http://www.ezinemart.com/purbachal/index.php?pagedate=28022016
জীৱনটো অসাৰ কেৱল অসাৰ | বিশ্লেষণ
কৰিবলৈ চেষ্টা কৰো কিন্তু একো উৱাদিহ নেপাওঁ | সুর্যৰ তলত পৃথিৱীৰ ওপৰত কৰা কামবোৰৰো
এটা নিদিষ্ট সীমাৰেখা থাকে | এই পৃথিৱীৰলৈ মানুহ আহে আৰু যায়|এটা বংশ আহে আৰু এটা বংশ
যায় | সুর্য পুবফালে উদয় হয় আৰু পশ্চিমফালে অস্ত যায় কিন্তু পৃথিৱীখন সদায় একেই থাকে
| দিনৰ পাছত ৰাতি, ৰাতিৰ পাছত আকৌ দিন , মাহ্ , ৠতু বছৰ সকলোবোৰ নিৰৱে হৈ থাকে | আপোনাৰ
বা মোৰ ওচৰত থকা সেই নদী বা নিজৰাটোও নিৰৱে বৈ থাকে | একাষত থকা পৰুৱা কেইটাও একাগ্রতাৰে
কোনো নেতা বা সেনাপতি নোহোৱাকৈয়ে নিজৰ কামবোৰ কৰি থাকে যেন সিহঁতে জীৱনৰ পথ জানে |
হয়তো পৰুৱা কেইটাৰ জীৱনকাল আপোনাৰ বা মোৰ জীৱন কালতকৈয়ো তেনেই কম বা সীমিত | তথাপিও
সিহঁতে সময়ৰ লগত খাপ মিলাই জীৱনৰ বাটত আগবাঢিছে | হয়তো আপুনি বা মই জীৱনৰ অর্থ বা বাট বিচাৰি ফুৰুতেই জীৱনৰ আধা ৰাস্তা
পাৰ হৈ গ’ল | তাৰে মাজতে কোনোৱাই হয়তো জীৱনটো এটা উপভোগৰ থলী বুলি এটা স্থিৰ দৃষ্টি
ভংগীৰে আগবাঢ়ি গৈ কিছুদুৰ যোৱাৰ পাছত বাট হেৰুৱাই পেলাইছে | হয়তো কোনোবাই জীৱনটোত হাৰ
মানি গৈ নতুবা হৃদয়ৰ বাসনাত ত্যাগকেই জীৱনৰ পথ বুলি জীৱনৰ পৰা পলাবলৈ চেষ্টা কৰিছে
| কোনোৱাই গেৰুৱা বসন পৰিধান কৰি ঈশ্বৰৰ নামত অনাই বনাই ঘুৰি ফুৰিছে , কোনোৱাই হয়তো
মৃত্যুৰ পথকেই বাছি লৈছে | বেছিভাগেই কিন্তু
জীৱনটো উপভোগ কৰিম কৰিম বুলি এটা আশা পুহি ৰাখে
কিন্তু নকৰে | কেৱল এটা আশাতেই সদায় জীয়াই থাকে |এটা ভাল কর্ম সংস্থান হোৱাৰ
পাছত , এজনী সুন্দৰ মনে বিচৰা জীৱন সংগী পোৱাৰ পাছত , নতুবা আর্থিক ভাৱে টনকীয়াল হোৱাৰ
পাছত বা এটা সুস্থ মন-প্রাণৰ অধিকাৰী হোৱাৰ পাছলৈ আশাৰে বাট চায় থাকে | সময় আৰু সুবিধা
সকলো সদায় একেই নাথাকে | আমি পাৰ কৰি অহা প্রতিটো ক্ষণ ,প্রতিটো মুহুর্তয়ে অতীত হৈ
যায় , যিটোক নেকি কেতিয়াও উভতি পোৱা নাযায় |
এৰা , জীৱনটো এনেদৰে ত্যাগ কৰা , অপেক্ষা কৰাৰ কাৰণে নহয় |জীৱনটো আকৌ
বিশ্লেষণ কৰাৰ কাৰণেও নহয় | হয়তো জীৱনৰ গভীৰ সাৰ-মর্মক আপুনি আৰু মই বিশ্লেষণ কৰাটো
মুর্গী আগতে আহিছিলনে কণী অগতে আহিছিল তেনে ধৰণৰ কথা হ’ব |জীৱনটো বিশ্লেষণ কৰাটো আপোনাৰ
আৰু মোৰ চিন্তাৰ পৰিধিৰ বাহিৰত | ঈশ্বৰ ক’ৰ পৰা আহিল , ঈশ্বৰক কোনে স্বজিলে ইত্যাদিবোৰৰ
লগতে জীৱনৰ গভীৰ কথাবোৰ বিশ্লেষণ কৰাৰ কাৰণে নহয় | জীৱনটো কেবল জীয়াই থকাৰ কাৰণেহে |সুর্যৰ তলত , পৃথিৱীৰ
ওপৰত থকা সকলো বস্তুৱেই কর্মৰে পৰিপুর্ণ | জীৱনটোৱে সকলোকে কিবা নহয় কিবা এটা কর্মত
