“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Friday, 2 June 2017

চিন্তা ভাৱনা কল্পনা ব্যস্ততা এইবোৰ

চিন্তা ভাৱনা কল্পনা ব্যস্ততা এইবোৰ.. এলবাৰ্ট আইনষ্টাইনে কোৱা এষাৰ উক্তি -" কল্পনা জ্ঞানতকৈও উৎকৃষ্ট"।কল্পনা ,কল্পনা মানুহে যথেষ্ট কৰে।আমিও কৰো । একেদৰে আইনষ্টানেও কৰিছিল। তেখেতৰ পদাৰ্থ বিজ্ঞানৰ আপেক্ষিকতাবাদৰ বিশেষ কথাবোৰ কল্পনাৰ গভীৰ সাগৰত ডুব গৈয়ে আবিস্কাৰ কৰিছিল।কল্পনা কৰি কৰি তেওঁ ইমানেই অভ্যস্ত হৈছিল যে চকু কাণ হাত ভৰি এইবোৰ লৰচৰ নকৰাকৈ ঘণ্টাযোৰা সময় এটা জড় মূৰ্তি হৈ পৰিছিল। এবাৰ হেনো কোনোৱা এজনে গৈ চুই চাইছিল,সন্দেহ হৈছিল,তেখেত মৃত নে জীৱিত,মানুহ নে প্ৰতিমা…। এনেবোৰ গুণৰ বাবেইতো সময় বালিৰ খোজবোৰে চাপ বহুৱাই ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখি গৈছিল । হায়াৰ চেকেণ্ডাৰীত পঢ়ি থাকোঁতে এজনে কৈছিল ৰাসায়নিক সমীকৰণ,পদাৰ্থবিজ্ঞানৰ গতি বিধি এইবোৰ পঢ়াৰ পাছত কল্পনা কৰি চাবা,কল্পনা কৰিয়েই নিজৰ মানস পটভূমিত সেইবোৰৰ ছবি আঁকিবা । দেখিবা মুখস্থ নকৰিলেও আজীৱন সেইবোৰ মনত থাকি যাব।কথাষাৰৰ গুৰুত্ব এতিয়াহে বুজিলোঁ। ইঞ্জিনিয়েৰিঙত গণিতৰ দীঘল দীঘল সমীকৰণবোৰ উত্তৰ সহ মনত ৰখা ছাৰ জনক এদিন সোধাত কৈছিল,"কল্পনা কৰা ,আজৰি সময়ত কল্পনা কৰি মনতেই সমীকৰণ বোৰৰ লগত যুঁজি থাকা।দেখিবা তাতেই জীৱনৰ আনন্দ বিচাৰি পাবা " । বিষয় এটাত পণ্ডিত হবলৈ সেইটোৰ প্ৰতি গভীৰ ভাল পোৱা থাকিব লাগিব।ছাৰজনে গণিত ভাল পাইছিল,আজৰি সময়বোৰ তেনেকৈ নতুন নতুন গণিতৰ সমস্যাবোৰক লৈয়ে অতিবাহিত কৰি জীৱনৰ আনন্দ লাভ কৰিছিল। এনেবোৰ মানুহে ভাত বনাই দাইলত তেল মাৰি দিওঁতেও সমীকৰণ দেখা পায়।ৰাতি সপোনতো হয়তো সেই সমীকৰণবোৰৰ লগতেই যুঁজি থাকি কেতিয়াবা জোৰকৈ চিঞৰি উঠে "অহহ পালো,উত্তৰটো পালো"। হিন্দী সাহিত্যৰ বিখ্যাত কবি এজন।।নাম নিৰলা।এটা শাৰী লিখি দ্বিতীয় শাৰীটোৰ বাবে ভবা চিন্তা কৰি ছমাহ কটালে।কল্পনাৰ সাগৰত ডুব গৈ এদিন লক্ষ্নৌৰ আলিবাটত মহিলা এগৰাকীক শিল ভঙা দেখা পাই চিঞৰি উঠিল,"পালো ,পালো"। কি পাইছিল? তেখেতৰ " ৱহ টোড়তী পত্থৰ" নামৰ বিখ্যাত কবিতাটোৰ নাম আৰু দৃশ্যপট । এনেবোৰ মানুহে মানুহৰ মন জয় কৰি এনেয়ে বিখ্যাত হোৱা নাছিল।চিন্তা ভাৱনা কল্পনাই তেওঁলোকৰ বিখ্যাত কৰি তুলিছিল।এজন মানুহৰ পৰিচয় আচলতে তেখেতৰ চিন্তাভাৱনাহে।তেওঁ যেনেকুৱা ভাৱে ,তেনেকুৱাই তেওঁ।বাহ্যিক আৱৰণে মানুহৰ পৰিচয় নহয়। মানুহ এজনৰ যিমান প্রতিভা থাকে তাৰ লগত কিবা অলপ চেষ্টা, চিন্তা ভাৱনা যোগ নিদিয়াকৈ মানুহজন সম্পুর্ণ প্রতিভাশালী বা উৎকৃষ্ট হ'ব নোৱাৰে । সিদিনা আমাৰ জুবিন দাৰ ইণ্টাৰভিউ এটা চাই আছিলো । এজনীয়ে ক’লে জুবিন দাই হেনো এটা গান ভাল লাগিলে এদিনত একে শুনাই কমচেকম চল্লিশ পঞ্চাশ বাৰ শুনে । দুই তিনি দিন সেই গানটোতেই তেনে গভীৰভাৱে আত্মনিয়োগ কৰি প্রতিটো শব্দ, প্রতিটো লহৰ যেন কল্পনা কৰি কৰিয়েই নিজৰ হৃদয়ত লিখি লয় । তাৰ পাছত আৰম্ভ হয় তেখেতৰ নৱ নৱ সৃষ্টি যিবোৰে মানুহৰ হৃদয় চুই যায় । সেই দিনাই গম পালো যে কেবল প্রতিভা থাকিলেই নহ'ব, গভীৰ চিন্তা ভাৱনা, কল্পনা এইবোৰো লাগিব । এতিয়া আহো আমাৰ কথালৈ, সিদিনা ল'ৰা এজনে মেচেজ দিছে “ দাদা চাৰি দিনৰ পৰা বহুত টেনচনত আছো , হেল্প এটা লাগিছিল” । কথা পাতি গম পালো ল'ৰা জনক হেনো কোনোবা ভাল লগা ছোৱালী এজনীয়ে ফেচবুকত ব্ল'ক কৰিছে । এতিয়া মোৰ ফ্রেণ্ড লিষ্টত ছোৱালী জনী আছেনে নাই চাই দিব লাগে । দুদিন মান পাছত ছোৱালীজনীয়ে ডিএক্টিভেট কৰি থোৱা নিজৰ একাউণ্টটো এক্টিভেট কৰাত হে বেচেৰাৰ হুঁচ আহিল । প্রায় দুখে কষ্টে পোন্ধৰ দিন মান নানা ধৰণৰ চিন্তা ,ভাৱনা ,কল্পনা ,পৰিকল্পানা কৰিয়েই কটোৱাৰ লগতে আমাকো জড়িত কৰিলে । চিন্তা ভাৱনা কল্পনাৰ আন এটা জীৱন্ত উদাহৰণ । চিন্তা- দুশ্চিন্তা, কল্পনা- কুকল্পনা এইবোৰ যেন এটা মুদ্রাৰ ইপিঠি সিপিঠি । চিন্তা বা কল্পনাৰ নামত দুশ্চিন্তা বা কুকল্পনা কৰিলে মানুহ কেনেকৈ প্রগতিশীল হ'ব ? বেছি ভাগ মানুহে চিন্তা কৰে, কল্পনা কৰে , যথেষ্ট কৰে , হয়তো প্রতিভাশালী ইতিহাসৰ পাতত সোণালী আখৰেৰে নাম লিখি যোৱা বোৰতকৈও বেছি কৰে , কিন্তু সেইয়া চিন্তা নে দুশ্চিন্তা, কল্পনা নে কুকল্পনা সেইটোহে বুজা টান । আজিৰ পৃথিৱীত প্রায় ৯০ শতাংশ মানুহেই দুশ্চিন্তাৰ চিকাৰ হৈছে । আমিবোৰে যেন আজিৰ যান্ত্রিকতাৰে ভৰা এই পৃথিৱীখনত নানা ধৰণৰ অযথা চিন্তা ভাৱনা কল্পনা-জল্পনা কৰিয়েই দিনে দিনে সময়বোৰ অতিক্রম কৰি জীৱনটোৰ সুখখিনিও বুটলিবলৈ অসমর্থ হৈছো । আমাৰ মাজৰ বাৰু কিমান জনে অৱসৰ বিনোদন বুলি গণিতৰ সমস্যা কেইটামান বহীত পাতি লৈ চিন্তা ভাৱনা কৰি তাৰ পৰা ৰস লৈছে? কিমান জনে ব্যস্ততাৰে ভৰা এই জীৱনটোৰ পৰা কিছু সময় উলিয়াই অকলশৰীয়া ঠাইত গৈ নিৰৱে একো নহ'লেও জীৱনটোৰ বিষয়েই ধনাত্মক চিন্তা কৰিছে ? অসাৰ এই জীৱনটোৰ মিছা মায়া-কায়া ,মিছা দুশ্চিন্তা, মৃত্যুৰ পাছৰ আন এটা জীৱন ..এইবোৰৰ বিষয়ে ? মানুহে সু-চিন্তা কৰিবলৈ যেন দিনে দিনে পাহৰি গৈছে। ইফালে যান্ত্ৰিকতাইয়ো মানুহক দিনে দিনে অচল , অকৰ্মণ্য,এলেহুৱাা কৰি কোঙা কৰি তুলিছে । গধূলি নিজৰ কল্পনাৰে নাতিহঁতক সাধু কথা কোৱা আইতা-ক'কাবোৰ যেন আৰু নাই ? পুৱা-গধূলি ঈশ্বৰৰ নাম লৈ জীৱনটোৰ বিষয়ে এটা সুস্পষ্ট আৰু সুস্থিৰ ধাৰণা লৈ জীয়াই থকা মানুহবোৰো যেন আজিকালি নোহোৱা হৈ গৈছে ? হয়তো ৰাতিপুৱাৰে পৰা টি ভি বা ফেচবুকত কোনো ৰাজনৈতিক বা সামাজিক বিতর্ক লৈ ব্যস্ত আছে । হয়তো ফেচবুকত কিবা এটা আপদেট দি বিতর্কত লিপ্ত হৈছে । তাৰ পাছত অযথা চিন্তা কৰিছে,ৰাতি টোপনিও নোহোৱা হৈছে , ঘৰত হয়তো পত্নী বা পতিৰ গালি খাইছে , কন্দল হৈছে..। মানুহবোৰ যেন আজি কালি খূউব ব্যস্ত , দিনে ৰাতিয়ে ব্যস্ত । অযথা চিন্তা, ভাৱনা, কল্পনা পৰিকল্পনাত ব্যস্ত..। সময় নাই পৰিয়ালৰ বাবেও..। ল'ৰা -ছোৱালী , নাতি-নাতিনী ,মাক -দেউতাক , ককাক-আইতাক কাৰোৰে যেন কাৰো বাবে সময় নাই। হাতে হাতে মোবাইল , ছ'ছিয়েল মেডিয়া, যান্ত্রিকতা..। মানুহ জীয়াই থকে মানে চিন্তা ভাৱনা, কল্পনা,ব্যস্ততা এইবোৰ থাকিবই । তথাপিও বুদ্ধিমান জনে নিজৰ চিন্তা ভাৱনা কল্পনাৰেই জীৱনটো ধুনীয়া কৰি তুলিছে । তেওঁলোকৰ বাবে পৃথিৱীখনেই ধুনীয়া । কথা এষাৰ মনলৈ আহিল- “যাৰ মন বিপথগামী , সি সম্পূর্ণভাৱে নিজ আচৰণৰ ফল ভোগ কৰি থাকিব ; কিন্তু সৎ লোকে নিজৰ পৰাই তৃপ্তি পাব “- (হিতোপদেশ ১৪:১৪)

No comments:

Post a Comment