Friday, 2 June 2017
অচিনাকী পাঠকজন:
অচিনাকী পাঠকজন:
তেখেতৰ ঘৰত গেলামালৰ দোকান আছে।গধুলি গ্ৰাহক আহিছে,চেনি বিচাৰি।জুখি মেলি বান্ধিবলৈ বেৰৰ দীঘল জোঙা গজালটোত ওলোমাই থোৱা ডাঙৰ "স্কুয়েৰ টাইপৰ" কাগজবোৰৰ পৰা এখন টানিছে।এখন ওলাই আহিছে।অলপ ওপৰে ওপৰে চকু ফুৰাই "মা" শব্দটো পাই একাষে থৈ বেলেগ এখন টানি সেইখনত একো নোহোৱাত চেনি খিনি বান্ধি গ্ৰাহকক বিদায় দি আগৰ কাগজখন মনোযোগেৰে পঢ়িছে।তেখেতৰ ঘৰলৈ বাতৰি কাকত নাহে।গতিকে বস্তু বেচিবলৈ কিলো হিচাপত কিনি অনাবোৰকেই আগতে আটি গুৰি মাৰি পঢ়ি শেষ কৰি কিবা ভাল বস্তু পালে কাটি থয়,নতুবা কেতিয়াবা সৰু ডায়েৰীখনত লিখি থয়…।পুৰণা অভ্যাস।দেউতাকে শিকোৱা।
একাষে থোৱা কাগজখিনিত "মা" নামৰ লিখনি এটা আছে।আধা আছে,আধা নাই।আধা পঢ়ি আধাখিনিৰ বাবে ওলোমাই থোৱা কাগজবোৰ নমাই এফালৰ পৰা বিচাৰি চালাথ কৰিলে।এখনত পালে কিন্তু সম্পূৰ্ণ নহয়।ইমান পৰে গ্ৰাহকবোৰক ৰখাই থৈ বাকীখিনি বিচাৰি আছিল। গ্ৰাহকবোৰক ফটাফট বিদায় দি বাকীখিনি পঢ়ি ,কেচিৰে ধুনীয়াকৈ কাটি ডায়েৰীৰ ভিতৰত থৈ বাকীখিনিৰ বাবে চিধাই তাত লিখা নম্বৰটোত ফোন কৰিলে।পিছে নম্বৰটো আছে নামটোহে নাই।
ফোনটো ৰিং হৈ ৰিচিভ হোৱাত পুনৰ গ্ৰাহকবোৰক ৰখাই থৈ চিধাই ক'লে,
"আপোনাৰ নম্বৰটো পেপাৰত পালো।"মা" লিখাটো পৰি আৱেগিক হৈ গ'লো।আপুনি বেয়া নেপায় যদি শেষৰখিনি ফোনতে ক'বনে?"
তিনি বছৰ আগতে "অসমীয়া খবৰ"ত প্ৰকাশিত লিখাটোৰ শেষৰ খিনি আচলতে পাহৰিছিলোঁ।নামটো শুধিলোঁ। "দীনেশ পাঠক"।ক'লে ,"বেয়া নেপাব মই এজন সাধাৰণ দোকানী মানুহ,সপ্তম শ্ৰেণীৰলৈকে পঢ়া,দোকানত মাল বেচিবলৈ অনা বাতৰিবোৰকেই পঢ়ো…।"
মানুহজনৰ গ্ৰাহকৰ ভিৰটো বেচি হোৱাত আৰু মোৰ আশে-পাশে থকা গাড়ীৰ হৰ্ণবোৰৰ কোলাহলৰ বাবে কাইলে কথা পাতিম বুলি আশ্বাস এটা দি ফোনটো কাটিলে।
আজি পুনৰ কল কৰিলে। বহু সময় কথা পাতিলোঁ।মানুহজন ওডালগুৰিৰ।আমাৰ ঘৰৰ পৰা বিশ মিনিটৰ ৰাস্তা।কথা-বতৰা শেষ হোৱাৰ আগতে নিজৰ পৰিবাৰৰ লগতো চিনাকী কৰাই দিলে।এইবাৰ ঘৰলৈ গ'লে তেওঁলোকৰ ঘৰলৈ যোৱাৰ কাৰণে আগতেই নিমন্ত্ৰণ দিলে।ভাল লাগিল।যোৱাৰ আশা দিলোঁ।নগ'লে হেনো নিজে গাড়ীখন লৈ নিবলৈ আহিব।কি যে মৰমবোৰ !মানুহবোৰ! কেনেকৈ বাৰু নোযোৱাকৈ থাকো? যাম,নিশ্চয়ে যাম। তেওঁক চাবলৈ নিশ্চয়ে যাম। তেওঁৰ পৰা মোৰ বহু কথাই শিকিব লগীয়া আছে। বিশেষকৈ পঢ়িবলৈ শিকিম,এজন ভাল পাঠক হ'বলৈ শিকিম,তেওঁৰ দৰে এজন অসাধাৰণ পাঠকৰ পৰা…।
মনটো বৰ ভাল লাগিল।নাজানো কেলে?? বাতৰি কাকতবোৰে লিখাৰ বিনিময়ত ফুটা কঢ়ি এটা নিদিলেনো কি হ'ব এনে ধৰণৰ মানুহবোৰেই দেখোন সম্পদ! আশা! আনন্দৰ উৎস…।আৰু কি লাগে হে??
(বান্ধৱী সেবিকা হাজৰিকাই কথা খিনি লিখিবলৈ কোৱাত নিলিখি নোৱাৰিলোঁ। লিখিলো মানুহজনৰ প্ৰতি সন্মান জনাই)
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment