Friday, 2 June 2017
খোৱাৰ:
খোৱাৰ:
ঘৰৰ পশ্চিমফালে থকা সৰিয়হৰ খেতিদৰা।নৰাৰে আঁৱৰা ওচৰৰ বৃহৎ খালী পথাৰ খন।সেইখনেই আমাৰ 'এক্সষ্টা এক্টিভিটি' বা নিজৰ 'টেলেণ্ট' দেখুওৱাৰ একমাত্ৰ স্থল।আমাৰ লগত বাঁহৰ দীঘল দীঘল কেইডালমান লৰু।লৰুৰ সৰু সৰু টুকুৰা (টাং) কেইটা…নৰাবোৰ উঘালি উঘালি তৈয়াৰ কৰা এখন ধুনীয়া পিটচ।হয়তো তেতিয়া ক্ৰিকেট নামৰ খেলবিধ আমাৰ মাজত আৱিস্কাৰ হোৱাই নাছিল।হ'বনো ক'ৰ পৰা,চাবলৈ গাঁৱত টি ভি নামৰ অচিনাকী বস্তুটোও থাকিব লাগিব ? ভাত পানী খাই উঠি গৰু চ'ৰাবলৈ যোৱাটো কিমান যে হেপাহৰ কথা আছিল ! গধূলি পঢ়া টেবুলত দাদা আৰু মোৰ গোপন আলোচনা,"অমুকে বেয়া টাং খেলে ৰে তই ন'ৰ'ই দেখোন ,তয়ো মাৰবিচোন কালি,দেখেই দিবি খেলা" ।পাছৰ দিনা হয়তো দাদাই খেলা দেখুৱাই থাকোঁতেই সৰিয়হ ৰখি একাষে বহি থকা মোৰ কপালত টাং পৰি সৰিয়হৰ ফুল সৰিয়হৰ ফুল দেখিছিলোঁ…।
কেতিয়াবা হয়তো কাৰোৱাৰ এৰি দিয়া গৰু ছাগলীবোৰ দলে বলে আহি সৰিয়হ খোৱাত লাগিছিল।মাজে মাজে টাং খেলা এৰি দৌৰি গৈ সিহঁতক খেদাই দিছো।কেতিয়াবা হয়তো বেচি অন্যায় কৰি খেতি নষ্ট কৰিলে গৰু ছাগলীবোৰ খেদি লৈ গৈ খোৱাৰ (পাউণ্ড)ত দি পোৱা দুই এটকাৰে চানাচুৰ ,বা গ্ৰীণ মটৰ কিনি আনি টাং খেলি থকা দাদাক দুই এটা গনি গনি ধাৰে দিছো।
কথাবোৰ মনত পৰে কেতিয়াৱা। হলধৰ খুড়াই গাই এজনী পুহিছে।দামুৰীও এটা আছে।যথেষ্ট গাখীৰ দিয়ে। মাজে মাজে গাখীৰ বেচি চাউল দালি আনে যদিও খুউব দুঃখ প্ৰকাশ কৰে। এইয়া হেনো দামুৰীটোৰ প্ৰতি অন্যায় ।পোৱালীৰ মুখৰ গাখীৰ কাঢ়ি …পিছে উপায় নাই।ঘৰখন নচলে।যোৱাকালি গোটেই দিনটো গাইজনীক খোৱাৰ(পাউণ্ড)ত বান্ধি থোৱাত সন্ধিয়া গৈ বিশ টকা দি মুকলি কৰি আনিলে।দামুৰীটোৱে হেনো দিনটো একোৱেই নেখালে।মাকক নেদেখি দুখে কষ্টে নিৰৱে কেৱল শুইয়েই থাকিলে।অলপ ধেমালি কৰি নজপিয়ালেও… । কাইলৈ গোৱাল নাহে।মানা কৰিলে।
কথাখিনি শুনাৰ পাছত নিজকে বৰ অপৰাধী অপৰাধী যেন লাগিল। সৰুতে আমি খোৱাৰত দি পোৱা দুই এটকাৰে আনন্দৰে চানাচুৰ খোৱা গাইবোৰৰো কিজানি তেনেকুৱা দামুৰী আছিল? সিহঁতেও হয়তো দিনৰে দিনটো হেম্বেলিয়াই পাছত গধূলি মালিকে জৰিমনা দি এৰাই দিয়াত চিধাই ঘৰলৈ দৌৰ মাৰি পোৱালীবোৰক গাখীৰ খোৱাইছিল? হয়তো কোনোৱা এজনে আহি জোৰ কৰি দামুৰীটোক গোহালী ঘৰৰ একাষে থকা সৰু খোৱাৰটোত সোমোৱাই থৈছিল।গায়ে দামুৰীৱে খোৱাৰত সোমোৱাই থোৱা গৃহস্থবোৰে হয়তো মূৰে কপালে হাত দিছিল।হয়তো সিহঁতেও "কাইলৈ গাখীৰ দিয়াতো টান হ'ব দিয়ক" বুলি গোৱালক আগতীয়াকৈ জনাইছিল।কাৰোৱাৰ হয়তো আনিব লগীয়া সমবায়ৰ চেনিখিনি বা চাউলখিনিও অনা নহৈছিল।
কথাখিনি শুনাৰ পাছত চঞ্চল দামুৰীটোৰ সেই নিৰৱ অৱস্থাটোহে দেখোন বাৰে বাৰে মনলৈ আহিল।সি নো কি জানে যে তাৰ মুখৰ গাখীৰ খিনি কাঢ়ি মানুহে চাউল দাইল আনে …| মাকৰ অনুপস্থিতিত দিনটো কেনেকৈ যে কটালে …।হয়তো তাৰ নিৰৱতাই সেইটো প্ৰকাশ কৰিলে।
Labels:
My Articles
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment