“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Thursday, 23 February 2017

ব্যস্ত মানুহবোৰ

ব্যস্ত মানুহবোৰ:

১) দাদাৰ বিয়ালৈ মাতিব গ'লো।এঘৰত সোমালো।টি ভি ৰুমত বহিব দিলে ,বহিলো।চাহ তামোল দিলে খালো।বহুবছৰৰ পাছত তেওঁলোকৰ ঘৰলৈ গৈছিলো ।সুখ দুখৰ কথা-বতৰা পতাৰ মন আছিল,পাতনি মেলিছিলো।পিছে তেওঁলোকৰ সময় নাই।অসমীয়া "বৰলা কাই" চিৰিয়েলত ব্যস্ত।বহু সময়ৰ পাছত আমনি দিয়া যেন পাই ক'লো ,"যাওঁ দিয়ক এতিয়া",এজনে তপৰাই ক'লে "অহহ যোৱা,আকৌ আহিবা এদিন"।
তেওঁলোক ব্যস্ত মানুহ।মানুহৰ লগত কথা পাতিবৰ সময় নাই।বিয়ালৈ মতা নহ'ল।

২) নিজৰ সময় উলিয়াই বন্ধুৰ ভনীয়েক এজনীক এৰাতি আমাৰ লগতেই আশ্ৰয় দিলো।ট্ৰেইন নেপালে,বেচেৰী ৰাতিখন ক'ত যাব? চাহ পানী দি সন্ধিয়া আমি সকলোৱে একেলগে বহিলো কথাবতৰা পাতিম বুলি।পিছে তাইৰ সময়েই নাই দেখোন।অত্যন্ত ব্যস্ত।ফেইচবুক আৰু হোৱাটঅপত।ডেটা ফিনিছ।মোক মাতিলে "ওৱাই ফাই "ৰ পাছ ওৱৰ্ড লাগে হেনো।দিলো।ভাত পানী খাই ৰাতিটো লাগি থাকিল 
পাছদিনা সন্ধিয়া গ'ল।"ওৱাই ফাই" চুইছটো বন্ধ কৰি বন্ধুলৈ ফোন কৰি ফোনতেই বন্ধুৰ ঘৰৰ খা-খবৰ সুধিলো।
ভনীয়েকক ঘৰৰ খা-খবৰ সোধাৰ সুবিধাকনেই নেপালো দেখোন।

মানুহক সময় দিয়ক।নিজৰ পৰিয়ালক সময় দিয়ক।টি ভি আৰু মোবাইলক  নহয়।কথা পাতক,পিছে দুৰৈৰ ডিজিটেল জনক নহয়,সন্মুখত নিজৰ সময় উলিয়াই বহি থকা জনক।দুদিনীয়া জীৱন।মাটিৰ মানুহ মাটিতেই মিলি যাব এদিন।মোবাইল টি ভি সিফালে পৰি থাকিব।

© মণ্টু কুমাৰ ডেকা
নতুন দিল্লী



No comments:

Post a Comment