সৰু কথা দেই |
নিজকে মহান দেখুৱাবৰ বাবে কথাটো কোৱা নাই | গধূলি সাত বজাত মেট্র'ৰ পৰা নামিয়েই
ৰিক্সা এখনৰ সন্ধানত লাগি গ'লো| সাধাৰণতে সেই বুঢ়া মানুহবোৰে চলোৱা ৰিক্সাবোৰত
উঠিবৰ বাবে দেখোন কিবা বেয়া বেয়া লাগে |লাজো পাও| ৰিক্সাত কিবা কাৰণত উঠিব ল'গা
হ'লে আমাৰ দৰে ডেকাবোৰকহে বিচাৰো| সুখ-দুখৰ কথা পাতো | পিছে আজি কালি বেটেৰী চালিত
ৰিক্সাবোৰ ওলোৱাৰ বাবে কিন্তু ডেকা বুঢ়া একো নেচাও |ভাৰা দিও উঠো ধৰণৰ মনোভাৱ এটা
মনত আহি যায় | ঠাই ডোখৰ অকনমান বিপদজনক | সেইদিনা অসমীয়া ছোৱালী এজনীৰ হাতৰ বেগটো
টানি লৈ পলাই গ'ল দুজন ডেকা| ৰিক্সা চালক জনে একোৱেই কৰিব নোৱাৰিলে| কথাবোৰ
ভাবিগুণিয়েই মেট্র'ষ্টেচনৰ ওচৰতেই ৰৈ থাকিলোঁ | পিঠিত থকা লেপটপ ,কিতাপৰ বোজা,এ টি
এম , মোবাইল ..| দহ মিনিট মান পাছত দেখা পালো এজন ডেকা| ঠিক আমাৰ বয়সৰেই | বেচেৰাই
দুখে ভাগৰে ঘৰলৈ উভতিছে ৰিক্সাখনত পেডেল মাৰি-মাৰি | দাম-দৰ সোধাত তিৰিশ টকা ক’লে
| সাধাৰণতে চল্লিশ টকা লয় | ঈশ্বৰক ধন্যবাদ দি বহিলোঁ | খা-খবৰ সুধিলোঁ | উত্তৰ
প্রদেশৰ বৰেলীৰ হয় | মেট্র' ষ্টেচনৰ তলতেই সৰু টম্বুৰ দৰে ঘৰ এটাত সিঁহত চয় জন
একেল'গে থাকে | তিনি মাহৰ মুৰত ঘৰলৈ যায় | মাক দেউতা আছে | বিবাহিত | ছোৱালী এজনীও
আছে | মাহেকত তিনি হেজাৰকৈ ঘৰলৈ দিয়ে | ছোৱালী জনীক লৈ নানা সপোন আছে |মাকৰ হেনো
বেমাৰ| কেঞ্চাৰ | পিছে সেই দিনা তাৰ মনতো খুব বেয়া| দিনটো সেই এপার্টমেণ্টবোৰৰ
সন্মুখতে ৰৈ থাকিল যদিও এটাও যাত্রী নোলাল ..|ইফালে দিনে পঞ্চাছ টকাকৈ ৰিক্সাৰ
মালিকক দিব লাগে ..| মাকৰ দৰৱ পাতিতেই তাৰ তিনিহেজাৰৰ আধা গুচি যায় ..| কথাবোৰ
এফালৰ পৰা কৈ থাকোতেই মোৰ গ্রন্তব্য ঠাই খিনি পালোগৈ ,,| তাৰ কথাবোৰ শুনি থাকোতেই
দেখোন কিবা মনটো সেমেকি গৈছিল..| এই পৃথিৱীত মানুহৰ যে কিমান সমস্যা থাকে..|পকেটত
হাত ভৰাই খুচুৰা তিৰিশ টকা নেপাই এশ টকা এটা দি দিলোঁ। বেচেৰাই খুচুৰা বিচাৰি
বেলেগ এজন ৰিক্সাচালকৰ ওচৰলৈ যাব ওলোৱাত মই ক’লো এশ টকাটোকেই ৰাখা| মৰম কৰি দিছো
..| মানুহজনে কথাটো বিশ্বাস কৰিব নোৱাৰি দুনাই সুধিলে “ আপকা পেইচা..? “ মই ক’লো
ৰাখি থোৱা| মাৰ কাৰণে সত্তৰ টকাৰ দৰৱ আনিবা| মানুহ জনে এটা কৰুণ সন্তুষ্টিৰ হাঁহি
মাৰি মোৰলৈ একেথৰে চাই থাকিল..|
মই গৈ গৈ গেট
পালোগৈ , কিন্তু তথাপিও বেচেৰাই একেথৰে ৰিক্সাৰ চিটত বহি মোৰলৈ চায়েই থাকিল..| মই
যেন বহুত কিবা মহান কামহে কৰিলোঁ |
আজি বহুদিন হ’ল |
তথাপিও মানুহজনৰে সেই কৰুণ চাৱনি ,কৰুণ সন্তুষ্টিৰ হাঁহিটো দেখোন মোৰ চকুৰ আগতেই
ভাহি থাকিল | এনে এটা সন্তুষ্টিৰ হাঁহি মই কোনেদিনেই পোৱা নাছিলোঁ ।মই কোনো মহান
কাম নকৰিলোঁ কিন্তু সত্তৰ টকাৰে যেন এটা সন্তুষ্টিৰ হাঁহিহে কিনিলোঁ|
সৰু মানুহক সৰু
কথাই বহুত আনন্দ দিয়ে..|
No comments:
Post a Comment