……মানুহজনে জীৱনত
কিজানি সুখৰ দিন এদিনো নেপালে | ডেকা বয়সতে কণমানি দুজন ল’ৰা আৰু এজনী ছোৱালীৰ সৈতে
অকাল’তে এৰি থৈ গৈছিল পত্নীয়ে | কিছুদিন পাছতে দহ বছৰীয়া ডাঙৰ ল’ৰাজনে দূর্ঘটনাত সোঁ-হাত
খন হেৰুৱালে |পত্নীৰ বেমাৰত তেখেতৰ নামত থকা মাটি-বাৰীৰ বহুখিনিয়েই হেৰুৱালে| খেতি
কৰিবৰ বাবে আনৰ মাটি আধি ল’লেও বছৰটোৰ বাবে কোনোমতে নোকোলায় | ৰন্ধা-বঢ়াত ডাঙৰ ল’ৰাজনেই
কিছু সহায় কৰিছিল যদিও সিও এতিয়া বাওঁ-হাত খনৰেই তাৰ নিজৰ কামবোৰ কোনোমতে কৰিবলৈ শিকিছে
| তাৰ পঢ়া-শুনাও বন্ধ হৈ গ’ল | মাকৰ কিমান
আশা আছিল তাক লৈ হেনো এদিন সি ডাঙৰ হ’ব , মানুহ কৰিব তাক | হয়তো সিওঁ কেতিয়াবা বাৰাণ্ডাৰ
একাষত নিৰৱে বহি চকুলোঁ টুকে | সৰু ল’ৰা জনে একো গমকেই নেপায় | নাজানে সি মাক আছেনে
নাই | কেতিয়াবা সিওঁ বাহিৰৰ পৰা খেলা-ধুলা
কৰি ঘৰলৈ ঘুৰি আহি চিধাই মা-মা বুলি মাত লগায় | কিছু সময় সেমেনা- সেমেনি কৰি নাকৰ সেঙুন
খিনি এফালে হাতৰ বাহুৰে মচি থৈ ককায়েকৰ লগত আমন- জিমনকৈ বহি যায়| হয়তো কেতিয়াবা সি
মাকৰ কথা সুধে,কেতিয়াবা হয়তো ককায়েকৰ সেই কটা যোৱা হাত খনৰ কথা ভাবে | বাৰাণ্ডাৰ একাষত
ছোৱালী জনীক শোৱাই থৈছে | তাইওঁ কোৱা-কোৱা কৰি কান্দি-কান্দি ভাগৰি শুই যায় | হয়তো
দেউতাক সন্ধিয়া ঘৰলৈ ঘুৰি আহিব তেতিয়াহে তাইক কিবা খুৱাব |তেখেতে গাওঁত কাম খুব কমেই
পায় |কাম বিচাৰি যাব লগা হয় চহৰলৈ |
*************************
আজি-কালি
তেখেতে চকুৰে দেখা নেপায় | অকালতে জীৱনৰ দুখবোৰে হেঁচা মাৰি ধৰাত তেখেত শাৰীৰিক ভাবে
বহু খিনিয়েই দুর্বল হৈ পৰিছিল | তেখেতৰ দুখৰ দিনবোৰ দেখি গাৱ্ঁৰ মানুহখিনিও আত্মবিভোৰ
হৈ পৰিছিল| সেই সৰু-সৰু পখিলা খেদা বয়সৰ ল’ৰা ছোৱালীকেই কেইটাৰ জীৱনত এজন মাকৰ প্রয়োজনবোধ
কৰাত ওচৰৰ গাৱঁখনৰ পৰা বিধৱা এজনীক ঘৰৰ লক্ষীমি
কৰি আনিছিল | ল’ৰা-ছোৱালী কেইজনেও খুব সুখী হৈছিল | অন্তত: সৰু ছোৱালীজনীয়ে সময়ত কল-গাখীৰ
খাব পাব | কান্দি-কান্দি ভাগৰি গলে মৰমতে কোনোৱাই কোলাত তুলি ল’ব | সৰু ল’ৰাজনেওঁ এতিয়া
খেলা-ধুলা কৰি ঘৰলৈ উভতি আহি মা-মা বুলি চিঞৰিলে এতিয়া হয়তো কোনোবাই সঁহাৰি জনাব |
হয়তো তাৰ নাকৰ সেই সেগুনখিনিও কোনোৱাই মচি দি মৰমতে ত্পিনাত এথাপৰ মাৰিব | ডাঙৰ ল’ৰাজনেই
মাকৰ আধৰুৱা সপোন পুৰণ কৰিব পাৰিব | সি স্কুললৈ আকৌ যাব পাৰিব , কটা হাত খনৰ কথা ভাবি-ভাবি
কোনোপধ্যেই সি জীৱনত হাৰ নামানে ,কেতিয়াও হয়তো আমন-জিমনকৈ মাকৰ কথা ভাবি গোপনে-গোপনে
চকুলোঁ নুটুকিব | মাকৰ সপোন সি পুৰণ কৰিবই | পিছে কি হ’ল মাহীমাকৰ আগমনত জীৱনত যেন
দুখৰ বোজা বেচিহে বাঢ়ি গ’ল | ডাঙৰ ল’ৰাজনক মাঁহী মাকে দেখিব নোৱাৰা হৈ পৰিছিল| ভাত-পানী
খোৱাৰ পাছত তাক কাঁহী-বাচনবোৰ ধুবলৈ দিছিল | বাওঁহাত খন হেৰুৱাৰ তাৰ বেচি দিন হোৱা
নাছিল | সি নিজৰ প্রয়োজনীয় ব্যক্তিগত কাম খিনিও কোনোমতে কৰিব পৰা নাছিল | তাৰ স্কুললৈ
যোৱাৰ সপোনটো দুৰৰে কথা সময়ত নিজৰ ভাত-মুঠিও ঠিকমতে পোৱা নাছিল | লাহে-লাহে মাঁহীমাকৰ
তাৰ ওপৰত আত্যাচাৰ আৰু বাঢ়ি গ’ল | কেইবাদিনো দেউতাকে তাৰ বিৰোদ্ধে মিছা আভিযোগ কৰি
তাক মাৰ-ধৰো কৰিলে | অৱশেষত মাক-দেউতাক দুয়োকে হেৰুৱাযেন হোৱাত সি এদিন ঘৰৰ পৰাই নাইকীয়া
হৈ থাকিল| ক’ত গ’ল কি হ’ল কোনেও নাজানে |
আজি কেইবা বছৰ হ’ল সৰু ল’ৰাজনো ঘৰ এৰি গুচি
গ’ল| মাকক দেখা নাই যদিও দেউতাকৰ সেই গোপন বাকচটোত থকা মাকৰ ফটোখন স্টুডিঅ’ত ডাঙৰকৈ
বনাই আনি ঘৰৰ এচুকত ধুনীয়াকৈ সজাই থৈছিলহে মাত্র | হয়তো সেইখন দেউতাকে মাহীমাকৰ পৰা
লোকোৱাই ৰাখিছিল | হয়তো মাজে-মাজে গোপনে সেইখন চাই জীৱনৰ দুখবোৰৰ কথা কৈ উচুপি উঠিছিল
| এনেতে কিবা এটা ভগাৰ শব্দ শুনা পাই সি দৌৰি ঘৰৰ ভিতৰলৈ আহিছিল| তাৰ হাতত আছিল কেইডালমান
ধূপ আৰু কেইটামান ফুল | মজিয়াখনত কাচৰ টুকুৰাবোৰ সিচঁৰিত হৈ পৰি আছিল | ফটোখন সম্পুর্ণভাবে
ভাগি-চিগি গৈছিল| ফটা ফটোখনৰ ওপৰৰ পৰা সি কাচৰ টুকুৰাবোৰ আতৰাই সেইখন বুকুৰ মাজত সাবটি
ধৰি হুকহুকাই কান্ধিছিল |তাৰ কাৰণে যেন সেইদিনাই মাকৰ মৃত্যু হৈছিল| মাকৰ স্মৃতিৰ নামত
সেইখনেই আছিল তাৰ ল’গত | সেইখন চায়েই সিও হয়তো কিচু সঁহাৰি পাব | পুৱাই-গধুলি সেইখনত্
ধুপ জ্বলাই স্বর্গীয় মাকৰ পৰা আর্শীবাদ বিচাৰিব | মজিয়াৰ এচুকত জ্বলি থকা ধুপকেইডাল
আৰু সেই ফুলকেইটা অনাদৰ ভাৱে পৰি ৰৈছিল| মাঁহীমাকে বাঘিণীৰ গোঁজৰণীৰে সেই পৰি থকা ফুলকেইটা
ভৰিৰে মোঁহাৰি পেলাইছিল | কোঠাৰ এচুকত ভণীয়েক জনীয়ে উচুপি উচুপি কান্ধিছিল| সেই দিনাই
সি ঘৰ এৰি গুচি গৈছিল | এৰা যাবই , যি মাহীমাকে তাৰ মাকৰ সেই ফ’টোখনক ঘৰৰ এচুকত ঠাই
দিব নোৱাৰে সেইজনী মাহীমাকক সি কেনেকৈ নিজৰ হৃদয়ত মাক বুলি আকোৱালী ল’ব| কিছুদিনৰ পাছত
মাহী-মাকৰ অত্যাচাৰত থাকিব নোৱাৰি সৰু চোৱালীজনীও গুচি গ’ল চহৰলৈ কোনোৱা চিনাকী মানুহৰ
ঘৰত কাম কৰিবলৈ | দেউতাকে চকুৰে মনিব নোৱাৰা হোৱাত ঘৰটোৰ এচুকতে ক্ষণ ক্ষণ গনি গনি
মৃত্যুৰ অপেক্ষাত আছে | আজি হয়তো সিহঁতৰ কোনেও কাৰু কথাই নাজানে , কোন ক’ত কি কৰি আছে
? মাহীমাকৰ আগমনেই ল’ৰা-ছোৱালী কেইটাক বাপেকৰ
পৰাই আঁতৰালে |
*********************
এৰা সঁচাকৈ কথাবোৰ ভাবিলে বহুতেই দুখ লাগে | আজিৰ
এই পৃথিৱীখনত কিমান মাহীমাক আছে সকলোবোৰেই তেনেকুৱানে ? স্বামীৰ ল’ৰা-ছোৱালী কেইটাক
নিজৰ ল’ৰা-ছোৱালী বুলি ভাবি ল’ব নোৱাৰিলে সিহঁতেও কেনেকৈ মাহীমাকক মাক বুলি মানি ল’ব
| এনেকুৱা মাহীমাক বোৰ যেন সদায় মাহীমাক হৈয়ে ৰ’ব | এই জীৱনটো জানো সদাকালৰ বাবে? মাতৃৰ
গর্ভৰ পৰা উলংগ হৈয়ে আহিছে উলংগ হৈয়ে আকৌ গুচিও যাব | জীৱনটো হাঁহি-কান্দোনৰ যদিও সদায়
হাঁহি হাঁহিয়েই এজনে আনজনৰ সঁহাৰি হৈ জীয়াই থকা উচিত | এই জীৱনত সকলোকে মৰম আৰু সহানুভুতি
লাগে | আপুনি কাৰোবাৰ প্রতি সহানুভুতি জনালেও কোনোবাই আপোনাৰ প্রতি সহানুভুতি জনাব|
মনত ৰাখিব আপোনাৰো এদিন কাৰোৱাৰ সহায়ৰ প্রয়োজন হ’ব | বৃদ্ধতা আপোনাৰ জীৱনলৈও আহিব,
আপোনাৰ মৃত্যুৰ সময়ত মুখত পানী অকণমান দিবৰ বাবেও মানুহ লাগিব | কোনে জানে সেই ল’ৰা-ছোৱালীকেইজনেই
যাক নেকি আপুনি মাহীমাকৰ মৰম দিছিল সিঁহতেহে আপোনাৰ এদিন সহায় হ’ব | হয়তো আপোনাৰ নিজৰ ল’ৰা-ছোৱালী কেইজনেই বিয়া-বাৰুহ
হোৱাৰ পাছত আপোনাক চিনি নোপোৱা হৈ পৰে | মনত
ৰাখিব , এই পৃথিৱীত আপুনি যিটো বোৱে সেইটো কাটিবও লাগিব |
© মণ্টু
কুমাৰ ডেকা
মোবাইল: 08800305719
নতুন দিল্লী
No comments:
Post a Comment