“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Wednesday, 17 September 2014

মা ( MOM)

মা..

“মা” আজি কেইবা দিনৰ পৰা তোমালৈ মোৰ বহুত মনত পৰি আছে | তোমাৰ মৰমসনা মাতটো মই নুশুনা আজি কেইবা বছৰেই হ’ল | তোমাৰ মাতটো শুনিবৰ কাৰণে মোৰ বৰ মন যায় | মাত্র এবাৰৰ কাৰণে…শেষৰ বাৰৰ কাৰণে |যদি স্বর্গত এটা টেলিফ’নৰ ব্যবস্থা থাকিল হয় , মই দেউতাৰ মোবাইলৰ পৰা তোমালৈ মিছ কল মাৰিলোঁ হয় |শেষৰ বাৰৰ বাবে তোমাৰ মাতটো শুনিবলে | যিদিনা তুমি আমাক এৰি গুচি গৈছিলা সেই দিনা মই স্কুলতে আছিলোঁ | যোৱাৰ সময়ত তুমি এবাৰো মোক মাত লগাই নগলা | তুমি জানানে তোমালৈ মোৰ কিমান মনত পৰে |মই সদায় খেল পথাৰৰ পৰা আহি দৌৰ মাৰি ৰান্ধনীঘৰলৈ যাওঁ  ” মা মা ” বুলি মাতি ভাবো তুমি হয়তো ৰান্ধনী ঘৰতেই থাকিবা….তোমাক বিচাৰি নেপাও | সেমেনা সেমেনি কৰি ঘুৰি আহো , চকুলো মোৰ নিগৰি যায় |সেইদিনা ৰাতি ভয়ানক সপোন এটা দেখি জোৰকৈ তোমাক মাতিছিলোঁ | সাৰ পাই তোমাক ওচৰত বিচাৰিছিলোঁ , নেপালোঁ , চকুলোঁ মোৰ ওলাই গৈছিল | স্কুলৰ পৰা আহি মই সদায়েই তোমালৈ চিঠি লিখোঁ | পিছে মা তোমাৰ ঠিকনাটো মই নেজানো | তুমি ক’ত আছা “মা” …..| এইয়া আছিল মাতৃহাৰা সন্তান এটিৰ মাকলৈ লিখা চিঠি | মাকৰ মৃত্যুৰ পাছত সি মাক জীয়াই থকা বুলিয়েই মাজে-মাজে ”মা মা” বুলি মাতিছিল | হয়তো সি বাস্তৱক কেতিয়াও স্বীকাৰ কৰি ল’ব পৰা নাছিল | মাকৰ মৃত্যুৰ পাছত বাপেক জনে দ্বিতীয় বিবাহ কৰাইছিল | মাহী মাক জনীয়ে তাক অশেষ মৰম কৰিছিল যদিও সি মাকৰ মৰম বিচাৰি ফুৰিছিল | তাৰ এইবোৰ কথা কাণ্ডই নিজৰ লগতে আনকো কন্দুৱাইছিল | এৰা আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন ? 
০০০০০০০০
ছোৱালীজনীৰ মাক কেইবাদিনো ধৰি  শয্যাগত হৈ আছিল | ডক্টৰে কৈছিল হেনো ভাল হৈ যাব | মাজে-মাজে ফ’ন কৰি খা-খবৰ লৈছিলোঁ | অফিচৰ পৰা দুপৰীয়াৰ আহাৰ খাবলৈ বুলি বাহিৰলৈ গ’লো |সিফালৰ পৰা তিনিটা মিছ কল পালোঁ | ফ’ন কৰিলোঁ , ছোৱালীজনীয়ে কিছু সময় একো নকলে | মই নেটৱর্ক নোপোৱা বুলি জোৰকৈ হেল্ল’ হেল্ল’ কৰি থাকিলোঁ | কিছু সময় পাছত তিনিটা শব্দ শুনা পালো যি শব্দ কেইটা ক’বলৈ তাই হেনো সাহস পোৱা নাছিল |যি শব্দ কেইটা মুখৰ পৰা ওলাই আহিবলে বহু সময় লাগিছিল | “ মোৰ মা আৰু নাই ” এই চাৰিটা শব্দ কৈ ফ’নটো কাটি দিছিল |মোৰ কানে কি শুনিছিল মই বিশ্বাস কৰিব পৰা নাছিলোঁ | তাইয়ো হয়তো বাস্তৱ্ক স্বীকাৰ কৰি ল’ব পৰা নাছিল | দুনাই ফ’ন কৰি শব্দ কেইটা শুনাৰ সাহস আৰু মোৰ নহ’ল | অফিচৰ পৰা ঘৰ পালোহি | বাৰে-বাৰে কানত কম্পমান হৈ থাকিল সেই শব্দ কেইটা | মোৰ জীৱনত এনে শব্দ কেইটা যেন আৰু কাৰো পৰাই শুনা নেপাও তাকে ঈশ্বৰৰ আগত প্রার্থনা কৰিলোঁ | ছোৱালীজনীৰ বিয়ালৈ কেই দিন মানহে বাকী আছিল | ঘৰ খনৰ সকলো দায়িত্ব আহি পৰিছিল তাইৰ ওপৰত | মাকৰ অনুপস্থিতি সঘনাই উপলব্ধি কৰিছিল | বিয়াৰ আগ মুহূৰ্তত মাক থকা হ’লে ক’ত যে কি যোগাৰ কৰিলেহেঁতেন …| মাকৰ মাতটো তাই বহু দিনেই শুনা নাছিল ..মাকৰ ল’গত বহুদিনেই কথা পতা নাছিল | মাজে মাজে খোলা আকাশৰ তলত অকলশৰীয়া হৈ অনেক কথা পাতিছিল মাকৰ লগত..চকুলোঁ টুকিছিল ….নিজৰ বেদনাবোৰ কৈছিল |
০০০০০০০০

