“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Thursday, 23 February 2017

পোক-পৰুৱা পৰা সাৱধান:

পোক-পৰুৱা পৰা সাৱধান:


সাধাৰণতে সৰু-সুৰা পোক-পৰুৱা মুখত সোমালে চিধাই গিলি থোৱাটো মোৰ এটা পুৰণা অভ্যাস। যেন এটা ভেকুলীহে মই। কেতিয়াবা অনুভৱ হয় কথাটো।

সেই দিনাও একে হ'ল। মঙলদৈৰ পৰা যোৰহাট গৈ আছো। শহুৰৰ ঘৰ। লগত আছে দিপালী(ধৰ্মপত্নী)। বাছৰ একে বাৰে পাছৰ চিটত বহি মাজে-মাজে মোবাইলেৰে দুই-এটা ফ'টো লৈ আছো বাগানবোৰৰ,পাহাৰবোৰৰ
। একদম টুৰিষ্টৰ দৰে| যা নহওঁক পাহাৰ পৰ্বতবোৰ মোবাইলত থাকিলে লগৰ বোৰক দেখুৱাই গৰ্ব কৰি  কওঁ,"চা আমাৰ অসম,ইমান ধুনীয়া।"

বুঢ়া পাহাৰ পালোগৈ। ফ'টো লোৱাটো এৰি এনেয়ে কিবা কিবি ভাৱি আছো।মানুহবোৰ উঠিছে,নামিছে। এজনী মডেল যেন ছোৱালী আগৰ চিটত বহিছে। আমাৰ পৰা তিনিটা চিট আগত। আমাৰ আগৰ চিটৰ নামঘোষাৰ আলোচনা কৰি যোৱা ভকত বাপ কেইজন নামিছে।  গাড়ীত উঠা কমলা বেপাৰী জনে আমাৰ ফালে চাই বাৰে-বাৰে " আশী টকা,আঠী টকা" কৰি আছে।

খিড়িকীৰ গ্লাছখন মাজে -মাজে খুলি যায়।আকৌ টানি আনি লগাই দিওঁ।মুখত এফালৰ ৰ'দটোও পৰিছে। এনেতে খোলা খিড়িকীৰে কিবা পোকৰ দৰে বস্তু এটা মুখত সোমালহি। চিধাই গিলি থ'লো।  খিড়িকীখন জপাই থোৱাত আকৌ খোল খালে। আকৌ  সেই একে ধৰণৰ পোকৰ অহৰহ আগমন।চিধাই গিলি আছো। এনেতে দুনাই খিড়িকীখন জপাব ওলোৱাত দেখিলোঁ পানীৰ দৰে টোপাল কিছুমান লাগি আছে খিড়িকীত।মডেল যেন লগা ছোৱালীজনীয়ে বমি কৰিছে  । মোৰ পাছ ফালৰ জনে মোক ক'লে," দাদা লংপেণ্ট পিন্ধা ছোৱালী জনীয়ে বমি কৰিছে,খিড়িকীৰে উৰি আহি আমাৰ মুখত…"

মনুহজনে কৈ থাকোঁতেই  "ওৱেক ওৱেক" শুনিবলৈহে পালো দুই টোপাল আকৌ পৰুৱাৰ দৰে উৰি আহি ওঁঠত পৰিলহি। কথাটো বুজিলোঁ। আগতে মুখত সোমোৱা পৰুৱা কেইটাৰ সোৱাদ সৰুতে মই চাইকেল চলাই গৈ থাকিলে মুখত সোমোৱা পৰুৱা কেইটাৰ দৰে একে নাছিল। মুখখন কিবা টেঙা-মিঠা-নিমখীয়া লাগিল। পাছফালৰ জনে পাগলৰ দৰে চিঞৰিছে,বেচেৰাৰো মুখত সোমাল।

জখলাবন্ধাত নামি দুটা পানীৰ বটল কিনি মুখখন ধুলোঁ। চাহ ভাত খোৱা নহ'ল। মন গৈছিল মডেলজনীক দুটা পলিথিন কিনি দিবলৈ। সেইকেইটাত মুখখন সোমাই বমি কৰি থাকিবলৈ।

হিমাচললৈ কেইবাবাৰো গ'লো।বাছত পলিথিন দিয়ে। কাৰো অসুবিধা নহয়।

যোৰহাট পালোগৈ। বাছৰ চিটৰ ওপৰত লিখা আছিল "পকেট মৰাৰ পৰা সাৱধান" । ছোৱালীজনী তাৰ ঠিক ওচৰতে বহি আছিল। একো নক'লো। ৰাতিলৈ ভাত খোৱা নহ'ব।বমি খালো। অহাৰ সময়ত কণ্টেকটাৰক কৈ আহিলোঁ- "বমিৰ পৰা সাৱধান।"

( আজিৰ জ্ঞান :বমি কৰা সকলে লগত পলিথিন লৈ যাত্রা কৰক)

© মণ্টু কুমাৰ ডেকা

নতুন দিল্লী


No comments:

Post a Comment