“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

তামোল:

তামোল: হলধৰ খুড়াই আজিকালি ফেইচবুক কৰে। যোৱা বছৰ বাৰীৰ নাৰিকল তামোল বেছি পোৱা পইচা খিনিৰে এনড্ৰ'ইড মোবাইল এটা লৈছিল। সেইটোতেই দীপুৱে হেনো দুমাহ আগতে একাউণ্ট এটা খুলি দিছে। সৌ সিদিনা আকৌ নতুনকৈ হোৱাটছএপ টোৰ ব্যৱহাৰ জানি কিমান যে সুখী হৈছিল। মোৰলৈ মাজে-মাজে নিজৰ বাৰীখনৰ ,তামোল-পাণ বোৰৰ,নাৰিকলবোৰৰ ফ'টো পঠিয়াই তলত লিখে,"চা সৰুতে তই বগোৱা তামোলজোপা ,কিমান ডাঙৰ হ'লগৈ।তোৰ জন্মৰ চয়বছৰ আগতে সেইজোপা লগাইছিলোঁ।তই সেইজোপাত বগাই এবাৰ পিছলি পৰিছিলি। মই দাঙি বৌৰ ওচৰলৈ লৈ গৈছিলোঁ। বৌৰ উত্তম-মধ্যম তোৰ পিঠিত পৰিছিল।মই ৰক্ষা কৰিছিলোঁ। সেইজোপাৰ তলত গ'লে তহঁতলৈ বৰকৈ মনত পৰে অ"। দীপুও কম নাছিল।সিও এটা বিষৰ গুটিয়েই আছিল"।- খুড়াই মনৰ কথাবোৰ হোৱাটছঅপতেই লিখে। আজিকালি খুড়াই ফেইচবুকত কাৰোৱাক মেচজ দিব লগা হ'লে 'টাইমলাইন'ত নিলিখি 'ইনবক্স'ত লিখিবলৈ শিকিছে । বন্ধু বান্ধৱীৰ সংখ্যাও হেনো ১০জনৰ পৰা গৈ ১১৪ জন হ'ল গৈ। সৌ সিদিনা ফোন কৰাত বান্ধৱী এজনীৰ কথা ক'লে। নতুনকৈ বন্ধুত্ব কৰিছে। দেৰগাৱঁৰ। ছোৱালীজনী হেনো খূউব মৰমীয়াল।খুড়াৰ প্ৰতিটো মেছেজৰ উত্তৰ দিয়ে। বেমাৰ আজাৰৰ খবৰ লয়।সিদিনা বুকুখন বিষাই থকাত তাই হেনো ঘনে-ঘনে মেছেজ দি খুড়াৰ খা-খবৰ লৈ আছিল। খুড়াৰ নেট পেক শেষ হোৱাত পাছতহে মেছেজবোৰ পালে। খুড়াই দীঘলকৈ উশাটো লৈ মোক কয়,"বোপা যোৰহাট গ'লে এবাৰ ছোৱালীজনীৰ ঘৰলৈ যাবিছোন। খূউব ভাল ছোৱালী। দেউতাক নাই কাৰণে মোৰলৈ বৰ মৰম তাইৰ।মোৰো কিবা নিজৰ ছোৱালীৰ দৰেই লাগে। ল'ৰা এজন থকা হ'লে নিজৰ বোৱাৰী কৰিয়েই আনিলো হয়। পিছে ভাগ্যতেই নাই।"ঈশ্বৰে তাইক মঙ্গল কৰক,ভাল হওঁক।" যোৱাকালি খুড়াৰ মিছকল। আজিকালি খুড়াৰ গাটোও ভাল নহয়। ফোন কৰিলোঁ। খুড়াৰ মনটো বেয়া। বতাহ ধুমুহাত বাৰীখনৰ কেইবাজোপা তামোল বাগৰি পৰিছে।বছৰৰ বহুখিনি 'ইনকাম' এই তামোল কেইজোপাই দি আহিছে। খুড়াই হোৱাটচএপত বাগৰি থকা তামোল এজোপাৰ ফ'টো দি কৈছে," চাচোন চা তহঁতৰ শৈশৱৰ লগৰী সেই গছজোপাও বাগৰি পৰিছে। সেই জোপাৰ ঢকুৱাত বহি দীপু আৰু তই কিমান যে খেলিছিলি। মাজে-মাজে ময়ো তহঁতক বহুৱাই টানিছিলোঁ। নিলে বুইচ,বতাহে নিলে। " খুড়া প্ৰায় আৱেগিক হৈ গৈছিল। আগৰ মানুহ। গছ -গছনিৰ প্ৰতি বৰ মৰম।নিজৰ ল'ৰা ছোৱালী নাই বাবে এইবোৰকেই নিজৰ বুলি ভাৱে। আদৰ কৰে,মৰম কৰে। বাগৰি পৰা তামোলজোপা মোৰ হোৱাটএপত ভুমুকি মাৰিছিল।ডাইনলোড কৰি সেইজোপা জোম কৰি কৰি চাইছিলোঁ। হলধৰ খুড়াৰ বুকুৰ ধন স্বৰূপ সেইজোপা একালত আমাৰ লগৰী আছিল।গছজোপা বাঢ়ি গৈছিল।আমিও ফেৰ মাৰি বাঢ়ি গৈছিলোঁ। গছজোপাই ঢকুৱা দিছিল,তাত বহি আমি খেলিছিলোঁ। ডাঙৰ হোৱাত মুখ ৰঙা কৰি সেইজোপাৰ তামোল খাইছিলোঁ। কিমান যে সোৱাদলগা আছিল সেইজোপা।দিল্লীলৈ আহিলেও সেইজোপাৰেই তামোল লৈ আনিছিলোঁ। কথাষাৰ ভাবি ভাবি মনটো সেমেকিল। ফ'টখন ডাইনলোড হোৱাৰ কথা গম পাই হলধৰ খুড়াই তলত সৰুকৈ লিখিছে,"জানানে সেইজোপাৰ তামোল বেছিয়েই এই হোৱাটছএপ,ফেইচবুক,এনড্ৰ'ইড মোবাইল…। এবাৰ তোৰ ক'লেজৰ ফীজ লগাত সেইজোপাৰ তামোল বেছি পোৱা পইচাখিনিয়েই দেউতাৰে লৈ গৈছিল …" কথাবতৰা শেষ হ'ল যদিও শেষৰ শাৰীটোৱে বুকুত হেচুকি গ'ল ।যেন পৃথিৱীৰ পৰা নিজৰ কোনোৱা আপোনজনহে নোহোৱা হ'ল এনে অনুভৱ হ'ল। (গছ পুলি ৰোৱক নিজৰ লগতে আনকো জীৱাই ৰাখক! ল'ৰাছোৱালী জন্ম হ'লে গছ ৰোৱক,জন্মদিন পালনো গছ পুলিৰেই কৰক।) ©মণ্টু কুমাৰ ডেকা নতুন দিল্লী

No comments:

Post a Comment