জাপি: ( চুটি
গল্প)
মাজনী অসমলৈ
আহিছে | চুবুৰীয়া হলধৰৰ ছোৱালী | অহাৰ দিনা খনৰ পৰাই জাপি জাপি কৰি আছে | তাইক
হেনো জাপি লাগে | বিহু নাচোতে মাকে পুৰস্কাৰ হিচাপে পোৱা জাপিটো দিল্লীলৈ লৈ গৈছিল
| মাক দেউতাকে ভাবিছিল এদিন যেন ল'ৰা ছোৱালীহাল ডাঙৰ হ'লে কমচেকম সৰু সুৰা অসমীয়াৰ
চিনাকীস্বৰুপ বস্তুবোৰৰ নাম যেন নজনাকৈ নাথাকে | সেই কাৰণে ”মা দেতা “ উচ্চাৰণ
কৰিব পৰা হোৱাৰ পাছৰ পৰাই মাক নিৰলাই বেৰত আঁৰি থোৱা জাপিটোৰ ফালে আঙুলিয়াই ক’বলৈ
শিকাইছিল “ এইটো জাপি ..ডাঙৰ হ'লে বিহু নাছিব লাগিব , এইয়া চোৱা এনেকৈ নাছে |
নিৰলাৰ নাচত মাজনীয়ে খুব আমেজ পায় | ৰঙচঙীয়া জাপিটোৰ ফালে কামুৰি টকা আঙুলীকেইটা
টোৱাই দিয়া দিনটো সিহঁতৰ বাবে কিমান আনন্দৰ কথা আছিল ! মাজনীক হলধৰৰ হাতত গটাই দি
পাচলি কাটি কাটিয়েই কানত মোবাইলটো লৈ নিৰলাই মাকক ক’বলৈ ধৰিলে , “ মা আজি আমাৰ
মাজনীয়ে জানে..কি কৈছে..? “ ”কি কৈছে ? কি কৈছে , ক’কা আইতা কয় নে ?” সিফালৰ পৰা
মাকৰ নিৰন্তৰ প্রশ্ন | জানে ”জাপি জাপি” বুলি কৈছে ..| কাইলে হেনো হলধৰে ক'কা আইতা
ক’বলৈ শিকাব | আচ্ছা আপোনালোকৰ “কপ’ল ফ'টো” একপি হলধৰৰ মোবাইলত হোৱাছএপ কৰি দিবলৈ
ভন্তিক ক’বছোন | সেইখন দেখুৱাই দেখুৱাই হেনো হ'লধৰে শিকাব ‘ এইটো মামা ক’কা, মামা
আইতা..”|
গাঁৱখনত টকৌ
গছবোৰ নোহোৱাই হৈ পৰিছে | যোৱা বছৰ বাৰিষাত জাপি কেইটা বনাব ল'গা হোৱাত বিমলহতঁৰ
গাঁৱৰ পৰাই টকৌ পাত আনিব লগীয়া হৈছিল | বাৰীত নতুনকৈ হোৱা গছজোপাত এটা জাপিৰ জোখৰ
হে হ'ব | ইফালে মাজনী , তাই মোৰ লগতেই লাগি আছে | তাইক হেনো বৰষুণত লোৱা জপি লাগে
| দিল্লীৰ দ্বৰকাৰ “সচদেৱা ইন্টাৰনেশ্বনেল স্কুল”ত পঞ্চম শ্রেণীত পঢ়ে.. | হিন্দী
আৰু ইংৰাজীত সেই দিনা সিহঁতৰ স্কুলৰ লগৰীয়া চিমাৰ লগত মাকে কথা পতাই দিয়াটোও
শুনিছো | মোৰ মৰম লাগে | কমচেকম জাপিটোক ” হেণ্ডমেড ৱিলেজ কেপ ” বুলি নকৈ কমচেকম
জাপি বুলিবলৈ যে শিকিছে ..| বাহিৰৰ পৰিবেশৰ লগতেই নিজৰ শিপাডালকো যেন তাই বজাই
ৰাখিব ..|
”ককা সেইটো কিহৰ
পাত ? ” গোহালী ঘৰৰ মজিয়াত পাৰি থোৱা ঢাৰিখনৰ পৰা উঠি মোৰ কান্ধত হাত থৈ মৰমৰে
শুধিলে | “ সেইটো টকৌৰ পাত মাজনী | সেইটোৰে জাপি সজাম | “ বাঁহৰ দৈ তোলি তোলি মই
তাইক ক'লো | যোৱাকালি মই তাইক দৈৰ বিষয়ে শিকাইছো | বেতৰ বিষয়েও কৈছো | তাই
ৰাতিপুৱাৰ পৰা মোৰ ওচৰতে বহি জাপি সজোৱাৰ সকলোবোৰ কথা এফালৰ পৰা শিকি আছে | তাইৰ
মনত কিমান যে প্রশ্ন | আমাৰ মাজত আজি কালি বহু কথা হয়| তাইৰ স্কুলৰ বন্ধু
বান্ধৱীবোৰৰ কথা | শিক্ষক শিক্ষয়েত্ৰীৰ কথা| মই দিল্লী কাহানীও যোৱা নাই , দেখা
নাই | কিন্তু তাইৰ পৰা মই বহু কথায়েই যেন শিকিছো | যেন তাইৰ লগত এফালৰ পৰা দিল্লীৰ
গলিয়ে গলিয়ে ঘুৰি আছো | তাইৰ স্কুলৰ যেন প্রতিটো চুক মই দেখিছো | সিঁহতৰ স্কুলৰ
চকীদাৰ ৰামলাল.. |মাজনীয়ে হেনো ৰাখীবন্ধনৰ দিনাখন তেওঁক ৰাখী এডাল পিন্ধাই খুড়াক
বনাই ল'ব আৰু দেউতাৰ পুৰণা জোটাৰ দুজোৰ মানো দিব |
মাটিত সৰুকৈ গাত
এটা খান্দি জাপিটোৰ দৈৰে সজোৱা ওপৰৰ খৰপটো সৰু গাতটোত বহাই লৈছো | তাৰ ওপৰত শুকান
তিতা টকৌ পাতবোৰ দি জাপিৰ দৈৰে তৈয়াৰ কৰা তলৰ খৰপটোও ঢালি দিছো | আজি মাজনীয়ে
দেউতাকৰ সৰু কেমেৰাটোও লৈ আনিছে | কিবা হেনো ভিডিঅ’ কৰিব | মোক হেনো লেপটপত
দেখুৱাব | তাই মোৰ স্কুলীয়া দিনৰ কথাবোৰ শুনি খুব ভাল পায়| সৰু কালৰ মোৰ সেই
জাপিটো..| ক’কাই সাজি দিয়া সেই জাপিটো লৈয়ে মই স্কুললৈ অহাযোৱা কৰিছিলোঁ | মই
যিমান ওখ আছিলোঁ তাতকৈ বেছি আহল-বহল আছিল সেই জাপিটো | জাপিটোত সৰু পটাৰ ৰছী এডাল
আছিল যিডালেৰে আজি কালিৰ হেলমেডৰ দৰে মুৰত পিন্ধি গলত মেৰিয়াই লৈছিলোঁ | সেইডালে
জাপিটোক বতাহত উৰুৱাই নিয়াৰ পৰা ৰক্ষা কৰিছিল | মাজে-মাজে বতাহৰ জোৰত জাপিটো উৰি
যোৱা যেন হোৱাত মই নিজে বাগৰি গৈছিলোঁ | ৰ'দ বৰষূণ নোহোৱাৰ দিনাখন জাপিটোত পিঠিতেই
ওলোমাই ঘৰ পাইছিলোঁ | স্কুলত আৰু ঘৰত জাপিটো ৰখাৰ কাৰণে এক বিশেষ স্থান আছিল |
এদিন আকৌ আমাৰ প্রধান শিক্ষক মহোদয়েও সৰুপানী চুবলৈ মোৰ সেই আহল বহল জাপিটোকেই লৈ
গৈছিল | মোৰ যেন বুকু খন ফুলি গৈছিল |
মাজনীক কথাবোৰ কৈ
থাকোতেই জাপিটো তৈয়াৰ হৈ উঠিছিল | মাজনীয়ে এখন হাতেৰে কেমেৰাটো লৈ একান্তমনেৰে মোৰ
কথাবোৰ শুনি গৈছিল | মাজ-মাজে তাইও প্রশ্ন কৰিবলৈও পাহৰিছিল | তাইয়ো যেন মোৰ লগতেই
মোৰ শৈশৱতেই উতি- ভাহি ফুৰিছিল |
গৰমৰ বন্ধ শেষ হৈ
গ'ল| আজি ৰাতিপুৱাই মাজনী দিল্লীলৈ গুছি গ’ল | মোৰ ভৰি চুই আর্শীবাদ লোৱাৰ সময়ত
মোৰ চকুলো চলচলীয়া হৈ গৈছিল | তাই বাইকৰ মাজত বহি গৈছিল | পাছেফালে পটাৰ ৰছীৰে জাপিটো
বান্ধি দিছিল | সিহঁত ক্রমান্বয়ে দুৰলৈ গুচি গৈছিল, মাজনীয়ে এখন হাতেৰে তেতিয়াও
বাই বাই দি গৈছিল | পাছফালে পটাৰ ৰছীৰে বান্ধি থোৱা জাপিটো বতাহত জোৰকৈ ল'ৰিছিল
..| ময়ো যেন বতাহতে বাগৰি পৰিছিলোঁ | শৈশৱৰ সেই বিশেষ জাপিটোৰ সেই পটাৰ ৰছীডালে
তেতিয়াও যেন মোক বাৰে বাৰে বতাহত উৰুৱাই নিছিল..|
ঘৰলৈ আহি জাপি
সজোৱাৰ সকলো সজুলি এফালে বান্ধি থৈ জাপি সজোৱাৰ কাম সিমানতে সামৰিলোঁ | আগন্তুক
গৰমৰ বন্ধত মাজনী আহিলে তাইৰ স'তে আকৌ জাপি সজাম |
~~ মণ্টু কুমাৰ
ডেকা
নতুন দিল্লী
25/08/2016
No comments:
Post a Comment