এপেনডিক্স:ৰাজ হাড়ৰ সেই বেজীটো:
পেটৰ বিষত কেকাই থকাত শ্রীমতীয়ে ধৰি বান্ধি ডক্তৰৰ ওচৰলৈ লৈ গ’ল|
এপেনডিক্স বুলি সেই ক’লা প্লাষ্টিকৰ কাগজখন দেখুৱাই লেবৰটৰীৰ ডক্টৰজনে কোৱাৰ
পাছতেই যেন মোৰ অৱস্থা দুগুনেই বেয়া হ’ল | সেই দিনা লগৰ জনক চাৰজাৰী কৰাত কমসোপা
কটা নাছিলনে বাৰু ? পিছে ডাঙৰ কথাটো হ'ল সেই যে ৰাজ হাড়ত দিয়া গৰুৰ বেজীৰ দৰে ডাঙৰ
বেজীটো..| অহ্হ গড ! কথাটো মনত পৰিলেই যেন মই এতিয়াও বাৰে-বাৰে ৰাজ হাড়ডাল খেপিয়াই
চাও| কথাটো লিখি থকাৰ সময়তো দুই এবাৰ ৰাজ হাড়ডাল চুই চালো ..|
ভগত হস্পিটেল , দিল্লী | কেনেবাকৈ গৈ পায়েই ৰিচিপশ্বনিচ জনীক নানা
ধৰণৰ প্রশ্ন ...বেজী ক'ত ক'ত দিয়ে , চেলাইন কেইটা দিব ? কাটিলে কিমান দুখ পায় ?
চিলাই খোলাৰ সময়ত দুখ পাইনে ? টকা পইচাৰ কোনো কথা নাই | কোম্পানীয়ে দিব | কথা হ'ল
মই গম নোপোৱাকৈ কাটিব লাগিব , বেজী দিব লাগিব , চিলাই খুলিব লাগিব ..| পেটৰ বিষতকৈ
মোৰ মনৰ বিষ হে বেছি হ'ল | নহ’বও নো কিয় ১৯৯৬ চনৰ পাছৰ পৰা কোনোদিনেই বেজী লোৱাটো
মনত নপৰে | চেলাইন টো দুৰৰে কথা |
সৰু কোঠা এটাত এডমিদ হৈ যোৱা বুলি সোমাই যাবলৈ ক'লে | সোমায়েই
দেখিলো মোৰ ওচৰৰ বিচনাখনত এজন মৰা মানুহ | কোনো নাই কাৰণে তেনেকৈ পৰিয়েই আছে |
কিছু সময় পাছত হেনো পুলিছ আহিব | মানুহ জনৰ ভৰিৰ আঙুলিটো ঢাকি থোৱা কাপোৰৰ মাজেৰে
তেতিয়াও ওলায়েই আছিল | মই শুই থকা বিচনাখনত কিমানজন বা মানুহ মৰিছে ? অহা কালি
কিজানি মোৰ শৰীৰটোও এই খন বিচনাতেই তেনেকৈ পৰি থাকিব ..এহ্হ মৰাৰ কাৰণে ভয় কৰা
এলাপেচা বিধৰ মই নহওঁ | পিছে সেই ৰাজ হাড়ত দিয়া বেজীটো..হে ঈশ্বৰ কিজানি সেইটো
নিদিয়ে মোক |
চিনাকী মানুহবোৰ হস্পিটেল পালেহি | মোক সেইজীয়া পোচাক এটা পিন্ধাই
চকী এখনত বহাই মানুহ এজনে লৈ গ’ল| কাটিলে কিমান দুখ পাম সেইটো ঘনে-ঘনে তেখেতক
সোধাতো একো নক’লে| অলপ যেন বেচিহে..|
ঠাণ্ডা কোঠা এটা| যেন যমৰহে ঘৰ | এজনে কেচি আৰু পেট কটা মেলা কৰা
সজুঁলি কিছুমান ধুই আছে | হাঁহি এটা মাৰি গুড মৰনিং বুলি ক'লে | কি ধুই আছা বুলি
সোধাত ক'লে মোৰ পেট কাটিবলৈ... চকু কেইটা ডাঙৰ ডাঙৰ কৰি চালো |
আছল ডক্তৰ জন আহিল| অকনমান ধেমেলীয়া | মোৰ নানান প্রশ্ন| কেনেকৈ
কাটিব, ক'ত ক’ত কাটিব , কিমান কাটিব ...পিছে আছল কথা হ'ল ৰাজহাড়ত দিয়া সেই
বেজীটো...
“ চাৰ চাৰ , মোক প্রথমতে বেহূচ কৰি লওঁক | তাৰ পাছতহে কটা-মেলা যি
কৰিবলগীয়া আছে কৰিব | পইচা যিমানেই লওক কথা নাই ..কিন্তু মই দুখ পাব নালাগিব |”
ডক্তৰজনে অকন মান ধেমেলীয়া সুৰত “ বেছি ভয় কৰিলে বেছিকে কাটিম.., “
বগৰাই ল'লে | যিটোক ভয় কৰি আছিলো সেইটোৱেই হ'বলৈ গৈ আছে| মই সেই
ক'লো মোক ৰাজহাড়ত বেজীটো দিয়াৰ আগতে কোনোবাই যেন চকু কেইটাত ঢাকি মুৰটোত ধৰি
থাকে..অকনমান সাহস আৰু সহানুভূতি দিয়ে যেন..| সকলোবোৰ প’জিচন লৈ সাজো হ'ল..| মোৰো
বুকুৰ ঢপঢপনি...অহহ্হ মাই গড....আহ্হ্হ্হ...|
”ডান “- এজনে ক’লে |
ল’গে-ল’গে ককালৰ তলৰ অংশটো চেন্চলেচ হ'ল| কথা বতৰা হৈ থাকিল |
ডক্তৰ জনক সুধিয়েই থাকিলো কিমান দুখ পাম, কেতিয়া কাটিব..মই গম পাম নে ??
কিছুসময পাছত ডক্টৰ জনে কৈ দিলে “ ডান “ |” কি ডান?? “ টপৰাই
সুধিলোঁ | ক’লে,” চাৰজাৰী ডান “ | হোৱ্ট...!!
৪০ মিনিট পাছত সেই একেখন বিচনাতেই শুৱাই মোক লৈ আহিল| মানুহজনী মোৰ
বিচাৰ ল'বলৈ অহা সকলৰ লগত ৰৈ আছিল | মই জোৰজোৰকৈ কৈ গ'লো “ চাৰজাৰী ডান “
মোক লৈ যোৱা নার্চ এজনীয়ে কাণৰ কাষত লাহেকৈ ক'লে , “ জোৰকৈ কথা
নক’ব | আপোনাৰ চাৰজাৰী হৈছে .. এতিয়া আই চি অত ৰেষ্ট কৰিব লাগিব |
মোৰ চাৰজাৰী হ’ল নে নাই গম নেপালো | কি কি বা কটা-মেলা কৰিলে , নে
কিবা কিডনী....চিডনীহে লৈ গ’ল | বেমাৰ ভাল পালো | সুস্থ হ'লো|
পিছে ৰাজ হাড়ৰ সেই বেজীটো....এতিয়াও যেন বিষাই আছে | এতিয়াও যেন
হাজ হাড়তেই লাগি আছে | কথাটো ভাবিব নোখোজো |মনত পেলাব নোখোজো|
~মণ্টু কুমাৰ ডেকা
নতুন দিল্লী
নতুন দিল্লী
No comments:
Post a Comment