“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

চিগাৰেট:

চিগাৰেট: জ্যামিতি বাকচটো মোৰ বুকুৰ ধন স্বৰূপ আছিল। স্কুলত লিচু, জলপাই,আমলখি,বগৰী এইবোৰৰ বেপাৰ খন কৰি পোৱা লাভৰ ধনৰাশি ৰাখিবলৈ সেইটো বিশেষ চন্দুক হিচাপেও ব্যৱহাৰ কৰিছিলোঁ।পইচাবোৰ জ্যামিতি বাকচটোৰ ভিতৰত পাৰি থোৱা সৰু চিঞাহী লগা কাগজখনৰ তলত গোপনে ৰাখিছিলোঁ।মাজে-মাজে সেইটো লৰাই দি ঝুুনুক ঝানাক শব্দটো শুনি কিমান যে আনন্দ পাইছিলোঁ।বাকী কাগজখনৰ ওপৰৰ আছিল চিঞাহীলগা মাটীৰ পেঞ্চিল এডাল বা দুডাল,দুটা নিব কলম,দুডাল প্ৰায় শেষ হওঁ হওঁ হোৱা ৰঙা ৰিফিল।আধা কামোৰা শিলিখা এটা,এটা লিচুৰ গুটি……। দীপুয়ে সাহস দিলে।সি হেনো আনিব পাৰিবই।দোকানী খুড়াই সন্দেহ নকৰে।মাজতে মোমায়েক আহোঁতে সি হেনো এদিন আনি দিছিল।দুই টকাত এক পেকেট দিয়ে।পিছে আমি বিচৰা পাছফালে তুলা থকা বিধ হেনো নাৰাখে।বিড়ী নতুবা চাৰমিনাৰহে ৰাখে।বিড়ী নেখাও।সিদিনা যমুনা বাইৰ বিয়াত ৰাতি কলৰ তলত গৈ জয়ন্তৰ লগত দুডাল খালোঁ।মজা নেলাগিল। দীপুৰ কথাত মৰসাহ কৰি জ্যামিতি বাকচৰ ভিতৰৰ সাচতীয়া ধনৰাশিৰ পৰা কাগজৰ দুই টকাটো উলিয়াই তাৰ হাতত দিলোঁ।সি মাৰ্বল বেচি পোৱা পঞ্চাশ পইচাটোৱে দুই পেকেট দিয়াচলাইও আনিব।যিহেতো সিওঁ খাব। দীপুয়ে দোকানৰ পৰা আনিলে।আঘোণ মাহ।চিগাৰেটৰ পেকেটটো লৈ সোণালী পথাৰ খনৰ মাজত থকাৰ বকুলজোপা পালোগৈ।ধুনীয়া বতাহ।ওচৰত কোনো মানুহো নাই। আজি হলধৰ খুড়াও পথাৰত নাই। গতিকে আমাক আৰু কোনে পায়।দীপুৱে চিগাৰেটৰ পেকেটটো খুলি এডাল মুখত ল'লে,মই দিয়া চলাই জ্বলাই লগাবলৈ চেষ্টা কৰিলোঁ।বকুলৰ ওপৰত বতাহ জাকে নুমুৱাই দিলে।তিনিবাৰ চেষ্টা কৰিলো,নোৱাৰাত সি নিজে দিয়া চলাইটো মাৰি কেনেবাকৈ চিগাৰেটত নলগাই নিজৰ নাকতহে লগাই দিলে। ইতিমধ্যে তাৰ নাকৰ শেগুন লাগি লাগি চিগাৰেটডাল আধাতে সেমেকি গলি যোৱাৰ দৰে হৈ ভাঙি গ'ল।পেলাই দিলে।দ্বিতীয় ডাল চেষ্টা কৰিলে।একেই হ'ল। এটা দিয়াচলাইৰ পেকেট শেষ।সি নোৱাৰিলে।এইবাৰ মোৰ পাল।বতাহ খিনিয়ে গোটেই কাণে- মুখে মেৰিয়াই চুলিবোৰ উৰুৱাই নিছে।চাৰিডাল শেষ,দীপুৱে চাৰিডাল আগতে শেষ কৰি থৈছে।গছৰ পৰা নামি মাটিত বহি চেষ্টা কৰিলোঁ।নোৱাৰিলোঁ।জুইৰ শিখাটো অলপমান জ্বলি লগে লগেই নুমাই যায়।আধা ঘণ্টা চেষ্টা কৰিলোঁ।দিয়া চলাইও শেষ চিগাৰেটো শেষ।নজ্বলিল। চিগাৰেট খোৱা আশা এৰি পকাধানৰ মাজৰ আলিৰে খোজ ল'লো। শৈশৱ গ'ল।হায়াৰ চেকেণ্ডাটিত এদিন এজনে ,"আব্বে মই আছো, বিনদাচ খা,এনেকে টান। ধোঁৱাবোৰ এনেকৈ উৰুৱাই দিয়ে।অলপ ডাঙৰ হ'।হাতীৰ দৰে মষ্ট শৰীৰটো লৈ সৰু হৈ থাকিবিনে?" লাজে-অপমানে দুদিন খালো।প্ৰথম দিনা খাওঁতে খোৱা বস্তু গিলি দিয়াৰ দৰে ধোঁৱাবোৰ বিনদাচ গিলি দিয়াত যিটোহে অৱস্থা হৈছিল। নাকে মুখে চকুৱে ধোঁৱাবোৰ ওলাই আহিছিল।কাঁহি কাঁহি বুকুখন বিষাই গৈছিল।পুনৰ অপমান।" আব্বে অনেকৈ গিলে নেকি? ,চা এনেকৈ আৰাম সে ?" -লগৰ জনে বুজালে। দিনবোৰ পাৰ হ'ল।পঢ়া শুনা শেষ কৰি কৰ্মৰত হলোঁ।অফিচ জইন কৰি এখন নতুন দুনীয়া দেখিলোঁ।ধুনীয়া ধুনীয়া ছোৱালীবোৰে অফিচৰ "স্মকিং য'ন"ত আহি যিটোহে চিগাৰেট হুপে।ধুনীয়াকৈ এখন হাতেৰেই পেকেটৰ পৰা চিগাৰেট ডাল উলিয়াই এখন হাতেৰেই বিশেষ ভংগীমাত জ্বলাই বিন্দাচ ধোঁৱাবোৰ ওপৰলৈ গোলা গোলা কৰি উৰুৱাই দিয়ে।প্ৰথম দিনা দেখি মই "ফিউজ" হৈ যোৱাৰ দৰে হৈছিলোঁ। সেইবোৰ দেখি শুনিয়েই চাৰি বছৰ আগতে এদিন খাবলৈ বৰ মন যোৱাত লুকাই চোৰকৈ ওচৰৰ দোকানখনত গৈ পুতেক থকাত তুলা থকা ডাঙৰ "গল্ড ফ্লেগ" এডাল কিনি জ্বলাবলৈ গৈ তাৰ দহটা মান দিয়া চলাইৰ কাঠী শেষ কৰাত সি খঙতে অগ্নিশৰ্মাটো হৈ যিটোহে শুনালে- "পেহলে চিগাৰেট জ্বলানা চিখ ভাইয়া" দিয়া চলাইটো তাৰ হাতত গুজি চিগাৰেট ডাল মোহাৰি -মোহাৰি লাজে অপমানে ঘৰ পালোগৈ। আজি চাৰি বছৰেই হ'ল পুনৰ চিগাৰেট খোৱা নহ'ল। আগৰলৈ খোৱাও নহ'ব।আজি কালি চিগাৰেট খোৱাবোৰক খুউব উপদেশ দিও নেখাবলৈ।বহুজনে আকৌ এৰিলেও।পিছে নোখোৱাৰ কাৰণটো কি সেইয়া মইহে জানো ??? তথাপি কওঁ, চিগাৰেট টিগাৰেট নেখাবছোন।গাবোৰ বৰ লেতেৰা গোন্ধায় হে…।চিগাৰেট চিগাৰেট!

No comments:

Post a Comment