Friday, 2 June 2017
ফেঁহু:
ফেঁহু:
আঘোণী বুঢ়ীৰ ছাগলী এপাল।বুঢ়ীয়ে প্ৰায়ে ছাগলীবোৰ মুকলিকৈ এৰি থৈ দিয়ে।ডাঙৰ খাহী দুটাই লোকৰ শাকনি বাৰীৰ ভেন্দি,বিলাহী,লাইশাক,পালেংশাক, ৰঙালাওৰ আগ এইবোৰ চহাই চহাই একদম তজবজীয়া হৈ গৈছে।যোৱা বাৰ মাঘত সিহঁতক কিনিবলৈ কিমান যে গ্ৰাহকৰ ভিৰ লাগিছিল।পিছে বুঢ়ীয়ে নিদিলে।কেনেকৈনো দিব? চকুৰ আগতে লহপহকৈ ডাঙৰ হোৱা পোৱালী কেইটাক কেনেকৈ বাৰু মাঘৰ বিহুৰ "খাহী" হ'বলৈ দিব।যিমান হ'লেও নোৱাৰে ।কিয়নো আঘোণী বুঢ়ীও এজনী "মা"।গৰু-ছাগলী,হাঁহ,কুকুৰা,পাৰ এইবোৰক বুঢ়ীয়ে নিজৰ সন্তান বুলিয়েই মৰম কৰে।সেইকাৰণে হয়তো বেলেগৰ ঘৰলৈ আহি যোৰ পতা পাৰ চৰাই কেইজনীক লৈও মাজে সময়ে হোৱা কন্দলবোৰ প্ৰায়ে শুনা যায়।বুঢ়ীয়ে সহজতে এৰি নিদিয়ে। জীৱ জন্তুৰ প্ৰতি এই মোহ টো বৰ বেলেগ ধৰণৰ। সিদিনা আকৌ হলধৰ ৰ বাৰীৰ নতুনকৈ গজালি মেলা পান কেইজোপা খাই পেলোৱাত বৰ কন্দল খন হৈছিল। নহ'বনো কিয়? বুঢ়ীয়ে হাঁহৰ কণী মূৰ্গীৰ কণী ,গৰুৰ গাখীৰ বেচি নিজৰ পেটটো পোহাৰ দৰে হলধৰৰো সেই বাৰীৰ পান-তামোল নাৰিকল এইবোৰেই সম্পদ।সেইবোৰ বেছিয়েই জীৱিকা চলে। গতিকে চীন ভাৰতৰ যুদ্ধখন নোহোৱাৰ কাৰণটো
নাথাকে।লাগিবই দুয়োৰ কাৰণে ছাগলী,পান এইবোৰেই বুকুৰ ধন। হলধৰৰ এটাই কথা বুঢ়ীয়ে লোকৰ ঘৰে-ঘৰে এতিয়াও সৰু সুৰা কাম কৰি পেটটো চলোৱাতকৈ সেইবোৰ নেবেচেনো কিয়? ছাগলীবোৰক মুকলিকৈ এৰি দি লোকৰ গালি শপনি খোৱাতকৈ বেছি দিয়াটোৱেই দেখোন উত্তম।পিছে বুঢ়ীয়ে সিহঁতক মাৰি খাব বুলি কেতিয়াও নেবেছে।
একালত এই আঘোণী বুঢ়ীৰ ঘৰত বাৰু কি নাছিল? তিনিজনকৈ কাণ সমনীয়া ল'ৰা,চাৰিটাকৈ ধানৰ ভঁড়াল।অজস্ৰ মাটী সম্পতি।মানুহে সিহঁতক সদাগৰ বুলিয়েই নাম দিছিল।গোটেই গাওঁখনত দপদপাই থকা সিহঁতৰ প্ৰভুত্ব বেলেগ গাঁৱলৈকেও পৰিছিল।মানুহে সহায় বিচাৰি সিহঁতক ওচৰলৈ আহিছিল,সহায়ো কৰিছিল। আঘোণী বুঢ়ীৰ স্বামী "লাওমুৰা" বুঢ়াৰ হুকাৰ চিলিম লগাই দিয়া লগুৱা নৰেশ্বৰক হেনো বুঢ়াই উপহাৰ হিচাপে সাতবিঘা দ' মাটী দিছিল। সেই মাটীৰ ধান বেছিয়েই আজিও নৰেশ্বৰৰ পৰিয়ালটো ধুনীয়াকৈ চলে।মাজে-সময়ে আকৌ আঘোণী বুঢ়ীক নৰেশ্বৰৰ বোৱাৰীয়েক জোনালীয়ে চাউল বাচিবলৈ মাতে। খাবলৈও দিয়ে।আমাৰ ঘৰলৈকে আহিলে খাবলৈ দি দুসাজৰ চাউলো দি পঠিয়াও।যিমান হ'লেও আগতে বহুত মৰম কৰিছিল নহয়।বেয়াও লাগে। "অতিদৰ্পে হত লংকা"- মানুহে কয়। আঘোণী বুঢ়ীৰ ঘৰখনো পাছত পুতেকহঁতৰ কাণ্ড কাৰখানা বোৰৰ কাৰণে এদিন জহিখহি গ'ল। চৰকাৰে দিয়া সৰু ঘৰটোত বুঢ়ী অকলশৰে থাকে।তজবজীয়া খাহী দুটাই বুঢ়ীক পহৰা দিয়ে। বুঢ়ীয়ে আধা ৰাতিৰলৈকে জুইৰ কাষত বহি সিহঁতৰ কান্ধত হাত থৈয়ে প্ৰায়ে কথা পাতে।সিঁহতক নিজৰ বেদনাবোৰ কয়।পুতেকহঁতৰ কথা,এৰি অহা দিনবোৰৰ কথা…।ছাগলী দুটাই নিৰৱে ঘাঁহৰ পাগ লৈ লৈ বুঢ়ীত কথা শুনে…।
যোৱাকালি আঘোণী বুঢ়ীৰ পাখৰীজনীয়ে দুটাকৈ পোৱালী দিলে।বুঢ়ীয়ে ফেঁহু বনাবলৈ বাঁহ বিচাৰি হলধৰৰ ওচৰলৈ আহিছিল।আমাৰ বাবুয়ে হলধৰ ককাকৰ লগত ফেহু খাবলৈ বুঢ়ীৰ ঘৰলৈ যোৱাত সেই তজবজীয়া খাহী দুটাক কিবা কৈছিল নেকি? নে জোকাইছিল? যিটোহে খেদিলে।সি পাগলৰ দৰে চিঞৰ বাখৰ কৰি একদম মাকৰ ওচৰ পালেহি।
ভয়তে গধুলিলৈ জ্বৰো উঠিল।
তাক কোচত লৈয়ে মায়ে কাহিনীবোৰ কৈ আহিল।ভতিজাজনে নিৰৱে শুনিছে।ময়ো নিজ চকুৰে দেখা কথাবোৰ পুনত মাৰ মুখৰ পৰা সাধু কথাৰ দৰে শুনি শুনি কেতিয়া এঘণ্টা পাৰ হ'ল ধৰিবই নোৱাৰিলোঁ।
ফোনটো ৰাখিলো যদিও মুখখন কিবা ফেহু ফেহু লাগি থাকিল। কিছু সময়ৰ কাৰণে ময়ো যেন বুঢ়ীৰ দৰে অকলে অকলে নিজৰ লগতহে কথা পাতিছো। মোৰ হাতৰ কলপাতখনত আঘোণী বুঢ়ীয়ে দিয়া ফেঁহুৰ ডাঙৰ ডাঙৰ টুকুৰা কেইটা চুবাই চুবাই মই যেন দীপুক কৈছো "দীপু মোৰ পাতত ডাঙৰ টুকুৰা পৰিছে,তোৰ পাতত??"
L
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment