“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

তগৰ:

তগৰ: গাওঁখনৰ সোঁ মাজতে থকা নামঘৰটোৰ সন্মুখত তিনিডাল প্ৰকাণ্ড আঁহত।ওলমি ওলমি থকা কপৌ ফুলবোৰ। নামঘৰৰ একাষে সুগন্ধি বিলাই দলদোপ হেন্দোলদোপকৈ লাগি থকা তগৰ ফুলবোৰ।ভোমোৰাবোৰ,সিঁহতৰ পাছে পাছে নাচি বাগি দৌৰি ফুৰা আমি ,দীপু,মই……।তগৰ ফুলবোৰ চিঙি চিঙি চোলাৰ জেপে,হাতে,কাণে সোমোৱাই লৈছিলোঁ। ঢুলীয়াই ঢোল বজাই আঁহতৰ তলতেই আখৰা কৰিছিল।গাঁৱৰ গাভৰু কেইজনীয়ে নাচিছিল।হলধৰ খুড়াই নাচৰ তালে তালে নিজ হাতে বনোৱা মহৰ শিঙৰ পেঁপাটি বজাইছিল…। ৰাইজে আখৰা চাইছিল।দূৰৈত কলগছৰ ফাঁকেৰে আঘোণা খুড়াই দহবছৰীয়া জীয়েক মিতালীৰ নাচ চাই খুড়ীৰ হাতত খুচি ," চাচোন চা, আমাৰ মাজনীয়ে নাচিছে, পাৰিছে দেখোন নাচিব"।কিমান যে সন্তোষ পাইছিল আঘোণা খুড়াই।নিজে গৈ যেন এপাক নাচিহে দিব। গধূলি।লেমৰ পোহৰটি ধিমিক-ধামাক হৈ পৰিছিল।টেবুলৰ একাষে থোৱা তগৰ ফুলদুটাৰ গোন্ধটোৱে গোটেই কোঠাটো আমোলমোলাই তুলিছিল।ধুমুহাজাক এৰা যেন কৰিছিলহে মাত্ৰ এনেতে মায়ে ৰান্ধনি ঘৰৰ পৰা ধূনাৰ বাটিটো লৈ কোঠাটোত এপাক ঘূৰাই দিছিল। তগৰ আৰু ধূনাৰ গোন্ধৰ সংমিশ্ৰনত গোটেই পৰিবেশটোৱে এক বিশেষ ৰূপ লৈছিল।পদূলিমুখত হুঁচৰি গাবলৈ গাঁৱৰ ডেকাহঁতে ঢোলৰ তালিত চাপৰ দিছিল।মাৰ উখলমাখল লাগিছিল যদিও দেউতাই লেমটো লৈ হুঁচৰিক আঁদৰিবলৈ আগবাঢ়ি গৈছিল। কিতাপখন জপাই একে জাপে চোতাল পাইছিলোগৈ…। দীপুয়ে সৰু বিহুৱানখন গলত লৈ হলধৰ খুড়াৰ লগত হুঁচৰিৰ পাছে পাছে আহিছিল।দীপুৰ দুয়োখন কাণৰ লতিত দুপৰীয়াতে সোমোৱাই ৰখা তগৰ ফুল কেইটাই তেতিয়াও সুগন্ধি বিলাই আছিল।দীপুৰ কাণদুখনৰ ওচৰলৈ গৈ মই নাকটো জোঙা কৰি এবাৰ শুঙি চাই চিধাই বৰঘৰলৈ গৈ আলনাৰ পৰা বিহুৱান খন লৈ টেবুলৰ ওপৰত আথেৰেথে থৈ দিয়া তগৰ ফুল দুটা কাণৰ লতিৰ ওপৰত সোমোৱাই দীপুৰ লগত হুঁচৰিৰ পাছে পাছে গৈছিলোঁ। মাজে মাজে কাণদুখন চুই তাৰ ফালে চাই সুধিছিলোঁ,"তোৰ কেইটা কাণত আছেনে?" সময় বাগৰিল। কেইবা পুৰুষ দেখা সেই আঁহত কেইজোপা আজি নাই।কপৌ আৰু তগৰ ফুলবোৰো নামঘৰৰ সন্মূখত নাই।নাই সেই আঁহতৰ তলৰ বিহু।আজি কালি মঞ্চ পালেগৈ…। তথাপি কিয় জানো ক'ৰবাত ঢোলৰ মাত শুনিলে, "অতিকৈ চেনেহৰ মূগাৰে মহুৰা,তাতোকৈ চেনেহৰ মাকো…" এই বিহুগীতটো শুনিলে কিয় জানো নজনাকৈয়ে সেই তগৰ ফুলৰ গোন্ধটো,সেই কপৌ ফুলবোৰ,ভোমোৰাবোৰ,দীপু,মই,হলধৰ খুড়া,দীপুৰ দুয়োখন কাণৰ লতিত সোমোৱাই ৰখা মৰহা তগৰ দুটা,এনেবোৰ কথাহে মনলৈ আহে। বিহুৰ এনে বতৰত নাজানো কিয় ঘনে-ঘনে আজিও কাণদুখনহে চুই চাওঁ দেখোন।কিজানি এৰি অহা সেই তগৰ দুটা বিচাৰি……।

No comments:

Post a Comment