“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

গগনা:

গগনা: হলধৰ খুড়াক একোতেই হৰুৱাব নোৱাৰে | ছাগলীৰ ছালৰ ঢোল বনাই , বিহুগীত ৰচি, গগনা , পেঁপা নিজ হাতে বনাই বিহু গোৱাৰ পৰা ৰাতি হুঁচৰিত লেম লোৱা বুঢ়াজন হৈ গৃহস্থৰ মংগল কামনা কৰাৰলৈকে..| বাঁহৰ ধুনীয়া ধুনীয়া বিচনী , জাকৈ খালৈ ,পল',খদা(পাচি).ঢাৰি , দলা চালনী, মুঢ়া ইত্যাদি বোৱাৰ পৰ ঘৰৰ ছাল চিলোৱাৰলৈকে | চুলি কটাৰ পৰা খেৱলী জাল নিজে বনাই নদীৰ দৰিকণা ,পুঠি ,খলিহনা ধৰাৰলৈকে | সেই দৰে আহু শালি খেতিত হাল বাই নিজে খেতি কৰাৰ পৰা নাঙলৰ ফাল বনোৱাৰলৈকে....| বিহুটিয়ে অগাদেৱা কৰি থকা এই কেইদিন খুড়াৰ আজঁৰি নাথাকে | মানুহৰ ঘৰে ঘৰে কেবল এজনৰে কথা , সেইয়া হলধৰ কাই | বিয়াবোৰো গাঁৱত নামিছে | গতিকে বিয়াৰ আগে আগে ঘৰৰ ছাল চিলাই বেৰবোৰ নতুনকৈ মাতিৰে লিপি চূণ তেল লগাই সজাই তুলিবলৈ বিয়া ঘৰীয়াবোৰ উঠি পৰি লাগিছে | হলধৰ খুড়াৰ প্রয়োজন এইবোৰতেই | হলধৰ খুড়া নাথাকিলে ঘৰৰ ছালৰ মুধাৰ শেষ কাম খিনি কোনে কৰিব ? সেই জাতি বাঁহৰ তঙাল কোনে তোলিব? বিয়াসভাত ভোজৰ হিচাপ নিকাছ কোনে দিব? সেই হেড ৰান্ধনীজন হৈ ভাজি থকা মাছ বা মাংসখিনি চাই নিদিলে দেখোন তলতীয়া ৰান্ধনী কেইজনে একো উহাদিহে নেপায় | তাতে আকৌ খুড়াৰ হাতৰ সেই ছাগলী মাংসৰ সোৱাদ ! হাজাৰ জনে খাই আঙুলি চেলেকী চেলেকী “ মাংসৰ জোল অলপ দিবনে , পাৰিলে এপিছ সৰুকৈ ?” বিয়া ঘৰবোৰত ৰভাৰ খুটা পুটাৰ পৰা কল পটুৱাৰ দোনা(দোং)সজাৰলৈকে|ৰাতি বামুনৰ ওচৰত বহি আকৌ আশী বছৰীয়া বুঢ়াজন হৈ বিয়া ঘৰীয়াক দিহা পৰামর্শ দিবলৈ..| সৰুতে আমাক দীঘল দীঘল নাৰিকলৰ পাতৰ পেঁপা, ঘড়ী, ৰঙচঙীয়া কাগজৰ চিলা, নৌকা, বাঁহৰ গাড়ী, এইবোৰ সজাই দিছিল| সেইবোৰ পাই আমি কিমান যে সুখী হৈছিলোঁ| খুড়াই পাৰি দিয়া মদাৰ ফুলবোৰ নখত লৈ আমি কিমান যে খেলিছিলোঁ| খুড়াৰ লগত এটা বিশেষ দৰকাৰ আছিল| খুড়াই ধুনীয়াকৈ গগণা, মহৰ শিঙৰ পেঁপা আৰু বা়ঁহী সজায় |এই বাৰ ঘৰলৈ গ’লে তেওঁৰ হাতৰ গগণা দুটামান লৈ অনাৰ কথা ভাবিছিলোঁ|বজাব নোৱাৰিলেও সজাই থ’বলৈ ..|খুড়াক কেইবা বাৰো ফোন কৰিলোঁ | নেপালোঁ | আজি ৰাতিপুৱা ফোন কৰিলোঁ | খুড়া হস্পিটললৈ যাব ওলাইছে,দীপুৰ লগত | বুকুখন হেনো মাজে মাজে খূউব বিষায় | আগৰ দৰে গাত বল শক্তি আৰু নাই | -খুড়ীয়ে বৰ দুখ মনেৰে ক’লে| ফোনটো কাটি মোৰো বুকুখনৰ কোনোবা খিনিত বিষ যেন অনুভৱ কৰিলোঁ| মনটো সেমেকি গ’ল| একো নহ'লেও আকৌ পুনৰ তেওঁৰ হাতৰ গগনা এটাকে আনি স্মৃতি হিচাপে সাঁচি থ'ব পাৰিলে..| ঈশ্ৱৰক তেওঁৰ আৰোগ্য কামনা কৰিলোঁ !

No comments:

Post a Comment