকি যাব।কথাষাৰৰ গুৰুত্ব এতিয়াহে বুজিলোঁ।
ইঞ্জিনিয়েৰিঙত গণিতৰ দীঘল দীঘল সমীকৰণবোৰ উত্তৰ সহ মনত ৰখা ছাৰ জনক এদিন সোধাত কৈছিল,"কল্পনা কৰা ,আজৰি সময়ত কল্পনা কৰি মনতেই সমীকৰণ বোৰৰ লগত যুঁজি থাকা।দেখিবা তাতেই জীৱনৰ আনন্দ বিচাৰি পাবা " । বিষয় এটাত পণ্ডিত হবলৈ সেইটোৰ প্ৰতি গভীৰ ভাল পোৱা থাকিব লাগিব।ছাৰজনে গণিত ভাল পাইছিল,আজৰি সময়বোৰ তেনেকৈ নতুন নতুন গণিতৰ সমস্যাবোৰক লৈয়ে অতিবাহিত কৰি জীৱনৰ আনন্দ লাভ কৰিছিল। এনেবোৰ মানুহে ভাত বনাই দাইলত তেল মাৰি দিওঁতেও সমীকৰণ দেখা পায়।ৰাতি সপোনতো হয়তো সেই সমীকৰণবোৰৰ লগতেই যুঁজি থাকি কেতিয়াবা জোৰকৈ চিঞৰি উঠে "অহহ পালো,উত্তৰটো পালো"।
হিন্দী সাহিত্যৰ বিখ্যাত কবি এজন।।নাম নিৰলা।এটা শাৰী লিখি দ্বিতীয় শাৰীটোৰ বাবে ভবা চিন্তা কৰি ছমাহ কটালে।কল্পনাৰ সাগৰত ডুব গৈ এদিন লক্ষ্নৌৰ আলিবাটত মহিলা এগৰাকীক শিল ভঙা দেখা পাই চিঞৰি উঠিল,"পালো ,পালো"। কি পাইছিল? তেখেতৰ " ৱহ টোড়তী পত্থৰ" নামৰ বিখ্যাত কবিতাটোৰ নাম আৰু দৃশ্যপট ।
এনেবোৰ মানুহে মানুহৰ মন জয় কৰি এনেয়ে বিখ্যাত হোৱা নাছিল।চিন্তা ভাৱনা কল্পনাই তেওঁলোকৰ বিখ্যাত কৰি তুলিছিল।এজন মানুহৰ পৰিচয় আচলতে তেখেতৰ চিন্তাভাৱনাহে।তেওঁ যেনেকুৱা ভাৱে ,তেনেকুৱাই তেওঁ।বাহ্যিক আৱৰণে মানুহৰ পৰিচয় নহয়।
মানুহ এজনৰ যিমান প্রতিভা থাকে তাৰ লগত কিবা অলপ চেষ্টা, চিন্তা ভাৱনা যোগ নিদিয়াকৈ মানুহজন সম্পুর্ণ প্রতিভাশালী বা উৎকৃষ্ট হ'ব নোৱাৰে । সিদিনা আমাৰ জুবিন দাৰ ইণ্টাৰভিউ এটা চাই আছিলো । এজনীয়ে ক’লে জুবিন দাই হেনো এটা গান ভাল লাগিলে এদিনত একে শুনাই কমচেকম চল্লিশ পঞ্চাশ বাৰ শুনে । দুই তিনি দিন সেই গানটোতেই তেনে গভীৰভাৱে আত্মনিয়োগ কৰি প্রতিটো শব্দ, প্রতিটো লহৰ যেন কল্পনা কৰি কৰিয়েই নিজৰ হৃদয়ত লিখি লয় । তাৰ পাছত আৰম্ভ হয় তেখেতৰ নৱ নৱ সৃষ্টি যিবোৰে মানুহৰ হৃদয় চুই যায় । সেই দিনাই গম পালো যে কেবল প্রতিভা থাকিলেই নহ'ব, গভীৰ চিন্তা ভাৱনা, কল্পনা এইবোৰো লাগিব ।
এতিয়া আহো আমাৰ কথালৈ, সিদিনা ল'ৰা এজনে মেচেজ দিছে “ দাদা চাৰি দিনৰ পৰা বহুত টেনচনত আছো , হেল্প এটা লাগিছিল” । কথা পাতি গম পালো ল'ৰা জনক হেনো কোনোবা ভাল লগা ছোৱালী এজনীয়ে ফেচবুকত ব্ল'ক কৰিছে । এতিয়া মোৰ ফ্রেণ্ড লিষ্টত ছোৱালী জনী আছেনে নাই চাই দিব লাগে । দুদিন মান পাছত ছোৱালীজনীয়ে ডিএক্টিভেট কৰি থোৱা নিজৰ একাউণ্টটো এক্টিভেট কৰাত হে বেচেৰাৰ হুঁচ আহিল । প্রায় দুখে কষ্টে পোন্ধৰ দিন মান নানা ধৰণৰ চিন্তা ,ভাৱনা ,কল্পনা ,পৰিকল্পানা কৰিয়েই কটোৱাৰ লগতে আমাকো জড়িত কৰিলে । চিন্তা ভাৱনা কল্পনাৰ আন এটা জীৱন্ত উদাহৰণ ।
