“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Sunday, 4 September 2016

বিপদত পৰা সেই মানুহজন :

মানুহজনে খৰধৰকৈ এ টি এম মেচিনটোৰ ফালে আহিল।এখন হাতেৰে কাণত মোবাইলটো ধৰি আনখন হাতত থকা বেগ কেইটা নমাই পেণ্টটোৰ পিছ পকেটৰ পৰা সৰু বেগটো উলিয়াই জোৰ জোৰকৈ কথায়েই পাতি আছে।বিপদত পৰা যেন লাগিছে। আমাক আহি ইমাৰজেনচি বুলি কোৱাত আমিও তেওঁকেই আগতে মেচিনটোৰ ওচৰলৈ যাবলৈ কোৱা যেন কৰিলো। কানত মোবাইলটো লৈ মানুহজনৰ যেন উহাদিহ নোহোৱা হৈছে ।কি কৰিব,কান্দিব নে হাঁহিব ! কাৰোৱাৰ দুৰ্ঘটনা হৈছে । টকা লাগে তেজ লাগে মানুহ লাগে…। এম্বুলেঞ্চ লৈ হস্পিটেলত লৈ গৈছে । গাৰ্জেন লাগে । সিফালৰ পৰা কপাঁ-কপাঁ এজনৰ মাত, লগতে এম্মুলেঞ্চৰ সেই ভয়লগা ইমাৰজেনচি হৰ্ণটো…। মানুহজনে ক'লে তেওঁৰ পকেটত চাৰিশ টকা আছে ,আৰু এটি এমত তিনি হেজাৰ । কথা কৈ কৈয়েই এ টি এম কাৰ্ড খন মেচিনটোত কিমানবাৰ সোমালে সেইটো তেওঁ নিজেই নাজানে। খৰধৰ কৰি কৰি বহু সময় লগা যেন হোৱাত তেওঁ ক'লে "মই এতিয়াই গৈ আছো তই তাক গৈ ইমাৰজেনচিত সোমোৱাই দে ,পইচা পাছতো হ'ব "। মানুহজনে পইচা ওলোৱা কামটো আশা এৰি,বেগতো লৈ দৌৰি গৈ অ'টো এখনত বহিল। তেখেত  দুৰ্ঘটনাত পতিত হোৱা জনৰ পিতৃ…।
কথাবোৰ দেখি শুনি আমাৰ দুয়োৰে মন-প্ৰাণ সেমেকি গ'ল। কোনে জানে কাৰলৈ বিপদ কেতিয়া কেনেকৈ আহে । মানুহজন যোৱাৰ পাছত মই মেচিনটোৰ ওচৰলৈ গৈ কাৰ্ডখন সোমোৱাই দিলো। হোৰ হোৰ হোৰ কৈ তিনি হেজাৰ টকা উলাই আহিল। আচৰিত হ'লো। মই দেখোন দুই হেজাৰহে উলিয়াবলৈ আহিছিলোঁ। অহহ মোৰ দেখোন পিন নম্বৰটোও ন'ললে। লগৰ জনক ক'লো।বেলেঞ্চ চালো। পইচা কটা নাই। কিছু সময় ভাবি গুনি চাই গ'ল পালো মানুহজনে পিন এন্টাৰ কৰাৰ পাছত পইচা নোলোৱাকৈ গুচি গৈছিল,নতুবা মেচিনটোৱে কাম নকৰা বুলি এৰি থৈ অ'টোত বহিছিল।
লওঁ নলওঁকৈ তিনি হেজাৰটো লৈ এটি এমৰ ওচৰতেই দুয়ো ৰৈ থাকিলোঁ ।ইফালে সিফালে চালো। নাই নাই তেওঁ আৰু নাহে ,তেওঁ কিজানি ইমাৰজেনচি ৰোমত গৈ পালে,অহহ হস্পিটেলৰ নামটো কোৱা হ'লে কমচেকম। ৰাতি দহ বাজিল।দুয়ো এটিএম ৰ পৰা ঘৰ পালোহি। কিবা এটা বেদনাই দুয়োকে আৱৰি ধৰিছে। ল'ৰাজনক চাবলৈ দেউতাকে কেনেকৈ সকলো এৰি গুচি গৈছিল ,কেনেকৈ তেখেতৰ মাতটো ভাঙি শোকাকূল হৈ পৰিছিল…।
এশ টকীয়া তিনি হেজাৰটো টেবুলৰ ওপৰত থৈ দুয়ো কিবা এটা অপেক্ষাত নিৰৱে ৰৈ থাকিলো কিজানি মানুহজনৰ কিবা সন্ধান পাও,কিজানি এটা অচিনাকী ফোন কল…।
ৰাতি এটা বাজিল ।নিৰৱতা ভংগ কৰি ৰোমমেট নিখিলে কৈ উঠিল,"আৰে উসকে পাছ ত' চিৰফ তিন হাজাৰ হি থা…।"
কেইবা মাহৰ লৈকে সেই বিপদত পৰা মানুহজনৰ তিনি হেজাৰটো টেবুলৰ একাষেই থাকিল। চুবলৈ মনে বিচৰা নাছিল।বাৰে বাৰে সেই কপাঁ কপাঁ মাত…সেই এম্বুলেঞ্চচৰ ভয়লগা হৰ্ণটো কাণত ভাহি থাকিল।
 
 

মংগল বেচা মানুহবোৰ:

কিনকিনিয়া বৰষূণ।মাজে-মাজে আকৌ ৰ'দ।তাতে আকৌ আদাবাৰীৰ পৰিবেশ। বাছখনৰ সন্মুখৰফালে কলাইগাওঁ লিখি থোৱাত উঠিলোঁ। কণ্টেক্ট'ৰজনে মাজৰ এটা খালী চিট দেখুৱাই দিলে।বেগটো চিটৰ ওপৰত থৈ ঠিক বহিব ওলোৱাত মোৰ পাছৰ চিটটোত বহি থকা সৰু ছোৱালীলৈ চকু পৰিল।ছোৱালীজনীয়ে মোৰফালে চাই মিচিকিয়াই মোৰ হাতখনত ধৰিছে। অহহ,এইয়া দেখোন আমাৰ গাঁৱৰ হলধৰ খুড়াৰ ছোৱালী।
: - ক'ৰ পৰা আহিলা মাজনী?
:- অহহ ,চকুৰ হস্পিটেলত আহিছিলোঁ।মাজনীৰ চকু দেখুৱাবলৈ। জোনাকী খুৰীয়ে তপৰাই কৈ উঠিল।
বেগত থকা চিপছৰ পেকেট দুটাৰ এটা মাজনীৰ হাতত দি চিটটোত বহি লৈছো।মহা আৰামেৰে। ভাগৰো লাগিছে।দীঘলীয়া জাৰ্নি কৰি আহিছো।বাছখন যাবলৈও কমচেকম আৰু আধা ঘণ্টা সময় লাগিব। মাজনীহঁত পাছফালে বহি আছে।মোৰ ওচৰৰ চিটটোত তেতিয়ালৈকে কোনো আহায়েই নাছিল। গতিকে ময়ো বিনদাছ হাত দুখন চিটটোৰ ওপৰত ৰাখি বহি আছো। মাজে-মাজে ভৰি কেইখনো মহা সন্তোষেৰে লৰাইছো। মাজনীয়ে মোৰ হাতত থকা ঘড়ীটো লাৰিছে।