“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

ভেকুলী:

ভেকুলী: (বতৰৰ ফল…) আজি ক'তো হুঁচৰিৰ প্ৰ'গেম নাই।গতিকে পাতল বিচনা চাঁদৰখন মেৰিয়াই নিচিন্তে শুই আছো।বতৰটো ডাঁৱৰীয়া।মাজে-মাজে ঢেৰেকণি,গিৰগিৰণি। লাহেকৈ খিড়িকী খন মেলি চাই একো নেদেখিলোঁ যদিও সাউৎকৈ ক'ৰবাৰ পৰা দুটোপালমান বৰষুণৰ পানী আহিহে মোৰ মুখত পৰিলহি।মাজে মাজে জোনাকী পৰুৱাবোৰে পোহৰ বিলাই বিলাই অহা যোৱা কৰি আছে।ওচৰৰ পথাৰ খনত ভেকুলীবোৰে বৰকৈ টোৰটোৰাইছে ।মাজে মাজে মায়ে ৰান্ধনি ঘৰৰ পৰা ওলাই আহি ভৰিখনৰ খবৰ লৈছে।নেহৰু দিয়া গৰম তেল খিনিৰে দুই এবাৰ মালিচো কৰি আকৌ গুচি গৈছে।যোৱা কালি হুঁচৰিত গাই থাকোঁতে নিপেনৰ ভৰিৰ গচকত মোৰ ধূতিখন প্ৰায়ে সোলকি গৈছিল।মানুহৰ মাজত ধূতিখন বচাবলৈ যাওঁতে পিচল চোতালত মোৰ ভৰিয়ে পিচল খাই মোচোকা খাইছিল।তেতিয়া একো হোৱা নাছিল যদিও এতিয়াহে বিষটো অনুভৱ কৰিছো। জেঠৰ মাহ ওচৰ হ'ল।মানুহবোৰ ভাগৰি গৈছে।আজি সকলোৱে 'ৰেষ্ট' ল'ব। দীপুৱে পদূলিমুখৰ পৰা চিঞৰিছে।তাৰ টৰ্চ লাইটৰ পোহৰ প্ৰচণ্ড গতিবেগেত মেলি থোৱা খিড়িকীখনেৰে আহি মোৰ মোচোকাখোৱা ভৰি খনত পৰিছেহি। সি নিপেনক ক'লে ,"চা চা বেটাই একদম ভৰি-চৰি ওপৰ কৰি শুই আছে।একেবাৰে লেঙেৰা হৈ গ'ল চাগে।" দুয়ো আহি মোৰ কোঠা পালে।নিপেনে ক'লে,"কিহে লেঙেৰা নোযোৱা নেকি?" দীপুৱে ক'লে "ইয়াক দাঙি লৈয়ে যাও বলা" দুয়োয়ে খূউব জোৰ কৰিলে যদিও অৱশেষত ভৰিখনৰ অৱস্থাটো চাই মান্তি হৈ গ'ল। সিহঁতে ৰান্ধি বাঢ়িহে মোক নিবলৈ আহিব। দুয়ো গ'ল।যোৱাৰ সময়ত মোৰ কোঠাৰ কাঠৰ খুটাটোৰ একাষে থকা "জোং" ডালো লৈ গ'ল। বৰষুণজাক আহো আহো কৰিও অহা নাই।কথাবোৰ ভাৱি ভাৱিয়ে মোৰ প্ৰায়ে টোপনি অহা যেনেই হৈছিল।আমি তিনিও নলে-গলে লগা বন্ধু।তিনিও মিলি ক'ৰবালৈ গ'লে স্বয়ং যমো পলায়। ঢেকীয়া বিচাৰিবলৈ গৈ আমি ফেঁটীসাপ ধৰো,কেঁকুৰাৰ গাতত হাত ভৰাই পুঠি,খলিহনা বিচাৰি আনো।আমি যেন নিজেই "যম কাল"। মোৰ নকীয়া ১১০০ মডেলৰ মোবাইলটো বাজি বাজি নুমাই যোৱাৰ দৰে হৈছে।বেটেৰী নাই।এই কেইদিন বৰষুণৰ বাবে গাঁৱত লাইট নাই। চকু কেইটা মোহাৰি মোবাইলটো চাই দেখিলো দুটা মিছ কল। মেলি থোৱা খিড়িকীখনেৰে ম'হবোৰ আহি আহি ভোজখোৱাৰ দৰে মোক লগে ভাগে খাই গ'ল হি।দীপুৱে চিঞৰি থকাত মায়ে ক'লেহি।নোযোৱা দেখি সিহঁত দুটা নিজে আহিল লৈ গ'ল। মই অলপ গহীন হৈ শুধিলোঁ ,"আজি কেইটা পালি?" দীপুৰ উত্তৰ,"তোৰ পাতত পৰিবহে লাগে,টেনচন কিহৰ বে " নিপেনে লাহেকৈ ক'লে,"আজি বল্লে বল্লে,পোন্ধৰটা এতিয়াও বান্ধি থোৱা আছে।" সংঘটোৰ ভিতৰত আমাৰ ৰন্ধা-বঢ়া কামটো হয়। চাৰি বছৰ আগতে সজোৱা সংঘৰ ঘৰটোৰ বেৰবোৰ প্ৰায়ে জহি খহি গৈছে।চাইন বৰ্ডখনৰ আখৰবোৰো শুকান কাগজৰ দৰে শুকাই শুকাই ফাটি ফাটি এৰাই গৈছে যদিও "বননগৰী" শব্দটো কেনেবাকৈ আছেগৈ।আগফালৰ বেৰখনৰ চোঁচবোৰৰ এফাল নাই।বৰষূণ দিলে ছাগলীৰ পোৱালী,দামুৰী এইবোৰ সোমাই মলমুত্ৰ ত্যাগ কৰে।সৰুৰে আমি এই সংঘটোৰ ভিতৰত থকা বালিৰে বালিঘৰ সাজি সাজি কইণা দ'ৰা খেলিছিলোঁ,আজিকালি কোনোৱেও নকৰে।মাজে-মাজে আমিহে "খানা চানা" খাওঁ। এই কেইদিন ঘৰটোৰ ভিতৰ খন প্ৰায়ে পৰিস্কাৰ কৰি ৰখা হৈছে। ঘৰটোৰ একাষে পুৰণা সৰু কেৰাহী এটা,ডিঙিত ৰচিৰে বন্ধা সৰু বটল এটাত অলপ সৰিয়হৰ তেল,বেৰৰ ওলোমাই থোৱা পলিথিন কেইটাত অলপ মচলা,জিৰা,জালুক,পাঁচফোৰণ…। লগৰ জয়ন্তই ধুনীয়াকৈ সৰু সৰু কেইটামান কল পটুৱাৰ দোনা সজাই কাষৰ পুখুৰীটোত ধুই মেলি আগবাঢ়ি আহিছে। "ইয়াক এটা দে" - নিপেনে তাৰ হাতৰ পৰা এটা দোনা লৈ মোক দিলে। পুতুলে কেৰাহীটিৰ পৰা মচমচীয়াকৈ ভজা ঠেং কেইখনমান মোক দিলে।"ল টেষ্ট ক'ৰ"- বাকীবোৰে ভাজি থাকোঁতেই আধা খালে।তইহে বাকী আছিলি।" মচমচীয়াকৈ ভজা ঠেং এখন মুখত সোমাই চোৱাই থাকোঁতে দীপুৱে পাতৰ পৰা চাই চিতি মচমচীয়া এখন লৈ ল'লে।"বেটা শকত হৈ গৈছে,চাচোন চা তাক,আজি বেছিখিনি সিয়েই খালে।আমি নোৱাৰিলোয়েই,আমুৱাই গ'ল।"-জয়ন্তই ক'লে। মোৰ ফালে চাই দীপুৱে ক'লে ,"খা বে,চিন্তা নকৰিবি,আৰু পোন্ধৰটা বান্ধি থোৱা আছে।" মজিয়াত ঠেঙত সৰু সৰু ৰচি লগাই বান্ধি থোৱা ভেকুলী কেইটাই জপিয়াবলৈ চেষ্টা কৰি আছে।এটা কেনেবাকৈ জপিয়াই গৈ দোনা এটাত পৰিলগৈ।টৰ্চ মাৰি চোৱাত সি প্ৰায় নিৰৱে মোৰলৈ চকু কেইটা তলতলকৈ মেলি চাই আছে,মাজে মাজে দুই এবাৰ চকুৰ টিপো মাৰিছে।তাক দেখি মৰম লাগিছিল যদিও উপায় নাই।হয়তো মোৰ হাতত থকা মচমচীয়া ঠেংখনৰ দৰে তাৰ মঙহ হাল ঠেংখনো কাইলে মোৰ পাতত পৰিবহি। আমাৰ ওচৰৰ ৰাস্তাৰে মিনতি আৰু হলধৰ খুড়া গাঁৱবুঢ়াৰ ঘৰলৈ গৈছে।মিনতিয়ে চিঞৰিছে,"অই তহঁতে আজিও ভেকুলী খাইছ' মই নেনাচো দিয়া কাইলে পৰা।চি কটা কেইটা" দীপুৱে ঠেংখন চোৱাই চোৱাই , "মিনতি খুড়াক লৈ আহি যা, এইয়া ভেকুলীৰ ঠেং খোৱাৰ বতৰ" মিনতি গুচি গৈছিল।ঠেংখনো চোবোৱা শেষ হৈ গৈছিল যদিও দোনাৰ ভিতৰত থকা ভেকুলীটোৱে নিৰৱে মোৰলৈ তেতিয়াও চায়েই আছিল। আজি কেইবা বছৰো হ'ল।ভেকুলীখোৱা বতৰবোৰো গ'ল যদিও নাজানো কেলে আজিও সেই নিষ্পাপ ভেকুলীটোৰ নিৰৱ চাৱনিটো দেখোন বুকুতেই ৰ'ল। এক স্মৃতি হৈ মনত কোনোবা এটা কোঠাত…।

No comments:

Post a Comment