ৰাম লাড্ডু:
(ইণ্ডিগ’ ফ্লাইটত এদিন…)
বিহাৰী “ ৰাম লাড্ডু” খাইছেনে ? নাই
যদি শুনক...
২০১০চনৰ এটা
স্মৰণীয় দিন | ৰাতিপুৱা ৭ বজাত দিল্লীৰ ইণ্ডিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমান
বন্দৰৰ‘ ডি ১‘ ত অকলে অকলে বহি আছো। মনত গধুৰ চিন্তা ।কামটো কৰি ঘৰৰ পৰা দুদিনতে
ঘূৰি আহিব লাগিব ।মোৰ ওচৰত মাক জীয়েক এহাল । হিন্দী আৰু অসমীয়া সানমিহলি কৰি কথা
পাতি আছে। এনেকৈ কথা পতাবোৰক মই ব্যক্তিগত ভাৱে খুব বেয়া পাওঁ । মনে বিচাৰিছিল
যদিও মাত এষাৰো নলগালো । আধাঘণ্টা সময় এনেদৰে অতিবাহিত কৰিলোঁ। কিছু ভাল
লাগিব।বিপৰীত ফালৰ পৰাও অকনমান গুৰুত্ব পোৱা যেন লাগিল। যিমান হ’লেও অবিবাহিত
অকলশৰীয়া ডেকা ল’ৰা। মন চঞ্চল হোৱাতো স্বভাৱিক।পিছে ছোৱালীজনীয়েও মই যে অসমীয়া
সেইটো চাগে গম নেপালে।নহ’লে মাকৰ আগত মোৰ বিষয়ে অসমীয়াতে তেনেকৈ…...।
যানহওঁক, যথা সময়ত সেই বিশেষ ৰঙা বাছ
খন আহিল।বিমান বন্দৰত এপাক ঘূৰাই ইণ্ডিগ’ খনৰ ওচৰত লৈ গ’ল। জখলা বগাই গৈ বহিলোঁ।
বেগত থকা লেপটপটো যথেষ্ট গধুৰ যেন লাগিছে। লেপটপৰ বেগটোৰ পকেটটোত হাত ভৰাই
ৰাতিপুৱাতে ভৰাই থোৱা টেবলেটৰ এটা খাই ল’লো। যোৱাকালি নাজানো সেই ছোৱালীজনীয়ে কি
খুৱাই দিছিল। দুই বছৰৰ পাছত তাইক লগ পোৱা কাৰণে খা-খবৰ লোৱাৰ ওপৰিও অকনমান ইফালৰ
সিফালৰ কথাও পাতিলোঁ। কিবা ৰামলাড্ডু নে কি ,এনেধৰণৰ কিবা শুকান লাড্ডূ তাই ভাল
পায় কাৰণে কিনি মোকো খোৱালে। অসমীয়াৰ পেট,বিহাৰী লাড্ডু। ইফালে মিঠাও নহয়।
লেতেৰ-পেতেৰ হাতেৰে দিয়া বস্তুবোৰ ধুনীয়া ধুনীয়া ছোৱালীবোৰে যে কেনেকৈ খায় তাকহে
ভাবি নেপাও। যানহওঁক,তাইৰ লগত চুপতি মাৰি কেনেকৈ চয় নে সাতটা লাড্ডু খাই দিলো
গমকেই নেপালোঁ। ৰাতিপুৱা চাৰিবজাৰ এলাৰ্ম দিয়া আছিল যদিও দুই বজাতে উঠিলোঁ।পেটটো
ঘোৰঘোৰাই দিলে। দুটা পদিনহেৰা খাই ঈশ্বৰৰ নাম লৈ টোপনি গ'লো যদিও আকৌ দুই বজাত
,তিনি বজাত,চাৰি বজাত ..…| ফ্লাইটৰ ভিতৰত একো নহ’লেহে হ’ল। এয়াৰপৰ্টত বহি থাকোঁতে
এবাৰ ওৱচৰোম যোৱাৰ কথা ভাবিছিলোঁ যদিও ছোৱালীজনীয়ে চাই থকাৰ কাৰণে সকলো কথাই পাহৰি
থাকিলোঁ। এতিয়াহে কিবা এটা কামোৰণি...মধুৰ অনুভৱ। এয়াৰ হোষ্টেজদুজনীয়ে ধুনীয়াকৈ
ইনষ্টাকচন দি আছে যদিও মোৰ মন প্ৰাণ কিবা এটা দু চিন্তাত থকাৰ দৰে হৈছে। পেটৰ
কামোৰণি ক্ৰমান্বয়ে বাঢ়ি গৈছে । ময়ো যেন ক্ৰমান্বয়ে সহ্য কৰি বিমানখন উৰাৰ লৈকেহে
ৰৈ আছো। এনেতে কেতিয়াৰ পৰা বেলেগ এজনী এয়াৰ হোষ্টেজে মোক চিটবেল্ট বান্ধিবৰ বাবে
কৈ আছে গমকে নেপালোঁ। তৎক্ষমতাত সকাহ ঘুৰাই পোৱাৰ দৰে,"ইয়েছ মেম"। তাই
গুচি গ’ল। মই সোলোকাই দিলো। বিমানখনে গতি বেগ ল’লে। ময়ো ক্ষণ বুজি চাই,কামফেৰা
কৰাৰ শুভক্ষণ বুলি চিটৰ পৰা উঠি পাছফালে থকা ওৱছৰোমত গলো। দৰ্জাখন টানিলো ।বন্ধ।
ৰৈ থাকিবৰ ধৈৰ্য্য নাই। বহুত কিবা কিবি হ’ব পাৰে। মোৰ অৱস্থা বুজি ধুনীয়া এয়াৰ
হোষ্টেজ এজনীয়ে বিমানৰ আগফালে ,মানে পাইলটৰ ওচৰত থকা ওৱচৰোম টো আঙুলিয়াই দিলে। ময়ো
প্ৰায়ে দৌৰাৰ দৰে কৰি ওৱচৰোমটোৰ ওচৰ পালো। ঈশ্বৰৰ কৃপা । দৰ্জাখন খোল খালে। ভিতৰত
গলো। পেটত জোৰকৈ হাত এখন দি ফানচনবোৰ মানে ক’ত কেনেকৈ কামফেৰা কৰে,ক’ত বহে,কাৰণ
কোঠাটো ইমানেই সৰু যে ভাল শকত কোনোৱা গ’লে অৱস্থা একেবাৰেই বেয়া হ’ব । পিছে মোৰ
অৱস্থা একেবাৰেই বেয়া হ’ল। ফানচনবোৰ বুজাৰ কথা বাদ দি কাপোৰৰ কথা চিন্তা কৰি সৰুকৈ
হাত-মুখ ধোৱা বেচিনৰ দৰে সেইটোত বহি ল’লো। পাছতহে গম পালো সেইটোৱেই “টয়লেট” | পেটৰ
কামোৰ আৰু ইমাৰজেনচিৰ কাৰণে দৰ্জাখন বন্ধ কৰিবলৈ পাহৰি গলো। কিছু সময়ৰ পাছৰ কোনোবা
এজনে দৰ্জাখন খোলাত মোক দেখা পালে।যেন এটা জীৱন্ত লাছ। "হেল" বুলি কৈ
সেইখন মাৰি গুচি গ’ল। মোৰ পিছে সেইবোৰ ধ্যানদিবৰ প্ৰয়োজন বোধ নকৰিলোঁ। পেটৰ
কামোৰণিবোৰৰ প্ৰতিশোধ একান্তমনেৰে লৈ আছো।এখন হাতেৰে দৰ্জাখন ধৰি আছো।কাৰণ ইমান
খৰধৰ কৰি মই দৰ্জাবন্ধ কৰা লকটো বিচাৰি পোৱা নাছিলোঁ।পাছত এয়াৰ হোষ্টেজ এজনীয়ে
বাহিৰৰ পৰা বুটম এটা টি পি দিয়াতহে দৰ্জাখন লক হৈ গ’ল।
কাগজৰ নুৰাৰে কামফেৰা সুন্দৰকৈ সমাপ্ত
কৰি হাতত থকা ঘড়ীটোলৈ চালোঁ| আৰে আধা ঘন্টা বহিলোঁ ! লাহেকৈ দৰ্জাখন খুলি যিটোহে
দেখিলোঁ। পোন্ধৰ জন মান মানুহৰ শাৰী| ওৱচৰোমৰ বাবে| ডায়েবেটিচ হোৱা সেই ককাজন ,
লাখুটি এডাল লৈ সকলোৰে আগত ,তাৰ পাছত এজন ছোৱালী, তাৰ পাছত এজন মাক , পুতেক
কান্ধত. ....তাৰ পাছত বাকী কেইজন.| ককাজনে মোৰলৈ কেৰাহিকে চালে| মই লাখুটিডাললৈ
চাই থাকি সেমেনা সেমেনিকৈ ওলাই আহিলোঁ | সকলোৰে চকু মোৰ ওপৰত | চিধাই গৈ নিজৰ চিটত
বহি ৰোমাল খন মুখত ঢাকি শুই যোৱাৰ ভাও জুৰিলোঁ| মোৰ পাছফালে আছে সেই অসমীয়া মাক
জীযেক..| মোৰ বিষয়ে অসমীয়াতে কৈ হাঁহি আছে| একো নাই মই অসমীয়া নাজানো নহয় , নিজকে
শান্তনা দিলো|
গুৱাহাটি পালোহি| সকলোৱে নামিবৰ বাবে
শাৰী পাতিলে| মই লাজে-ভয়ে সকলোৰে শেষত ওলাইছো| যথা সময়ত নিজৰ ডাঙৰ বেগটো ৰেলিৰ পৰা
লৈ বেগেৰে বাহিৰলৈ গতি কৰিছোঁ| মোৰ লগত অহা অসমীয়া মাক জীয়েক| জীয়েকে মাকক ক’লে ,”
মা মা চাওঁক তেতিয়া ফ্লাইটত টয়লেটত এঘণ্টা বহা ল’ৰাজন”
লাজে-ভয়ে লৰালৰিকৈ বাহিৰলৈ আগবাঢ়িছো|
সিহঁত পাছত মই আগত| এইবাৰ গেটত ” দাদা ক’ত যাব , আদাবাৰী, বেলতলা, চিলং, দাদা
অসমীয়া মানুহ কমতে লৈ যাম” মই যেন এজন অসমীয়া নহও, অনাঅসমীয়াহে এনে এটা ভাৱত বিভোৰ
হৈ মাক জীয়েকৰ পৰা আতঁৰিবলৈ চেষ্টা কৰি মনে-মনে এজনক “ জালুকবাৰীলৈ যাম কিমান ল’ব?”
দাম দৰ মিলাত আগৰ চিটত বহিলোঁ| গোটেই
ৰাষ্টাতো সেই কথাটোকেই মনে মনে ভাৱি আহিলোঁ| এনে এটা দিন যেন কাৰো নাহে|
জালুকবাৰীত নামিলোঁ , ভাড়াটো দিয়াৰ
সময়ত পাছফালৰ চিটৰ পৰা “ ভাইটি দিল্লীৰ পৰা আহিছা নহয় , আমি দেখোন একেখন ফ্লাইটতে
, এই যে তুমি আগৰ চিটত...টয়লেটত.”
ঘৰলৈ যোৱা বাছত বহিছো যদিও ইফালে
সিফালে চাইছো , কিজানি মাক জীয়েক ক’ৰবাৰ পৰা উলাইহে..| কিজানি ছোৱালী জনীয়ে ক’ৰবাৰ
পৰা আহি কয় ” মা মা চাওঁক তেতিয়া ফ্লাইটত ওৱচৰোমত এঘণ্টা বহা ল’ৰাজন”
পেটৰ কামোৰণি ক’ত গ’ল ধৰিবই নোৱাৰিলোঁ
| পিছে “ৰামলাড্ডু” খাই মনৰ কামোৰণি এটাহে লৈ ঘৰ পালোহি|
© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
No comments:
Post a Comment