মাজে -মাজে সোলোকাই দি আকৌ পিন্ধাইছে।তাই আমেজ পাইছে। গাঁৱতো তাই প্ৰায়ে মোৰ স'তে খেলে। লাহে-লাহে মোৰ চকুকেইটো বন্ধ হৈ গৈছে। টোপনীতে এজনে আহি কিবা তিনিটকা নে দহ টকাৰ কথা জোৰ জোৰকৈ কৈ কাৰোৱাৰ লগত কিবা কৈ আছে। দহ টকাই হেনো লাগিব।নহ'লে সোলোকাই দিব কৈছে। টোপনিতে দুই তিনিবাৰ জপিয়াইও পৰিলোঁ। এৰা মাজনীয়ে দেখোন এইবাৰ ঘড়ীটো মোৰ সোঁ-হাততে পিন্ধাই দিলে।
:-দাদা,দহ টকা এটা দে।
-বগা সাজপাৰ পিন্ধা মানুহজনে গেৰুৱা গামোছাখন গলত মেৰিয়াই ক'লে। এটা পিতলৰ ঘটিৰ দৰে,কাঁহীও এখন আছে।সেন্দুৰ অকনমান সৰু পলিথিন এটাত কাঁহৰ কাঁহীখনৰ এফালে,দুডালমান সুগন্ধি ধূপ।ধূপৰ গোন্ধতো নাকত লাগি যোৱাত মোৰ টোপনি ভাঙি যোৱাৰ দৰে হ'ল।
: - কিয় লাগে দহটকা।-মই আচৰিত হৈ ক'লো।
মোৰ সোঁহাতত বান্ধি থোৱা ৰঙা সুতা খিনিলৈ আঙুলিয়াই ক'লে," দাদা ,অমুক বাবাৰ মন্দিৰৰ সুতা। বাবাৰ আশীস থাকিব।মংগল থাকিব। "
:- এইডাল কেলে বান্ধিলা মোৰ হাতত? কেতিয়া বান্ধিলা?
:- দাদা বেছি নহয়,দহ টকা। বাবাৰ মংগল থাকিব,আশীস থাকিব।ধনী হ'ব। নক্ৰৰি পাই যাব।
মানুহজনৰ অসমীয়া শুনি বিহাৰৰ যেন লাগিল। হিন্দীত ক'ব বিচাৰিলোঁ যদিও নকৈ অসমীয়াতে কৈ থাকিলোঁ। তেখেতৰ গলৰ গেৰুৱা গামোচাখনে অসমীয়া যে নহয় তাৰ প্ৰমান দিলে।
:-এই ডালৰ কি কাম?
:- দাদা,কৈছো নহয়।মংগল হ'ব,বাবাৰ আশীষ হ'ব ।নক্ৰৰী হ'ব,সাদী হৈ যাব।ধন হ'ব।
:- পাঁচ টকা দিলে হ'বনে? -এনেয়ে কৈ চালো।
:- নহয়,দাদা। বাবাৰ কথা আছে,ইজ্জত আছে…
খঙতে সেই বেপেৰুৱা ৰঙা সুতা কেইডাল হাতৰ পৰা সোলোকাই তাৰ কাঁহৰ থালী খনত থৈ ক'লো," এই কেইডাল লৈ যা, তয়ে বান্ধি ল'।লগতে কাঁহীত থকা কেইডালো হাতে ভৰিৰে গ'লে,পেটে ,ককালে বান্ধি ল',তয়ে ধনী হ,তয়ে চাকৰী পা,বাবাৰ আশীস ল',তয়ে বিয়া হ'।
নিজে তিনিটকা এটাৰ কাৰণে তেতিয়াৰ পৰা লাগি আছা,নিজে ধনী হৈ যোৱানা,বিহাৰ সে আসাম আনে কা ক্যা জৰুৰী থা??
দহ মিনিটধৰি আমাৰ কথা শুনি থকা কণ্টাক্টৰ জনে আমাৰ ওচৰলৈ আহি তেওঁক ক'লে,"নিকাল গাড়ী সে"
চতুৰ বিহাৰী পণ্ডিত।ওলোতাই তৰ্ক কৰিব ধৰাত কন্টেক্টৰজনে মুৰৰ পাছফালে থাপ্পৰ এটা মাৰি উলিয়াই দি ক'লে,"চাল্লা মংগল বেচিব আহিছ।"
কথাবোৰ ভাবি ভাবিয়েই ঘৰ পালোহি।কেনেকৈ কন্টাক্টৰজনে মানুহজনৰ মুৰৰ পাছফালে থাপ্পৰটো মাৰিছিল…কেনেকৈ মানুহজনে মংগল বিচৰা মানুহবোৰক মংগল বেচিছিল…।
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
৩১/০৩/২০১৬
 

ভোকাতুৰ :

অফিচৰ ইমেইল বোৰ চাই মেলিয়েই সদায়েই আৰম্ভ কৰোঁ এখন এখন কৈ অসমীয়া বাতৰি কাকতবোৰ..চকু ফুৰাও নতুন কিবা এটা চিন্তাৰ খোৰাক বিচাৰি..নতুন চিন্তা ,নতুন কথা, নতুন অনুভৱ | ওপৰে-ওপৰে প্রথম শাৰীকেইটা চাওঁ , কিবা নতুনত্ব থকা যেন পালেই এফালৰ পৰা প্রতিটো শব্দ প্রতিটো শাৰী পঢ়ি যাওঁ | মনটো কিবা এটা অচিনাকী আনন্দেৰে ভৰি যায়| যিদিনাই একো এটা বিচাৰি নেপাও সেইদিনাৰ দিনটোৱেই যেন বেয়া| ”এহ আজিৰ পেপাৰ খনত একো এটাই নাচিলে পঢ়িবলগীয়া” |
প্রায় সকলোবোৰ মানুহেই তেনেকুৱা | নতুন-নতুন কথাৰ কাৰণে সদায় কঢ়িয়াই লৈ ফুৰে এক বিশেষ ভোক |
°°°°°°°°°
ৰাষ্টাৰ দাঁতিত কাঠৰ ভঙা চকী এখন পাৰি ডেকা মানুহজন সদায়েই ৰৈ থাকে এক বিশেষ আগ্রহেৰে..| এখন সৰু টেবুল | এবটল পানী, ভঙা ডাঙৰ ৰঙা ফ্রেমৰ আইনা এখন |মাজে- সময়ে একো একোজন গ্রাহক আহে | কাষতে ৰিক্সাখন বা ঠেলা খন থৈ ভঙা টেবুল খনত বহি যায় | সেই বহুদিনীয়া পুৰণা কাপোৰ খন গাত মেৰিয়াই দি তেখেতে আৰম্ভ কৰে তেওঁলোকৰ শুকান চুলিবোৰ কটাত..| মাজে-মাজে কৈ উঠে আজি স্ক'ৰ কিমান হ'ল ? পিছে তেখেত সকলে বা কিমান বুজিলে..? সেইদিনা বাছৰ কাৰণে ৰৈ থাকোতে মোকো শুধি পেলালে “ বিৰাট গ'ল নেকি?? ” মই আচম্ভিক হৈ দুনাই শুধি গ’ম পালো বিৰাট কুহলিৰ কথা সোধা বুলি | তেখেতে গম নেপালে যে তেখেতে ক্রিকেটৰ একো নজনা মানুহ এজনকহে শুধিলে | সিদিনাখন তেখেতৰ ৰেডিঅ’টো বেয়া হৈ আছিল | গতিকে ৰৈ আছে এক বিশেষ আগ্রহেৰে আহিব লগীয়া বাছ খনলৈ ..বাছ খনৰ চালক ,তেখেতৰ ক্রিকেটৰ বন্ধু জনলৈ..| দুখীয়া নিচলা সেই মানুহজনৰ চকুত সেইদিনা মই এক বিশেষ ধৰণৰ ভোক দেখা পাইছিলোঁ |
°°°°°°°°
