Friday, 2 June 2017
লেম:
লেম:
টেবুল লেম মোৰ বৰ প্ৰিয়।বিশেষকৈ টেবুল লেমৰ চিমনিৰে ওলোৱা ধোঁৱাৰ গোন্ধটো! সৰুতে, গধুলি মায়ে চাফ চিকুণ কৰি জ্বলাই দিয়াৰ পাছত লেমৰ চিমনিৰ ওপৰেৰে ওলোৱা গোন্ধটোৰ আমেজ সদায়েই লৈছিলোঁ।আজি বহু বছৰেই হ'ল সেই গোন্ধটো নোপোৱা।সেই গোন্ধটোৱেই খন্তেকতে মোক সুদুৰ অতীতলৈ লৈ যোৱাটো নিশ্চিত।
চিঞৰি চিঞৰি মূখস্থ কৰা,
" নিচিনো তোমাক ক'ত আছা প্ৰভু…।"
গধুলি হলধৰ খুড়াই চোতালৰ একাষে জ্বলোৱা উমি উমি জ্বলি থকা জগাটোৰ ধোঁৱা, তাৰ কিছু সময় আগত বা পাছত গোসাই ঘৰৰ পৰা পদূলিলৈ বিয়পি থকা সেই ধূনাৰ গোন্ধটো…। এবাটি গাখীৰ দিয়া চাহ ,কলপাতেৰে বিয়পি যোৱা গুৰ!
এই টেবুল লেমৰ গোন্ধটোৰ লগতেই মনৰ কোনোবা এটা কোণাত হাজাৰ স্মৃতি লুকাই আছে। পঢ়ি পঢ়ি টোপনি আহিলে এই লেমটোৰে মহ মৰাতোও এটা বৰ আমোদজনক কাম আছিল।দেৱালত পৰি থকা মহ বোৰৰ তলত চিমনিটো লাহেকৈ লগাই দিলে চিমনিৰ তাপত মহবোৰে 'চেনেট' কৈ শব্দ কৰি চিমনিৰ ভিতৰত বাগৰি পৰা,তাৰ পাছত পাছদিনা ৰাতিপুৱা এটা এটাকৈ হিচাপ কৰি সগৌৰৱেৰে দীপুহঁতক কোৱা ,"যোৱা কালি মই বাৰটা মাৰিলোঁ,তহঁতে?"
কেতিয়াৱা আকৌ ডাঙৰ পৰুৱা বা বৰল ক'ৰবাৰ পৰা উৰি উৰি চিমনিৰ ভিতৰত ফচিলে কি যে আনন্দ! পঢ়া শুনা একাষে কৰি থৈ লাগি যাও সেইটোৰ পাছত।কেনেবাকৈ ওলালেও আধা জ্বলা সেই পৰুৱাটোক বিচাৰি চালাথ কৰোঁ। তাৰ পাছত কম্পাচৰ কটাৰে চেপি আকৌ চিমনিৰ ভিতৰত ভৰাই দি মধুৰ আমেজ লও!
এই কেইদিন অকনমান গৰম পৰিছে।যোৱা বছৰৰ মহ মৰা ৰেকেট খন বেয়া হৈ যোৱাত সিদিনা আকৌ এখন আনিলোঁ। এই খন হাতত লৈ উধাই মুধাই ঘুৰালেও ক'ৰবাত কেনেবাকৈ সৰু মহ বা মাখি এটা লাগিলেই "চেনেট চেনেট" ,একেবাৰেই স্বৰ্গগামী হৈ যায়। এই খনেৰেই বিশেষ আনন্দ পোৱা যায় যদিও সেই লেমৰ দৰে নহয়।লেমত পোৱা সেই মধুৰ গোন্ধটো এইখনত নেপায়।
মন যায় এই বেলিও ঘৰলৈ গ'লে পুনৰ মহ মাৰিবলৈ।পুনৰ সগৌৰৱেৰে "মই দহটা মাৰিলোঁ তই কেইটা"।
পিছে আজিকালি সেই লেমবোৰ নোহোৱা হ'ল।
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment