“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Thursday, 23 February 2017

বিশ্বাস :

বিশ্বাস :

১) চিগাৰেটডাল জ্বলাই ওপৰলৈ গোলা গোলা ধোঁৱা উৰুৱাই কিছু আমেজ ল'লোহে মাত্ৰ মোবাইলটো বাজিল।উঠালোঁ  লগৰ দুজনে ধেমালিতে চিঞৰিলে,"অমুকাই বৰ্তমান চিগাৰেট খাই আছে"।  সিফালৰ পৰা মানুহজনীয়ে ক'লে,"তোমাৰ ওপৰত মোৰ বিশ্বাস আছে ,বহুত বিশ্বাস  তুমি কেতিয়াও চিগাৰেট নোখোৱা।"
আধা খোৱা চিগাৰেট ডাল মাটিত সৰি পৰিল। বুজিছে "বিশ্বাস" শব্দটোত শক্তি আছে 
বিশ বছৰ পাৰ হ'ল।মানুহজনীও গুচি গ'ল। পিছে চিগাৰেট খোৱা নহ'ল।বুইছ' মানুহজনীৰ মোৰ ওপৰত যথেষ্ট বিশ্বাস আছিল।সেই বিশ্বাসত শক্তি…। মানুহজনে আৱেগেৰে কৈ গ'ল।

২)  ঞ্জিনিয়াৰিঙৰ ছোৱালী।এজনী বহুতেই  স্মাৰ্ট ।আনজনী একেবাৰে কেঁচা,কিন্তু নম্ৰ।দুদিনমান অংক পঢ়ুৱাই অন্তিম দিনা কেঁচা জনীৰ চকুত চকু ৰাখি দৃঢ়তাৰে ক'লো,"তোমাৰ ওপৰত মোৰ বিশ্বাস আছে।তুমি পাৰিবা।"
চাৰি বছৰ পাছত লগ পালো।তাই পঢ়া শেষ কৰি চাকৰি কৰি আছে।স্মাৰ্ট জনীয়ে পঢ়িয়েই আছে।
যোৱাৰ সময়ত মই কোৱা সেই কথাখিনিয়ে যে তাইৰ আত্মবিশ্বাস যথেষ্টখিনি বঢ়াইছিল সেইটো কৈ অশেষ ধন্যবাদ দি গুচি গ'ল। মনটো আনন্দেৰে বিয়পিল।
শুনক,এই বিশ্বাসত শক্তি আছে।বিশ্বাস কৰক।প্ৰথমতে ঈশ্বৰক,নিজক ,ওচৰ চুবুৰীয়াক। বিশ্বাসযোগ্য নোহোৱা বিলাকক বিশ্বাসেৰে কওঁক "আপোনাৰ ওপৰত মোৰ বিশ্বাস আছে,বিশ্বাস,বহুত।আপুনি এজন ভাল মানুহ।"

দেখিব
 এই বিশ্বাস শব্দটোৱেই অবিশ্বাসী জনকো বিশ্বাসী কৰি তুলিব।

-
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী ,
 



No comments:

Post a Comment