প্রায় ষাঠি বছৰ মান বয়সৰ বয়সীয়াল মানুহজন | পিন্ধি থকা হাফপেন্ট আৰু টি-চার্টটোৰ পৰা অৱসৰ প্রাপ্ত সৈনিক বুলি উমান কৰিব পাৰি | ৰিবকৰ জোটা | বিলাটী কুকুৰটো লৈ এফালে বহি আছে একেবয়সীয়া তেখেতৰ পত্নী| পত্নীজনীয়ে মাজে-মাজে কৈ আছে,” যাও ব'লা” | পিছে মানুহজনৰ কাণসাৰ নাই | তেখেত নঙলাৰ সন্মুখেদি বৈ যোৱা সেই ধুনীয়া নলাটোত বৰশী বোৱাত একান্ত ব্যস্ত | কুকুৰটোৱেও নেজডাল ল'ৰাই বাৰে বাৰে ভুকি আমনি পোৱাৰ সংকেট দিছিল | পিছে তেখেতৰ তাত গুৰুত্বই নাই| যেন মাছ ধৰি লৈ যোৱাৰহে ভীস্ম প্রতিজ্ঞাটো কৰি থৈ আহিছিল |
মানুহ জনে মাছ কিমান পালে বা নেপালে সেইটো গম নেপালোঁ | পিছে মাছ ধৰাৰ এটা বিশেষ ভোকত তেখেতে জ্বলি পকি মৰিছিল ..|
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
10 অগষ্ট 2016
 

এটা সন্তুষ্টিৰ হাঁহি কিনিলোঁ :

সৰু কথা দেই | নিজকে মহান দেখুৱাবৰ বাবে কথাটো কোৱা নাই | গধূলি সাত বজাত মেট্র'ৰ পৰা নামিয়েই ৰিক্সা এখনৰ সন্ধানত লাগি গ'লো| সাধাৰণতে সেই বুঢ়া মানুহবোৰে চলোৱা ৰিক্সাবোৰত উঠিবৰ বাবে দেখোন কিবা বেয়া বেয়া লাগে |লাজো পাও| ৰিক্সাত কিবা কাৰণত উঠিব ল'গা হ'লে আমাৰ দৰে ডেকাবোৰকহে বিচাৰো| সুখ-দুখৰ কথা পাতো | পিছে আজি কালি বেটেৰী চালিত ৰিক্সাবোৰ ওলোৱাৰ বাবে কিন্তু ডেকা বুঢ়া একো নেচাও |ভাৰা দিও উঠো ধৰণৰ মনোভাৱ এটা মনত আহি যায় | ঠাই ডোখৰ অকনমান বিপদজনক | সেইদিনা অসমীয়া ছোৱালী এজনীৰ হাতৰ বেগটো টানি লৈ পলাই গ'ল দুজন ডেকা| ৰিক্সা চালক জনে একোৱেই কৰিব নোৱাৰিলে| কথাবোৰ ভাবিগুণিয়েই মেট্র'ষ্টেচনৰ ওচৰতেই ৰৈ থাকিলোঁ | পিঠিত থকা লেপটপ ,কিতাপৰ বোজা,এ টি এম , মোবাইল ..| দহ মিনিট মান পাছত দেখা পালো এজন ডেকা| ঠিক আমাৰ বয়সৰেই | বেচেৰাই দুখে ভাগৰে ঘৰলৈ উভতিছে ৰিক্সাখনত পেডেল মাৰি-মাৰি | দাম-দৰ সোধাত তিৰিশ টকা ক’লে | সাধাৰণতে চল্লিশ টকা লয় | ঈশ্বৰক ধন্যবাদ দি বহিলোঁ | খা-খবৰ সুধিলোঁ | উত্তৰ প্রদেশৰ বৰেলীৰ হয় | মেট্র' ষ্টেচনৰ তলতেই সৰু টম্বুৰ দৰে ঘৰ এটাত সিঁহত চয় জন একেল'গে থাকে | তিনি মাহৰ মুৰত ঘৰলৈ যায় | মাক দেউতা আছে | বিবাহিত | ছোৱালী এজনীও আছে | মাহেকত তিনি হেজাৰকৈ ঘৰলৈ দিয়ে | ছোৱালী জনীক লৈ নানা সপোন আছে |মাকৰ হেনো বেমাৰ| কেঞ্চাৰ | পিছে সেই দিনা তাৰ মনতো খুব বেয়া| দিনটো সেই এপার্টমেণ্টবোৰৰ সন্মুখতে ৰৈ থাকিল যদিও এটাও যাত্রী নোলাল ..|ইফালে দিনে পঞ্চাছ টকাকৈ ৰিক্সাৰ মালিকক দিব লাগে ..| মাকৰ দৰৱ পাতিতেই তাৰ তিনিহেজাৰৰ আধা গুচি যায় ..| কথাবোৰ এফালৰ পৰা কৈ থাকোতেই মোৰ গ্রন্তব্য ঠাই খিনি পালোগৈ ,,| তাৰ কথাবোৰ শুনি থাকোতেই দেখোন কিবা মনটো সেমেকি গৈছিল..| এই পৃথিৱীত মানুহৰ যে কিমান সমস্যা থাকে..|পকেটত হাত ভৰাই খুচুৰা তিৰিশ টকা নেপাই এশ টকা এটা দি দিলোঁ। বেচেৰাই খুচুৰা বিচাৰি বেলেগ এজন ৰিক্সাচালকৰ ওচৰলৈ যাব ওলোৱাত মই ক’লো এশ টকাটোকেই ৰাখা| মৰম কৰি দিছো ..| মানুহজনে কথাটো বিশ্বাস কৰিব নোৱাৰি দুনাই সুধিলে “ আপকা পেইচা..? “ মই ক’লো ৰাখি থোৱা| মাৰ কাৰণে সত্তৰ টকাৰ দৰৱ আনিবা| মানুহ জনে এটা কৰুণ সন্তুষ্টিৰ হাঁহি মাৰি মোৰলৈ একেথৰে চাই থাকিল..|
মই গৈ গৈ গেট পালোগৈ , কিন্তু তথাপিও বেচেৰাই একেথৰে ৰিক্সাৰ চিটত বহি মোৰলৈ চায়েই থাকিল..| মই যেন বহুত কিবা মহান কামহে কৰিলোঁ |
আজি বহুদিন হ’ল | তথাপিও মানুহজনৰে সেই কৰুণ চাৱনি ,কৰুণ সন্তুষ্টিৰ হাঁহিটো দেখোন মোৰ চকুৰ আগতেই ভাহি থাকিল | এনে এটা সন্তুষ্টিৰ হাঁহি মই কোনেদিনেই পোৱা নাছিলোঁ ।মই কোনো মহান কাম নকৰিলোঁ কিন্তু সত্তৰ টকাৰে যেন এটা সন্তুষ্টিৰ হাঁহিহে কিনিলোঁ|
সৰু মানুহক সৰু কথাই বহুত আনন্দ দিয়ে..|
 

জাপি: ( চুটি গল্প)

জাপি: ( চুটি গল্প)
মাজনী অসমলৈ আহিছে | চুবুৰীয়া হলধৰৰ ছোৱালী | অহাৰ দিনা খনৰ পৰাই জাপি জাপি কৰি আছে | তাইক হেনো জাপি লাগে | বিহু নাচোতে মাকে পুৰস্কাৰ হিচাপে পোৱা জাপিটো দিল্লীলৈ লৈ গৈছিল | মাক দেউতাকে ভাবিছিল এদিন যেন ল'ৰা ছোৱালীহাল ডাঙৰ হ'লে কমচেকম সৰু সুৰা অসমীয়াৰ চিনাকীস্বৰুপ বস্তুবোৰৰ নাম যেন নজনাকৈ নাথাকে | সেই কাৰণে ”মা দেতা “ উচ্চাৰণ কৰিব পৰা হোৱাৰ পাছৰ পৰাই মাক নিৰলাই বেৰত আঁৰি থোৱা জাপিটোৰ ফালে আঙুলিয়াই ক’বলৈ শিকাইছিল “ এইটো জাপি ..ডাঙৰ হ'লে বিহু নাছিব লাগিব , এইয়া চোৱা এনেকৈ নাছে | নিৰলাৰ নাচত মাজনীয়ে খুব আমেজ পায় | ৰঙচঙীয়া জাপিটোৰ ফালে কামুৰি টকা আঙুলীকেইটা টোৱাই দিয়া দিনটো সিহঁতৰ বাবে কিমান আনন্দৰ কথা আছিল ! মাজনীক হলধৰৰ হাতত গটাই দি পাচলি কাটি কাটিয়েই কানত মোবাইলটো লৈ নিৰলাই মাকক ক’বলৈ ধৰিলে , “ মা আজি আমাৰ মাজনীয়ে জানে..কি কৈছে..? “ ”কি কৈছে ? কি কৈছে , ক’কা আইতা কয় নে ?” সিফালৰ পৰা মাকৰ নিৰন্তৰ প্রশ্ন | জানে ”জাপি জাপি” বুলি কৈছে ..| কাইলে হেনো হলধৰে ক'কা আইতা ক’বলৈ শিকাব | আচ্ছা আপোনালোকৰ “কপ’ল ফ'টো” একপি হলধৰৰ মোবাইলত হোৱাছএপ কৰি দিবলৈ ভন্তিক ক’বছোন | সেইখন দেখুৱাই দেখুৱাই হেনো হ'লধৰে শিকাব ‘ এইটো মামা ক’কা, মামা আইতা..”|
গাঁৱখনত টকৌ গছবোৰ নোহোৱাই হৈ পৰিছে | যোৱা বছৰ বাৰিষাত জাপি কেইটা বনাব ল'গা হোৱাত বিমলহতঁৰ গাঁৱৰ পৰাই টকৌ পাত আনিব লগীয়া হৈছিল | বাৰীত নতুনকৈ হোৱা গছজোপাত এটা জাপিৰ জোখৰ হে হ'ব | ইফালে মাজনী , তাই মোৰ লগতেই লাগি আছে | তাইক হেনো বৰষুণত লোৱা জপি লাগে | দিল্লীৰ দ্বৰকাৰ “সচদেৱা ইন্টাৰনেশ্বনেল স্কুল”ত পঞ্চম শ্রেণীত পঢ়ে.. | হিন্দী আৰু ইংৰাজীত সেই দিনা সিহঁতৰ স্কুলৰ লগৰীয়া চিমাৰ লগত মাকে কথা পতাই দিয়াটোও শুনিছো | মোৰ মৰম লাগে | কমচেকম জাপিটোক ” হেণ্ডমেড ৱিলেজ কেপ ” বুলি নকৈ কমচেকম জাপি বুলিবলৈ যে শিকিছে ..| বাহিৰৰ পৰিবেশৰ লগতেই নিজৰ শিপাডালকো যেন তাই বজাই ৰাখিব ..|
”ককা সেইটো কিহৰ পাত ? ” গোহালী ঘৰৰ মজিয়াত পাৰি থোৱা ঢাৰিখনৰ পৰা উঠি মোৰ কান্ধত হাত থৈ মৰমৰে শুধিলে | “ সেইটো টকৌৰ পাত মাজনী | সেইটোৰে জাপি সজাম | “ বাঁহৰ দৈ তোলি তোলি মই তাইক ক'লো | যোৱাকালি মই তাইক দৈৰ বিষয়ে শিকাইছো | বেতৰ বিষয়েও কৈছো | তাই ৰাতিপুৱাৰ পৰা মোৰ ওচৰতে বহি জাপি সজোৱাৰ সকলোবোৰ কথা এফালৰ পৰা শিকি আছে | তাইৰ মনত কিমান যে প্রশ্ন | আমাৰ মাজত আজি কালি বহু কথা হয়| তাইৰ স্কুলৰ বন্ধু বান্ধৱীবোৰৰ কথা | শিক্ষক শিক্ষয়েত্ৰীৰ কথা| মই দিল্লী কাহানীও যোৱা নাই , দেখা নাই | কিন্তু তাইৰ পৰা মই বহু কথায়েই যেন শিকিছো | যেন তাইৰ লগত এফালৰ পৰা দিল্লীৰ গলিয়ে গলিয়ে ঘুৰি আছো | তাইৰ স্কুলৰ যেন প্রতিটো চুক মই দেখিছো | সিঁহতৰ স্কুলৰ চকীদাৰ ৰামলাল.. |মাজনীয়ে হেনো ৰাখীবন্ধনৰ দিনাখন তেওঁক ৰাখী এডাল পিন্ধাই খুড়াক বনাই ল'ব আৰু দেউতাৰ পুৰণা জোটাৰ দুজোৰ মানো দিব |
মাটিত সৰুকৈ গাত এটা খান্দি জাপিটোৰ দৈৰে সজোৱা ওপৰৰ খৰপটো সৰু গাতটোত বহাই লৈছো | তাৰ ওপৰত শুকান তিতা টকৌ পাতবোৰ দি জাপিৰ দৈৰে তৈয়াৰ কৰা তলৰ খৰপটোও ঢালি দিছো | আজি মাজনীয়ে দেউতাকৰ সৰু কেমেৰাটোও লৈ আনিছে | কিবা হেনো ভিডিঅ’ কৰিব | মোক হেনো লেপটপত দেখুৱাব | তাই মোৰ স্কুলীয়া দিনৰ কথাবোৰ শুনি খুব ভাল পায়| সৰু কালৰ মোৰ সেই জাপিটো..| ক’কাই সাজি দিয়া সেই জাপিটো লৈয়ে মই স্কুললৈ অহাযোৱা কৰিছিলোঁ | মই যিমান ওখ আছিলোঁ তাতকৈ বেছি আহল-বহল আছিল সেই জাপিটো | জাপিটোত সৰু পটাৰ ৰছী এডাল আছিল যিডালেৰে আজি কালিৰ হেলমেডৰ দৰে মুৰত পিন্ধি গলত মেৰিয়াই লৈছিলোঁ | সেইডালে জাপিটোক বতাহত উৰুৱাই নিয়াৰ পৰা ৰক্ষা কৰিছিল | মাজে-মাজে বতাহৰ জোৰত জাপিটো উৰি যোৱা যেন হোৱাত মই নিজে বাগৰি গৈছিলোঁ | ৰ'দ বৰষূণ নোহোৱাৰ দিনাখন জাপিটোত পিঠিতেই ওলোমাই ঘৰ পাইছিলোঁ | স্কুলত আৰু ঘৰত জাপিটো ৰখাৰ কাৰণে এক বিশেষ স্থান আছিল | এদিন আকৌ আমাৰ প্রধান শিক্ষক মহোদয়েও সৰুপানী চুবলৈ মোৰ সেই আহল বহল জাপিটোকেই লৈ গৈছিল | মোৰ যেন বুকু খন ফুলি গৈছিল |
মাজনীক কথাবোৰ কৈ থাকোতেই জাপিটো তৈয়াৰ হৈ উঠিছিল | মাজনীয়ে এখন হাতেৰে কেমেৰাটো লৈ একান্তমনেৰে মোৰ কথাবোৰ শুনি গৈছিল | মাজ-মাজে তাইও প্রশ্ন কৰিবলৈও পাহৰিছিল | তাইয়ো যেন মোৰ লগতেই মোৰ শৈশৱতেই উতি- ভাহি ফুৰিছিল |
গৰমৰ বন্ধ শেষ হৈ গ'ল| আজি ৰাতিপুৱাই মাজনী দিল্লীলৈ গুছি গ’ল | মোৰ ভৰি চুই আর্শীবাদ লোৱাৰ সময়ত মোৰ চকুলো চলচলীয়া হৈ গৈছিল | তাই বাইকৰ মাজত বহি গৈছিল | পাছেফালে পটাৰ ৰছীৰে জাপিটো বান্ধি দিছিল | সিহঁত ক্রমান্বয়ে দুৰলৈ গুচি গৈছিল, মাজনীয়ে এখন হাতেৰে তেতিয়াও বাই বাই দি গৈছিল | পাছফালে পটাৰ ৰছীৰে বান্ধি থোৱা জাপিটো বতাহত জোৰকৈ ল'ৰিছিল ..| ময়ো যেন বতাহতে বাগৰি পৰিছিলোঁ | শৈশৱৰ সেই বিশেষ জাপিটোৰ সেই পটাৰ ৰছীডালে তেতিয়াও যেন মোক বাৰে বাৰে বতাহত উৰুৱাই নিছিল..|
ঘৰলৈ আহি জাপি সজোৱাৰ সকলো সজুলি এফালে বান্ধি থৈ জাপি সজোৱাৰ কাম সিমানতে সামৰিলোঁ | আগন্তুক গৰমৰ বন্ধত মাজনী আহিলে তাইৰ স'তে আকৌ জাপি সজাম |
~~ মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
25/08/2016