আজি
বহুদিনেই হ’ল তাৰ মাতটো শুনা নাই | নাজানো এইবাৰ ঘৰলৈ গ’লে সি মোক চিনি পাবনে নেপায়
|তাক কোনোদিনেই অকলশৰে এৰি থৈ যোৱাৰ কথা মনত নপৰে| জীৱনৰ সেই দূখৰ ৰাতি বোৰতো সি মোৰ
ওচৰতে নিৰৱে বহি আছিল | দুৰণীৰ সেই শিয়াল কেইটাৰ বিকট চিঞৰত মই ভয়তে পেপুৱা লাগি কোঠাৰ
এচুকত সোমাই আছিলো যদিও সি কোনো ভয় কৰা নাছিল | সি মোক সাহস দিবলৈ চেষ্টা কৰিছিল |
মোৰ ভৰিৰ আঙুলী কেইটা কোমল ভাৱে চেলেকী সি মোক সঁহাৰি জনাইছিল | মই তাৰ পৰাই পাইছিলো
সাহস আৰু সহানুভুতি | সি যেন মোৰ দুখবোৰ বুজি
পাইছিল আৰু মোৰ চকুলোঁ দেখি মোৰ প্রতি সহানুভুতি জনাবলৈ মেউ-মেউ বুলি বিনাইছিল
|
কেইবা বছৰ আগতে সি পেহীদেউৰ
কোচত আমাৰ ঘৰলৈ আহিছিল | সি হেনো অনাদৰ ভাবে ৰাস্তাৰ কাষত পৰি আছিল | কোনোবাই তাক আঘাত্
কৰিছিল আৰু তাৰ কপালৰ এফালে তেজ বৈ আছিল | আমি ওচৰৰে চিকিত্সক জনৰ ওচৰলৈ তাক লৈ গৈ
তাৰ কপালত লগোৱা মলম লৈ আনিছিলো| সেই দিনাৰ পৰাই সি হৈ গৈছিল আমাৰ ঘৰৰ অতি মৰমৰ সদস্য
| তাৰ সেই গোলপীয়া ওঠ , গোলপীয়া কোমল হাতোৰা তাৰ সৰু সুৰা কথাবোৰ অতি মৰম লগা আছিল
| চেণ্ডেল অনা সেই সৰু কাগজৰ বাকচটোৰ ভিতৰতে সি অতি সজতনে শুই পৰিছিল | সি সৰু সৰু
সেই পইতাচোৰা কেইটাৰ পাছে পাছে দৌৰি দৌৰি ফুৰিছিল আৰু একেজাপেই সেই সৰু চেণ্ডলৰ বাকচটোৰ
ভিতৰত সোমাই পৰিছিল নিজৰ আত্ম-ৰক্ষাৰ বাবে | সি কেতিয়াও ক্লান্ত হোৱা নাছিল| নিৰৱে
অতি আনণ্দেৰে সি চিকাৰ কৰিবলৈ শিকিছিল | জীৱনটোত
তাৰ পৰা শিকিব লগীয়া কথা বহুতেই আছিল |
লাহে-লাহে সি ডাঙৰ হৈ গৈছিল
| আমি সময়মতে তাক ভাত-পানী খাবলৈ দিছিলো | সিও আমাৰ লগতে ডাইনিং টেবুলৰ তলত থকা সেই
নিদিষ্ট কাঁহীখনতহে খাইছিল | তাক দিলেহে খায় নিদিলে নেখায় |কোনো দিনেই চুৰ কৰি গাখীৰ
বা মাছ খোৱা মনত নপৰে | কেতিয়াবা তাৰ বেছিকৈ ভোক লাগিছে সি সৰু ল’ৰাৰ দ’ৰে আমাৰ ওচৰলৈ
আহিছিল আৰু আমাৰ কাপোৰত কামোৰি ৰান্ধনী ঘৰৰ ফালে আগবঢ়াই লৈ গৈছিল | আমি বুজি পাইছিলো
যে তাৰ ভোক লাগিছিল আৰু সেই মতেই তাক খাবলৈ দিছিলো | গধুলি সময়ত সি আমাৰ লগতে বহি টি.
ভি চাই |আমি হাঁহিলে সি খুব আনন্দিত হৈছিল তাৰ মুখৰ পৰা মেউ মেউ টো বেছিকৈ উলাইছিল
| হয়তো সি আমাক সদায়েই আনন্দিত হৈ থকাটো বিছাৰিছিল | সপ্তাহৰ দেওবাৰৰ দিনা সি বেছিকৈ
আনন্দিত হৈছিল | ৰান্ধনি ঘৰৰ সেই নিদিষ্ট কাঁহী খনৰ ওচৰত অকনো ল’ৰ চ’ৰ নোহোৱাকৈ বহি
গৈছিল | কাৰণ সেইদিনা আমাৰ ঘৰত মাছ ৰন্ধা হৈছিল
| কেইবা দিনমান আগতে আকৌ শুকান মাছ অনা সেই বেপাৰীজনৰ চাইকেলত সি বহি নমাৰ নামেই লোৱা
নাছিল | সেই দিনাৰ পাছৰ পৰা সেই বেপাৰীজনক আমাৰ পদূলীত কাহানীও দেখা পোৱা নাছিলো |
হয়তো সি খুব ভয় খাইছিল|
আমি তাক সময়মতে খাবলৈ দিছিলো
| বিনিময়ত সি আমাৰ ঘৰৰ সেই নিগনীবোৰ আৰু ঘৰলৈ অহা সাপবোৰক মাৰি মাৰি পেলাইছিল | প্রথমতে
সি নিগনীবোৰ ধৰি খাইছিল কিছুদিন পাছত সি নিগনীবোৰ খোৱাটো বন্ধ কৰিছিল | সি সিহঁতক আমাৰ
ঘৰৰ পৰা ধৰি ধৰি বাহিৰত এৰি দিছিল আৰু সিহঁতৰ লগত খেলিছিল | সি ভাত-পানী খাই দিনৰ দিনটো
শুই শুই আমনি লগাত আমাৰ ওচৰলৈ আহিছিল খেলিবলৈ | আমাক ভৰিত সি আগভেটী ধৰিছিল্ | তাক মাৰিলে সি আৰু বেছিকৈহে কৰিছিল |
সেইদিনা আকৌ ওচৰৰ ঘৰৰ পৰা সেই মাক নোহোৱা সৰু-সৰু
মেকুৰীৰ পোৱালী কেইটা অতি কোমলভাৱে কামুৰী সি শুৱা সেই নিদিষ্ট বাকচটোৰ ভিতৰত থৈছিল
| সি সিহঁতৰ ওপৰৰ শুই সিহঁত্ক্ মাকৰ মৰম দিবলৈ চেষ্টা কৰিছিল | তাৰ কথা কাণ্ডবোৰ দেখা
পাই তাৰ এখন বিশাল হৃদয় থকাৰ কথা গম পোৱা যায় | সি মানুহ নাছিল | কিন্তু মানুহে শিকিব
লগীয়া বহু কথাই তাৰ মাজত পোৱা গৈছিল |
কেইবাদিন আগতে ঘৰত ফোন কৰোতে
তাৰ মাত শুনা পাইছিলো | ভন্তিক কোৱাত তাক মাতি ফোনটো লাউল স্পিকাৰত দি তাৰ লগত কথা
পতাই দিছিল | মই তাক মিনু মিনু বুলি মাতিছিলো সিও সিফালৰ পৰা মেউ মেউ বুলি চিঞৰিছিল
| তাৰ সেই মাততো ক্রমান্বয়ে থোকাথুকি হৈ গৈছিল| মোৰো দুগালেৰে চকুলো নিগৰি গৈছিল |
আজি কেইবাদিনো হ’ল তাৰ মৃত্যু
হোৱাৰ | ঘৰলৈ উভতি যোৱাৰ সময় আহিল| দেউতাই ক’ৰবাৰ পৰা আকৌ এজনী মেকুৰী লৈ আনিছে |তাইৰ
নামটোও মিনু ৰাখিছে | নাজানো ঘৰলৈ গৈ মিনু বুলি মাতিলে সি উভতি চাবনে নেচায় | তাৰ মাজত অতীতৰ সেই মিনুৰ মৰম পামনে নেপাম………….
|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment