ব্যস্ত মানুহবোৰ:
Thursday, 23 February 2017
ব্যস্ত মানুহবোৰ
বিশ্বাস :
বিশ্বাস :
১) চিগাৰেটডাল জ্বলাই ওপৰলৈ গোলা গোলা ধোঁৱা উৰুৱাই কিছু আমেজ ল'লোহে মাত্ৰ মোবাইলটো বাজিল।উঠালোঁ । লগৰ দুজনে ধেমালিতে চিঞৰিলে,"অমুকাই বৰ্তমান চিগাৰেট খাই আছে"। সিফালৰ পৰা মানুহজনীয়ে ক'লে,"তোমাৰ ওপৰত মোৰ বিশ্বাস আছে ,বহুত বিশ্বাস । তুমি কেতিয়াও চিগাৰেট নোখোৱা।"
আধা খোৱা চিগাৰেট ডাল মাটিত সৰি পৰিল। বুজিছে "বিশ্বাস" শব্দটোত শক্তি আছে ।
বিশ বছৰ পাৰ হ'ল।মানুহজনীও গুচি গ'ল। পিছে চিগাৰেট খোৱা নহ'ল।বুইছ' মানুহজনীৰ মোৰ ওপৰত যথেষ্ট বিশ্বাস আছিল।সেই বিশ্বাসত শক্তি…। মানুহজনে আৱেগেৰে কৈ গ'ল।
২) ইঞ্জিনিয়াৰিঙৰ ছোৱালী।এজনী বহুতেই স্মাৰ্ট ।আনজনী একেবাৰে কেঁচা,কিন্তু নম্ৰ।দুদিনমান অংক পঢ়ুৱাই অন্তিম দিনা কেঁচা জনীৰ চকুত চকু ৰাখি দৃঢ়তাৰে ক'লো,"তোমাৰ ওপৰত মোৰ বিশ্বাস আছে।তুমি পাৰিবা।"
চাৰি বছৰ পাছত লগ পালো।তাই পঢ়া শেষ কৰি চাকৰি কৰি আছে।স্মাৰ্ট জনীয়ে পঢ়িয়েই আছে।
যোৱাৰ সময়ত মই কোৱা সেই কথাখিনিয়ে যে তাইৰ আত্মবিশ্বাস যথেষ্টখিনি বঢ়াইছিল সেইটো কৈ অশেষ ধন্যবাদ দি গুচি গ'ল। মনটো আনন্দেৰে বিয়পিল।
শুনক,এই বিশ্বাসত শক্তি আছে।বিশ্বাস কৰক।প্ৰথমতে ঈশ্বৰক,নিজক ,ওচৰ চুবুৰীয়াক। বিশ্বাসযোগ্য নোহোৱা বিলাকক বিশ্বাসেৰে কওঁক "আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে,বিশ্বাস,বহুত।আপুনি এজন ভাল মানুহ।"
দেখিব এই বিশ্বাস শব্দটোৱেই অবিশ্বাসী জনকো বিশ্বাসী কৰি তুলিব।
দেখিব এই বিশ্বাস শব্দটোৱেই অবিশ্বাসী জনকো বিশ্বাসী কৰি তুলিব।
-
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী ,
নতুন দিল্লী ,
পোক-পৰুৱা পৰা সাৱধান:
পোক-পৰুৱা পৰা সাৱধান:
সাধাৰণতে
সৰু-সুৰা পোক-পৰুৱা মুখত সোমালে চিধাই গিলি থোৱাটো মোৰ এটা পুৰণা অভ্যাস। যেন এটা
ভেকুলীহে মই। কেতিয়াবা অনুভৱ হয় কথাটো।
সেই দিনাও একে হ'ল। মঙলদৈৰ পৰা যোৰহাট
গৈ আছো। শহুৰৰ ঘৰ। লগত আছে দিপালী(ধৰ্মপত্নী)। বাছৰ একে বাৰে পাছৰ চিটত বহি
মাজে-মাজে মোবাইলেৰে দুই-এটা ফ'টো লৈ আছো বাগানবোৰৰ,পাহাৰবোৰৰ
। একদম টুৰিষ্টৰ দৰে| যা নহওঁক পাহাৰ
পৰ্বতবোৰ মোবাইলত থাকিলে লগৰ বোৰক দেখুৱাই গৰ্ব কৰি কওঁ,"চা আমাৰ অসম,ইমান
ধুনীয়া।"
বুঢ়া পাহাৰ পালোগৈ। ফ'টো লোৱাটো এৰি
এনেয়ে কিবা কিবি ভাৱি আছো।মানুহবোৰ উঠিছে,নামিছে। এজনী মডেল যেন ছোৱালী আগৰ চিটত
বহিছে। আমাৰ পৰা তিনিটা চিট আগত। আমাৰ আগৰ চিটৰ নামঘোষাৰ আলোচনা কৰি যোৱা ভকত বাপ
কেইজন নামিছে। গাড়ীত উঠা
কমলা বেপাৰী জনে আমাৰ ফালে চাই বাৰে-বাৰে " আশী টকা,আঠী টকা" কৰি আছে।
খিড়িকীৰ গ্লাছখন মাজে -মাজে খুলি
যায়।আকৌ টানি আনি লগাই দিওঁ।মুখত এফালৰ ৰ'দটোও পৰিছে। এনেতে খোলা খিড়িকীৰে কিবা
পোকৰ দৰে বস্তু এটা মুখত সোমালহি। চিধাই গিলি থ'লো। খিড়িকীখন জপাই থোৱাত আকৌ খোল
খালে। আকৌ সেই একে ধৰণৰ
পোকৰ অহৰহ আগমন।চিধাই গিলি আছো। এনেতে দুনাই খিড়িকীখন জপাব ওলোৱাত দেখিলোঁ পানীৰ
দৰে টোপাল কিছুমান লাগি আছে খিড়িকীত।মডেল যেন লগা ছোৱালীজনীয়ে বমি কৰিছে । মোৰ পাছ
ফালৰ জনে মোক ক'লে," দাদা লংপেণ্ট পিন্ধা ছোৱালী জনীয়ে বমি কৰিছে,খিড়িকীৰে
উৰি আহি আমাৰ মুখত…"
মনুহজনে কৈ থাকোঁতেই "ওৱেক
ওৱেক" শুনিবলৈহে পালো দুই টোপাল আকৌ পৰুৱাৰ দৰে উৰি আহি ওঁঠত পৰিলহি। কথাটো
বুজিলোঁ। আগতে মুখত সোমোৱা পৰুৱা কেইটাৰ সোৱাদ সৰুতে মই চাইকেল চলাই গৈ থাকিলে
মুখত সোমোৱা পৰুৱা কেইটাৰ দৰে একে নাছিল। মুখখন কিবা টেঙা-মিঠা-নিমখীয়া লাগিল।
পাছফালৰ জনে পাগলৰ দৰে চিঞৰিছে,বেচেৰাৰো মুখত সোমাল।
জখলাবন্ধাত নামি দুটা পানীৰ বটল কিনি
মুখখন ধুলোঁ। চাহ ভাত খোৱা নহ'ল। মন গৈছিল মডেলজনীক দুটা পলিথিন কিনি দিবলৈ।
সেইকেইটাত মুখখন সোমাই বমি কৰি থাকিবলৈ।
হিমাচললৈ কেইবাবাৰো গ'লো।বাছত পলিথিন
দিয়ে। কাৰো অসুবিধা নহয়।
যোৰহাট পালোগৈ। বাছৰ চিটৰ ওপৰত লিখা
আছিল "পকেট মৰাৰ পৰা সাৱধান" । ছোৱালীজনী তাৰ ঠিক ওচৰতে বহি আছিল। একো
নক'লো। ৰাতিলৈ ভাত খোৱা নহ'ব।বমি খালো। অহাৰ সময়ত কণ্টেকটাৰক কৈ আহিলোঁ-
"বমিৰ পৰা সাৱধান।"
( আজিৰ জ্ঞান :বমি কৰা সকলে লগত পলিথিন
লৈ যাত্রা কৰক)
© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
ৰাম লাড্ডু:
ৰাম লাড্ডু:
(ইণ্ডিগ’ ফ্লাইটত এদিন…)
বিহাৰী “ ৰাম লাড্ডু” খাইছেনে ? নাই
যদি শুনক...
২০১০চনৰ এটা
স্মৰণীয় দিন | ৰাতিপুৱা ৭ বজাত দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান
বন্দৰৰ‘ ডি ১‘ ত অকলে অকলে বহি আছো। মনত গধুৰ চিন্তা ।কামটো কৰি ঘৰৰ পৰা দুদিনতে
ঘূৰি আহিব লাগিব ।মোৰ ওচৰত মাক জীয়েক এহাল । হিন্দী আৰু অসমীয়া সানমিহলি কৰি কথা
পাতি আছে। এনেকৈ কথা পতাবোৰক মই ব্যক্তিগত ভাৱে খুব বেয়া পাওঁ । মনে বিচাৰিছিল
যদিও মাত এষাৰো নলগালো । আধাঘণ্টা সময় এনেদৰে অতিবাহিত কৰিলোঁ। কিছু ভাল
লাগিব।বিপৰীত ফালৰ পৰাও অকনমান গুৰুত্ব পোৱা যেন লাগিল। যিমান হ’লেও অবিবাহিত
অকলশৰীয়া ডেকা ল’ৰা। মন চঞ্চল হোৱাতো স্বভাৱিক।পিছে ছোৱালীজনীয়েও মই যে অসমীয়া
সেইটো চাগে গম নেপালে।নহ’লে মাকৰ আগত মোৰ বিষয়ে অসমীয়াতে তেনেকৈ…...।
যানহওঁক, যথা সময়ত সেই বিশেষ ৰঙা বাছ
খন আহিল।বিমান বন্দৰত এপাক ঘূৰাই ইণ্ডিগ’ খনৰ ওচৰত লৈ গ’ল। জখলা বগাই গৈ বহিলোঁ।
বেগত থকা লেপটপটো যথেষ্ট গধুৰ যেন লাগিছে। লেপটপৰ বেগটোৰ পকেটটোত হাত ভৰাই
ৰাতিপুৱাতে ভৰাই থোৱা টেবলেটৰ এটা খাই ল’লো। যোৱাকালি নাজানো সেই ছোৱালীজনীয়ে কি
খুৱাই দিছিল। দুই বছৰৰ পাছত তাইক লগ পোৱা কাৰণে খা-খবৰ লোৱাৰ ওপৰিও অকনমান ইফালৰ
সিফালৰ কথাও পাতিলোঁ। কিবা ৰামলাড্ডু নে কি ,এনেধৰণৰ কিবা শুকান লাড্ডূ তাই ভাল
পায় কাৰণে কিনি মোকো খোৱালে। অসমীয়াৰ পেট,বিহাৰী লাড্ডু। ইফালে মিঠাও নহয়।
লেতেৰ-পেতেৰ হাতেৰে দিয়া বস্তুবোৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰে যে কেনেকৈ খায় তাকহে
ভাবি নেপাও। যানহওঁক,তাইৰ লগত চুপতি মাৰি কেনেকৈ চয় নে সাতটা লাড্ডু খাই দিলো
গমকেই নেপালোঁ। ৰাতিপুৱা চাৰিবজাৰ এলাৰ্ম দিয়া আছিল যদিও দুই বজাতে উঠিলোঁ।পেটটো
ঘোৰঘোৰাই দিলে। দুটা পদিনহেৰা খাই ঈশ্বৰৰ নাম লৈ টোপনি গ'লো যদিও আকৌ দুই বজাত
,তিনি বজাত,চাৰি বজাত ..…| ফ্লাইটৰ ভিতৰত একো নহ’লেহে হ’ল। এয়াৰপৰ্টত বহি থাকোঁতে
এবাৰ ওৱচৰোম যোৱাৰ কথা ভাবিছিলোঁ যদিও ছোৱালীজনীয়ে চাই থকাৰ কাৰণে সকলো কথাই পাহৰি
থাকিলোঁ। এতিয়াহে কিবা এটা কামোৰণি...মধুৰ অনুভৱ। এয়াৰ হোষ্টেজদুজনীয়ে ধুনীয়াকৈ
ইনষ্টাকচন দি আছে যদিও মোৰ মন প্ৰাণ কিবা এটা দু চিন্তাত থকাৰ দৰে হৈছে। পেটৰ
কামোৰণি ক্ৰমান্বয়ে বাঢ়ি গৈছে । ময়ো যেন ক্ৰমান্বয়ে সহ্য কৰি বিমানখন উৰাৰ লৈকেহে
ৰৈ আছো। এনেতে কেতিয়াৰ পৰা বেলেগ এজনী এয়াৰ হোষ্টেজে মোক চিটবেল্ট বান্ধিবৰ বাবে
কৈ আছে গমকে নেপালোঁ। তৎক্ষমতাত সকাহ ঘুৰাই পোৱাৰ দৰে,"ইয়েছ মেম"। তাই
গুচি গ’ল। মই সোলোকাই দিলো। বিমানখনে গতি বেগ ল’লে। ময়ো ক্ষণ বুজি চাই,কামফেৰা
কৰাৰ শুভক্ষণ বুলি চিটৰ পৰা উঠি পাছফালে থকা ওৱছৰোমত গলো। দৰ্জাখন টানিলো ।বন্ধ।
ৰৈ থাকিবৰ ধৈৰ্য্য নাই। বহুত কিবা কিবি হ’ব পাৰে। মোৰ অৱস্থা বুজি ধুনীয়া এয়াৰ
হোষ্টেজ এজনীয়ে বিমানৰ আগফালে ,মানে পাইলটৰ ওচৰত থকা ওৱচৰোম টো আঙুলিয়াই দিলে। ময়ো
প্ৰায়ে দৌৰাৰ দৰে কৰি ওৱচৰোমটোৰ ওচৰ পালো। ঈশ্বৰৰ কৃপা । দৰ্জাখন খোল খালে। ভিতৰত
গলো। পেটত জোৰকৈ হাত এখন দি ফানচনবোৰ মানে ক’ত কেনেকৈ কামফেৰা কৰে,ক’ত বহে,কাৰণ
কোঠাটো ইমানেই সৰু যে ভাল শকত কোনোৱা গ’লে অৱস্থা একেবাৰেই বেয়া হ’ব । পিছে মোৰ
অৱস্থা একেবাৰেই বেয়া হ’ল। ফানচনবোৰ বুজাৰ কথা বাদ দি কাপোৰৰ কথা চিন্তা কৰি সৰুকৈ
হাত-মুখ ধোৱা বেচিনৰ দৰে সেইটোত বহি ল’লো। পাছতহে গম পালো সেইটোৱেই “টয়লেট” | পেটৰ
কামোৰ আৰু ইমাৰজেনচিৰ কাৰণে দৰ্জাখন বন্ধ কৰিবলৈ পাহৰি গলো। কিছু সময়ৰ পাছৰ কোনোবা
এজনে দৰ্জাখন খোলাত মোক দেখা পালে।যেন এটা জীৱন্ত লাছ। "হেল" বুলি কৈ
সেইখন মাৰি গুচি গ’ল। মোৰ পিছে সেইবোৰ ধ্যানদিবৰ প্ৰয়োজন বোধ নকৰিলোঁ। পেটৰ
কামোৰণিবোৰৰ প্ৰতিশোধ একান্তমনেৰে লৈ আছো।এখন হাতেৰে দৰ্জাখন ধৰি আছো।কাৰণ ইমান
খৰধৰ কৰি মই দৰ্জাবন্ধ কৰা লকটো বিচাৰি পোৱা নাছিলোঁ।পাছত এয়াৰ হোষ্টেজ এজনীয়ে
বাহিৰৰ পৰা বুটম এটা টি পি দিয়াতহে দৰ্জাখন লক হৈ গ’ল।
কাগজৰ নুৰাৰে কামফেৰা সুন্দৰকৈ সমাপ্ত
কৰি হাতত থকা ঘড়ীটোলৈ চালোঁ| আৰে আধা ঘন্টা বহিলোঁ ! লাহেকৈ দৰ্জাখন খুলি যিটোহে
দেখিলোঁ। পোন্ধৰ জন মান মানুহৰ শাৰী| ওৱচৰোমৰ বাবে| ডায়েবেটিচ হোৱা সেই ককাজন ,
লাখুটি এডাল লৈ সকলোৰে আগত ,তাৰ পাছত এজন ছোৱালী, তাৰ পাছত এজন মাক , পুতেক
কান্ধত. ....তাৰ পাছত বাকী কেইজন.| ককাজনে মোৰলৈ কেৰাহিকে চালে| মই লাখুটিডাললৈ
চাই থাকি সেমেনা সেমেনিকৈ ওলাই আহিলোঁ | সকলোৰে চকু মোৰ ওপৰত | চিধাই গৈ নিজৰ চিটত
বহি ৰোমাল খন মুখত ঢাকি শুই যোৱাৰ ভাও জুৰিলোঁ| মোৰ পাছফালে আছে সেই অসমীয়া মাক
জীযেক..| মোৰ বিষয়ে অসমীয়াতে কৈ হাঁহি আছে| একো নাই মই অসমীয়া নাজানো নহয় , নিজকে
শান্তনা দিলো|
গুৱাহাটি পালোহি| সকলোৱে নামিবৰ বাবে
শাৰী পাতিলে| মই লাজে-ভয়ে সকলোৰে শেষত ওলাইছো| যথা সময়ত নিজৰ ডাঙৰ বেগটো ৰেলিৰ পৰা
লৈ বেগেৰে বাহিৰলৈ গতি কৰিছোঁ| মোৰ লগত অহা অসমীয়া মাক জীয়েক| জীয়েকে মাকক ক’লে ,”
মা মা চাওঁক তেতিয়া ফ্লাইটত টয়লেটত এঘণ্টা বহা ল’ৰাজন”
লাজে-ভয়ে লৰালৰিকৈ বাহিৰলৈ আগবাঢ়িছো|
সিহঁত পাছত মই আগত| এইবাৰ গেটত ” দাদা ক’ত যাব , আদাবাৰী, বেলতলা, চিলং, দাদা
অসমীয়া মানুহ কমতে লৈ যাম” মই যেন এজন অসমীয়া নহও, অনাঅসমীয়াহে এনে এটা ভাৱত বিভোৰ
হৈ মাক জীয়েকৰ পৰা আতঁৰিবলৈ চেষ্টা কৰি মনে-মনে এজনক “ জালুকবাৰীলৈ যাম কিমান ল’ব?”
দাম দৰ মিলাত আগৰ চিটত বহিলোঁ| গোটেই
ৰাষ্টাতো সেই কথাটোকেই মনে মনে ভাৱি আহিলোঁ| এনে এটা দিন যেন কাৰো নাহে|
জালুকবাৰীত নামিলোঁ , ভাড়াটো দিয়াৰ
সময়ত পাছফালৰ চিটৰ পৰা “ ভাইটি দিল্লীৰ পৰা আহিছা নহয় , আমি দেখোন একেখন ফ্লাইটতে
, এই যে তুমি আগৰ চিটত...টয়লেটত.”
ঘৰলৈ যোৱা বাছত বহিছো যদিও ইফালে
সিফালে চাইছো , কিজানি মাক জীয়েক ক’ৰবাৰ পৰা উলাইহে..| কিজানি ছোৱালী জনীয়ে ক’ৰবাৰ
পৰা আহি কয় ” মা মা চাওঁক তেতিয়া ফ্লাইটত ওৱচৰোমত এঘণ্টা বহা ল’ৰাজন”
পেটৰ কামোৰণি ক’ত গ’ল ধৰিবই নোৱাৰিলোঁ
| পিছে “ৰামলাড্ডু” খাই মনৰ কামোৰণি এটাহে লৈ ঘৰ পালোহি|
© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
বাটি কাট:
বাটি কাট:
চুলি কটাবলৈ
গ'লো ,বিশ বছৰীয়া ল'ৰাজনে হানিসিং,অক্ষয় কুমাৰ, আমিৰ , চালমানৰ ফ’টো দুখনমান আগত
ৰাখি ক'লে ,”দাদা কি কাট দিম কওঁক | একদম লুকছ সলনি কৰি দিম |হানি সিং ও ভাল লাগিব
আপোনাৰ ওপৰত”|
মই ক’লো বাটি কাট
জানা নে বাটি কাট জানা যদি বাটি কাট দিয়া|
সি অবাক হ'ল | আধুনিক ল'ৰা |হাতে মুখে
কপালে দহটা মান টাটু আঁকি লৈছে |ক’ত জানিব বাটি কাট ?
সৰুতে গোপাল বিহাৰীয়ে চোতালৰ একাষে পীৰা এখনত
বহুৱাই গলত বিহাৰী গামোছাখন মেৰিয়াই কি কাট বুলি কওঁতে ওচৰতে বহি থকা হলধৰ খুড়াই
টপৰাই কৈছিল “ইয়াক বাটি কাট দে”|
তাৰ কিছুদিন আগৰলৈকে মায়ে মৰটোপনিত
কাপোৰ কটা কেঁচিৰে আলফুলে ঘুৰণীয়া কৈ কাটি
দিয়াত পাছৰ দিনা এই বিষৰ গুটিয়ে কমসোপা উৎপাত কৰা নাছিল।।বাটি কাট লাগে তাক।।
লাহে -লাহে ডাঙৰ হ’লো | শুক্রবাৰে
লেটনাইট চিনেমাবোৰ চাই মিঠুন , অজয় , চানি দেৱল আৰু যে কিমানৰ কাট কটা নাছিলোঁ| কেইদিনমান টো মিথুন কাট কাটি মিঠুন হৈ
ঘুৰি ফুৰিছিলোঁ |সেই সময়ত মিঠুন হৈ ঘুৰি ফুৰাৰো কি যে আনন্দ !!! লগৰ দিপু হতে অজয় কাট..আমিৰ কাট...
সময় বাগৰিল | ডাঙৰ হ’লো| বেলেগক অনুসৰণ নকৰি নিজস্ব নামৰ বস্তুটোলৈ মন দিলোঁ।
ল'ৰাজনে গলত ধুনীয়া কাপোৰ খন মেৰিয়াই
তেতিয়াও ৰৈ আছিল| অবাক হৈছিল বাটি কাটৰ কথা শুনি|
মই ক'লো “ ভাই মই মইয়েই , হানি সিং নহওঁ নহয় | বাটি কাট দিয়া নহ’লে মোৰ সেই অফিচিয়েল কাট টো দিয়া যাতে মই মই হৈ জীয়াই থাকিব পাৰোঁ|”
আনক নকল বা অনুসৰণ নকৰি নিজস্ব এটা
বজাই ৰাখি জীয়াই থকাৰ আনন্দও সুকীয়া।কথা এষাৰ আছে নহয়" বি অৰিজিনেল" । আজিকালিহে
বুজিলোঁ।।
( বিঃ দ্ৰঃ বাটি কাট পুৰণি কাট|ডাঙৰ কাঁহৰ বাটি
এটা মুৰৰ ওপৰত ৰাখি চাৰিওফালৰ চুলি কেইডাল কটা কাটটোকে বাটি কাট বোলে)
©মণ্টু
কুমাৰ ডেকা ( কম্পিউটাৰ অভিযন্তা )
নতুন দিল্লী
নতুন দিল্লী
Subscribe to:
Posts (Atom)