“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Saturday, 4 March 2017

এটুকুৰা নাৰিকলৰ কাহিনী:


এটুকুৰা নাৰিকলৰ কাহিনী:

ৰলৈ গ’লে এটাকৈ নাৰিকল গোটাই গোটাই ভক্ষণ কৰি দিওঁ | মানুহে খকুৱা , ভুকীয়া বা ক্ষুধাতুৰ যিয়েই নকওঁক মই এই ক্ষেত্রত কাকো ভ্ৰূক্ষেপ নকৰোঁ |

সেই দিনাৰ কথা ,অকলে অকলে ব’ৰিং হ’লে লগৰ জনক মাতো | দুয়ো কথাৰ মহলা মাৰি গৈ পাওঁ ওচৰৰ পানৰ দোকান খনলৈ| জর্দা খোৱাৰ সাহস নাই লগৰজনে তিনিশ বিশ  নে চাৰিশ মুঠতে কিবা এটা বিশ মিহলাই মলমলীয়াকৈ পান খন চোৱায় | মই চূণ নলগোৱাকৈ অকনমান হীৰামতি আৰু নাৰিকল মিহলাই হে খাওঁ| কিছুসময় আমি দুয়ো একো নোকোৱাকৈ পান চোৱাই অসমীয়া অসমীযা অনুভৱ কৰোঁ | দোকানীজনে কথাটো জানে | সেই দিনাও আন দিনাৰ দৰে দোকানীজনক অকনমান নাৰিকল বেচিকৈ দিবলৈ কোৱাত যিটোহে শুনালে |তেওঁ নাৰিকল হেনো অর্ডাৰ কৰি অসম আৰু তামিলনাডুৰ পৰাহে আনে | ক’বৰ মন গৈছিল ,“ আমাৰ ঘৰলৈ যাব গোটাই গোটাই নাৰিকল খুৱাম , কিমান খাব?”

কথা এটা মনলৈ আহিল | আমি সৰু থাকোঁতে এদিন ৰান্ধনী ঘৰৰ চাল চিলাবলৈ গাঁৱৰে দুজনমানক মাতিছিল| হলধৰ খুড়াহতো আছিল| বাইদেউ আৰু মই স্কুললৈ গৈছিলোঁ| সেই দিনা শনিবাৰ আছিল | সোনকালে স্কুল চুটি দিছিল| স্কুলত আছিলোঁ যদিও আমাৰ মন-প্রাণ কেবল ঘৰতেই আছিল| বাইদেউক স্কুলতে কৈছিলোঁ , ” মই হ’লে ডাঙৰটো খাম , তাই মাজুটো আৰু দাদাই একেবাৰে সৰুটো”| দাদাই পিচে লাহে -লাহে খোৱাটো এৰিছিল| আমাৰ মনত নানা ৰং | বৰা চাউলৰ জলপান , নাৰিকল, আৰু পিঠা, সান্দহ গুৰা ও আছে লগতে| আমাৰ মন প্রাণ পিছে সেই নাৰিকলত হে| হলধৰ খুড়াই মামাহঁতৰ ঘৰৰ পৰাই চাৰিটা নাৰিকল ৰাতিপুৱাই আনিছিল| লগে লগে আমি তিনিও মিলি এটা খাই দিলোঁ | বাকী থাকিল তিনিটা| স্কুললৈ যোৱাৰ সময়ত খুড়াক কৈ গৈছিলোঁ যে মোৰ ভাগৰ কোৰোকাটোৰ পৰা যেন বেছিকৈ নাৰিকল নুলিয়াই | পানীখিনিও যেন সজতনে থৈ দিয়ে| স্কুল়ৰ পৰা আহিয়েই বেগটো টেবুলত থৈ একেবাৰে কোৰোকা বিচৰাত লাগি গৈছিলোঁ||

এল পি স্কুলত থাকোঁতে লগৰ দিপুৱেও বস্তাৰ ভিতৰত ভৰাই এদিন কোৰোকা লৈ আনিছিল| লেজাৰৰ সময়ত আমি দুয়ো গৈ মনে মনে এঠাইত কোৰোকা কামোৰাত লাগি গৈছিলোঁ| দিপুৰ নাকেৰে বৈ যোৱা শেঙুন কোৰোকাত লাগি গৈছিল| মই পিছে মন কান দিয়া নাছিলো| মাজে -মাজে কৈছিলো ,” দোষ্টি মোকো একামোৰ দিয়া”| কোৰোকাত নাৰিকলেৰে ভৰি আছিল| সেইদিনা কোনোৱা আলহী অহাৰ কথা আছিল হেনো সিহঁতৰ ঘৰত | স্কুললৈ অহাৰ সময়ত মনে-মনে বেগত ভৰাই লৈ আনিছিল মাকে আথেৰেথে থৈ দিয়া কোৰোকাটো|

কেইবা বছৰো হ’ল ঘৰৰ পৰা  দূৰত  থকাৰ| সময়ে বহুখিনিয়েই পৰিবর্তন কৰিলে| ঘৰৰ সৰু নাৰিকল কেইডালো ডাঙৰ হৈ নাৰিকলেৰে ভৰি থকা হ’ল | আজিকালি খাওঁতাহে নাই |
অসময়ত আমি গৰুৰ গাড়ী এখন ঘৰত থাকোতেই গপতে গঙাটোপ হোৱাৰ দৰে হৈছিলোঁ | আজিকালি পিছে বি এম ডব্লিঊ থাকিলেও যেন কোনোৱে কেয়াৰেই নকৰে| ঘৰে -ঘৰে গাড়ী| সেই দিনা ঘৰলৈ গ’লো | মায়ে ৰান্ধনীঘৰত কোৰোকা ৰোকি আছে | ময়ো ওচৰতে বহি সুখ দুখৰ কথা পাতি আছো | নাৰিকল ৰোকাৰ পাছত কোৰোকাটো মোৰ ফালে দি মায়ে মিঠা হাঁহি এটা মাৰিলে | মই ক'লো “ এহহ অলপ আগতে এটা খালোঁ|” | মায়ে ক’লে, ” এইটোও খা আকৌ , সৰুতে যে.......”

ভতিজাজনে চোতালতে কিবা কিবি খেলি আছে | চয় বছৰীয় | মই গৈ কোৰোকাটো দি ক'লো ,” খোৱা এইটো”| সি অকনমান লাৰি চাই একো নেপাই কালুক দিলেগৈ| কালুৱেই অকনমান শুঙি চাই নেজডাল ল’ৰাই গুচি গ’ল | এইবাৰ সি গৈ গোহালীত থকা গাই জনীক দিলেগৈ | গাই জনীয়েই জিভাখন ভৰাই একো নেপাই কামোৰি এফালে থৈ দিলে|

সি খূউব মজা পালে| দৌৰি আহি ক'লে ”খুড়া খুড়া কোৰোকাটো কুকুৰটোৱেও নেখালে, গাইজনীয়েও নেখালে, হে হে হে “

ওচৰতে বহি থকা দাদা ই আমালৈ চাই ক’লে ,” আজিকালিৰ ল'ৰা ছোৱালী ক'ত গম পাব কোৰোকা খাই বুলি? এটা এটা নাৰিকল হে লাগে |”

পানখন চোবাই  চোবাই লগৰ জনক কাহিনীটোকে কৈ আছিলোঁ | পুনৰ নাৰিকলৰ সৰু টুকুৰা এটাক লৈ দোকানীজনে কিবা ক’লে এইবাৰ শুনাই দিম পিছে|

 

 

© মণ্টু কুমাৰ ডেকা

নতুন দিল্লী

ফোন: ৮৮০০৩০৫৭১৯

 

No comments:

Post a Comment