চিন্তা- দুশ্চিন্তা, কল্পনা- কুকল্পনা এইবোৰ যেন এটা মুদ্রাৰ ইপিঠি সিপিঠি । চিন্তা বা কল্পনাৰ নামত দুশ্চিন্তা বা কুকল্পনা কৰিলে মানুহ কেনেকৈ প্রগতিশীল হ'ব ? বেছি ভাগ মানুহে চিন্তা কৰে, কল্পনা কৰে , যথেষ্ট কৰে , হয়তো প্রতিভাশালী ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখি যোৱা বোৰতকৈও বেছি কৰে , কিন্তু সেইয়া চিন্তা নে দুশ্চিন্তা, কল্পনা নে কুকল্পনা সেইটোহে বুজা টান । আজিৰ পৃথিৱীত প্রায় ৯০ শতাংশ মানুহেই দুশ্চিন্তাৰ চিকাৰ হৈছে । আমিবোৰে যেন আজিৰ যান্ত্রিকতাৰে ভৰা এই পৃথিৱীখনত নানা ধৰণৰ অযথা চিন্তা ভাৱনা কল্পনা-জল্পনা কৰিয়েই দিনে দিনে সময়বোৰ অতিক্রম কৰি জীৱনটোৰ সুখখিনিও বুটলিবলৈ অসমর্থ হৈছো । আমাৰ মাজৰ বাৰু কিমান জনে অৱসৰ বিনোদন বুলি গণিতৰ সমস্যা কেইটামান বহীত পাতি লৈ চিন্তা ভাৱনা কৰি তাৰ পৰা ৰস লৈছে? কিমান জনে ব্যস্ততাৰে ভৰা এই জীৱনটোৰ পৰা কিছু সময় উলিয়াই অকলশৰীয়া ঠাইত গৈ নিৰৱে একো নহ'লেও জীৱনটোৰ বিষয়েই ধনাত্মক চিন্তা কৰিছে ? অসাৰ এই জীৱনটোৰ মিছা মায়া-কায়া ,মিছা দুশ্চিন্তা, মৃত্যুৰ পাছৰ আন এটা জীৱন ..এইবোৰৰ বিষয়ে ? মানুহে সু-চিন্তা কৰিবলৈ যেন দিনে দিনে পাহৰি গৈছে। ইফালে যান্ত্ৰিকতাইয়ো মানুহক দিনে দিনে অচল , অকৰ্মণ্য,এলেহুৱাা কৰি কোঙা কৰি তুলিছে । গধূলি নিজৰ কল্পনাৰে নাতিহঁতক সাধু কথা কোৱা আইতা-ক'কাবোৰ যেন আৰু নাই ? পুৱা-গধূলি ঈশ্বৰৰ নাম লৈ জীৱনটোৰ বিষয়ে এটা সুস্পষ্ট আৰু সুস্থিৰ ধাৰণা লৈ জীয়াই থকা মানুহবোৰো যেন আজিকালি নোহোৱা হৈ গৈছে ? হয়তো ৰাতিপুৱাৰে পৰা টি ভি বা ফেচবুকত কোনো ৰাজনৈতিক বা সামাজিক বিতর্ক লৈ ব্যস্ত আছে । হয়তো ফেচবুকত কিবা এটা আপদেট দি বিতর্কত লিপ্ত হৈছে । তাৰ পাছত অযথা চিন্তা কৰিছে,ৰাতি টোপনিও নোহোৱা হৈছে , ঘৰত হয়তো পত্নী বা পতিৰ গালি খাইছে , কন্দল হৈছে..। মানুহবোৰ যেন আজি কালি খূউব ব্যস্ত , দিনে ৰাতিয়ে ব্যস্ত । অযথা চিন্তা, ভাৱনা, কল্পনা পৰিকল্পনাত ব্যস্ত..। সময় নাই পৰিয়ালৰ বাবেও..। ল'ৰা -ছোৱালী , নাতি-নাতিনী ,মাক -দেউতাক , ককাক-আইতাক কাৰোৰে যেন কাৰো বাবে সময় নাই। হাতে হাতে মোবাইল , ছ'ছিয়েল মেডিয়া, যান্ত্রিকতা..।
মানুহ জীয়াই থকে মানে চিন্তা ভাৱনা, কল্পনা,ব্যস্ততা এইবোৰ থাকিবই । তথাপিও বুদ্ধিমান জনে নিজৰ চিন্তা ভাৱনা কল্পনাৰেই জীৱনটো ধুনীয়া কৰি তুলিছে । তেওঁলোকৰ বাবে পৃথিৱীখনেই ধুনীয়া । কথা এষাৰ মনলৈ আহিল-
“যাৰ মন বিপথগামী , সি সম্পূর্ণভাৱে নিজ আচৰণৰ ফল ভোগ কৰি থাকিব ; কিন্তু সৎ লোকে নিজৰ পৰাই তৃপ্তি পাব “- (হিতোপদেশ ১৪:১৪)
Subscribe to:
Posts (Atom)