Friday, 2 June 2017
দূৰত্বঃ
দূৰত্বঃ
"অ'ই গৰু ইফালে আহ!" ,আহিছিল।"অ'ই ফলিখন আন" ,আনিছিল,"অ'ই গৰু নাকটো মুচ",গৰুৱে হয়তো মুখখন জোঙা কৰি নাকটো উজাই এবাৰ সুহাতৰ বাহুৰে মচি দিছিল,"অ'ইগৰু 'ক' ঘূৰা" ,এই
গৰুৱে ফলিখনত আঁকি দিয়া 'ক'টো একান্ত মনেৰে ঘূৰাইছিল।
নাকৰ শেঙুন আহি ওঁঠত ওলমি গৈছিল।মাজে -মাজে জিভাৰে ওলমি থকা শেঙুনৰ সোৱাদো লৈছিল।ক'ব নোৱাৰাকৈ এই গৰুৱে সোঁহাতৰ বাহুৰে আৰু এবাৰ বাওঁহাতৰ বাহুৰে নাকটো মচিছিলোঁ।এই গৰুৰ গালৰ এফালে শেঙুনৰ দাগবোৰ পৰি ৰৈছিল।ৰান্ধনী ঘৰত ভাত বহাই দালিত তেল মৰা কামটো শেষ কৰি মা উলাই আহিছিল।আথেৰেথে এখন হাতেৰে গলত ধৰি আনখন হাতেৰে চাঁদৰৰ আচলেৰে এই গৰুৰ নাকটো মচি দিছিল।এই গৰুৰ নাকত ৰান্ধনি ঘৰৰ গৰম গৰম ভাৱ এটা আৰু তেল মৰা পাঁচফোৰণ,নেহৰুৰ গোন্ধটো লাগি গৈছিল। এই গৰুৱে সেই গোন্ধটো ঠিক তেতিয়াৰ পৰাই ভাল পাইছিল।এই গৰুক নাঙঠ কৰি চোতালতে পীৰা এখনত বহুৱাই নিম পাতেৰে মায়ে গা ধুৱাইছিল। যেন গৰুৰ বিহুহে! মাজে মাজে উপলব্ধি হৈছিল।
এই গৰু ডাঙৰ হৈছিল। "গৰু" নামটো লাহে-লাহে আঁতৰি গৈ "সৰু বোপা"," "বোপা",এইবোৰ নামেৰে বিখ্যাত হৈছিল।পাছলৈ গৈ "আমাৰ অমুকা,তমুকা" নামেৰে এই গৰুৰ কথা বেলেগক কোৱা হ'ল। এই গৰুৱে আজিও সেই সৰুতে মতা "এই গৰু" নামটোকে বিচাৰে যদিও ভতিজাজনেহে সেই নামটো উত্তৰাধিকাৰী হিচাপে পালে। মাজে মাজে এই গৰুৰ ঈৰ্ষা হয়।
আজিকালি দেউতাই "অ'ই গৰু ইফালে আহ!" বুলি মাতিলে সৰু ভতিজাজনহে ঝুনুক ঝানাককৈ দৌৰি যায়,এই গৰুৱে মুৰ দাঙি আজিও চায়।
এই গৰুৱে মনতে কয় "বেটা তোৰো যাব এদিন এই নামটো "
সচাঁই সৰু কালৰ মৰমৰ মাতবোৰ নোহোৱা হৈ গৈ লাহে লাহে দূৰত্বও বাঢ়ি যায়। মানুহ সৰুৰ পৰা ডাঙৰ হয়,বাপেকৰ বুকুত খেলি ডাঙৰ হোৱা পুতেকৰ ,"বাপেক-পুতেক "সম্বন্ধটো এদিন হয়তো কথা কওঁতেই গোঁজৰা,গোঁজৰি হোৱাৰ দৰে হয়। ঠিক তেনেদৰে ছোৱালীবোৰৰো।পিছে ছোৱালীবোৰৰ বহুত কম দেখা যায়।