ভতিজাজনে নতুনকৈ কথা ক’বলৈহে শিকিছে| মোক বাইকখনত স্টাৰ্ট দিয়া দেখি
সি মোৰ ওচৰলৈ দৌৰি আহি মাত লগালে “ খুৰা খুৰা মোৰ তাৰণে তকলেত আনিবি , তকলেত আনিবি”
| গধুলি ঘৰলৈ উভতি অহাত সৰু চকলেটৰ পেকেট এটা লৈ আনিলো | মনতে ভাবিলোঁ মাকে তাক সদায়
এটা বা দুটাকৈ দিব সিও খুব ফুর্টি পাব | ঘৰলৈ আহিয়েই চকলেটৰ পেকেটটোৰ পৰা দুটা চকলেট
উলিয়াই দুখন হাতত লৈ তাক মাতিলো | সি দোৰি আহি থাপ মাৰি মোৰ এখন হাতৰ পৰা চকলেটটো লৈ
খাবলৈ ধৰিলে | কিছু সময়ৰ পাছত সি গম পালে যে মোৰ আনখন হাততো এটা চকলেট আছে , কথাটো
গম পাই সি মোৰ আনখন হাতৰ মুঠিটো খোলিবলৈ চেষ্টা কৰিলে | মই নিদো বুলি কোৱাত সি কান্দিবলৈ
ধৰিলে | তাৰ মুখত এটা চকলেট আছেয়েই সেইটো শেষ নোহোৱালৈকে এইটো দিয়াটো মই নিবিচাৰিছিলো
যদিও তাৰ কান্দোন অতিকৈহে বাঢ়িবলৈ ধৰিলে | তাৰ দুচকুৰ চকুলোঁ গালে-মুখে বাগৰি মাটিত
পৰিল গৈ |কিছু সময়ৰ পাছত মই আনটো চকলেটো দি দিলো | উচুপি-উচুপি সেইটো হাতত লৈ মাকৰ
ওচৰলৈ গৈ মোৰ বিৰুদ্ধে কিবা আভিযোগ কৰিলে | মাকে তাৰ পিঠিত হাত বুলাই-বুলাই মাত্র ক’বলৈহে
পালে যে মোৰ ওচৰত এটা চকলেটৰ পেকেট আছে এনেতে সি মাটিত বাগৰি দিলে আৰু জোৰ জোৰকৈ কান্দিবলৈ
ধৰিলে | ওচৰ চুবুৰীয়াৰ মানুহ আহি চোতাল পালেহি |পাছত সেই চকলেটৰ পেকেটটোৰ দিহে ৰক্ষা
| তাৰ মনে-প্রাণে জিলিকি উঠা সন্তুষ্টিখিনি চাবলৈ দোকানৰ পৰা গোটেই পেকেটটোকেই লৈ আনি
চকুলোঁহে দেখা পালো |
******************************
মানুহজনে দিনে-ৰাতিয়ে কঠোৰ শ্রম কৰি ঘৈনিয়েকে নজনাকৈ অলপ-অলপ কৈ জমা
থোৱা পইচাখিনিৰ লগত বছৰৰ ফচল হিচাপে পোৱা ধানৰ কিছু অংশ বিক্রী কৰি সোনাৰীৰ পৰা বিশ
হেজাৰ টকাৰ সোণৰ চেইন এডাল লৈ আনিলে | মনত বহু আশা আছিল, অৱশেষত তেওঁ আজি কোনো দিনে
সন্তুষ্ট হ’বলৈ নিশিকা ঘৈনীয়েকক জনম দিনৰ উপহাৰ হিচাপে চেইনডাল দি তাইৰ চকুত সন্তুতি
দেখা পাই নিজে সুখী হ’ব | ঘৰলৈ আহি জনম দিনৰ উপহাৰ হিচাপে চেইনডাল দিলে | কিন্তু তেখেতে
ভৱাৰ দ’ৰে চেইনডালে ঘৈনীয়েকক সন্তুষ্টি দিব নোৱাৰিলে | ৰাতি শোৱাৰ সময়ত মুখখন ফুলাই
অমুকাৰ ঘৈনীয়েকক দিয়া সেই তিৰিশ হেজাৰ টকীয়া চেইনডালৰ কথা কৈ কাজিয়া আৰম্ভ কৰিলে |
বেচেৰাই সাঁচতীয়া পইচা আৰু খাবলৈ থোৱা ধান খিনি বেচি সেই মূল্যবান সোনৰ চেইনডাল কিনি
আনিলে কিন্তু ঘৈনিয়েকক সন্তুষ্টি নামৰ বস্তুটো দিব নোৱাৰিলে | হয়তো এনেদৰেই দুদিনীয়া
জীৱনটো পাৰ হৈ যাব কিন্তু অনেক চেষ্টা কৰিও দিব নোৱাৰিব |
*********************
শিক্ষকজনে ছোৱালীজনীৰ বিয়াত ধনীয়ে-দুখীয়ায়ে যথেষ্ট সংখ্যক মানুহ্ক নিমন্ত্রণ
জনাই পেট ভৰাই মাছে মাংসৰে সকলোকে এসাজ খোৱালে |যাতে সকলোৱে দ’ৰা-কইণাক আর্শীবাদ কৰে
| গধূলী বিয়া ঘৰত সুৰা বিচাৰি সুৰা নোপোৱা কেইজনে ৰাস্তালৈ গৈ খুব কর্কথনা কৰিলে |
কিছুমানে আকৌ মাছত নিমখ বেছিকৈ পালে , কিছুমানে মাংসৰ বাটিত সেই মনে বিচৰা কলিজাৰ টুকুৰাটো
নেপালে | অতিথি কঢ়িয়াই লৈ অনা সেই ৰিক্সাচালক
কেইজনে ভোজনৰ পাছত বিড়ি বিচাৰি নোপোৱাত কিছু অস্তুষ্ট হ’ল| পাছৰ দিনাখন কথাবোৰ গম পাই
শিক্ষকজনো কিছু বিমোৰত পৰিল | বিয়াত ৰৈ যোৱা ভাত আৰু মাংসৰ টুকুৰা কেইটা সেই বাটৰুৱা
কুকুৰ কেইটাত ভগাই দিয়াত সিহঁতে নেজ ল’ৰাই-ল’ৰাই পৰম সন্তুষ্টিৰে পেট ভৰাই খাই এসাপ্তহৰ
কাৰণে তেখেতৰ নঙলাতে ৰৈ থাকিল | পুৱাই-গধূলী সিহঁতে তেখেতক দেখা পালে নেজ ল’ৰাই-ল’ৰাই
তেখেতৰ ভৰিত দীঘল দি সন্মান জনায় | ইফালে পাছৰ দিনা সেই ৰিক্সাচালক কেইজনে তেখেতক চহৰৰ
এচুকত দেখা পায় মুখ খন বেকা কৰি কিবা কিবি কৈ গুচি গ’ল| তেখেতৰ বুজিবলৈ বাকী নাথাকিল
মানুহক সন্তুষ্ট কৰিবলৈ গৈ তেখেত অসন্তুষ্টহে হ’ল |
*****************************
কিছুদিন আগতে দিল্লীৰ মোক অস্তোপ্রচাৰ কৰা ডক্টৰজনক সকলো সময়তে আনন্দিত
হৈ থকা দেখা পোৱাত তাৰ কাৰণটো সুধিছিলো | তেতিয়া তেওঁ পকেটৰ পৰা সৰু কাগজ এখন উলিয়াই
মোক দিছিল | সেই খনত লিখা আছিল “ তোমালোকে প্রভুত সদায় আনন্দ কৰা” (ফিলিপীয়া ৪:৪
)| সেইখন পঢ়াৰ পাছত তেওঁ মোৰ কান্ধত হাত থৈ ক’লে “ জীৱনত সন্তুষ্টি হ’বলৈ শিকা তেতিয়া
সদায় আনন্দত দিন কটাব পাৰিবা , নহ’লে জীৱনটো দুখতেই কটাবা ” | কথাষাৰে মোৰ অন্তৰ আত্মা চুই গ’ল |সয্যাগত আছিলো যদিও পাছৰ দিনা লাহে-লাহে
খোজ কাঢ়ি খিড়িকীৰে বাহিৰলৈ চাই ঈশ্বৰে মোৰ অস্তোপ্রচাৰ সফলভাৱে হোৱাত সহায় কৰাৰ বাবে
বহুত বহুত ধন্যবাদ দি সেই দিনাৰ পৰা সকলো সমযতে সন্তুষ্ট থাকিবলৈ মন থিৰ কৰিলো |
এৰা জীৱনটোত মানুহে বহু কথাই
শিকে কিন্তু সন্তুষ্ট হ’বলৈ কেতিয়াও নিশিকে যাৰ ফলত জীৱনত চৰম সফলতাকো হাততে পায়ো জীৱনটো
সদায় অশান্তিতে কটায় | গোটেই পৃথিৱীখনকে পালেও যেন মানুহে আৰু বহু কিবা কিবিয়েই বিচাৰিব
| মানুহে সদায় পোৱা নোপোৱাৰ হিচাপবোৰ কৰি অনেক ধন-সম্পতি, টকা পইচাৰ গৰাকী হৈও সদায়
অশান্তিতে জীৱনৰ দিনবোৰ কটোৱা দেখা যায় |কিন্তু এনেবোৰ মানুহে জীৱনৰ পৰা কি পালে ?
অশান্তি? অসন্তুষ্টি? এয়াই জানো জীৱনৰ পৰা পাব লগীয়া আমাৰ ভাগ ? সকলোবোৰ থকাৰ পাছতো
যেন জীৱনত আনন্দ নাই | আকাশৰ সেই চৰাইবোৰ , সিহঁতবোৰ সদায় কিমান সুখী| সিহঁতে নাদায় , নবয় , সিহঁতৰ ভড়ালো নাই কিন্তু ঈশ্বৰ
জনেও সিহঁতক খাবলৈ দিয়ে |সন্তুষ্টিৰ কোনো সীমাৰেখা নাথাকে কিন্তু এবাৰ সন্তুষ্ট হ’বলৈ
শিকাৰ পাছত লাহে-লাহে সুখী আৰু আনন্দময় জীৱনৰ আৰম্ভনি হয় | কেতিয়াবা আকৌ জীৱনত চৰম
সফলতা পাবলৈ হ’লে অসন্তুষ্টি হোৱাৰো প্রয়োজন আছে | অসন্তুষ্ট থাকি নিজৰ ভিতৰত থকা সম্পদবোৰৰ
উন্নতি সাধন কৰি সফলতাৰ পথত আগবঢ়াতো বুদ্ধিমানৰ কাম | কিন্তু সফলতাক পাইয়ো নিজকে আনৰ
লগত ৰিজাই সদায় অসন্তুষ্টিত থকাটো অর্থহীন | ঈশ্বৰে আপোনাৰ কঠোৰ শ্রমৰ বিনিময়ত যিখিনি
হ’বলৈ দিছে তাতেই সন্তোষ্ট থাকিবলৈ চেষ্টা কৰা উচিত | নহ’লে আকৌ পুনৰাই অশান্তিৰ জীৱন
|এবাৰ আপোনাতকৈ নিম্নখাপৰ জীৱন কটোৱাবোৰলৈ চাওঁকচোন , হয়তো কোনোৱাই এটুকুৰা ৰুটি এবেলা
খাবলৈ পাইয়ে ঈশ্বৰক অশেষ ধন্যবাদ দিছে | কোনোৱাই হয়তো হাত ভৰি বা চকু নাই , খুজি মাগি
খায় , তথাপি হয়তো আপোনাতকৈ সন্তুষ্ট
সামৰণি: আপু’নি যদি ঈশ্বৰ বিশ্বাসী
তেনেহ্’লে সকলো সময়তে সকলো বিষয়ৰ কাৰণে ঈশ্বৰক ধন্যবাদ দি সন্তুষ্ট হ’বলৈ শিকি সদায়
আনন্দময় জীৱনৰ আৰম্ভ্ কৰক | ঈশ্বৰ বিশ্বাস নকৰা সকলে কেবল সন্তুষ্ট হ’বলৈ শিকি আনন্দিত
হ’বলৈ চেষ্টা কৰক | কাৰণ এয়াই আমাৰ দুদিনীয়া জীৱনৰ পৰা পাব লগা ভাগ| মনত ৰাখিব মৃত্যুৰ
পাছত আপুনি ল’গত একো লৈ নায়ায|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment