"তই জাননে হামিদ আলীৰ পুতেকৰ হেনচেটটো
হেনো বেচিব? দুই হেজাৰ লাগে।" জেউৰাৰ খুটীবোৰ পৰিপাটি কৈ বান্ধি থিয় হৈ মোৰ
ফালে চাই ৰ'ল সৰুমামাজন।হাৰিয়াণাৰ এচাম মানুহে ঘৰত "বি এম ডব্লিউ" বা
"মাৰচেৰিজ" থাকিলেও "মেৰী বি এম ডব্লিউ বা মাৰচেৰিজ " বুলি
নকৈ "মেৰী গাদ্দী " বুলিয়েই কৈ ভাল পোৱাৰ দৰে মামাও মোবাইলক
"হেনচেট" বুলিয়েই কয়। নাজানো হেনচেট শব্দটো প্ৰথমতে ক'ত শুনিছিল। খেতিয়ক
যদিও নতুন নতুন টেকন'ল'জীবোৰৰ খবৰ মামাই ৰাখে। কোনটো টি ভি মাৰকেটত ভাল চলি
আছে,কাৰ ঘৰত পুৰণা টেক্টৰ আছে ,কাৰ ঘৰত পুৰণা বেচিবলগীয়া মাৰুতী বা বাইক আছে,কোনে
কি মোবাইল ল'লে এইবোৰ খবৰ মই মামাৰ পৰাই পাওঁ। কিনিবলৈ সামৰ্থ নাই যদিও আলোচনা কৰি
ভাল পাওঁ। কেতিয়াবা "মই লৈ আছো" ধৰণৰ কিবা এটা হাৱাতে কৈ দিয়াৰ দৰে কৈ
ভাল পাওঁ। মামীদেৱে এখন হাতত কাঁহৰ বাতীটো আনখন হাতত কলপাতত মিঠৈ লৈ মোৰ ফালে
আগুৱাই আহিছে।- "গাখীৰ চাহ খাই লোৱা" । মামাই ইতিমধ্যে খাই ল'লে। মই
অহাত মোবাইলৰ কথাটো উলিয়ালে ।কিবা এটা কম বুলি মোৰ ফালে তেতিয়াও চায়ে আছিল।
"ময়ো মোবাইল এটা লম ,অহা মাহত"- অইন দিনা কোৱাৰ দৰে হাৱাতে কৈ দিলো ।
পদুলিৰ ওচৰতে চকীত বহী থকা চুবুৰীয়া হলধৰ বৰদেউতাই ককালৰ পৰা ওপৰৰ অংশটো ঘুৰাই পাছফালে
বহি থকা আমালৈ বিশেষ ভাবে চাই পদূমী বৰমাক কিবা কোৱাৰ দৰে কৰিলে ।"অমুকৰ
পুতেকে মোবাইল ল'ব,কোনে তাক ফোন কৰিব…? বাপেকৰ পইচাৰে ল'ব… "এনেধৰণৰ কিবা এটা
কথা দুয়োয়ে আলোচনা কৰা যেন লাগিল। ময়ো কথাষাৰ বতাহতে কৈ দিয়াৰ দৰে ক'লো যদিও
মনে-প্ৰাণে খুব লাজ পালো। মামাই একো গম পোৱা নাছিল যদিও এক বিশেষ আশাৰে মোলৈ চাই
থাকিল…। এদিন হেনো মই মোবাইল লম। মোবাইল লোৱাৰ কথাটো তেতিয়াই মনতে ঠিৰাং কৰি ঘৰলৈ
আহিলোঁ।
টিউচন পঢ়াব
আৰম্ভ কৰিলোঁ। এটকা দুটকাকৈ ধন গোটালোঁ।এদিন দুইহেজাৰ টকা লৈ ঈশ্বৰক প্ৰাৰ্থনা কৰি
মঙলদৈ টাউনলৈ বুলি চাইকেলত পেডেল মাৰিলোঁ…। অমুকাৰ দোকানত হেনো চেকেণ্ডহেণ্ড
মোবাইল পায়,লগৰ নৱ আৰু মানসহঁতৰ পৰা উমান পালো।
ঈশ্বৰে
প্ৰাৰ্থনা শুনিলে। ভবামতে চেকেণ্ডহেণ্ড নকীয়া১১০০ মডেলৰ মোবাইল এটা আৰু এহেজাৰ
টকাত এয়াৰচেলৰ চিম এখন লৈ আনিলোঁ। নৱ আৰু মানসেও বিশেষ সহায় কৰিলে।
কলগছজোপাৰ তলৰ
ঠাই খিনি লাহে- লাহে সকলোৰে কাৰণে বিশেষ ঠাই হৈ পৰিছে। জোপোহা বনগছবোৰ মৰি-মৰি
ঠাইখিনি শুকান হৈ পৰিছে ।সেইদিনা দেউতাই এখন পুৰণা চকীও ৰাখি থৈছে। চকীখনত বহি
টাৱাৰ নেপালে চকীখনৰ ওপৰত ঠিয় হ'লে টাৱাৰ নোপোৱাৰ কাৰণ নাথাকে। গাঁৱৰ মানুহখিনিয়ে
কথাটো জানে,লাহে- লাহে ওচৰৰ গাঁৱৰ মানুহেও হেনো কথাটো জানিলে। সেই দিনা শইকীয়া
চাৰো আহিছিল ৰাতি আঠ বজাত ।চেন্নাইত থকা পুতেকৰ ফোন আহিব হেনো। চাৰৰ গাঁৱৰ
ওচৰে-পাঁজৰে হেনো টাৱাৰ নেপায়।সেইকাৰণে ৰাতিকৈ হ'লেও আমাৰ কলগছজোপাৰ তললৈয়ে
আহিছে।পুতেকৰ মাতষাৰ শুনিবলৈ মানুহজন যথেষ্ট …। মোৰ দুদিন আগতে হেনো চাৰে মোবাইলটো
ল'লে। "তিনিখন গাঁৱত মাত্ৰ দুটাহে মোবাইল "-দেউতাই কিবা এটা কোৱাৰ দৰে
কৰিলে। "হমমম,মোৰ পাছতে মণ্টুৱে ল'লে ।" -তামোলৰ পাগ লৈ চাৰে ক'লে।
হলধৰ বৰদেউতা
। ঘৰলৈ আহিছে ।মিচকল দিবলৈ পইচা নাই বুলি শুনিছে যদিও দহ টকা এটা লৈ আহিছে। পইচা
ভৰাই পুতেকলৈ মিছ কল দিব …। পুতেক গুৱাহাটীত থাকে। ঘৰত মানুহৰ ভিৰ ধীৰে-ধীৰে বাঢ়িব
ধৰিলে ।মানুহবোৰে দুই এটকা হাতত লৈ আহে।পইচা ভৰাই হেনো কথা পাতিব ।লাহে -লাহে
সকলোৱে বুজি উঠিল যে পইচা নাথাকিলে চহৰলৈ গৈ ৰিচাৰ্জ কৰিব লাগে । ইফালে বেটেৰীৰ
কথা আছেই। কিছুমানে আকৌ সেই "জিংগল বেল "টো শুনিবলৈহে আহে।
মোৰো ভাল
লাগে।
সময় বাগৰিল ।
সেইদিনা
দেউতাইও এটা নতুন মোবাইল ল'লে। দিল্লীলৈ অহাৰ পাছত কেইদিনমান কথা-বতৰা পাতিবলৈ
অসুবিধা হৈছিল যদিও সমাধান হ'ল। মামাও কোনোপধ্যে পাছ পৰি নাথাকিল। সেইদিনা
মামীদেৱেও ফোনকৰি যোৰহাটৰ খবৰ শুধি মোক জোকালে। " বিটেক শেষ কৰি ভাল চাকৰী
এটা পোৱাৰ পাছতহে সেইবোৰ…" কথাটো মামীক আওঁপকীয়াকৈ জনালোঁ। মায়েও গম পালে।
মিচকল পাই
পকেটকত পৰা মোবাইলটো উলিওৱাত লিফ্টত পৰি তিনি টুকুৰা হ'ল। লিফ্টৰ ভিতৰত থকা বেংক
অৱ আমেৰিকাৰ কৰ্মচাৰী এজনীয়ে মুখখন বেকা কৰি হাঁহিলে। এটা এটাকৈ বেটাৰী ,ঢাকনি আৰু
মোবাইলটোত বাকীথকা পাৰ্টবোৰ বুটলি ঘৰলৈ বুলি খোজ ল'লো। বেচেৰীয়ে হয়তো নাজানিলে মোৰ
আনটো পকেটত এনড্ৰইডো এটা আছে ।
"এটা
ফাল্টু মোবাইল,নকীয়া ১১০০। মানুহৰ আগত দেখুৱাবলৈ লাজ লাগে। সন্মান যায়। এনড্ৰইড
আৰু আইফোনৰ যুগ। পিছে এই ফাল্টু মোবাইলটোৰ মচি নাইকীয়া হোৱা কিপেড খনত পৰা
"আঠৰ" ঠাইত "ন " সংখ্যাটো ভূলকৈ লিখা যোৱাৰ বাবে এদিন দেউতালৈ
যাবলগীয়া ফোনটো তোমাৰলৈ গুচি গৈছিল। তোমাৰ মাতটো প্ৰথমবাৰৰ বাবে সেইদিনা এই
মোবাইলটোৰ পৰাই শুনিছিলোঁ। দিনবোৰ পাৰ হৈছিল। মনত ভাৱবোৰ এনেদৰে লাহে-লাহে গভীৰ হৈ
কেতিয়া এজনে আনজনক নেদেখাকৈয়ে চাৰিটা বছৰ পাৰ হৈছিল। জাতি-ভেদক আওঁকাণ কৰি
মা-দেউতাক কথাটো জনোৱাত দেউতাৰ পৰা ইতিবাছক উত্তৰ এটা পোৱাত সেইদিনা এই ফালটো
মোবাইলটোৰ পৰাই কথাপাতি তোমাৰ স'তে আনন্দত আত্মহাৰা হৈ পৰিছিলোঁ।
এদিন যেতিয়া
তুমি "ডেকা " হ'বলৈ গৈ সমাজক সাক্ষী কৰি…… সেইদিনাও মোৰ পকেটত এই
মোবাইলটোৱেই ঘনে-ঘনে বাজি উঠিছিল। মানুহবোৰে "যুগ্ম জীৱনৰ শুভকামনা"
জনাইছিল।
দীপালী(মানুহজনীয়ে)
আলমিৰাটো চাফা কৰোঁতে পোৱা অৱশিষ্ট নকীয়া ১১০০ টো মজিয়াত পেলাই দিয়াত আবেগিত হ'লো।
বেটেৰী নাই,ঢাকনিখনো নাই যদিও মাজিয়াৰ পৰা মোবাইলটো আঁদৰেৰে বুটলি কথাখিনি ক'লো।
©মণ্টু কুমাৰ
ডেকা
নতুন দিল্লী
২৩/০৭/২০১৬
No comments:
Post a Comment