“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Thursday, 23 February 2017

বাটি কাট:

বাটি কাট:

চুলি কটাবলৈ গ'লো ,বিশ বছৰীয়া ল'ৰাজনে হানিসিং,অক্ষয় কুমাৰ, আমিৰ , চালমানৰ ফ’টো দুখনমান আগত ৰাখি ক'লে ,”দাদা কি কাট দিম কওঁক | একদম লুকছ সলনি কৰি দিম |হানি সিং ও ভাল লাগিব আপোনাৰ ওপৰত”|
মই  ক’লো বাটি কাট জানা নে বাটি কাট জানা যদি বাটি কাট দিয়া|
সি অবাক হ'ল | আধুনিক ল'ৰা |হাতে মুখে কপালে দহটা মান টাটু আঁকি লৈছে |ক’ত জানিব বাটি কাট  ?
সৰুতে  গোপাল বিহাৰীয়ে চোতালৰ একাষে পীৰা এখনত বহুৱাই গলত বিহাৰী গামোছাখন মেৰিয়াই কি কাট বুলি কওঁতে ওচৰতে বহি থকা হলধৰ খুড়াই টপৰাই কৈছিল “ইয়াক বাটি কাট দে”|
তাৰ কিছুদিন আগৰলৈকে মায়ে মৰটোপনিত কাপোৰ   কটা কেঁচিৰে আলফুলে ঘুৰণীয়া কৈ কাটি দিয়াত পাছৰ দিনা এই বিষৰ গুটিয়ে কমসোপা উৎপাত কৰা নাছিল।।বাটি কাট লাগে তাক।।

লাহে -লাহে ডাঙৰ হ’লো | শুক্রবাৰে লেটনাইট চিনেমাবোৰ চাই মিঠুন , অজয় , চানি দেৱল আৰু যে কিমানৰ  কাট কটা নাছিলোঁ|  কেইদিনমান টো মিথুন কাট কাটি মিঠুন হৈ ঘুৰি ফুৰিছিলোঁ |সেই সময়ত  মিঠুন হৈ ঘুৰি ফুৰাৰো কি যে আনন্দ !!!  লগৰ দিপু হতে অজয় কাট..আমিৰ কাট...

সময় বাগৰিল | ডাঙৰ হ’লো|  বেলেগক অনুসৰণ নকৰি নিজস্ব নামৰ  বস্তুটোলৈ মন দিলোঁ।
ল'ৰাজনে গলত ধুনীয়া কাপোৰ খন মেৰিয়াই তেতিয়াও ৰৈ আছিল| অবাক হৈছিল বাটি কাটৰ কথা শুনি|
মই ক'লো “ ভাই মই  মইয়েই , হানি সিং নহওঁ নহয় | বাটি কাট দিয়া   নহ’লে মোৰ সেই অফিচিয়েল কাট টো দিয়া  যাতে মই  মই হৈ জীয়াই  থাকিব পাৰোঁ|”

আনক নকল বা অনুসৰণ নকৰি নিজস্ব এটা বজাই ৰাখি জীয়াই থকাৰ আনন্দও সুকীয়া।কথা এষাৰ আছে নহয়" বি অৰিজিনেল" । আজিকালিহে বুজিলোঁ।।

( বিঃ দ্ৰঃ  বাটি কাট পুৰণি কাট|ডাঙৰ কাঁহৰ বাটি এটা মুৰৰ ওপৰত ৰাখি চাৰিওফালৰ চুলি কেইডাল কটা কাটটোকে বাটি কাট বোলে)

©মণ্টু কুমাৰ ডেকা ( কম্পিউটাৰ অভিযন্তা )
নতুন দিল্লী


No comments:

Post a Comment