জড়িত কৰিছে | জীৱনৰ অর্থ নিবিচাৰি এই কর্মতেই স্বর্গীয় আনন্দ বিচৰা উচিত |
এই পৃথিৱীখনে বহুত মানুহ দেখিছে | কিমান বোৰ মানুহ সময়ৰ সোঁতত এই পৃথিৱী়ৰ
বুকুৰলৈ আহি ইয়াতে সমাপ্ত হৈ গৈছে | এই পৃথিৱীখনে জানে মানুহৰ দস্তাবেজ | প্রকৃতিয়ে
মানুহক খোলা আকাশ, খোলা বতাহ , মাটি-পানী সকলোবোৰেই মূল্যহীনভাবে দিছে | মানুহ আহিছে
আৰু গৈছে কিন্তু এই আকাশ বতাহ , মাটি , পানী , পৃথিৱী , চন্দ্র সূর্য ইত্যাদিবোৰ সদায়
একেদৰেই আছে | প্রাকৃতিক দূর্যোগৰ ভয়ত মানুহে নিজৰ নিজৰ স্বার্থৰ বাবে ঈশ্বৰক পূজা-পাতল
কৰে | ঘোচ দিয়ে | পোৱা নোপোৱাৰ হিচাপবোৰ কৰিয়েই জীৱনৰ আধা কাল অশান্তিত কটায় | মানুহ
ঈশ্বৰৰ ওচৰলৈ যায় কিন্তু বৃহত স্বার্থত , যেতিয়া নোপোৱাৰ লিষ্টখন দীঘল হয় | ঈশ্বৰ জনো
কিজানি মাজে-মাজে বহুত খঙাল হৈ পৰে | , এৰা মানুহ সঁচাকৈয়ে বহুত স্বার্থপৰ আৰু নিম্ন
মানসিকতাৰ | খোৱা-লোৱা , পিন্ধন-উৰণ্, আমোদ-প্রমোদতেই যেন মানুহৰ মানসিকতা সীমাবদ্ধ
| ঈশ্বৰজনৰ ওচৰত এখন বিশ্বব্রহ্মাণ্ড আছে , সকলো গ্রহ- ন্ক্ষত্র্ ,হাটীপটি সকলোৰে হিছাপ
তেওঁৰ ওচৰত থাকে | আপোনাৰ মুৰৰ চুলি কেইডালৰ হিচাপৰ পৰা মংগল গ্রহৰ কোনোৱা এটা শিলা
খণ্ডৰ ভিতৰৰ ক্ষূদ্র কনিকাটোৰ ৰাসায়নিক সমীকৰণলৈ , আপোনাৰ এটা প্রার্থনাৰ পৰা লৈ উত্তৰ
আমেৰিকাৰ কোনোবা এখন গাৱত থকা দৰিদ্র বিধবাজনীৰ
প্রার্থনালৈ সকলোবোৰৰ হিচাপ তেওঁৰ ওচৰত আছে |
আকাশত থকা চৰাইবোৰ , আমাৰ
ওচৰে পাঁজৰে থকা পৰুৱাবোৰ সকলোৰে এটা জীৱন আছে | আপোনাৰ বাৰীত থকা সেই আঁহত গছজোপাৰ
দৰেই আপুনিও এই প্ৰকৃতিৰে এটা সম্পদ | পৃথিৱীৰ বিখ্যাত ধনী মানুহ জনো মৃত্যুৰ পাছত
সেই একেটা পথেৰেই যাব আৰু আপুনি আৰু মইও সেই
একেটা পথেৰেই যাম | প্রকৃতিয়ে যেনেকৈ আঁহত গছডালক্ এখন মুক্ত আকাশ , বতাহ , মাটি–পানী
দি জীয়াই থকাৰ অধিকাৰ দিছে সেই একে দৰেই অপোনাক বা মোকো দিছে আৰু আগৰলৈও দিব | চিন্তা
কৰি মুৰ ঘামোৱাৰ প্রয়োজন নাই | এই প্রকৃতিখন সকলোৰেই বাবে আৰু ঈশ্বৰজনো সকলোৰে বাবে
| জীৱনৰ নামত ত্যাগ কৰাৰ দৰকাৰ নাই ব চিন্তা কৰি বিচলিত হোৱাৰ প্রয়োজন নাই| জীৱন ঈশ্বৰৰ
এটা উপহাৰ |ঈশ্বৰে আপোনাক জীৱন দিছে , জীয়াই থকাৰ অধিকাৰ দিছে , আপুনি যিয়ে যেনেকৈ
আছে তেনেকৈয়ে মুক্তভাৱে আকাশ বতাহৰ মাজত জীয়াই থাকি নিজৰ কর্ম উপভোগ কৰক | মনত ৰাখিব
প্রতিটো মুর্হুত আকৌ ঘুৰি নাহে , গতিকে প্রতিটো মুহুর্ততে নিজকে কর্মত ব্যস্ত ৰাখি
জীৱনৰ আনন্দ লাভ কৰক | কিয়নো ইয়ে অপোনাৰ প্রাপ্য
| আশা কৰো আপোনাৰ জীৱনৰ পথত আপোনাৰ সহায় হওঁক
|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment