“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 29 September 2015

সন্তুষ্টি…

তিজাজনে নতুনকৈ কথা ক’বলৈহে শিকিছে| মোক বাইকখনত স্টাৰ্ট দিয়া দেখি সি মোৰ ওচৰলৈ দৌৰি আহি মাত লগালে “ খুৰা খুৰা মোৰ তাৰণে তকলেত আনিবি , তকলেত আনিবি” | গধুলি ঘৰলৈ উভতি অহাত সৰু চকলেটৰ পেকেট এটা লৈ আনিলো | মনতে ভাবিলোঁ মাকে তাক সদায় এটা বা দুটাকৈ দিব সিও খুব ফুর্টি পাব | ঘৰলৈ আহিয়েই চকলেটৰ পেকেটটোৰ পৰা দুটা চকলেট উলিয়াই দুখন হাতত লৈ তাক মাতিলো | সি দোৰি আহি থাপ মাৰি মোৰ এখন হাতৰ পৰা চকলেটটো লৈ খাবলৈ ধৰিলে | কিছু সময়ৰ পাছত সি গম পালে যে মোৰ আনখন হাততো এটা চকলেট আছে , কথাটো গম পাই সি মোৰ আনখন হাতৰ মুঠিটো খোলিবলৈ চেষ্টা কৰিলে | মই নিদো বুলি কোৱাত সি কান্দিবলৈ ধৰিলে | তাৰ মুখত এটা চকলেট আছেয়েই সেইটো শেষ নোহোৱালৈকে এইটো দিয়াটো মই নিবিচাৰিছিলো যদিও তাৰ কান্দোন অতিকৈহে বাঢ়িবলৈ ধৰিলে | তাৰ দুচকুৰ চকুলোঁ গালে-মুখে বাগৰি মাটিত পৰিল গৈ |কিছু সময়ৰ পাছত মই আনটো চকলেটো দি দিলো | উচুপি-উচুপি সেইটো হাতত লৈ মাকৰ ওচৰলৈ গৈ মোৰ বিৰুদ্ধে কিবা আভিযোগ কৰিলে | মাকে তাৰ পিঠিত হাত বুলাই-বুলাই মাত্র ক’বলৈহে পালে যে মোৰ ওচৰত এটা চকলেটৰ পেকেট আছে এনেতে সি মাটিত বাগৰি দিলে আৰু জোৰ জোৰকৈ কান্দিবলৈ ধৰিলে | ওচৰ চুবুৰীয়াৰ মানুহ আহি চোতাল পালেহি |পাছত সেই চকলেটৰ পেকেটটোৰ দিহে ৰক্ষা | তাৰ মনে-প্রাণে জিলিকি উঠা সন্তুষ্টিখিনি চাবলৈ দোকানৰ পৰা গোটেই পেকেটটোকেই লৈ আনি চকুলোঁহে দেখা পালো |
           ******************************
মানুহজনে দিনে-ৰাতিয়ে কঠোৰ শ্রম কৰি ঘৈনিয়েকে নজনাকৈ অলপ-অলপ কৈ জমা থোৱা পইচাখিনিৰ লগত বছৰৰ ফচল হিচাপে পোৱা ধানৰ কিছু অংশ বিক্রী কৰি সোনাৰীৰ পৰা বিশ হেজাৰ টকাৰ সোণৰ চেইন এডাল লৈ আনিলে | মনত বহু আশা আছিল, অৱশেষত তেওঁ আজি কোনো দিনে সন্তুষ্ট হ’বলৈ নিশিকা ঘৈনীয়েকক জনম দিনৰ উপহাৰ হিচাপে চেইনডাল দি তাইৰ চকুত সন্তুতি দেখা পাই নিজে সুখী হ’ব | ঘৰলৈ আহি জনম দিনৰ উপহাৰ হিচাপে চেইনডাল দিলে | কিন্তু তেখেতে ভৱাৰ দ’ৰে চেইনডালে ঘৈনীয়েকক সন্তুষ্টি দিব নোৱাৰিলে | ৰাতি শোৱাৰ সময়ত মুখখন ফুলাই অমুকাৰ ঘৈনীয়েকক দিয়া সেই তিৰিশ হেজাৰ টকীয়া চেইনডালৰ কথা কৈ কাজিয়া আৰম্ভ কৰিলে | বেচেৰাই সাঁচতীয়া পইচা আৰু খাবলৈ থোৱা ধান খিনি বেচি সেই মূল্যবান সোনৰ চেইনডাল কিনি আনিলে কিন্তু ঘৈনিয়েকক সন্তুষ্টি নামৰ বস্তুটো দিব নোৱাৰিলে | হয়তো এনেদৰেই দুদিনীয়া জীৱনটো পাৰ হৈ যাব কিন্তু অনেক চেষ্টা কৰিও দিব নোৱাৰিব |
                 *********************
শিক্ষকজনে ছোৱালীজনীৰ বিয়াত ধনীয়ে-দুখীয়ায়ে যথেষ্ট সংখ্যক মানুহ্ক নিমন্ত্রণ জনাই পেট ভৰাই মাছে মাংসৰে সকলোকে এসাজ খোৱালে |যাতে সকলোৱে দ’ৰা-কইণাক আর্শীবাদ কৰে | গধূলী বিয়া ঘৰত সুৰা বিচাৰি সুৰা নোপোৱা কেইজনে ৰাস্তালৈ গৈ খুব কর্কথনা কৰিলে | কিছুমানে আকৌ মাছত নিমখ বেছিকৈ পালে , কিছুমানে মাংসৰ বাটিত সেই মনে বিচৰা কলিজাৰ টুকুৰাটো নেপালে | অতিথি কঢ়িয়াই লৈ  অনা সেই ৰিক্সাচালক কেইজনে ভোজনৰ পাছত বিড়ি বিচাৰি নোপোৱাত কিছু অস্তুষ্ট হ’ল| পাছৰ দিনাখন কথাবোৰ গম পাই শিক্ষকজনো কিছু বিমোৰত পৰিল | বিয়াত ৰৈ যোৱা ভাত আৰু মাংসৰ টুকুৰা কেইটা সেই বাটৰুৱা কুকুৰ কেইটাত ভগাই দিয়াত সিহঁতে নেজ ল’ৰাই-ল’ৰাই পৰম সন্তুষ্টিৰে পেট ভৰাই খাই এসাপ্তহৰ কাৰণে তেখেতৰ নঙলাতে ৰৈ থাকিল | পুৱাই-গধূলী সিহঁতে তেখেতক দেখা পালে নেজ ল’ৰাই-ল’ৰাই তেখেতৰ ভৰিত দীঘল দি সন্মান জনায় | ইফালে পাছৰ দিনা সেই ৰিক্সাচালক কেইজনে তেখেতক চহৰৰ এচুকত দেখা পায় মুখ খন বেকা কৰি কিবা কিবি কৈ গুচি গ’ল| তেখেতৰ বুজিবলৈ বাকী নাথাকিল মানুহক সন্তুষ্ট কৰিবলৈ গৈ তেখেত অসন্তুষ্টহে হ’ল |
            *****************************
কিছুদিন আগতে দিল্লীৰ মোক অস্তোপ্রচাৰ কৰা ডক্টৰজনক সকলো সময়তে আনন্দিত হৈ থকা দেখা পোৱাত তাৰ কাৰণটো সুধিছিলো | তেতিয়া তেওঁ পকেটৰ পৰা সৰু কাগজ এখন উলিয়াই মোক দিছিল | সেই খনত লিখা আছিল “ তোমালোকে প্রভুত সদায় আনন্দ কৰা” (ফিলিপীয়া ৪:৪ )| সেইখন পঢ়াৰ পাছত তেওঁ মোৰ কান্ধত হাত থৈ ক’লে “ জীৱনত সন্তুষ্টি হ’বলৈ শিকা তেতিয়া সদায় আনন্দত দিন কটাব পাৰিবা , নহ’লে জীৱনটো দুখতেই কটাবা ” | কথাষাৰে মোৰ অন্তৰ  আত্মা চুই গ’ল |সয্যাগত আছিলো যদিও পাছৰ দিনা লাহে-লাহে খোজ কাঢ়ি খিড়িকীৰে বাহিৰলৈ চাই ঈশ্বৰে মোৰ অস্তোপ্রচাৰ সফলভাৱে হোৱাত সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ দি সেই দিনাৰ পৰা সকলো সমযতে সন্তুষ্ট থাকিবলৈ মন থিৰ কৰিলো |
 
  এৰা জীৱনটোত মানুহে বহু কথাই শিকে কিন্তু সন্তুষ্ট হ’বলৈ কেতিয়াও নিশিকে যাৰ ফলত জীৱনত চৰম সফলতাকো হাততে পায়ো জীৱনটো সদায় অশান্তিতে কটায় | গোটেই পৃথিৱীখনকে পালেও যেন মানুহে আৰু বহু কিবা কিবিয়েই বিচাৰিব | মানুহে সদায় পোৱা নোপোৱাৰ হিচাপবোৰ কৰি অনেক ধন-সম্পতি, টকা পইচাৰ গৰাকী হৈও সদায় অশান্তিতে জীৱনৰ দিনবোৰ কটোৱা দেখা যায় |কিন্তু এনেবোৰ মানুহে জীৱনৰ পৰা কি পালে ? অশান্তি? অসন্তুষ্টি? এয়াই জানো জীৱনৰ পৰা পাব লগীয়া আমাৰ ভাগ ? সকলোবোৰ থকাৰ পাছতো যেন জীৱনত আনন্দ নাই | আকাশৰ সেই চৰাইবোৰ , সিহঁতবোৰ সদায় কিমান সুখী|  সিহঁতে নাদায় , নবয় , সিহঁতৰ ভড়ালো নাই কিন্তু ঈশ্বৰ জনেও সিহঁতক খাবলৈ দিয়ে |সন্তুষ্টিৰ কোনো সীমাৰেখা নাথাকে কিন্তু এবাৰ সন্তুষ্ট হ’বলৈ শিকাৰ পাছত লাহে-লাহে সুখী আৰু আনন্দময় জীৱনৰ আৰম্ভনি হয় | কেতিয়াবা আকৌ জীৱনত চৰম সফলতা পাবলৈ হ’লে অসন্তুষ্টি হোৱাৰো প্রয়োজন আছে | অসন্তুষ্ট থাকি নিজৰ ভিতৰত থকা সম্পদবোৰৰ উন্নতি সাধন কৰি সফলতাৰ পথত আগবঢ়াতো বুদ্ধিমানৰ কাম | কিন্তু সফলতাক পাইয়ো নিজকে আনৰ লগত ৰিজাই সদায় অসন্তুষ্টিত থকাটো অর্থহীন | ঈশ্বৰে আপোনাৰ কঠোৰ শ্রমৰ বিনিময়ত যিখিনি হ’বলৈ দিছে তাতেই সন্তোষ্ট থাকিবলৈ চেষ্টা কৰা উচিত | নহ’লে আকৌ পুনৰাই অশান্তিৰ জীৱন |এবাৰ আপোনাতকৈ নিম্নখাপৰ জীৱন কটোৱাবোৰলৈ চাওঁকচোন , হয়তো কোনোৱাই এটুকুৰা ৰুটি এবেলা খাবলৈ পাইয়ে ঈশ্বৰক অশেষ ধন্যবাদ দিছে | কোনোৱাই হয়তো হাত ভৰি বা চকু নাই , খুজি মাগি খায় , তথাপি হয়তো আপোনাতকৈ সন্তুষ্ট
 সামৰণি: আপু’নি যদি ঈশ্বৰ বিশ্বাসী তেনেহ্’লে সকলো সময়তে সকলো বিষয়ৰ কাৰণে ঈশ্বৰক ধন্যবাদ দি সন্তুষ্ট হ’বলৈ শিকি সদায় আনন্দময় জীৱনৰ আৰম্ভ্ কৰক | ঈশ্বৰ বিশ্বাস নকৰা সকলে কেবল সন্তুষ্ট হ’বলৈ শিকি আনন্দিত হ’বলৈ চেষ্টা কৰক | কাৰণ এয়াই আমাৰ দুদিনীয়া জীৱনৰ পৰা পাব লগা ভাগ| মনত ৰাখিব মৃত্যুৰ পাছত আপুনি ল’গত একো লৈ নায়ায|
© মণ্টু কুমাৰ ডেকা
 মোবাইল : 08800305719
 নতুন দিল্লী  

Sunday, 27 September 2015

মনৰ সেই জগতখন:


 

   কলো সময়তে ধী়ৰস্থিৰ হৈ থাকিবলৈ শিকক | পৰিস্থিতি যিমানেই গভীৰ বা উত্তেজিত নহওঁক কিয় মনটোক কোনো পধ্যেই আবেগিক বা পাতল হৈ যাবলৈ নিদিব ! বহুক্ষেত্রত দেখা যায় যেনে ছাত্র ছাত্রীয়ে পৰীক্ষাৰ প্রশ্ন কাকত খন হাতত লৈ পৰীক্ষাকেন্দ্র্ত একেবাৰেই নিৰাশ ,হতাশ বা উত্তেজিত হৈ পৰে !এনে ক্ষেত্র্ত ধীৰ স্থিৰ হোৱাটো বহুতেই প্রয়োজনীয় | কেতিয়াবা আকৌ জীৱ্নত্ এনে এটা পৰিস্থিতি আহি যায় যিটো আকোৱালি  ল’বলৈ কোনো পধ্যেই সাজো হোৱা নাছিল বা আশাও কৰা নাছিল এনেক্ষেত্রতো বহুতে একেবাৰেই অস্থিৰ হৈ পৰা দেখা যায় ! কিন্তু এই মনৰ স্থিৰতাও এদিনতে নাহে !মনৰ স্থিৰতাৰ বাবে বা যিকোনো সময়তে ধীৰস্থিৰ হৈ থাকিবলৈ কিছুমান সৰু-সৰু কথালৈ প্রথমতে মন দিব লাগিব :

 

১) প্রথমতে আপুনি নিজেই নিশ্চিত হ’ব লাগিব যে আপুনি সকলো সময়তে ধীৰ স্থিৰ হৈ থাকিব খোজে |

২) নিজৰ মনতেই নিজৰ এটা গভীৰ প্রতিচবি তৈয়াৰ কৰি লওক যে আপুনি এজন ধীৰ স্থিৰ হৈ থকা ব্যক্তি আৰু এই কথাটো বিশ্বাস কৰিবলে শিকক |

৩) আপুনি সদায় ধীৰস্থিৰ হৈ থাকিবলে অনুশীলন কৰক |

 

  মানুহে শিকলিৰে হাতী বান্ধি ৰাখিব পাৰে কিন্তু নিজৰ মনটোক বান্ধি ৰাখিব নোৱাৰে !আচলতে মনটো হ’ল এখন যুদ্ধক্ষেত্র |পৃথিৱীৰ সেই বিখ্যাত বিশ্বযুদ্ধ খনো সদায় মনতেই হৈ থাকে | আমি যদি কিছু সময়ৰ বাবে চকুযুৰি বন্ধ কৰি মনৰ ভিতৰৰ সেই গভীৰতালৈ মনোনিবেশ কৰো তেতিয়া পৃথিৱীৰ সেই গভীৰ ৰহস্যবোৰ আমি তাতেই দেখা পাম | আপুনি তেতিয়া গম পাব আপোনাৰ মনৰ চঞ্চলতাৰ উৎস আৰু তাৰ কাৰণ | মনৰ ভিতৰলৈ ক্রমান্বয়ে আপুনি সোমাই যাওঁক আৰু চাবলৈ চেষ্টা কৰক আপুনি কোনোদিনেই নেদেখা নুশুনা আৰু নুবুজা কথাবোৰ | কিছু সময়ৰ বাবে আপুনি অকনমান খঙাল হ’বলৈ চেষ্টা কৰক আৰু অতি মনোযোগেৰে মনৰ ভিতৰত আপুনি বিচাৰক খঙৰ সেই উৎসটো , নতুবা আপোনাৰ মনৰ চঞ্চলতাৰ সেই কাৰণটো | মনৰ ভিতৰৰ সেই নতুন ৰহস্যময় জগতখনত আপুনি বহু কথাই বুজি পাব | এতিয়া আপুনি পুৱা-গধূলি সদায় কিছু সময়ৰ বাবে সেই মনৰ ৰহস্যময় জগতখনত প্রবেশ কৰক আৰু আপোনাৰ জীৱনৰ প্রতিটো সমস্যাৰ সমাধান বিচাৰক | লাহে-লাহে আপুনি বুজি উঠিব মন আৰু আত্মাৰ সেই গভীৰ ৰহস্যবোৰ , আপোনাৰ মনৰ চঞ্চলতা , ভয় , সংসয় আৰু আত্মবিশ্বাসহীনতাৰ কাৰণবোৰ | গীতাত এষাৰ কথা আছে “ মনক আত্মাত নিয়া ৰাখিবা নিশ্বলে , আত্মাত ৰহিতে মন বিষস উদাস্ “ | বাইবেলতো সেই নতুন মনৰ কথা উল্লেখ কৰিছে (ৰোমীয়া ১২:২) |নতুন এটা শান্ত আৰু ধীৰস্থিৰ মনৰ অনুশীলনৰ কথা পোৱা যায় | এতিয়া আপুনি যদি ঈশ্বৰ বিশ্বাসী তেনেহ’লে আপোনাৰ মনৰ ৰহস্যময় জগতৰ প্রতিটো কোঠালীত ঈশ্বৰক গৰাকী পাতক|  ঈশ্বৰে আপোনাক আদেশ দিব আৰু আপুনি তাক পালন কৰিব |আপোনাৰ জীৱনৰ প্রতিটো সৰু-সুৰা সিদ্ধান্তবোৰ মনৰ জগতখনত থকা সেই মালিকজনকেই সোধক | কিছুদিন পাছত হয়তো  আত্মাৰ সেই কেঁকনি শুনিবলৈ পাব | মনৰ জগত খনতেই থাকি আপুনি হৈ পৰক এই বিশ্ব-ব্রহ্মাণ্ডৰ এটা অংশ |এতিয়া আপোনাক নিজকে লৈ যাওঁক আকাশলৈ , ত’ৰাজগতৰ মাজলৈ | সোমাই পৰক সেই হাতীপটী, গ্রহ্য-নক্ষত্রবোৰৰ মাজত | ঈশ্বৰৰ সেই বিশাল ৰহস্যময় সৃষ্টিৰাজিক অতি মনোযোগেৰে চাওঁক আৰু তাৰ পৰাই আপুনি সেই সুদুৰ পৃথিৱীখনলৈ মনোনিবেশ কৰক |হয়তো আপুনি পৃথিৱীখনক অতি সোনকালে আৰু সহজে বিচাৰিয়েই নেপাব | তথাপি আপোনাৰ অন্তদৃষ্টিৰে পৃথিৱীখনলৈ লক্ষ্য কৰিবলৈ চেষ্টা কৰক | আপুনি চাওঁক পানীৰে আৱৰা সেই পৃথিৱীখনৰ ভিতৰত সেই মহাদেশ কেইখনলৈ , তাৰ পাছত এচিয়া , ভাৰত , এনেদৰেই আপোনাৰ ৰাজ্যখন , আপোনাৰ জিল্লাখন তাৰ পাছত আপোনাৰ মৰমৰ সেই গাওঁখন | গাওঁ খনৰ ভিতৰত আপোনাৰ সেই জুপুৰী ঘৰটো আৰু তাৰ ভিতৰত নিৰৱে বহি থকা আপোনাৰলৈ | আপোনাৰ জীৱনৰ প্রতিটো সমস্যালৈ |আপুনি বিচাৰি থকা সেই জাত-পাত , নানা ধৰণৰ নীতি-নিয়ম , বাৰ মাহৰ তেৰটা পুজাৰ চিন্তা | ধর্মৰ নামত আপুনি হয়তো বেচিকৈ গোৰামী হৈ বিচাৰ বিবেচনা নকৰাকৈ কিছুমান যুক্তিহীন কথালৈ মনোনিবেশ কৰিছে |ধর্মৰ নামত হয়তো আতংবাদী হৈ গৈছে | মনত ৰাখিব আপোনাৰ মনটোতেই সকলোবোৰ লুকাই আছে |  মনৰ সেই ৰহস্যময় জগতখনলৈ এবাৰ গৈ অহাৰ পাছত আপোনাৰ সমস্যাবোৰ চাওঁক | সদায় পুৱা-গধুলী সদায় কিছু সময় অনুশীলন কৰক দেখিব আপুনাৰ মন-প্রাণ আচৰিত ভাবে অতি শক্তিশালী হৈ উঠিব |

 


© মণ্টু কুমাৰ ডেকা

 মোবাইল : 08800305719

 নতুন দিল্লী  

মিনু…


 

 জি বহুদিনেই হ’ল তাৰ মাতটো শুনা নাই | নাজানো এইবাৰ ঘৰলৈ গ’লে সি মোক চিনি পাবনে নেপায় |তাক কোনোদিনেই অকলশৰে এৰি থৈ যোৱাৰ কথা মনত নপৰে| জীৱনৰ সেই দূখৰ ৰাতি বোৰতো সি মোৰ ওচৰতে নিৰৱে বহি আছিল | দুৰণীৰ সেই শিয়াল কেইটাৰ বিকট চিঞৰত মই ভয়তে পেপুৱা লাগি কোঠাৰ এচুকত সোমাই আছিলো যদিও সি কোনো ভয় কৰা নাছিল | সি মোক সাহস দিবলৈ চেষ্টা কৰিছিল | মোৰ ভৰিৰ আঙুলী কেইটা কোমল ভাৱে চেলেকী সি মোক সঁহাৰি জনাইছিল | মই তাৰ পৰাই পাইছিলো সাহস আৰু সহানুভুতি |  সি যেন মোৰ দুখবোৰ বুজি পাইছিল আৰু মোৰ চকুলোঁ দেখি মোৰ প্রতি সহানুভুতি জনাবলৈ মেউ-মেউ বুলি বিনাইছিল | 
কেইবা বছৰ আগতে সি পেহীদেউৰ কোচত আমাৰ ঘৰলৈ আহিছিল | সি হেনো অনাদৰ ভাবে ৰাস্তাৰ কাষত পৰি আছিল | কোনোবাই তাক আঘাত্ কৰিছিল আৰু তাৰ কপালৰ এফালে তেজ বৈ আছিল | আমি ওচৰৰে চিকিত্সক জনৰ ওচৰলৈ তাক লৈ গৈ তাৰ কপালত লগোৱা মলম লৈ আনিছিলো| সেই দিনাৰ পৰাই সি হৈ গৈছিল আমাৰ ঘৰৰ অতি মৰমৰ সদস্য | তাৰ সেই গোলপীয়া ওঠ , গোলপীয়া কোমল হাতোৰা তাৰ সৰু সুৰা কথাবোৰ অতি মৰম লগা আছিল | চেণ্ডেল অনা সেই সৰু কাগজৰ বাকচটোৰ ভিতৰতে সি অতি সজতনে শুই পৰিছিল | সি সৰু সৰু সেই পইতাচোৰা কেইটাৰ পাছে পাছে দৌৰি দৌৰি ফুৰিছিল আৰু একেজাপেই সেই সৰু চেণ্ডলৰ বাকচটোৰ ভিতৰত সোমাই পৰিছিল নিজৰ আত্ম-ৰক্ষাৰ বাবে | সি কেতিয়াও ক্লান্ত হোৱা নাছিল| নিৰৱে অতি আনণ্দেৰে সি চিকাৰ  কৰিবলৈ শিকিছিল | জীৱনটোত তাৰ পৰা শিকিব লগীয়া কথা বহুতেই আছিল |

লাহে-লাহে সি ডাঙৰ হৈ গৈছিল | আমি সময়মতে তাক ভাত-পানী খাবলৈ দিছিলো | সিও আমাৰ লগতে ডাইনিং টেবুলৰ তলত থকা সেই নিদিষ্ট কাঁহীখনতহে খাইছিল | তাক দিলেহে খায় নিদিলে নেখায় |কোনো দিনেই চুৰ কৰি গাখীৰ বা মাছ খোৱা মনত নপৰে | কেতিয়াবা তাৰ বেছিকৈ ভোক লাগিছে সি সৰু ল’ৰাৰ দ’ৰে আমাৰ ওচৰলৈ আহিছিল আৰু আমাৰ কাপোৰত কামোৰি ৰান্ধনী ঘৰৰ ফালে আগবঢ়াই লৈ গৈছিল | আমি বুজি পাইছিলো যে তাৰ ভোক লাগিছিল আৰু সেই মতেই তাক খাবলৈ দিছিলো | গধুলি সময়ত সি আমাৰ লগতে বহি টি. ভি চাই |আমি হাঁহিলে সি খুব আনন্দিত হৈছিল তাৰ মুখৰ পৰা মেউ মেউ টো বেছিকৈ উলাইছিল | হয়তো সি আমাক সদায়েই আনন্দিত হৈ থকাটো বিছাৰিছিল | সপ্তাহৰ দেওবাৰৰ দিনা সি বেছিকৈ আনন্দিত হৈছিল | ৰান্ধনি ঘৰৰ সেই নিদিষ্ট কাঁহী খনৰ ওচৰত অকনো ল’ৰ চ’ৰ নোহোৱাকৈ বহি গৈছিল |  কাৰণ সেইদিনা আমাৰ ঘৰত মাছ ৰন্ধা হৈছিল | কেইবা দিনমান আগতে আকৌ শুকান মাছ অনা সেই বেপাৰীজনৰ চাইকেলত সি বহি নমাৰ নামেই লোৱা নাছিল | সেই দিনাৰ পাছৰ পৰা সেই বেপাৰীজনক আমাৰ পদূলীত কাহানীও দেখা পোৱা নাছিলো | হয়তো সি খুব ভয় খাইছিল|
আমি তাক সময়মতে খাবলৈ দিছিলো | বিনিময়ত সি আমাৰ ঘৰৰ সেই নিগনীবোৰ আৰু ঘৰলৈ অহা সাপবোৰক মাৰি মাৰি পেলাইছিল | প্রথমতে সি নিগনীবোৰ ধৰি খাইছিল কিছুদিন পাছত সি নিগনীবোৰ খোৱাটো বন্ধ কৰিছিল | সি সিহঁতক আমাৰ ঘৰৰ পৰা ধৰি ধৰি বাহিৰত এৰি দিছিল আৰু সিহঁতৰ লগত খেলিছিল | সি ভাত-পানী খাই দিনৰ দিনটো শুই শুই আমনি লগাত আমাৰ ওচৰলৈ আহিছিল খেলিবলৈ |  আমাক ভৰিত সি আগভেটী ধৰিছিল্ |  তাক মাৰিলে সি আৰু বেছিকৈহে কৰিছিল |
  সেইদিনা আকৌ ওচৰৰ ঘৰৰ পৰা সেই মাক নোহোৱা সৰু-সৰু মেকুৰীৰ পোৱালী কেইটা অতি কোমলভাৱে কামুৰী সি শুৱা সেই নিদিষ্ট বাকচটোৰ ভিতৰত থৈছিল | সি সিহঁতৰ ওপৰৰ শুই সিহঁত্ক্ মাকৰ মৰম দিবলৈ চেষ্টা কৰিছিল | তাৰ কথা কাণ্ডবোৰ দেখা পাই তাৰ এখন বিশাল হৃদয় থকাৰ কথা গম পোৱা যায় | সি মানুহ নাছিল | কিন্তু মানুহে শিকিব লগীয়া বহু কথাই তাৰ মাজত পোৱা গৈছিল |
কেইবাদিন আগতে ঘৰত ফোন কৰোতে তাৰ মাত শুনা পাইছিলো | ভন্তিক কোৱাত তাক মাতি ফোনটো লাউল স্পিকাৰত দি তাৰ লগত কথা পতাই দিছিল | মই তাক মিনু মিনু বুলি মাতিছিলো সিও সিফালৰ পৰা মেউ মেউ বুলি চিঞৰিছিল | তাৰ সেই মাততো ক্রমান্বয়ে থোকাথুকি হৈ গৈছিল| মোৰো দুগালেৰে চকুলো নিগৰি গৈছিল |
আজি কেইবাদিনো হ’ল তাৰ মৃত্যু হোৱাৰ | ঘৰলৈ উভতি যোৱাৰ সময় আহিল| দেউতাই ক’ৰবাৰ পৰা আকৌ এজনী মেকুৰী লৈ আনিছে |তাইৰ নামটোও মিনু ৰাখিছে | নাজানো ঘৰলৈ গৈ মিনু বুলি মাতিলে সি উভতি চাবনে নেচায় |  তাৰ মাজত অতীতৰ সেই মিনুৰ মৰম পামনে নেপাম…………. |

 

© মণ্টু কুমাৰ ডেকা

 মোবাইল : 08800305719

 নতুন দিল্লী  

মাহী আই:


 

……মানুহজনে জীৱনত কিজানি সুখৰ দিন এদিনো নেপালে | ডেকা বয়সতে কণমানি দুজন ল’ৰা আৰু এজনী ছোৱালীৰ সৈতে অকাল’তে এৰি থৈ গৈছিল পত্নীয়ে | কিছুদিন পাছতে দহ বছৰীয়া ডাঙৰ ল’ৰাজনে দূর্ঘটনাত সোঁ-হাত খন হেৰুৱালে |পত্নীৰ বেমাৰত তেখেতৰ নামত থকা মাটি-বাৰীৰ বহুখিনিয়েই হেৰুৱালে| খেতি কৰিবৰ বাবে আনৰ মাটি আধি ল’লেও বছৰটোৰ বাবে কোনোমতে নোকোলায় | ৰন্ধা-বঢ়াত ডাঙৰ ল’ৰাজনেই কিছু সহায় কৰিছিল যদিও সিও এতিয়া বাওঁ-হাত খনৰেই তাৰ নিজৰ কামবোৰ কোনোমতে কৰিবলৈ শিকিছে | তাৰ পঢ়া-শুনাও বন্ধ হৈ গ’ল |  মাকৰ কিমান আশা আছিল তাক লৈ হেনো এদিন সি ডাঙৰ হ’ব , মানুহ কৰিব তাক | হয়তো সিওঁ কেতিয়াবা বাৰাণ্ডাৰ একাষত নিৰৱে বহি চকুলোঁ টুকে | সৰু ল’ৰা জনে একো গমকেই নেপায় | নাজানে সি মাক আছেনে নাই | কেতিয়াবা সিওঁ  বাহিৰৰ পৰা খেলা-ধুলা কৰি ঘৰলৈ ঘুৰি আহি চিধাই মা-মা বুলি মাত লগায় | কিছু সময় সেমেনা- সেমেনি কৰি নাকৰ সেঙুন খিনি এফালে হাতৰ বাহুৰে মচি থৈ ককায়েকৰ লগত আমন- জিমনকৈ বহি যায়| হয়তো কেতিয়াবা সি মাকৰ কথা সুধে,কেতিয়াবা হয়তো ককায়েকৰ সেই কটা যোৱা হাত খনৰ কথা ভাবে | বাৰাণ্ডাৰ একাষত ছোৱালী জনীক শোৱাই থৈছে | তাইওঁ কোৱা-কোৱা কৰি কান্দি-কান্দি ভাগৰি শুই যায় | হয়তো দেউতাক সন্ধিয়া ঘৰলৈ ঘুৰি আহিব তেতিয়াহে তাইক কিবা খুৱাব |তেখেতে গাওঁত কাম খুব কমেই পায় |কাম বিচাৰি যাব লগা হয় চহৰলৈ |
                *************************
আজি-কালি তেখেতে চকুৰে দেখা নেপায় | অকালতে জীৱনৰ দুখবোৰে হেঁচা মাৰি ধৰাত তেখেত শাৰীৰিক ভাবে বহু খিনিয়েই দুর্বল হৈ পৰিছিল | তেখেতৰ দুখৰ দিনবোৰ দেখি গাৱ্ঁৰ মানুহখিনিও আত্মবিভোৰ হৈ পৰিছিল| সেই সৰু-সৰু পখিলা খেদা বয়সৰ ল’ৰা ছোৱালীকেই কেইটাৰ জীৱনত এজন মাকৰ প্রয়োজনবোধ কৰাত  ওচৰৰ গাৱঁখনৰ পৰা বিধৱা এজনীক ঘৰৰ লক্ষীমি কৰি আনিছিল | ল’ৰা-ছোৱালী কেইজনেও খুব সুখী হৈছিল | অন্তত: সৰু ছোৱালীজনীয়ে সময়ত কল-গাখীৰ খাব পাব | কান্দি-কান্দি ভাগৰি গলে মৰমতে কোনোৱাই কোলাত তুলি ল’ব | সৰু ল’ৰাজনেওঁ এতিয়া খেলা-ধুলা কৰি ঘৰলৈ উভতি আহি মা-মা বুলি চিঞৰিলে এতিয়া হয়তো কোনোবাই সঁহাৰি জনাব | হয়তো তাৰ নাকৰ সেই সেগুনখিনিও কোনোৱাই মচি দি মৰমতে ত্পিনাত এথাপৰ মাৰিব | ডাঙৰ ল’ৰাজনেই মাকৰ আধৰুৱা সপোন পুৰণ কৰিব পাৰিব | সি স্কুললৈ আকৌ যাব পাৰিব , কটা হাত খনৰ কথা ভাবি-ভাবি কোনোপধ্যেই সি জীৱনত হাৰ নামানে ,কেতিয়াও হয়তো আমন-জিমনকৈ মাকৰ কথা ভাবি গোপনে-গোপনে চকুলোঁ নুটুকিব | মাকৰ সপোন সি পুৰণ কৰিবই | পিছে কি হ’ল মাহীমাকৰ আগমনত জীৱনত যেন দুখৰ বোজা বেচিহে বাঢ়ি গ’ল | ডাঙৰ ল’ৰাজনক মাঁহী মাকে দেখিব নোৱাৰা হৈ পৰিছিল| ভাত-পানী খোৱাৰ পাছত তাক কাঁহী-বাচনবোৰ ধুবলৈ দিছিল | বাওঁহাত খন হেৰুৱাৰ তাৰ বেচি দিন হোৱা নাছিল | সি নিজৰ প্রয়োজনীয় ব্যক্তিগত কাম খিনিও কোনোমতে কৰিব পৰা নাছিল | তাৰ স্কুললৈ যোৱাৰ সপোনটো দুৰৰে কথা সময়ত নিজৰ ভাত-মুঠিও ঠিকমতে পোৱা নাছিল | লাহে-লাহে মাঁহীমাকৰ তাৰ ওপৰত আত্যাচাৰ আৰু বাঢ়ি গ’ল | কেইবাদিনো দেউতাকে তাৰ বিৰোদ্ধে মিছা আভিযোগ কৰি তাক মাৰ-ধৰো কৰিলে | অৱশেষত মাক-দেউতাক দুয়োকে হেৰুৱাযেন হোৱাত সি এদিন ঘৰৰ পৰাই নাইকীয়া হৈ থাকিল| ক’ত গ’ল কি হ’ল কোনেও নাজানে |

      আজি কেইবা বছৰ হ’ল সৰু ল’ৰাজনো ঘৰ এৰি গুচি গ’ল| মাকক দেখা নাই যদিও দেউতাকৰ সেই গোপন বাকচটোত থকা মাকৰ ফটোখন স্টুডিঅ’ত ডাঙৰকৈ বনাই আনি ঘৰৰ এচুকত ধুনীয়াকৈ সজাই থৈছিলহে মাত্র | হয়তো সেইখন দেউতাকে মাহীমাকৰ পৰা লোকোৱাই ৰাখিছিল | হয়তো মাজে-মাজে গোপনে সেইখন চাই জীৱনৰ দুখবোৰৰ কথা কৈ উচুপি উঠিছিল | এনেতে কিবা এটা ভগাৰ শব্দ শুনা পাই সি দৌৰি ঘৰৰ ভিতৰলৈ আহিছিল| তাৰ হাতত আছিল কেইডালমান ধূপ আৰু কেইটামান ফুল | মজিয়াখনত কাচৰ টুকুৰাবোৰ সিচঁৰিত হৈ পৰি আছিল | ফটোখন সম্পুর্ণভাবে ভাগি-চিগি গৈছিল| ফটা ফটোখনৰ ওপৰৰ পৰা সি কাচৰ টুকুৰাবোৰ আতৰাই সেইখন বুকুৰ মাজত সাবটি ধৰি হুকহুকাই কান্ধিছিল |তাৰ কাৰণে যেন সেইদিনাই মাকৰ মৃত্যু হৈছিল| মাকৰ স্মৃতিৰ নামত সেইখনেই আছিল তাৰ ল’গত | সেইখন চায়েই সিও হয়তো কিচু সঁহাৰি পাব | পুৱাই-গধুলি সেইখনত্ ধুপ জ্বলাই স্বর্গীয় মাকৰ পৰা আর্শীবাদ বিচাৰিব | মজিয়াৰ এচুকত জ্বলি থকা ধুপকেইডাল আৰু সেই ফুলকেইটা অনাদৰ ভাৱে পৰি ৰৈছিল| মাঁহীমাকে বাঘিণীৰ গোঁজৰণীৰে সেই পৰি থকা ফুলকেইটা ভৰিৰে মোঁহাৰি পেলাইছিল | কোঠাৰ এচুকত ভণীয়েক জনীয়ে উচুপি উচুপি কান্ধিছিল| সেই দিনাই সি ঘৰ এৰি গুচি গৈছিল | এৰা যাবই , যি মাহীমাকে তাৰ মাকৰ সেই ফ’টোখনক ঘৰৰ এচুকত ঠাই দিব নোৱাৰে সেইজনী মাহীমাকক সি কেনেকৈ নিজৰ হৃদয়ত মাক বুলি আকোৱালী ল’ব| কিছুদিনৰ পাছত মাহী-মাকৰ অত্যাচাৰত থাকিব নোৱাৰি সৰু চোৱালীজনীও গুচি গ’ল চহৰলৈ কোনোৱা চিনাকী মানুহৰ ঘৰত কাম কৰিবলৈ | দেউতাকে চকুৰে মনিব নোৱাৰা হোৱাত ঘৰটোৰ এচুকতে ক্ষণ ক্ষণ গনি গনি মৃত্যুৰ অপেক্ষাত আছে | আজি হয়তো সিহঁতৰ কোনেও কাৰু কথাই নাজানে , কোন ক’ত কি কৰি আছে ?  মাহীমাকৰ আগমনেই ল’ৰা-ছোৱালী কেইটাক বাপেকৰ পৰাই আঁতৰালে |
                  *********************
 এৰা সঁচাকৈ কথাবোৰ ভাবিলে বহুতেই দুখ লাগে | আজিৰ এই পৃথিৱীখনত কিমান মাহীমাক আছে সকলোবোৰেই তেনেকুৱানে ? স্বামীৰ ল’ৰা-ছোৱালী কেইটাক নিজৰ ল’ৰা-ছোৱালী বুলি ভাবি ল’ব নোৱাৰিলে সিহঁতেও কেনেকৈ মাহীমাকক মাক বুলি মানি ল’ব | এনেকুৱা মাহীমাক বোৰ যেন সদায় মাহীমাক হৈয়ে ৰ’ব | এই জীৱনটো জানো সদাকালৰ বাবে? মাতৃৰ গর্ভৰ পৰা উলংগ হৈয়ে আহিছে উলংগ হৈয়ে আকৌ গুচিও যাব | জীৱনটো হাঁহি-কান্দোনৰ যদিও সদায় হাঁহি হাঁহিয়েই এজনে আনজনৰ সঁহাৰি হৈ জীয়াই থকা উচিত | এই জীৱনত সকলোকে মৰম আৰু সহানুভুতি লাগে | আপুনি কাৰোবাৰ প্রতি সহানুভুতি জনালেও কোনোবাই আপোনাৰ প্রতি সহানুভুতি জনাব| মনত ৰাখিব আপোনাৰো এদিন কাৰোৱাৰ সহায়ৰ প্রয়োজন হ’ব | বৃদ্ধতা আপোনাৰ জীৱনলৈও আহিব, আপোনাৰ মৃত্যুৰ সময়ত মুখত পানী অকণমান দিবৰ বাবেও মানুহ লাগিব | কোনে জানে সেই ল’ৰা-ছোৱালীকেইজনেই যাক নেকি আপুনি মাহীমাকৰ মৰম দিছিল সিঁহতেহে আপোনাৰ এদিন সহায় হ’ব |  হয়তো আপোনাৰ নিজৰ ল’ৰা-ছোৱালী কেইজনেই বিয়া-বাৰুহ হোৱাৰ পাছত আপোনাক  চিনি নোপোৱা হৈ পৰে | মনত ৰাখিব , এই পৃথিৱীত আপুনি যিটো বোৱে সেইটো কাটিবও লাগিব |

© মণ্টু কুমাৰ ডেকা

মোবাইল: 08800305719

নতুন দিল্লী  

Sunday, 20 September 2015

জীৱনৰ কথাৰে


     

http://www.ezinemart.com/purbachal/index.php?pagedate=28022016 

জীৱনটো অসাৰ কেৱল অসাৰ | বিশ্লেষণ কৰিবলৈ চেষ্টা কৰো কিন্তু একো উৱাদিহ নেপাওঁ | সুর্যৰ তলত পৃথিৱীৰ ওপৰত কৰা কামবোৰৰো এটা নিদিষ্ট সীমাৰেখা থাকে | এই পৃথিৱীৰলৈ মানুহ আহে আৰু যায়|এটা বংশ আহে আৰু এটা বংশ যায় | সুর্য পুবফালে উদয় হয় আৰু পশ্চিমফালে অস্ত যায় কিন্তু পৃথিৱীখন সদায় একেই থাকে | দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত আকৌ দিন , মাহ্ , ৠতু বছৰ সকলোবোৰ নিৰৱে হৈ থাকে | আপোনাৰ বা মোৰ ওচৰত থকা সেই নদী বা নিজৰাটোও নিৰৱে বৈ থাকে | একাষত থকা পৰুৱা কেইটাও একাগ্রতাৰে কোনো নেতা বা সেনাপতি নোহোৱাকৈয়ে নিজৰ কামবোৰ কৰি থাকে যেন সিহঁতে জীৱনৰ পথ জানে | হয়তো পৰুৱা কেইটাৰ জীৱনকাল আপোনাৰ বা মোৰ জীৱন কালতকৈয়ো তেনেই কম বা সীমিত | তথাপিও সিহঁতে সময়ৰ লগত খাপ মিলাই জীৱনৰ বাটত আগবাঢিছে | হয়তো আপুনি বা মই  জীৱনৰ অর্থ বা বাট বিচাৰি ফুৰুতেই জীৱনৰ আধা ৰাস্তা পাৰ হৈ গ’ল | তাৰে মাজতে কোনোৱাই হয়তো জীৱনটো এটা উপভোগৰ থলী বুলি এটা স্থিৰ দৃষ্টি ভংগীৰে আগবাঢ়ি গৈ কিছুদুৰ যোৱাৰ পাছত বাট হেৰুৱাই পেলাইছে | হয়তো কোনোবাই জীৱনটোত হাৰ মানি গৈ নতুবা হৃদয়ৰ বাসনাত ত্যাগকেই জীৱনৰ পথ বুলি জীৱনৰ পৰা পলাবলৈ চেষ্টা কৰিছে | কোনোৱাই গেৰুৱা বসন পৰিধান কৰি ঈশ্বৰৰ নামত অনাই বনাই ঘুৰি ফুৰিছে , কোনোৱাই হয়তো মৃত্যুৰ পথকেই বাছি  লৈছে | বেছিভাগেই কিন্তু জীৱনটো উপভোগ কৰিম কৰিম বুলি এটা আশা পুহি ৰাখে  কিন্তু নকৰে | কেৱল এটা আশাতেই সদায় জীয়াই থাকে |এটা ভাল কর্ম সংস্থান হোৱাৰ পাছত , এজনী সুন্দৰ মনে বিচৰা জীৱন সংগী পোৱাৰ পাছত , নতুবা আর্থিক ভাৱে টনকীয়াল হোৱাৰ পাছত বা এটা সুস্থ মন-প্রাণৰ অধিকাৰী হোৱাৰ পাছলৈ আশাৰে বাট চায় থাকে | সময় আৰু সুবিধা সকলো সদায় একেই নাথাকে | আমি পাৰ কৰি অহা প্রতিটো ক্ষণ ,প্রতিটো মুহুর্তয়ে অতীত হৈ যায় , যিটোক নেকি কেতিয়াও উভতি পোৱা নাযায় |

এৰা , জীৱনটো এনেদৰে ত্যাগ কৰা , অপেক্ষা কৰাৰ কাৰণে নহয় |জীৱনটো আকৌ বিশ্লেষণ কৰাৰ কাৰণেও নহয় | হয়তো জীৱনৰ গভীৰ সাৰ-মর্মক আপুনি আৰু মই বিশ্লেষণ কৰাটো মুর্গী আগতে আহিছিলনে কণী অগতে আহিছিল তেনে ধৰণৰ কথা হ’ব |জীৱনটো বিশ্লেষণ কৰাটো আপোনাৰ আৰু মোৰ চিন্তাৰ পৰিধিৰ বাহিৰত | ঈশ্বৰ ক’ৰ পৰা আহিল , ঈশ্বৰক কোনে স্বজিলে ইত্যাদিবোৰৰ লগতে জীৱনৰ গভীৰ কথাবোৰ বিশ্লেষণ কৰাৰ কাৰণে নহয় |  জীৱনটো কেবল জীয়াই থকাৰ কাৰণেহে |সুর্যৰ তলত , পৃথিৱীৰ ওপৰত থকা সকলো বস্তুৱেই কর্মৰে পৰিপুর্ণ | জীৱনটোৱে সকলোকে কিবা নহয় কিবা এটা কর্মত জড়িত কৰিছে | জীৱনৰ অর্থ নিবিচাৰি এই কর্মতেই স্বর্গীয় আনন্দ বিচৰা উচিত |

এই পৃথিৱীখনে বহুত মানুহ দেখিছে | কিমান বোৰ মানুহ সময়ৰ সোঁতত এই পৃথিৱী়ৰ বুকুৰলৈ আহি ইয়াতে সমাপ্ত হৈ গৈছে | এই পৃথিৱীখনে জানে মানুহৰ দস্তাবেজ | প্রকৃতিয়ে মানুহক খোলা আকাশ, খোলা বতাহ , মাটি-পানী সকলোবোৰেই মূল্যহীনভাবে দিছে | মানুহ আহিছে আৰু গৈছে কিন্তু এই আকাশ বতাহ , মাটি , পানী , পৃথিৱী , চন্দ্র সূর্য ইত্যাদিবোৰ সদায় একেদৰেই আছে | প্রাকৃতিক দূর্যোগৰ ভয়ত মানুহে নিজৰ নিজৰ স্বার্থৰ বাবে ঈশ্বৰক পূজা-পাতল কৰে | ঘোচ দিয়ে | পোৱা নোপোৱাৰ হিচাপবোৰ কৰিয়েই জীৱনৰ আধা কাল অশান্তিত কটায় | মানুহ ঈশ্বৰৰ ওচৰলৈ যায় কিন্তু বৃহত স্বার্থত , যেতিয়া নোপোৱাৰ লিষ্টখন দীঘল হয় | ঈশ্বৰ জনো কিজানি মাজে-মাজে বহুত খঙাল হৈ পৰে | , এৰা মানুহ সঁচাকৈয়ে বহুত স্বার্থপৰ আৰু নিম্ন মানসিকতাৰ | খোৱা-লোৱা , পিন্ধন-উৰণ্, আমোদ-প্রমোদতেই যেন মানুহৰ মানসিকতা সীমাবদ্ধ | ঈশ্বৰজনৰ ওচৰত এখন বিশ্বব্রহ্মাণ্ড আছে , সকলো গ্রহ- ন্ক্ষত্র্ ,হাটীপটি সকলোৰে হিছাপ তেওঁৰ ওচৰত থাকে | আপোনাৰ মুৰৰ চুলি কেইডালৰ হিচাপৰ পৰা মংগল গ্রহৰ কোনোৱা এটা শিলা খণ্ডৰ ভিতৰৰ ক্ষূদ্র কনিকাটোৰ ৰাসায়নিক সমীকৰণলৈ , আপোনাৰ এটা প্রার্থনাৰ পৰা লৈ উত্তৰ আমেৰিকাৰ কোনোবা এখন গাৱত থকা  দৰিদ্র বিধবাজনীৰ প্রার্থনালৈ সকলোবোৰৰ হিচাপ তেওঁৰ ওচৰত আছে |   

  আকাশত থকা চৰাইবোৰ , আমাৰ ওচৰে পাঁজৰে থকা পৰুৱাবোৰ সকলোৰে এটা জীৱন আছে | আপোনাৰ বাৰীত থকা সেই আঁহত গছজোপাৰ দৰেই আপুনিও এই প্ৰকৃতিৰে এটা সম্পদ | পৃথিৱীৰ বিখ্যাত ধনী মানুহ জনো মৃত্যুৰ পাছত সেই একেটা পথেৰেই যাব আৰু আপুনি আৰু  মইও সেই একেটা পথেৰেই যাম | প্রকৃতিয়ে যেনেকৈ আঁহত গছডালক্ এখন মুক্ত আকাশ , বতাহ , মাটি–পানী দি জীয়াই থকাৰ অধিকাৰ দিছে সেই একে দৰেই অপোনাক বা মোকো দিছে আৰু আগৰলৈও দিব | চিন্তা কৰি মুৰ ঘামোৱাৰ প্রয়োজন নাই | এই প্রকৃতিখন সকলোৰেই বাবে আৰু ঈশ্বৰজনো সকলোৰে বাবে | জীৱনৰ নামত ত্যাগ কৰাৰ দৰকাৰ নাই ব চিন্তা কৰি বিচলিত হোৱাৰ প্রয়োজন নাই| জীৱন ঈশ্বৰৰ এটা উপহাৰ |ঈশ্বৰে আপোনাক জীৱন দিছে , জীয়াই থকাৰ অধিকাৰ দিছে , আপুনি যিয়ে যেনেকৈ আছে তেনেকৈয়ে মুক্তভাৱে আকাশ বতাহৰ মাজত জীয়াই থাকি নিজৰ কর্ম উপভোগ কৰক | মনত ৰাখিব প্রতিটো মুর্হুত আকৌ ঘুৰি নাহে , গতিকে প্রতিটো মুহুর্ততে নিজকে কর্মত ব্যস্ত ৰাখি জীৱনৰ আনন্দ লাভ কৰক |  কিয়নো ইয়ে অপোনাৰ প্রাপ্য |  আশা কৰো আপোনাৰ জীৱনৰ পথত আপোনাৰ সহায় হওঁক |


© মণ্টু কুমাৰ ডেকা

 মোবাইল : 08800305719

 নতুন দিল্লী