“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

কইনা দ'ৰা:

কইনা দ'ৰা: চাবোন লগাই 'জিলেট ইউজ এণ্ড থ্ৰ' পাত গালত এনেয়ে এপাক নে দুপাক মাটি মৈৰ দৰে ঘুৰাই আছিলোঁ। নিজৰে খেতি,সদায় এনেকৈ দুপাক ঘূৰাও। এনেতে মোবাইলটো বাজিল।আইনাখন টেবুলত থৈ ৰিচিভ কৰি 'লাউড স্পীকাৰ' লগাই দিছো। সিফালৰ পৰা দীপুৱে চিঞৰিছে। : হেল্ল' হেল্ল', আব্বে ক'ত আছা তই? : ৰুমত ,দাড়ি কাটি ,ক'? : মই ৰঙামাটীত আহিছিলোঁ।নেটৱৰ্ক নাই কাৰণে কলগছৰ তলত আহিছো।হেল্ল' হেল্ল' শুনিছানে? : শুনিছো ক' জল্দী। : তই বিয়া পাতিছিলি যে ছোৱালী জনী,দীপিকা ,সিহঁতৰ ঘৰত আহিছিলোঁ।গিৰিয়েকক এল আই চি পলিচি এটা দিব আহিছো। : মই বিয়া পাতিছিলোঁ? কোন? জোনালী? আইমনি?ত'ৰা? :হেল্ল' হেল্ল' ,আৰে নেটৱৰ্ক টো নেপায়েই ।তই যে বিয়া পাতিছিলি,তই যে বিয়া পাতিছিলি…হেল্ল' হেল্ল'… : আব্বে ক' শুনিছো। কি মই বিয়া পাতছিলোঁ? : তই যে বিয়া পাতিছিলি ছোৱালীজনী সিহঁতৰ ঘৰৰ কলৰ তলত মই।হেল্ল' শুনিছানে? তই যে বিয়া পাতিছিলি…হেল্ল' তই যে বিয়া… দীপুৰ নেটৱৰ্কৰ লগতে বেলেঞ্চো গ'ল।লাউড স্পীকাৰ অন হৈ আছিল। দীপুয়ে জোৰ জোৰকৈ কৈ থকা কথা খিনি শুনি একেটা কোঠাতে আমনজিমনকৈ বহি আছিল মোৰ লগত যোৰহাট কোৰ্টৰ চাৰিওফালে তিনিদিন আঠপাক মান ঘূৰি বগা কাগজত চঁহী কৰা ছোৱালীজনী। একো নক'লে যদিও মনত কিবা এটা থাকি গ'ল।দীপু বাচিল।ময়ো বাচিলোঁ। এই বাৰ ঘৰলৈ যাওঁতে আমি দুয়ো মামাহঁতৰ ঘৰলৈ গ'লো।মামাৰ ছোৱালীজনীয়ে অতীতৰ কাহিনীবোৰ কৈ অকৎস্মাতে মনত পেলালে: :আচ্ছা তই যে বিয়া পাতিছিলি ছোৱালীজনী নাম কি আছিল? :আৰে মই তো বহুতকে বিয়া পাতিছিলোঁ।কোনজনী? :সেই যে ঢেকীশালত আমি যে নাৰিকলৰ কোৰোকাৰে,মই যে তোৰ মাক,তাই তোৰ কইনা হৈছিল,কি নাম আছিল? :তুলিকা? : অহহ তুলিকা।তাইক সিদিনা মঙলদৈৰ মাছৰ বজাৰত লগ পাইছিলো জানা।তোৰলৈ ঘপংকৈ মনত পৰিছিল।কি যে দিনবোৰ আছিল।কইনা দৰা খেলাৰ। বহু সময়ৰে পৰে একে ধ্যানে চকু নজপোৱাকৈ আমাৰ ওচৰতে বহি নিৰৱে শুনি থকা মহিলাজনীৰ মুখত হাঁহি বিৰিঙি উঠিল। দীঘলকৈ উশাহ এটা লৈ হাঁহি হাঁহি,"তুমি মোৰ আগতে কেইজনীক বিয়া পাতিছিলা হে?"

No comments:

Post a Comment