মোৰ ঘৰ খন গাৱত হোৱা কাৰণে কিছুমান বনৰীয়া জীৱ জন্তুৰ লগত প্রায়ে মুখা মুখি হৈছিলোঁ |এদিনৰ ঘটনাই আমাক ভালদৰে বুজাই দিছিল যে মাতৃৰ মৰমৰ আচলতেনো কি ? গাৱৰ ওচৰৰ গাওঁখনত কিছুমান অমানৱীয় অশিক্ষীত মানুহ বসবাস কৰিছিল |দুই খন গাৱতে পাল ভৰি বান্দৰৰ বসবাস আছিল |সিহঁতে মানুহৰ দৰেই সমাজ পাতি বসবাস কৰাৰ দৰে বসবাস কৰিছিল |আমি সিহঁতক মৰম কৰিছিলোঁ মাজে-মাজে জোকাইছিলোঁ..এইবোৰ আছিল ল’ৰা ধেমালি |সিদিনা কি হৈছিল দহ বাৰজন মান অমানৱীয় মানুহৰ গোট এটাই হাতত দা, কুঠাৰ , যাঠি , জোং লৈ বান্দৰ বোৰ খেদিছিল |সৰু বান্দৰৰ পোৱালি এটাক খেদি এঘৰৰ চোতাল পালেগৈ | বেচে়ৰা বান্দৰ টোৱে উপায়হীন হৈ মানুহ ঘৰৰ ভড়াল ঘৰটোত সোমাল গৈ |পুতেকক বচাবৰ বাবে বান্দৰজনৰ মাক জনীও মানুহবোৰৰ পাছে পাছে আহিছিল |তাইৰ আগত যে বিপদ আছিল সেইয়া তাইও জানিছিল | তথাপিও তাই ” মা ”হয় , পুত্রৰ মৰমৰ কাৰণে আহি মানুহবোৰৰ মাজত সোমাই পৰিছিল | কোনোবা নিষ্ঠুৰ এজনে মাক জনী়ৰ কপালত ডেগাৰেৰে ঘাপ মাৰি দিছিল |তাই চিঞৰিছিল আৰু বাগৰি পৰিছিল | তেজেৰে ৰাঙলী হৈ গৈছিল তাইৰ শৰী়ৰটো , এনেতে ভড়াল ঘৰত সোমাই থকা পুতেকজনে মৃত্যুকো নেওচি দৌৰ মাৰি আহি মানুহজাকৰ মাজেৰে গৈ আঁকোৱালি ল’লে মাতৃক | মাক পুতেকৰ এক মৰ্মান্তিক দৃশ্য ৷|মাকজনীৰ কপালৰ আধা অংশই কটা গৈছিল তথাপিও যেন জীয়াই আছিল শেষ মুহুর্তৰ বাবে পুতেকে়ৰ মাতটো শুনিবলে |পুতেকজনেও জোৰকৈ মাকৰ গলত ধৰি সাবটি ধৰিছিল |কিছু সময়ৰ পাছত সেই বান্দৰ পুতেকজনক আৰু লগতে আমাকো শোকগ্ৰস্ত কৰি বিদায় মাগিছিল মাকজনীয়ে | বেদনাত কেকবেকাই চিঞৰ বাখৰ কৰিছিল সেই পোৱালীটোৱেও | হয়তো সিও সেই ক’ব বিচাৰিছিল “ মোৰ মা আৰু নাই ” বুলি | সেই নিষ্ঠুৰ কেইজনৰো ওলাই গৈছিল চকুলোঁ | উচুপিছিল সিহঁতেও | হয়তো আজি সেই বান্দৰৰ পোৱালীটোৱেও ক’ৰবাত অকলশৰে বহি মাকৰ লগত কথা পাতে | উচুপে সি অকলশৰে ….| 

000000
এই পৃথিৱীত থকা প্রত্যেকজনৰেই  “মা ”আছে |প্রত্যেকজনেই ”মা” নামৰ বিশেষ শব্দটোৰ লগত জড়িত্ |”মা ” নথকাবোৰে অকলসৰে কোনোবা নিজাম ঠাইত গৈ হয়তো মনে মনে উচুপিছে , হুমুনিয়াহ কাঢ়িছে | ধন-সম্পতি , সা-সন্মান খ্যাতি এইবোৰ থাকিলেও তেওঁলোকেই যেন পৃথিৱীত আটাইতকৈ দুখীয়া গৰীব সেই কথাটো উপলব্ধি কৰিছে | কাৰণ তেওঁলোকৰ লগত মাকৰ মৰম নাই | ”মা” শব্দটোৰ সেই গভীৰ অর্থটো হয়তো তেওঁ লোকেহে অনুভৱ কৰিছে | যি সকলৰ মা আছে বিয়া বাৰু পতাৰ পাছত ঘৈনিয়েক বা শাহুয়েকৰ কথাত আহি হয়তো মাক জনীক অনাদৰ কৰিছে |হয়তো বৃদ্ধ অৱস্থাত একোটা সৰু জুপুৰীঘৰত অকলশৰে জীৱনৰ শেষ দিন্ কেইটা কটাইছে | হয়তো কাৰোবাৰ ঘৰত কাম কৰিছে নাইবা ভিক্ষা মাগিছে |তথাপিও মাক জনীৰ মনত আছে পুত্র স্নেহ আৰু ভাল পোৱা | এৰা “ মা” বোৰ সদায় এনেকুৱাই হয় |

( হিতোপদেশ ( 6:20-22) নামৰ অধ্যায় এটাত পাইছিলোঁ : হে মোৰ বোপা তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা ,আৰু তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা | সেইবোৰ সদায় হৃদয়ত গাঁথি থোৱা আৰু ডিঙিত বান্ধি লোৱা | তাতে ফুৰোতে সেইবোৰে তোমাক পথ দেখুৱাব ,শোৱা কালত তোমাক পৰ দি ৰাখিব , আৰু সাৰে থকা সময়ত তোমাৰ লগত আলাপ কৰিব | ) 

সমাপ্ত !!!
© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী!!!




No comments:

Post a Comment