“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

দান,সোঁহাত ,বাওঁহাত আৰু ঢোলঃ

দান,সোঁহাত ,বাওঁহাত আৰু ঢোলঃ মানুহক দান কৰিলে হেনো সোঁহাতে কি দিলে সেইয়া বাওঁহাতক জানিবলৈ দিব নেলাগে।গুপুতে দান কৰি ঢোল নোকোবাই মনে মনে আত্মশান্তি লাভ কৰাজনেই হেনো আচল দানী।ঈশ্বৰে চায়।প্ৰতিদানো দিয়ে এনেবোৰক!বিশ্বাস কৰোঁ । ১) লগৰ এজনৰ মাকক তেজ দিবলৈ বন্ধু কেইজন মান গোটাই হস্পিটেললৈ লৈ গ'লো।মাক অপাৰেচন থিয়েটাৰত। দুজনে দিলে।শেষৰ জনৰ পাল।মোক মোবাইলটো ধৰাই দি কৈছে "ফ'টো ল"। হস্পিটেলত তেনেকৈ ফ'টো ল'বলৈ ভাল লগা নাছিল যদিও মই নিজে মাতি অনাৰ কাৰণে ল'ব লগাত পৰিলোঁ।এখন ল'লো,তাৰ সন্তুষ্টি নহ'ল।বেলেগ এখন লাগে।ল'লো।এইখনত হেনো তেজ দিয়া হাতখন অহা নাই।উপায়হীন হৈ আকৌ এখন…।ইফালে মাকক লৈ বন্ধুৰ লৰা-ধপৰা লগাত ফ'টো চটো বাদ দি ওচৰলৈ গ'লো। অপাৰেচন হ'ল।সকলো ভালে ভালে গ'ল। সন্ধিয়া ফেচবুক খুলি চালো ফ'টো তোলাজনে ফ'টো কেইখন পোষ্ট কৰি তলত লিখিছে "আজি ৰক্তদান কৰিলোঁ বন্ধু অমুকৰ মাকক ।ৰক্তদান মহান দান।" তলত এহেজাৰ লাইক,কমেণ্ট।বাকী তেজ দিবলৈ যোৱা কেইজনৰ এজনে লিখিছে " ইয়ৰ ম'ম,মাই ম'ম,অৱাৰ ম'ম,অল আৰ ম'ম। মাকক তেজ দিয়তো পুতেকৰ কৰ্তব্য।" বেলেগ এজনে লিখিছে,"চালে ধিন্ধোৰা পিটনে কা ক্যা জৰুৰট থা?" পোষ্টটো পঢ়ি কিবা এটা ভাল নেলাগিল।ফেচবুকত দি মানুহৰ প্ৰশংসা লাইক,কমেণ্ট ল'বৰ বাবেহে ফ'টোখন লৈছিলে।এচামে এইটো বৰকৈ কৰে।পিছে তেজ লোৱাজনে দেখিলে কেনে অনুভৱ কৰিব সেইটো ভাবি নেচায়। ২) পুৰণা বন্ধু।দিল্লীলৈ আহি মোৰ ৰুমতে এসপ্তাহ থাকিলে।সি চাকৰি কৰে।মই নকৰো,পঢ়ো।এদিন ওচৰৰ বজাৰলৈ দুয়ো যোৱাত সি কিবা কিবি কাপোৰ ল'লে।বগা ২০০ টকীয়া "ট্ৰি চাৰ্ট" এটা লৈ মোক ক'লে,"এইটো ল"। ল'লো।কিবা এটা ভাল লাগিল।যিমান হ'লেও গিফ্ট। সময় বাগৰিল।তাৰ হ'বলগীয়া ঘৈনিয়েকক মোৰ ওচৰলৈ লৈ আনি এদিন কথাই কথাই ক'লে,ইয়াক মই আগতে বহুতো 'হেল্প' কৰিছিলোঁ।কাপোৰ চাপোৰো দিছিলোঁ। কথাটো পাতলকৈ ক'লে।ময়ো পাতলকৈ হাঁহি এটা মাৰি কথা সামৰিলোঁ যদিও কথাটো গভীৰভাৱে মনত থাকি গ'ল।আজি কালি কোনোৱাই তেনেকৈ মৰমতে গিফট চিফট দিব বিচাৰিলে সেই কথাটোৱেই বাবে বাবে আমনি কৰে।কিজানি কিবা প্ৰতিদান বিচাৰে,কিজানি ঠিক তেনেকৈয়ে কেতিয়াবা বাক্যৰ বাণ মাৰি বাঃ বাঃ ল'বলৈ সুযোগ বিচাৰে "ইয়াক মই কাপোৰ চাপোৰ দিছিলোঁ…" পিছে সকলো তেনেকুৱা নহয়। মানুহক পাৰিলে সহায় কৰি ভাল পাও। সহায় কৰি ঢোল কোবাবলৈ,বা চেলফী লৈ মানুহৰ বাঃ বাঃ লোৱাতো একেবাৰে বেয়া পাওঁ।সিদিনা দিল্লী ডেকা পুলিচ বন্ধু এজনে কথা এটা কৈ তাৰ প্ৰতি থকা শ্ৰদ্ধা দুগুনেই বঢ়ালে।সি আমি নজনাকৈ দুজনীকৈ ছোৱালী এড'প্ত কৰিছে।চয় বছৰ হ'ল অথচ আমি সিদিনাহে গম পালোঁ।আমিবোৰে হ'লে কিমান ঢোল কোবাই বাঃ বাঃ ল'লো হয়। মই যেন এজন মানুহ হে দেখিলো এনে অনুভৱ হ'ল। মানুহক সহায় কৰক।প্ৰতিদান নিবিচাৰিব।বিচাৰিলে কেতিয়াবা পাব কিন্তু তাৰ বিনিময়ত প্ৰতিদানৰ আশাত দুগুন কষ্টহে পাব। নিজে প্ৰতিদানৰ আশাত বহুবাৰ বহু কেইজনক সহায় কৰি পাছত প্ৰতিদান নোপোৱাত বহুত মনোকষ্ট পাইছো।এই ক্ষেত্ৰত ভুল মোৰ মানসিকতাতহে আছিল। মানুহৰ স্বভাব,সহায় কৰে সহায় পাবলৈ।ঠিক তেনেদৰে সহায় পাই পাঁহৰি যোৱাটোও মানুহৰে স্বভাৱ।এই ক্ষেত্ৰত প্ৰতিদান বিচাৰি সহায় কৰা জনে উজুটি খোৱাটো নিশ্চিত। ভিক্ষাৰীবোৰক আমি দান কৰোঁ।প্ৰতিদান নিবিচাৰো বা লোৱাৰ মানসিকতাও নাই।ভিক্ষাৰীবোৰে প্ৰতিদান হিচাপে আমাক মনোকষ্ট নিদিয়ে অথচ আনন্দহে দিয়ে।গতিকে দান কৰা বা সহায় কৰাৰ ধাৰণাটো এনেকুৱা হ'লে আঘাত পোৱা নাযায়। তথাপি দেখোন গুপুৰে দান কৰি নিৰৱে থকা সকলহে মোৰ আদৰ্শৰ ।তেওঁলোকৰ প্ৰতিহে শ্ৰদ্ধা আৰু ভাল পোৱা হৃদয়ৰ কোনোৱা খিনিত ঠাহ খাই আছে।চেষ্টা কৰো তেওঁলোকৰ আদৰ্শৰ খোজত খোজ মিলাই চলিবলৈ…।

No comments:

Post a Comment