মানুহজনে খৰধৰকৈ এ টি এম মেচিনটোৰ ফালে আহিল।এখন হাতেৰে কাণত মোবাইলটো
ধৰি আনখন হাতত থকা বেগ কেইটা নমাই পেণ্টটোৰ পিছ পকেটৰ পৰা সৰু বেগটো উলিয়াই জোৰ জোৰকৈ
কথায়েই পাতি আছে।বিপদত পৰা যেন লাগিছে। আমাক আহি ইমাৰজেনচি বুলি কোৱাত আমিও তেওঁকেই
আগতে মেচিনটোৰ ওচৰলৈ যাবলৈ কোৱা যেন কৰিলো। কানত মোবাইলটো লৈ মানুহজনৰ যেন উহাদিহ নোহোৱা
হৈছে ।কি কৰিব,কান্দিব নে হাঁহিব ! কাৰোৱাৰ দুৰ্ঘটনা হৈছে । টকা লাগে তেজ লাগে মানুহ
লাগে…। এম্বুলেঞ্চ লৈ হস্পিটেলত লৈ গৈছে । গাৰ্জেন লাগে
। সিফালৰ পৰা কপাঁ-কপাঁ এজনৰ মাত, লগতে এম্মুলেঞ্চৰ সেই ভয়লগা ইমাৰজেনচি হৰ্ণটো…। মানুহজনে
ক'লে তেওঁৰ পকেটত চাৰিশ টকা আছে ,আৰু এটি এমত তিনি হেজাৰ । কথা কৈ কৈয়েই এ টি এম কাৰ্ড
খন মেচিনটোত কিমানবাৰ সোমালে সেইটো তেওঁ নিজেই নাজানে। খৰধৰ কৰি কৰি বহু সময় লগা যেন
হোৱাত তেওঁ ক'লে "মই এতিয়াই গৈ আছো তই তাক গৈ ইমাৰজেনচিত সোমোৱাই দে ,পইচা পাছতো
হ'ব "। মানুহজনে পইচা ওলোৱা কামটো আশা এৰি,বেগতো লৈ দৌৰি গৈ অ'টো এখনত বহিল। তেখেত
দুৰ্ঘটনাত পতিত হোৱা জনৰ পিতৃ…।
কথাবোৰ দেখি শুনি আমাৰ দুয়োৰে মন-প্ৰাণ সেমেকি গ'ল। কোনে জানে কাৰলৈ
বিপদ কেতিয়া কেনেকৈ আহে । মানুহজন যোৱাৰ পাছত মই মেচিনটোৰ ওচৰলৈ গৈ কাৰ্ডখন সোমোৱাই
দিলো। হোৰ হোৰ হোৰ কৈ তিনি হেজাৰ টকা উলাই আহিল। আচৰিত হ'লো। মই দেখোন দুই হেজাৰহে
উলিয়াবলৈ আহিছিলোঁ। অহহ মোৰ দেখোন পিন নম্বৰটোও ন'ললে। লগৰ জনক ক'লো।বেলেঞ্চ চালো।
পইচা কটা নাই। কিছু সময় ভাবি গুনি চাই গ'ল পালো মানুহজনে পিন এন্টাৰ কৰাৰ পাছত পইচা
নোলোৱাকৈ গুচি গৈছিল,নতুবা মেচিনটোৱে কাম নকৰা বুলি এৰি থৈ অ'টোত বহিছিল।
লওঁ নলওঁকৈ তিনি হেজাৰটো লৈ এটি এমৰ ওচৰতেই দুয়ো ৰৈ থাকিলোঁ ।ইফালে
সিফালে চালো। নাই নাই তেওঁ আৰু নাহে ,তেওঁ কিজানি ইমাৰজেনচি ৰোমত গৈ পালে,অহহ হস্পিটেলৰ
নামটো কোৱা হ'লে কমচেকম। ৰাতি দহ বাজিল।দুয়ো এটিএম ৰ পৰা ঘৰ পালোহি। কিবা এটা বেদনাই
দুয়োকে আৱৰি ধৰিছে। ল'ৰাজনক চাবলৈ দেউতাকে কেনেকৈ সকলো এৰি গুচি গৈছিল ,কেনেকৈ তেখেতৰ
মাতটো ভাঙি শোকাকূল হৈ পৰিছিল…।
এশ টকীয়া তিনি হেজাৰটো টেবুলৰ ওপৰত থৈ দুয়ো কিবা এটা অপেক্ষাত নিৰৱে
ৰৈ থাকিলো কিজানি মানুহজনৰ কিবা সন্ধান পাও,কিজানি এটা অচিনাকী ফোন কল…।
ৰাতি এটা বাজিল ।নিৰৱতা ভংগ কৰি ৰোমমেট নিখিলে কৈ উঠিল,"আৰে উসকে
পাছ ত' চিৰফ তিন হাজাৰ হি থা…।"
কেইবা মাহৰ লৈকে সেই বিপদত পৰা মানুহজনৰ তিনি হেজাৰটো টেবুলৰ একাষেই
থাকিল। চুবলৈ মনে বিচৰা নাছিল।বাৰে বাৰে সেই কপাঁ কপাঁ মাত…সেই এম্বুলেঞ্চচৰ ভয়লগা
হৰ্ণটো কাণত ভাহি থাকিল।
No comments:
Post a Comment