সময়বোৰ বাগৰাৰ লগে লগে যেন "বাপেক-পুতেক" সম্বন্ধটোৰ মাজত যেন এটা "দূৰত্ব" আহি যায়। বহুতৰে আৰু বাপেক পুতেকৰ দেখা দেখিয়েই হ'ব নোৱৰা পৰিস্থিতিও হোৱা নিজ চকুৰে দেখিছো।বেয়া লাগে। দূত্ববোৰ বঢ়াৰ লগে লগে " মা,আই,দেতা,পিতাই,বাবা,তা,…" এইবোৰ মৰমৰ মাতবোৰো গুচি গৈ "বুঢ়া ,বুঢ়ী" হয়।
মানুহক সৰুতে মৰমতে মতা নামটোৰে যদি ডাঙৰ হোৱাৰলৈকে ,মানে বুঢ়া হোৱাৰলৈকে মাক বাপেকে মাতিলে হয়।তেতিয়া হয়তো এই "বুঢ়া-বুঢ়ী" শব্দ দুটা নাহিল হয়।দূৰত্ববোৰো বাঢ়ি নগ'ল হয়।হয়তো "এই গৰু ইফালে আহ " বুলি মাতিলে কেইবাটাও গৰুৱে মুৰ দাঙি চালে হয়।পাছত যেন বাপেকে লাঠি ডাল লৈ ক'লে হয়,"অ'ই গৰু তোক 'ক' ঘূৰাবলৈ মতা নাই নহয়,পুতেৰক মাতিছো,সাধু কথা ক'বলৈ।"
সিদিনা বিহাৰৰ লগৰ এজনৰ কথা শুনি আচৰিত হ'লো।সি "গুটখা" খায়।মনে মনে খায়।সৈনিক বাপেকে গম পালে হেনো সৈনিকৰ ষ্টালেৰে "লাঠি" লগায়।পুতেকে নিৰৱে চায়। কথাটো কিবা এটা ভাল লাগিল।বাপেকলৈ শ্ৰ দ্ধা জন্মিল।মোৰ দেউতাও এদিন "সৰু বোপা" বুলি চিঞৰি চিঞৰি মতাত মই "ঐ" (অউউ) বুলি মাতিছিলোঁ।দেউতাৰ প্ৰকাণ্ড হাতৰ চৰ মোৰ গালত পৰি ৰৈছিল।পাছত মায়ে মানুহক "ঔ" বুলি ক'বলৈ মানা কৰি বুজাইছিল।মোৰ কাণত "ঔ" শব্দটো বহু দিনলৈকে বাজি আছিল।সেইয়াই দেউতাৰ হাতৰ প্ৰথম আৰু অন্তিম চৰ আছিল যদিও আজিও দেখোন "ঔ" শব্দটো কাণতে থাকি গ'ল।
"দূৰত্ব"-এই দূৰত্ববোৰ সকলৰে জীৱনত ক'ব নোৱাৰাকৈ আহে।মৰমৰ মাতবোৰো নোহোৱা হৈ যায়।বাপেক পুতেক,নতুবা মাক পুতেকৰ মাজৰ দূৰত্ব,বাপেক জীয়েক,নতুবা মাক জীয়েকৰ মাজৰ দূৰত্ব,ককাই ভাইৰ মাজৰ দূৰত্ব, দুই বন্ধুৰ মাজৰ দূৰত্ব…। যেন সম্বন্ধবোৰ একেটা ঘাটতে নাও মেলা দুজন নাৱৰীয়াৰ দৰেহে,যি নেকি ধেনুভেজীয়াকৈ পৰষ্পৰে বিপৰীত দিশত সময়ৰ অনুপাতে এজনে আনজনৰ পৰা আতঁৰি যায়। যেন "দূৰত্ব" ও যেন এনেকৈহে সময়ৰ লগে লগে সম্বন্ধবোৰৰ মাজত আহে।
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment