Friday, 2 June 2017
মুৰ্গীৰ কণীঃ
মুৰ্গীৰ কণীঃ
ৰাতিপুৱাতে দীপুক ফোন কৰিলোঁ।সি খুউব ব্যস্ত। মূৰ্গীৰ পাছত গোটেই বাৰীখন দৌৰি আছে। দুয়োজনীয়ে হেনো বেলেগৰ ঘৰত হে কণী পাৰে ,গতিকে মাকৰ কথাত সি আজি উঠি পৰি দৃঢ়তাৰে লাগিছে।কণী পৰা ঠাই,আৰু কণী হেনো সি আজি বিচাৰি উলিয়াবই।কথা পাতি থাকোঁতেই এজনীয়ে "কু কু কুক" কৈ দীঘলকৈ কণী পৰাৰ টিলিঙাটো বজাই দিয়াত খুড়ীৰ হাতত ফোনটো গটাই সি দৌৰ মুৰ্গীজনীৰ পাছে পাছে। খুড়ীয়ে ফোনটো কাণত ওলোটাকৈ লৈ চিঞৰি চিঞৰি তাক গোহালী ঘৰৰ পাছফালে থকা খদাটোত(পাচি) আৰু ঢেঁকীশালৰ ডুলিটোৰ ওপৰৰ খেৰখিনিত ভালদৰে চাবলৈ কৈ আছে।মই ফোনটো ৰাখো নেকি বুলি কোৱাত খুড়ীয়ে তপৰাই ক'লে ,ৰ'বাচোন দৰকাৰ এটা আছে,পিছে সময়ে পোৱা নাই তোমাৰ লগত কথা পাতিবলৈ।খুড়ীয়ে চাগে দীপুৰ কাৰণে ছোৱালীৰ কথা ক'ব ,মনে মনে অনুমান কৰিলোঁ।জানাই নহয়।দুজনীকৈ মুৰ্গী,যোৱা দুমাহ ধৰি নিজৰ ঘৰত কণী নেপাৰে।বেলেগৰ ঘৰত কণী পাৰে।জানানে? আমাৰ কিবা দিন কালেই বেয়া । আজিকালিৰ মানুহবোৰ আগৰ দৰে নহয়।নতুন নতুন বোৱাৰীবোৰ ঘৰে ঘৰে।আগৰ দৰে নহয়।কণী পাৰিলেও কোনেও নকয়।যোৱা দুমাহ ধৰি মুৰ্গী কেইজনীয়ে ঘৰত কণী পৰা নাই।ক'ৰবাত নহয় ক'ৰবাততো নিশ্চয়ে পাৰিছে,জানানে কোনেও নকয়।লুকাই ৰাখে। আমাৰ বেয়া দিন বুইছ,দেউতাক ঢুকুৱাৰ পৰাই সৌ সিদিনা ছাগলী পোৱালী এজনী শিয়ালে খালে,বাহৰ পাৰবোৰো বাহতে মৰে,জানানে।এই বাৰ জহা ধানো ভাল নহ'ল নহয়।গোসানী আইৰ লেঠাটো মাৰিবলৈ কওঁ, পিছে ই দেখোন গুৰু গোসাঁই একোৱে নেমানে।দেউতাক থাকিলে…।খুড়ীয়ে আন দিনৰ দৰে দুখৰ ভাণ্ডাৰবোৰ মোৰ আগত এটা এটাকৈ খোলে।যেন পৃথিৱীৰ আটাইতকৈ দুখী মহিলাজনী খুড়ীয়েই হয়।
যানহওঁক এই মুৰ্গীৰ কণীৰ কথাই মোক খন্তেকতে অতীতলৈ লৈ গ'ল।খুড়ীৰ কথাত 'হমম হমম' বুলি ময়ো অতীতলৈ গুচি গ'লো,অতীততে হেৰুৱা সেই মুৰ্গীকণী দুটা বিচাৰি…।
সৰুতে পথাৰৰ সৰাধান বিচাৰি ,বেচি দেউতাৰ হতুৱাই এবাৰ এটা মুৰ্গীৰ পোৱালি বজাৰৰ পৰা অনাইছিলোঁ। দুদিনমান ঠেঙত সৰু জৰী এডাল বান্ধি নিজৰ লগতে ৰাখিছিলোঁ। তাইক পাৰ্য্যমানে খাবলৈ দিয়াত লহপহকৈ বাঢ়ি গৈছিল।লাহে-লাহে তায়ো যেন যৌৱনতহে ভৰি দিছিলগৈ।মোৰ মনত আনন্দৰ সীমা নাই। দিনে ৰাতিয়ে মাক এটাই কথা সুধো তাই কেতিয়া কণী দিব।এদিন ভঁড়াল ঘৰৰ ওপৰত থোৱা খৰাহীটোৰ ওপৰৰ পৰা "ক কু কু" কৈ চিঞৰি ওলাই অহাত একে দৌৰে গৈ ভঁড়াল ঘৰ পালোগৈ।তাই কণী দিছে।সৰু কণী।কণীটো চুই,এবাৰ শুঙিও চালোঁ।একদম গৰম গৰম।মোৰ যে কিমান আনন্দ।আথেৰেথে কণীটো মাক দেখুৱাই পঢ়া টেবুলৰ ভিতৰত থ'লো।মায়ে বুজালে কণী পৰা শেষ হ'লে একেলগে সকলোকে উমনি দিলে এগাল পোৱালী হ'ব।মনত নানা সপোন। এনেদৰে সদায় মুৰ্গীজনীয়ে কণীপৰা চাই হে সেইটো টেবুলৰ ভিতৰত থৈ মই স্কুললৈ যাও।দুই এদিন স্কুল যোৱাও নহ'ল।
এদিনাখন স্কুলৰ পৰা আহি কণী কেইটা হিচাপ কৰি চালো ।দুটা কণী নাই।তামাম চিঞৰ বাখৰ।আলহী আহিছিলে।আলহীক খোৱালে।মায়ে হাঁহৰ ডাঙৰ কণী দুটা আনি হাতত দিলে যদিও সেই কেইটা নল'লো।মোক সৰু কণী লাগে।উপায়হীন হৈ হলধৰ খুড়াই আলহীৰ চাইকেলেৰে মনে মনে ওচৰৰ গাঁৱখনলৈ সৰু কণী বিচাৰি গ'ল…।
বহু সময়ে ময়ো ফোনটো কাণত লৈ খুড়ীৰ কথাত "হমম হমম" বুলি কণী বিচাৰি অতীতলৈ গুচি গৈছিলোঁ।এনেতে দীপুৱে কেতিয়া খুড়ীৰ পৰা ফোনটো ল'লে গমেই নেপালোঁ।
ফোঁপাই ফোঁপাই ," দোষ্টী কণী দুটা পালোঁ।"
দীপুৰ কথাত মোৰ মনে প্ৰাণে হাঁহি বিৰিঙি উঠিছে।মোক যেন হলধৰ খুড়াইহে চাইকেল মাৰি গৈ শৈশৱতে হেৰুৱা কণী দুটাহে আনি দিলে…।মনটো কিবা এটা আনন্দৰে ভৰি গ'ল।
°°°°°°°°
(জিঅ' পেক ফিনিছ হোৱাৰ বাবে গৰম গৰম কণী কেইটাৰ ফ'টো দীপুৰ পৰা নেপালোঁ)
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment