তাৰ নাম চিৰু , মই আগতে চিৰু বুলি মতিছিলোঁ যদিও সেই বিশেষ দিনটোৰ পাছৰ পৰা কুকুৰ বুলিয়েই কও | মই তাক কুকুৰ বুলি মাতিলে আন্টি আৰু আংকলে মনে মনে খং কৰে | দুই এবাৰ মোক সকিয়নিও দিছে কুকুৰ শব্দটো প্রয়োগ নকৰিবলে | মই গ্রাউন ফ্ল’ৰত থাকো মাজে মাজে বিশেষকৈ শনিবাৰে কাপোৰ শুকুৱাবলৈ বা কেতিয়াবা জাৰৰ দিনত ৰ’দ পুৱাবলৈ চাৰি নম্বৰ ফ্ল’ৰৰ ওপৰত থকা ছটলৈ যাব লগা হয় ! তেতিয়া তলৰ পৰা আন্টিক সুধি লওঁ কুকুৰটো আছেনে ? আন্টিয়ে একো নকয়, শুনিও নুশুনাৰ ভাও ধৰি থাকে | মোৰ বুজিবলে বাকী নাথাকে আকো লাহেকৈ মাত লগাই সুধো আন্টি চিৰু আছেনে ? লগে লগেই উত্তৰ পাও নাই বা আছে | এ়়ৰা কুকুৰক নো কুকুৰ বুলি নকৈ কিবা মানুহ বুলি ক’ব লাগেনে ? মাজে মাজে কথাটো আন্টিকো কৈ দিও | আন্টিৰ মুখখন তেতিয়া বেকিং পাউদাৰ দি বনোৱা ৰুটিৰ দৰে ফুলি উঠে ! সি যেতিয়া প্রথম আহিছিল তেতিয়া সি বহুতেই সৰু আছিল ! আন্টিৰ ডাঙৰ ল’ৰাজন আৰু মই আমি দুয়ো মিলি লৈ আহিছিলোঁ তাৰ কোনোবা এজন বন্ধুৰ ঘৰৰ পৰা |আমি বাইক লৈ গৈছিলো আৰু মই পাছত বহি মোৰ হেলমেটটো খুলি তাৰ ভিতৰত তাক বহুৱাই লৈ আনিছিলো | মাজে মাজে সি মোৰ আঙুলি বোৰ চেলেকিছিল | মই মৰমেৰে তাৰ পিঠিত হাত ফুৰাই দিছিলো | আমাৰ কাৰুকার্য্য বোৰ দেখা পাই হেলমেট নোহোৱাৰ কাৰণে দিল্লী ট্রেফিক পুলিছে ১০০ টকা জৰিমনা ও কৰিলে | সি হয়তো কথাবোৰ নাজানেই ,যা নহওক লাহে লাহে ডাঙৰ হৈ আহিছিল আৰু তাৰ প্রতিও মৰমবোৰ বাঢ়ি বাঢ়ি গৈছিল | মাজে মাজে সি মোৰ কোঠালৈ আহিছিল মই বৰ মৰমেৰে চিৰু বুলি মাতিছিলোঁ সি আনন্দতে নেজ ডাল জোঁকাৰি জোঁকাৰি মোৰ ওচৰলৈ আহিছিল | মই প্রায়ে তাক বিস্কুট আৰু বইল্ কনী দিছিলো ! সি খাই ভাল পাই দিনটো মোৰ কোঠালিতে শুই গৈছিল | লাহে লাহে আমাৰ বন্ধুত্ব মৰম আৰু বিশ্বাস বাঢ়ি গৈছিল |কিন্তু এনেকুৱা এটা দিন দেখিবলৈ পালো যিটো মই কোনোদিনেই আঁশা কৰা নাছিলো | সেইদিনা মই বেংকৰ কিবা এটা কামৰ কাৰণে আংকলৰ ওচৰত চহী বিচাৰি দুই নম্বৰ ফ্ল’ৰলৈ গৈছিলো | আংকলে চহীটো কৰি দিয়াৰ পাছত মোৰ লগত কিবা বিশেষ কথা পাতি আছিল | এনেতে চিৰু ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মোৰ ফালে ভুক ভুকাই আগবাঢ়ি আহিছিল | মই চিৰু চিৰু বুলি কৈ মনে মনে থাকিলোঁ | তাৰ ভুক ভুকনি বোৰ বেছি হ’বলৈ ধৰিলে..| মই একো নকলো | আংকল ৰ লগত কথা খিলি পাতি তললৈ বুলি আগবাঢ়িলো|তাৰ গর্জনি বোৰ বেছি হ’বলৈ ধৰিলে আৰু একে চোঁচাই দৌৰি আহি মোৰ পাছফালে জপিয়াই পৰিলে | আংকলে তাক লাঠিৰে উত্তম মধ্যম দি দিলে | মই হাত খনেৰে সেপিয়াই গম পালো মোৰ জিনছ পেন্টটোৰ দুটা পকেটৰ মাজৰ ঠাই খিনিৰ পৰা ধাৰাসাৰে তেজ ওলাইছে | এটা পকেট তেতিয়াও ওলমি আছিল আনটো পকেট ৰ কাপোৰ খিনি তেজেৰে সৈতে তাৰ মুখত দেখা গৈছিল | আপোনি হয়তো অনুমান কৰিব পৰিছে মোৰ কোন খিনি ঠাইত সি আক্রমন কৰিছে সেই বিশেষ দিনটোৰ পৰাই তাৰ নামটো চিৰুৰ পৰা কুকুৰ হ’ল | লগে লগেই আমাৰ মাজত আৰম্ভ হ’ল ঘোৰ শত্রুতা | মোৰ যেন গোটেই দিল্লী খনতেই এটাই শত্রু আছে সেইয়া হ’ল চিৰু নামৰ সেই লেব্রা কুকুৰটো | তাৰ ৰঙা ৰঙা চকু কেইটাৰে কেৰাকে এবাৰ চাই ভুকি দিলে স্বয়ং যম দেবতাও পলাই গুচি যাব |সেই দিনা ৰাতি সপোনত কেইবাবৰো সি আহি মোৰ আগফালে পাছফালে আক্রমন চলালে |আনকি এতিয়াও মাজে মাজে আহে | মই কোঠাটো এৰি গুছি যাবলৈ সংকল্প কৰিছিলো |পিছে আংকল আন্টিহ’তে বহুত বুজালে , থাকি গ’লো | আজি কেইদিন মান আগৰ কথা , মই অফিচৰ পৰা আহি সন্মুখৰ দর্জাখন খুলিছোহে মাত্র , সিফালৰ পৰা যান্তনাৰ বিকত কেকনি ..কেং কেং কে কেং কেং | ভাবিলোঁ নিশ্বয় কুকুৰটোৰ কিবা এটা হৈছে | কিবা মানে , কিবা হাড় মুৰ ভাগিছে কিজানি | | কোঠাটোত সোমাই বেগটো টেবুলত থৈ ওপৰলৈ গুছি গ’লো | নাই আজি কোনো ভয় নাই ! তাৰ হয়তো ভৰি ভাগিছে | আহ: কেনে মজা | এনেতে আকৌ আৰম্ভ হ’ল্ কেং কেং কেং কেং কেং ! Oh my God | Unbelievable! আন্টিৰ ভায়েকৰ সৰু সৰু ল”ৰা কেইটা , দুয়োজনেই বাঘৰ তেল খোৱা বিধৰ | সৰুজনৰ বয়স চাৰি বচৰ ডাঙৰ জনৰ চয় বচৰ | সৰু জনে কুকুৰটোৰ নেজ ডালত ধৰি পাছফালে জোৰকৈ টানিছে আৰু ডাঙৰ জনে কান কেইখনত ধৰি আগফালে টানিছে |কুকুৰটো উপায়হীন হৈ কেং কেং কেং কেং কৰি শুই পৰিছে , তাকে দেখি সিহঁতে তাক উঠাই দিলে আৰু তাৰ পিঠিত এজন এজন কৈ দুয়ো বহি গ’ল | কুকুৰটোয়ে কেং কেং কেং কেং কৰি বাগৰি পৰিলে , কুকুৰটো তলত সিহ্ত দুজন ওপৰত | তাকে দেখি মোৰ মুখৰ পৰা ওলাই গ’ল “চালা কুকুৰ কেনে মজা ”! হয় কুকুৰ টো মোৰ শত্রু তথাপি ঈশ্বৰে যেন তাক ভালে ভালে জীয়াই ৰাখক ! মনে মনে তাকেই কৈ মই তললৈ নামি অহিলোঁ !
Thursday, 18 September 2014
এটা সমীকৰণ...
কলা বর্ড খন দাস্টাৰটোৰে মচি মচি মনতে ভাবিলোঁ “ এৰা প্রয়োজন হ’লে নিজৰ চিন্তাধাৰাও নিজে নিজে সলনি কৰি ল’ব লাগে ” | মনতো পার্য্যমানে কোমল কৰি শান্তি অনুভব কৰিবলৈ চেষ্টা কৰিলোঁ | পাছ ফালৰ পৰা শ্রেণী কোঠাত বহি থকা মোৰ ছাত্র এজনে বাহিৰলৈ চাই প...ঠিয়াই কৈ ওঠিল “ চোৱা চোৱা সৌ- খন মানসীৰ বিয়াৰ গাড়ী , মাজত থকা ফুলেৰে সজোৱা গাড়ীখনত মানসী আছে , দ’ৰাটো কিন্তু বেছ ধুনীয়া দেই ” ল’গৰ এজনে তপৰাই কৈ উঠিল , “ গুৱাহাটীত থাকে হেনু , কোম্পানীত কাম কৰে , ১৬০০০ টকা দৰমাহা পাই ” | “বাপৰে!” বেলেগ এজনে কৈ উঠিল ! লাহে লাহে বর্ড খনত তিকোনোমিত্রি শব্দ কেইটা লিখি বাহিৰলৈ ওলাই আহিলো ! হয় সিহঁতে ঠিকে কৈ আছে , মাজৰ গাড়ীখন ফুলে়ৰে সজোৱা আছে | মানসী সেই ধুনীয়া চহকী ল’ৰা জনৰ লগত সেই গাড়ীখনৰ ভিতৰতে আছে !এনেতে গাড়ীখন ৰৈ যোৱা যেন পালোঁ , মই থৰ হৈ এজন দর্শকৰ দৰে চাই থাকিলো | তাই গাড়ীখনৰ পৰা নামিছে | তাই জানে যে মই সদাই ৰাতি পুৱা ৬ বজাৰ পৰা ইয়াতেই থাকো টিউচন পঢ়োৱাই ! বুকুখন সোপা মাৰি ধৰিছে !উশাহ –নিশাহ বোৰ যেন বন্ধ হৈ হে যাব ! এৰা, তাই কিয় গাড়ীৰ পৰা নামিল বাৰু ?? নাই নাই এনে হ’ব নোৱাৰে | অলপ্ সময়ৰ পাছত দেখা পালো তাই স্কুলৰ সন্মুখত থকা মন্দিৰ টোৰ ফালেহে আগ বাঢ়িছে ! মই বাৰাণ্ডাৰ পৰা নিৰবে চাই থাকিলো ! দুচকুৰে পানী নিগৰি আহিল | এৰা তাই মোৰ ফালে এবাৰো নাচালে | আজি হয়তো তাই তাৰ বুকুৰ মাজত সোমাই পৰিব ! জোৰকৈ সাবতি হয়তো ক’ব মোক কোৱা সেই একেটাই কথা “ তোমাৰ্ বাবেই মোক সজা হৈছিল ” | লাইট টো অ’ফ কৰি লাহে লাহে…… | লগে লগেই অজানিতে এফাকি ভুপেন দাৰ গীত ওলাই গ’ল “ হা: হা: হা: থুই হাঁহিবলে আহিছ , ঐ নিলাজ পাহাৰ ! ঐ শুকান পাহাৰ ” | মই কোনোদিনেই ভবা নচিলো যে তাইৰ বিদায়ৰ দিনটো এনেকে অতি সহজে পাৰ হৈ যাব ! মোৰ নিজৰেই বিশ্বাস হোৱা নাই ! যোৱা ৰাতি মাৰ বুকুত মুৰটো গুজি দি শুই আছিলো | নিৰবতা ভংগ কৰি মায়ে লাহেকৈ কৈছিল “ তাইৰ বিয়াত গৈ তাইক কইনা সাজত দেখি তোৰ অলপো দুখ লগা নাই নে ?” মই অলপ হাঁহি উত্তৰ দিছিলো, “ কিহৰ দুখ লাগিব , তাইটো মোক ভালেই পোৱা নাছিল , মই মোৰ মন টো শাসন কৰিবলে শিকিছো , তাইৰ্ কথা মই নাভাবো ” কথা খিনি কৈ থাকোতে মোৰ মাত টো নাইকীয়া হৈ গৈছিল | মায়ে ও কিছু আবেগিক হৈ কৈ উঠিছিল ,“ তই এবাৰো যদি তাইৰ বিয়া ৰ প্রস্তাব লৈ মোক সিহঁতৰ ঘৰত ………. ” মই মনে মনে থাকিলো ! মই মোৰ মনৰ ভিতৰত সোমাই গৈ নিজকে চাইছিলো | কথাবোৰ শান্তিৰে ভাবি চাইছিলো , পার্য্যমানে মনটো শাসন কৰি ধীৰ-স্থিৰ ভাবে থাকিবলৈ চেষ্টা কৰিচিলো | সাহসী আৰু বলৱান হৈ নিজকে কৈছিলো “ চকু পানী তই মোৰ চকুৰ পৰা ওলোৱাৰ কোনো অধিকাৰ মই তোক দিয়া নাই ” ! শ্রেণী কোঠালীটোলৈ সোমাই গৈছিলো , ল’ৰা ছোৱালী কেইজনে বহীত নোচোৱাকে সুত্রবোৰ লিখি আছিল ! মই কোঠাত সোমোৱাত সিহঁতৰ এজনে মোক বহীখন আগবঢ়াই দি ক’লে “ চাৰ মোৰ লিখা হ’ল , আপুনি চাই দিয়ক !” মই বহীখন চোৱাত দেখিলো সি প্রথন সুত্রটো ভুল কৈ লিখিছে ! মৰমেৰে কানত ধৰি বুজাই দিলো ! লগে লগেই হাত খন কঁপি উঠিল্ ! মানসীয়েও সেই একেটা ভুলকে কৰিছিল ! সেই একে কেইখন স্কুলতে আমি প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ পঢ়িছিলো ! তৃতীয়মান শ্রেণীৰ পৰাই আমি এজনে আন জনক ভাল পাইছিলো ! মাটিৰ ফলিতে আমি চিঠি লিখি মৰমবোৰ আদান প্রদাণ কৰিছিলো ! তাই এদিন স্কুললৈ নাহিলেই মোৰ মন-প্রাণ ভাঙি চুৰ মাৰ হৈ গৈছিল | তাইক এদিন নেদেখিলেই মই বলীয়া হৈ গৈছিলো ! মই সদায়েই শ্রেণীত প্রথম্ হৈছিলো ! তাইৰ পৰা মৰম পাবৰ কাৰণেই হয়তো মই বহুত পঢ়া শুনা কৰিছিলো ভাবিছিলো এদিন ডক্তৰ হ’ম আৰু তাইক বিয়া পাতিম | কিমান যে সপোন আছিল ! তাইক লৈ মই কবিতা লিখিছিলো , কাগজত তাইৰ নামটো লিখি লিখি লাহে লাহে কৈছিলো “ মানসী আই লাভ ইউ ” | দিন বোৰ ধুনীয়াকৈ পাৰ হৈ গ’ল | মেট্রিক পৰীক্ষাত মোৰ ফলাফল আশা কৰা মতে ভাল নহ’ল যদিও ইমানো বেয়া নহ’ল ! সিঁহতৰ ঘৰত মই প্রায়ে গৈছিলো কিবা নহয় কিবা এটা অজুহাত লৈ ! কথাবোৰ তাইৰ মাক দেউতাকে জানিছিল ! মাজে মাজে হেনু তাইক মাকে কৈছিল , “ বিপ্লবো নো কি বেয়া ল’ৰা , পঢাই শুনাই আচাৰ ব্যবহাৰে বহুতেই ভাল , দুখীয়া হ’ল কি হ’ল সি তোক বহুত মৰম কৰে ” মাকৰ কথাবোৰ তাইৰ মুখৰ পৰাই জানিব পৰিছিলো , হয়তো মই দিয়া চিঠি বোৰ মাকে পঢ়িছিল্ | মই গুৱাহটী কটন কলেজত আহি বিজ্ঞান শাখাত নাম ভর্তি কৰিছিলো ! হায়েৰ ছেকেন্ডাৰী পৰীক্ষাত পাছ কৰি মেডিকেল চিট পৰীক্ষাৰ বাবে পইচাৰ নাটনিৰ বাবে ঘৰতে বহি তৈয়াৰী কৰি আছিলো ! দিনত্ ওচৰ চুবুৰীয়াৰ ল’ৰা চোৱালী বোৰক টিউচন পঢাও ৰাতি মোৰ নিজৰ পঢ়া ! কিছুদিন পিছত মই পঢ়া সেই বেচৰকৰী উচ্চ মাধ্যমিক বিদ্যালয় খনতো পাঢ়াইছিলো !কিছু জলপানী পাইছিলো ! মোৰ অৱস্থা তেনেই তাকৰ আছিল ! এখন কুৰি বচৰীয়া পুৰণা চাইকেল আছিল ! সেই খন লৈয়ে স্কুললৈ যাও ! মানসী হঁতৰ ঘৰতো সেইখন লৈয়ে গৈছিলো 1 মাজে মাজে চেইন পৰি গৈছিল বা কেতিয়াবা পানচাৰ হৈ গৈছিল.. মোৰ কিছু কষ্ট হৈছিল কাৰণে শুকাই খীণাই অবস্থা নাইকীয়া হৈ গৈছিলো ! তথাপি মোৰ নিজৰ ওপৰত বিশ্বাস আছিল ! মই এদিন সফল হ’মেই | মানসী মোৰ নিজৰ হ’বই ! কঠোৰ পৰিশ্রম আৰু আত্মবিশ্বাসেই মোৰ মুল আছিল ! এনেতে এদিন আহিল সেই অন্ধকাৰ দিনটো ! মই টিউচন পঢ়াই মানসীহ্তঁৰ ঘৰত গৈছিলো ! মাকে চাহ আৰু বিস্কুট টেবুল খনৰ ওপৰত থৈ কৈ দিলে সেই কথাটো ! ক’লে “ মানসীয়ে হায়েৰ চেকেণ্ডাৰী পৰীক্ষাও পাছ কৰিলে , য়োৱাকালি গুৱাহাটীৰ ল’ৰা এজন আহিছিল চাবলে | বহুত ধনীঘৰৰ উচ্চশিক্ষীত ল’ৰা ! মাক বাপেকো আহিছিল নিজ়ৰ গাড়ী লৈ | আমাৰ মানসীক বহুত প্রচন্ড কৰিছে | তাই ও খুব সুখী হৈছে | তাইৰ একো আপত্তি নাই |”” মই পাগলৰ দৰে কি কলো কি নকলো মই একো নাজানিলো !বাৰে বাৰে এটাই কথা মানসীৰ অলপো আপত্তি নাই নে ? ইমানেই সুখী হ’ল নে এদিনৰ চিনাকী সেই ধনী ল’ৰাজনক পাই !চকু পানীৰে বাট নেদেখা হৈ ঘৰ পালোহি ! তাইৰ মাকে ল’গৰ কেইজনৰ আগত মোৰ কথা বেয়াকৈ কৈ বহুত অপমান কৰিলে ! মোৰ বা সামর্থই কি ? খাব নোপোৱা গৰীবৰ সন্তাত ! হৃদয়্ত সঁচা মৰম থাকিলে কি হ’ব সিহঁতৰ সমাজত সেই মৰমৰ একো অস্থিত্বই নাই ! তিনি চাৰি দিন মান খোৱা লোৱা বন্ধ ! মনত এটাই প্রশ্ন তাই হেনু খুবেই সুখী | একো আপত্তিয়েই নাই | পিছে মোৰ লগত আজি ৯ বচৰে কৰি অহাবোৰ কি আছিল ! তাই দিয়া চিঠিবোৰত লিখা সেই বোৰ কি আছিল , হেনো তাই মোক নেপালে জীয়াই নাথাকে !মোক কিমান ভাল পোৱা বুলি সোধাত তাই কৈছিল মই যিমান পাও তাত কৈ অলপ হ’লেও বেচি পায়| তাইক ল’গ কৰিবলে মন গৈছিল | তাইৰ বিয়া ভাঙিবলে নহ্য় তাইক কেবল সুধিবলে যে মোক এদিন হ’লেই ভাল পাইছিল নে নাই | লগ কৰিবলে চেষ্টা কৰি ল’গৰ এজনক কৈ পঠালো ! তাই লগৰ জনক সোধাই দিছিল গালি আৰু অপমান | সি হেনু বুৰবর্ক ! মোৰ বুজিবলে বাকি নাথাকিল ! চকুৰ পানীবোৰক মচি মচি কৈ উঠিলো , “ চকুলো তোৰ আৰু মোৰ চকুয়েদি বৈ যোৱাৰ কোনো অধিকাৰ নাই | Stop it right now. ” সাহস গোটাই ল’লো মই নেকান্দো , মই তাইৰ বিষয়ে নেভাবো ! মই এদিন তাইক দেখুৱাম ! মোৰ ভিতৰত থকা আগৰ বিপ্লব জনক মাৰি পেলাই মই নতুন হ’লো ! মই মোৰ চিন্তাধাৰা সলনি কৰি ল’লো | আগৰ ভবা কথাবোৰ মই নাভাবো | এৰা এই পৃথিবীখনত জীয়াই থাকিনো কি লাভ ! এদিন হয়তো মোৰ আৰু তাইৰ মৃত্যু হ’ব | তেতিয়া জানো থাকিব এই ভাল পোৱা এই অভিমান এই চকুলো ! সকলো যেন অসাৰ ! জ্ঞানী কেনেকৈ মৰে ? অজ্ঞানৰ দৰেই ! এই হেতুকে জীবনলৈ মোৰ ঘিন লাগিল , কাৰন সুর্য্য ৰ তলত যি কার্য্য কৰা যায় সেই কার্য্য মোৰ পক্ষে দুখ জনক , কিয়নো সকলোৱেই অসাৰ আৰু বতাহক ধৰিবলে চেষ্টা কৰাৰ দ’ৰেই মাত্র্ | ( উপদেশক 2:17) সকলো বস্তুয়েই পৰিশ্রমেৰে পৰিপুর্ণ কথাটো মই বিশ্বাস কৰিলো | ল’ৰা ছোৱালী কেইটাক যাবলে দি মই সেই পুৰণা চাইকেল খন লৈ আগবাঢ়িলো ঘৰলৈ বুলি ! ……….দুপৰীয়া পায় তিনিমান বাজিছে | অনামিকা আৰু মই প্রায়ে চুইমিং পুললৈ যাও ! তাই ও গাৱলীয়া ছোৱালী | মই ভবাই নাছিলো যে অতি সোনকালেই তাই চিকাগো চহৰৰ এই যান্ত্রিক বাতাবৰনৰ মাজত মিহলি হৈ যাব ! তাই অহা আজি দুই বচৰেই হ’ল ! অমেৰৰ্কান ইংৰাজীও আতি সোনকালেই শিকিলে ! যোৱা বচৰ আকৌ মাকৰ সকামত অকলে অকলে অসমলৈ গুচি গ’ল | মই চিংগাপুৰলৈ অ’ফিচৰ কামত মাজে মাজে গ’লে আকৌ তাই অকলে অকলেই থাকে ! :-বিপ্লব- আৰ ইউ ৰেডি ? :- ৰ’বা ৰ’বা মই এটা কবিতা লিখি আছো ! দুটা শাৰী বাকী | :- কবিতা ! কিহৰ আকৌ কবিতা? :- অসমীয়া কবিতা আকৌ , প্রেমৰ কবিতা !
:- এই চিকাগো চহৰ খনত তুমি কাৰ প্রেমত পৰিলা হে ? : -হা: হা: হা: অতীতৰ |
এটা সমীকৰণ...
তুমি দিয়া প্রতাৰণাৰ অনুভুতিৰ টুকুৰাবোৰ লৈ
কবিতা এটা লিখিমনে বাৰু
প্রেমৰ কবিতা..!
নিজৰ অনুভুতি নিজৰ ঘৰতেই থাকিব কবিতাৰ
বজাৰত বেচিবলে নাই দৰ দাম খেলাই..
নিলিখোঁ মই প্র্রেমৰ কবিতা মৰহা অতীতৰ সপোনবোৰ লৈ..
নবজাও মই বিষাদৰ বীণা হেৰুৱা সুৰবোৰ লৈ…
হেৰ’ বাটৰুৱা !
জীৱনৰ বাটত আহিবানে ওভতি এবাৰ
মোৰ পজাটিলৈ..
পদুলি মুখৰ দুৱাৰখ্ন খোলা আছে
প্রবেশ কৰাৰ অধিকাৰ তুমি হেৰুৱাই পেলাইছা
তথাপি তোমাক দিব খোজো প্রবেশ কৰাৰ অধিকাৰ
এবাৰ ওভতি আহিবানে ?
তুমি পাতি থৈ যোৱা সমীকৰণটো আধৰুৱা হৈয়ে আছে..
এবাৰ সমাধান কৰিব খোজো তোমাৰ স’তে..
দেখুৱাব খোজো সমিধান
কৰিব খোজো লাভ লোচকানৰ হিচাপ
পোৱা নোপোৱাৰ হিচাপ
এবাৰ আহিবানে…?
এফালৰ পৰা জোৰ জোৰ কৈ পঢ়ি গ’ল অনামিকাই ….
==============================
© মণ্টু কুমাৰ ডেকা মোবাইল : 08800305719 নতুন দিল্লী
Wednesday, 17 September 2014
মা ( MOM)
মা..
“মা” আজি কেইবা দিনৰ পৰা
তোমালৈ মোৰ বহুত মনত পৰি আছে | তোমাৰ মৰমসনা মাতটো মই নুশুনা আজি কেইবা বছৰেই হ’ল
| তোমাৰ মাতটো শুনিবৰ কাৰণে মোৰ বৰ মন যায় | মাত্র এবাৰৰ কাৰণে…শেষৰ বাৰৰ কাৰণে |যদি
স্বর্গত এটা টেলিফ’নৰ ব্যবস্থা থাকিল হয় , মই দেউতাৰ মোবাইলৰ পৰা তোমালৈ মিছ কল মাৰিলোঁ
হয় |শেষৰ বাৰৰ বাবে তোমাৰ মাতটো শুনিবলে | যিদিনা তুমি আমাক এৰি গুচি গৈছিলা সেই দিনা
মই স্কুলতে আছিলোঁ | যোৱাৰ সময়ত তুমি এবাৰো মোক মাত লগাই নগলা | তুমি জানানে তোমালৈ
মোৰ কিমান মনত পৰে |মই সদায় খেল পথাৰৰ পৰা আহি দৌৰ মাৰি ৰান্ধনীঘৰলৈ যাওঁ ” মা মা ” বুলি মাতি ভাবো তুমি হয়তো ৰান্ধনী ঘৰতেই
থাকিবা….তোমাক বিচাৰি নেপাও | সেমেনা সেমেনি কৰি ঘুৰি আহো , চকুলো মোৰ নিগৰি যায় |সেইদিনা
ৰাতি ভয়ানক সপোন এটা দেখি জোৰকৈ তোমাক মাতিছিলোঁ | সাৰ পাই তোমাক ওচৰত বিচাৰিছিলোঁ
, নেপালোঁ , চকুলোঁ মোৰ ওলাই গৈছিল | স্কুলৰ পৰা আহি মই সদায়েই তোমালৈ চিঠি লিখোঁ
| পিছে মা তোমাৰ ঠিকনাটো মই নেজানো | তুমি ক’ত আছা “মা” …..| এইয়া আছিল মাতৃহাৰা সন্তান
এটিৰ মাকলৈ লিখা চিঠি | মাকৰ মৃত্যুৰ পাছত সি মাক জীয়াই থকা বুলিয়েই মাজে-মাজে ”মা
মা” বুলি মাতিছিল | হয়তো সি বাস্তৱক কেতিয়াও স্বীকাৰ কৰি ল’ব পৰা নাছিল | মাকৰ মৃত্যুৰ
পাছত বাপেক জনে দ্বিতীয় বিবাহ কৰাইছিল | মাহী মাক জনীয়ে তাক অশেষ মৰম কৰিছিল যদিও সি
মাকৰ মৰম বিচাৰি ফুৰিছিল | তাৰ এইবোৰ কথা কাণ্ডই নিজৰ লগতে আনকো কন্দুৱাইছিল | এৰা
আইৰ সমান হ’ব কোন নৈৰ সমান ব’ব কোন ?
০০০০০০০০
ছোৱালীজনীৰ মাক কেইবাদিনো ধৰি শয্যাগত হৈ আছিল | ডক্টৰে কৈছিল হেনো ভাল হৈ যাব | মাজে-মাজে ফ’ন কৰি খা-খবৰ লৈছিলোঁ | অফিচৰ পৰা দুপৰীয়াৰ আহাৰ খাবলৈ বুলি বাহিৰলৈ গ’লো |সিফালৰ পৰা তিনিটা মিছ কল পালোঁ | ফ’ন কৰিলোঁ , ছোৱালীজনীয়ে কিছু সময় একো নকলে | মই নেটৱর্ক নোপোৱা বুলি জোৰকৈ হেল্ল’ হেল্ল’ কৰি থাকিলোঁ | কিছু সময় পাছত তিনিটা শব্দ শুনা পালো যি শব্দ কেইটা ক’বলৈ তাই হেনো সাহস পোৱা নাছিল |যি শব্দ কেইটা মুখৰ পৰা ওলাই আহিবলে বহু সময় লাগিছিল | “ মোৰ মা আৰু নাই ” এই চাৰিটা শব্দ কৈ ফ’নটো কাটি দিছিল |মোৰ কানে কি শুনিছিল মই বিশ্বাস কৰিব পৰা নাছিলোঁ | তাইয়ো হয়তো বাস্তৱ্ক স্বীকাৰ কৰি ল’ব পৰা নাছিল | দুনাই ফ’ন কৰি শব্দ কেইটা শুনাৰ সাহস আৰু মোৰ নহ’ল | অফিচৰ পৰা ঘৰ পালোহি | বাৰে-বাৰে কানত কম্পমান হৈ থাকিল সেই শব্দ কেইটা | মোৰ জীৱনত এনে শব্দ কেইটা যেন আৰু কাৰো পৰাই শুনা নেপাও তাকে ঈশ্বৰৰ আগত প্রার্থনা কৰিলোঁ | ছোৱালীজনীৰ বিয়ালৈ কেই দিন মানহে বাকী আছিল | ঘৰ খনৰ সকলো দায়িত্ব আহি পৰিছিল তাইৰ ওপৰত | মাকৰ অনুপস্থিতি সঘনাই উপলব্ধি কৰিছিল | বিয়াৰ আগ মুহূৰ্তত মাক থকা হ’লে ক’ত যে কি যোগাৰ কৰিলেহেঁতেন …| মাকৰ মাতটো তাই বহু দিনেই শুনা নাছিল ..মাকৰ ল’গত বহুদিনেই কথা পতা নাছিল | মাজে মাজে খোলা আকাশৰ তলত অকলশৰীয়া হৈ অনেক কথা পাতিছিল মাকৰ লগত..চকুলোঁ টুকিছিল ….নিজৰ বেদনাবোৰ কৈছিল |

মোৰ ঘৰ খন গাৱত হোৱা কাৰণে কিছুমান বনৰীয়া জীৱ জন্তুৰ লগত প্রায়ে মুখা মুখি হৈছিলোঁ |এদিনৰ ঘটনাই আমাক ভালদৰে বুজাই দিছিল যে মাতৃৰ মৰমৰ আচলতেনো কি ? গাৱৰ ওচৰৰ গাওঁখনত কিছুমান অমানৱীয় অশিক্ষীত মানুহ বসবাস কৰিছিল |দুই খন গাৱতে পাল ভৰি বান্দৰৰ বসবাস আছিল |সিহঁতে মানুহৰ দৰেই সমাজ পাতি বসবাস কৰাৰ দৰে বসবাস কৰিছিল |আমি সিহঁতক মৰম কৰিছিলোঁ মাজে-মাজে জোকাইছিলোঁ..এইবোৰ আছিল ল’ৰা ধেমালি |সিদিনা কি হৈছিল দহ বাৰজন মান অমানৱীয় মানুহৰ গোট এটাই হাতত দা, কুঠাৰ , যাঠি , জোং লৈ বান্দৰ বোৰ খেদিছিল |সৰু বান্দৰৰ পোৱালি এটাক খেদি এঘৰৰ চোতাল পালেগৈ | বেচে়ৰা বান্দৰ টোৱে উপায়হীন হৈ মানুহ ঘৰৰ ভড়াল ঘৰটোত সোমাল গৈ |পুতেকক বচাবৰ বাবে বান্দৰজনৰ মাক জনীও মানুহবোৰৰ পাছে পাছে আহিছিল |তাইৰ আগত যে বিপদ আছিল সেইয়া তাইও জানিছিল | তথাপিও তাই ” মা ”হয় , পুত্রৰ মৰমৰ কাৰণে আহি মানুহবোৰৰ মাজত সোমাই পৰিছিল | কোনোবা নিষ্ঠুৰ এজনে মাক জনী়ৰ কপালত ডেগাৰেৰে ঘাপ মাৰি দিছিল |তাই চিঞৰিছিল আৰু বাগৰি পৰিছিল | তেজেৰে ৰাঙলী হৈ গৈছিল তাইৰ শৰী়ৰটো , এনেতে ভড়াল ঘৰত সোমাই থকা পুতেকজনে মৃত্যুকো নেওচি দৌৰ মাৰি আহি মানুহজাকৰ মাজেৰে গৈ আঁকোৱালি ল’লে মাতৃক | মাক পুতেকৰ এক মৰ্মান্তিক দৃশ্য ৷|মাকজনীৰ কপালৰ আধা অংশই কটা গৈছিল তথাপিও যেন জীয়াই আছিল শেষ মুহুর্তৰ বাবে পুতেকে়ৰ মাতটো শুনিবলে |পুতেকজনেও জোৰকৈ মাকৰ গলত ধৰি সাবটি ধৰিছিল |কিছু সময়ৰ পাছত সেই বান্দৰ পুতেকজনক আৰু লগতে আমাকো শোকগ্ৰস্ত কৰি বিদায় মাগিছিল মাকজনীয়ে | বেদনাত কেকবেকাই চিঞৰ বাখৰ কৰিছিল সেই পোৱালীটোৱেও | হয়তো সিও সেই ক’ব বিচাৰিছিল “ মোৰ মা আৰু নাই ” বুলি | সেই নিষ্ঠুৰ কেইজনৰো ওলাই গৈছিল চকুলোঁ | উচুপিছিল সিহঁতেও | হয়তো আজি সেই বান্দৰৰ পোৱালীটোৱেও ক’ৰবাত অকলশৰে বহি মাকৰ লগত কথা পাতে | উচুপে সি অকলশৰে ….|
000000
এই পৃথিৱীত থকা প্রত্যেকজনৰেই “মা ”আছে |প্রত্যেকজনেই ”মা” নামৰ বিশেষ শব্দটোৰ লগত জড়িত্ |”মা ” নথকাবোৰে অকলসৰে কোনোবা নিজাম ঠাইত গৈ হয়তো মনে মনে উচুপিছে , হুমুনিয়াহ কাঢ়িছে | ধন-সম্পতি , সা-সন্মান খ্যাতি এইবোৰ থাকিলেও তেওঁলোকেই যেন পৃথিৱীত আটাইতকৈ দুখীয়া গৰীব সেই কথাটো উপলব্ধি কৰিছে | কাৰণ তেওঁলোকৰ লগত মাকৰ মৰম নাই | ”মা” শব্দটোৰ সেই গভীৰ অর্থটো হয়তো তেওঁ লোকেহে অনুভৱ কৰিছে | যি সকলৰ মা আছে বিয়া বাৰু পতাৰ পাছত ঘৈনিয়েক বা শাহুয়েকৰ কথাত আহি হয়তো মাক জনীক অনাদৰ কৰিছে |হয়তো বৃদ্ধ অৱস্থাত একোটা সৰু জুপুৰীঘৰত অকলশৰে জীৱনৰ শেষ দিন্ কেইটা কটাইছে | হয়তো কাৰোবাৰ ঘৰত কাম কৰিছে নাইবা ভিক্ষা মাগিছে |তথাপিও মাক জনীৰ মনত আছে পুত্র স্নেহ আৰু ভাল পোৱা | এৰা “ মা” বোৰ সদায় এনেকুৱাই হয় |
( হিতোপদেশ ( 6:20-22) নামৰ অধ্যায় এটাত পাইছিলোঁ : হে মোৰ বোপা তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা ,আৰু তোমাৰ মাতৃৰ ব্যৱস্থা ত্যাগ নকৰিবা | সেইবোৰ সদায় হৃদয়ত গাঁথি থোৱা আৰু ডিঙিত বান্ধি লোৱা | তাতে ফুৰোতে সেইবোৰে তোমাক পথ দেখুৱাব ,শোৱা কালত তোমাক পৰ দি ৰাখিব , আৰু সাৰে থকা সময়ত তোমাৰ লগত আলাপ কৰিব | )
সমাপ্ত !!!
© মণ্টু কুমাৰ ডেকা
কুকুৰ ভক্তি:
...........মানুহ জন তেনেই সাধাৰণ, অফিচৰ গাড়ী চলায় ,খোৱা শোৱা বেচি ভাগ গাড়ীতেই হয় , যেন গাড়ীয়েই তেওঁৰ ঘৰ....লগত থকা মোবাইল ফোনটোয়ে প্ৰায়ে তেখেতক আমনি কৰি থাকে , হয়তো সেইতোয়েই তেখেতৰ গাড়ী দূৰ্ঘটনাত পতিত হোৱাৰ একমাত্ৰ কাৰণ..৷ আজি তেওঁ আহি পোৱাত অকনমান পলম হ’ল , ৰাতিপুৱা ৭ বজাত তেওঁ সাধাৰণতে পিক্ আপ কৰি গুৰগাওঁ অভিমূখে ৰাওনা হ্য়...কিছু সময় অপেক্ষা কৰাৰ পাছত ফোন কৰি গম পালোঁ তেখেতৰ গাড়ীখন দূৰ্ঘটনাত পতিত হৈছে...উপায়হীন হৈ ঈশ্বৰক প্ৰাৰ্থনা জনাই কোঠালৈ উভতি আহিলোঁ...প্ৰায় আধা ঘণ্টামান পাছত তেখেতৰ ফোন পাই গম পালোঁ তেওঁ চিকিৎসালয়ৰ পৰা আহিছে. ....গোটেই শৰীৰটো কপিঁ উঠিল , গাৰ নোমবোৰ যেন এডাল এডালহে হ’ল... নাজানো কিমান আঘাট পাইছে...গাড়ীত বহিয়েই সুধিলোঁ বিশেষ একো নজনালে যদিও পুলিচ থানাত যোৱা নাই বুলি জানি সুখী হলোঁ...তেখেতক দেখাত আঘাটিত হোৱা যেন লগা নাই যদিও মানসিক ভাৱে কিছু কষ্টত থকা যেন লাগিল...অফিচ পালোগৈ...চমুকে জনালে যে তেখেতৰ গাড়ীয়ে ভৰি ভাগিছে...আকৌ চিকিৎসালয়ত যাব ৷কথাতো লগৰ বোৰৰ লগত আলোচনা কৰিলোঁ ৷ গধুলি অফিচত গাড়ী আহিল ,তেখেতক লগ পায়েই আগতিয়াকৈ বেমাৰীৰ খৱৰ ললোঁ...বেমাৰীৰ ভৰি ভাগিছে , ভৰিত পাট্টি বান্ধি খোৱাৰ কাৰনে কিছু আহাৰ থৈ আহিছে..ফোন কৰি পৰিবাৰক চিকিৎসালয়ত যাব ক’লে..... ঘৰত অহি ভাত পানী খাই কথাবোৰ ভাবি থাকিলোঁ...দূৰ্ঘটনা বুলিলেই ভয় লাগে.. জীৱনটোত ব্হুত দূৰ্ঘটনা দেখিলোঁ...বহুতকেইজনক চকুৰ আগতে হেৰুৱালোঁ...বহুতবাৰ ঈশ্বৰে বচালে..আগলৈ কেতিয়া কি হয় কোনে জানে? গতনাগতিক ভাৱে ৰাতিপূৱা আকৌ গাড়ী আহিল , আথেৰেথে বেমাৰীৰ খৱৰ সুধিলোঁ ...বেমাৰীক তেখেতৰ ঘৰত লৈ আনিছে তেখেতৰ পৰিবাৰে .তেওঁলোকৰ প্ৰতি মনতো শ্ৰদ্দ্বাৰে ভৰি পৰিল ৷ আজিৰ দিনতো ইমান ভাল মানুহ আছে পৃথিৱীখনত..!!! তিনিদিন পাছত তেখেতে বেমাৰীৰ কাৰণে ছাগলীৰ মঙহ বিচৰাৰ কথাতো জানি আছৰিত হলোঁ , তেখেতে মঙহ নাখায় , মঙহ খোৱাবোৰক ঘিন কৰে...! গধুলি অহাৰ সময়ত কথাতো উলিয়ালোঁ ৷ ডক্টৰে হেনো কলে ছাগলীৰ ভৰিৰ হাড় কেছাই কেছাই কুকুৰটোক দিবলে...!!!ৰাতি ভাত পানী খাই সেই ভাগ্যৱান কুকুৰতো চাবলৈ যোৱাৰ পৰিকল্পনা কৰি শুই থাকিলোঁ..!!
মানুহ হোৱাৰ সংজ্ঞা বিচাৰি…
কপালত হাত ফুৰাই ফুৰাই অতি মৰমেৰে মায়ে প্রায়ে কৈছিল “ ভালদৰে পঢ়া শুনা কৰা ,মানুহ হ’ব লাগিব ” | এৰা , মানুহ তো মই তেতিয়াও আছিলো , তাতে আকৌ কিহৰ মানুহ হোৱাৰ কথা কৈছিল |মাক সোধাত কৈছিল “ পঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ হ’ব লাগিব ” | সৰুৰ পৰা ডাঙৰ হৈ পঢ়া শুনা সমাপ্ত কৰি কর্মৰত হ’লো | এতিয়া মায়ে কোৱা কথাষাৰে বাৰে বাৰে মনত
ভুমুকি মাৰে মই বাৰু মানুহ হ’লোনে ? কেতিয়াবা মাক সুধিবৰ মন যায় যে মায়ে বিচৰা সেই মানুহ জন মই হ’লো নে ? কিন্তু নুসুধো ! সুধিবৰ সাহস নহয় ! কথাবোৰ নিজৰ মাজতেই ৰাখো ..........!
শিক্ষকজনে সন্তান কেইজনক মানুহ কৰিব নোৱাৰিলে | এজনে প্রাথমিক বিদ্যালয় এখনত কাম কৰে বাকী দুজনে ভাৰতীয় সৈনিকত ভর্তি হ’ল | এটা সুখী পৰিয়াল ! এই মানুহ হোৱাৰ সংজ্ঞাটো শিক্ষক জনে হয়তো পুতেক কেইজনক তেনেকৈয়ে শিকাইছিল ! এজনক শিক্ষা দান কৰাৰ কাৰণে আন দুজনক দেশৰ কাৰণে যুজিবলে তথাপিও যেন মানুহ নহ’ল | মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি আৰু কিছু আগবাঢ়ি গ’লো ..........|
ল’ৰা জনে অষ্টম শ্রেণীৰ লৈকে পঢ়িছিল | ঘৰৰ পৰা পলাই গৈ মুম্বাই পালেগৈ | আজি কালি হেনো ভাল দৰমাহা পায় | মাজে মাজে দুই তিনি মাহৰ কাৰণে ডুবাই লৈকে ও যায় |বিয়া পাতিলে ঘৈনিয়েক জনীও হেনো বাহিৰৰে , মাজে মাজে গা়ৱলৈ আহে ককাইয়েক কেইজনৰ লগত মাক জনীও আগৰ সেই জুপুৰী ঘৰটোতে থাকে | গাও খনো আগৰ দৰেই আছে মানুহ বোৰো কোনো সলনি হোৱা নাই আগৰ দৰেই দিন হাজিৰা পেট ৰক্ষা | সি আহিলে গাৱৰ মানুহ বোৰে কোৱাকুই কৰে গাৱৰ ল’ৰা বাহিৰত গৈ মানুহ হ’ল | যোৱা মাহত মুম্বাইত হেনো ঘৰো কিনিছে | গাৱত আৰু ক’ত থাকিব ? নিজৰ ভাগৰ মাটি খিনি বেচি গুচি যাব | কথাবোৰ শুনি কিছু বিমোৰত পৰিলোঁ | আগবাঢ়ি গৈ থাকিলোঁ......... |
কিছুদিন আগতে এজন দিল্লীৰ আৰক্ষীৰ লগত চিনাকী হৈছিল | অলপ ল’ৰামতীয়া আছিল কাৰণে মোৰ লগত অতি সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল |তেওঁ সাধাৰনতে সুৰা পান নকৰে যদিও সেইদিনা কৰিছিল | কাৰণতো সোধাত কৈছিল তেওঁৰ ছোৱালীজনীয়ে হেনো কেইবাদিন ধৰি কিবা বিশেষ মানসিক বিকৃতিত ভুগি আছিল | তেওঁ অবিবাহিত ডেকা ল’ৰা , কেইবা বছৰ আগতে ৰাস্তাৰ দাতিত পাইছিল সেই ছোৱালীজনীক | অবৈধ্য ভা়ৱে প্রবস কৰাৰ পাছত তাইক পেলাই থৈ গৈছিল আজিৰ সমাজৰ কোনোবা মানুহে |পঢাই শুনাই কিছু ডাঙৰ কৰিলে | এতিয়া তাই অষ্টম শ্রেণীত পঢ়ে | তাইক্ হেনো তেওঁ মানুহ কৰি তুলিব | মায়ে কোৱা কথাষাৰে আমনি কৰিব ধৰিলে | কথবোৰ ভাবো কিন্তু একো বুজি নেপাওঁ | মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি বাৰে বাৰে হাবাথুৰি খাওঁ........... |
মাজে মাজে ঘৰলৈ ( গাৱলৈ) যাও | প্রায় বোৰ মানুহেই খা-খবৰ লোৱাৰ পাছত এটাই প্রশ্ন কৰে ‘ ক’ত কাম কৰা , চৰকাৰী নে বেচৰকাৰী , দৰমহা কিমান ? বাহিৰা পইছা আছেনে ?” মানুহ হোৱাৰ এই স্ংজ্ঞাটোক টকা পইচা , সা-সম্পতি , বেইমানী পইচা এইবোৰৰ লগত কেলেই তুলনা কৰে বাৰু ? কিছুদিন আগতে এজন শিক্ষকৰ এটা উক্তিয়ে মোৰ মানুহ হোৱাৰ ব্যখ্যাটো অলপ মুকলি কৰি দিছিল | সৰুৰ পৰাই জ্ঞানৰ পোহৰ পাই থকা শিক্ষকজনৰ পৰা শুনিবলৈ পালো মানুহ হোৱাৰ সেই স্ংজ্ঞাটো | অতি আবেগিত ভাবে কৈ উঠিল যে তেখেতৰ পুতেকে কৰা সেই চাকৰিটোত হেনো বাহিৰা পইচা নাই বাকীবোৰ সকলো ঠিকেই আছে | তেখেতে বিচাৰিছিল পুতেকে বাহিৰা টকা পোৱাটো আৰু আর্থিক ভাবে টনকীয়াল হৈ সমাজৰ দৃষ্টিত্ মানুহ হোৱাটো …….|
পঢ়া শুনা কৰি ডক্তৰ , ইনজিনিয়াৰ , প্রফেছ’ৰ বা আই এ অছ বিষয়া হৈ কিছুমান মান বেইনমানী টকা গোটাই সমাজৰ আগত আর্থিক ভাবে টনকীয়াল হৈ দেখুৱাটোৱেই জানো মানুহ হোৱাৰ স্ংজ্ঞা| মানুহ হোৱাৰ সংজ্ঞাটোক মানুহবোৰে টকা পইচা , খ্যাতি সুনাম ইত্যাদিৰ লগত তুলনা কৰি পোৱা নোপোৱাৰ হিচাপ নিকাচবোৰ কৰি কৰি নোপোৱাৰ বেদনা খিনি আকোৱালি লৈ জীবনৰ মধুৰ আনন্দ খিনি বিসর্জন দিয়ে | মানুহ মানুহ হ’ব গৈ হৈ পৰে পইচা সজাৰ এটা যন্ত্র | অতি যত্নৰে পঢ়া শুনা কৰি হৈ পৰে সমাজৰ একো একোটা উচ্চ শিক্ষীত পইচা সজা যন্ত্র |আনৰ সফলতাক সহজভাবে ল’ব নোৱাৰে , নিজৰ পোৱাৰ আনন্দ খিনি হেৰাই নোপোৱাৰ বেদনাখিনিক লৈ জীয়াই থাকে সুৰা বা মদিৰাৰ সংগী হৈ ……. |
মোৰ মাই বিচৰা সেই “ডাঙৰ মানুহজন্ ” বাৰু কেনেকুৱা আছিল সেই কথাটো আৰু সুধা ন’হ’ল আৰু এতিয়া প্রয়োজন বোধো নকৰো | এৰা মানুহ মই হ’ব নোৱাৰিলোঁ আৰু মানুহ হোৱাৰ সেই সপোনটোও এৰিলো | ভাবিলোঁ মানুহ হৈ জন্ম পোৱাটোৱেই মানুহ হোৱাৰ এটা ডাঙৰ সংজ্ঞা| ঈশ্বৰে এখন সুন্দৰ পৃথিবীত এটা সুন্দৰ মানবী জীবন দিছে সুন্দৰ ভাবে জীয়াই থাকিবলে | দুদিন মানৰ পাছত হয়তো এদিন যাব লাগিব এখন অচিন দেশলৈ এই মানুহ হোৱাৰ সংজ্ঞাটো এৰি থৈ | দুদিনীয়া জী়বনটো যেন অসাৰ হৈ পৰিব যেন কোনোবাই বতাহক ধৰিবলে হে চেষ্টা কৰিছে | মই বহুত ধন সম্পতিৰ মালিক এই কথাটো চকুৰে দেখা আৰু মুখেৰে কোৱাৰ বাহিৰে একোয়েই নাথাকিব | সুন্দৰ শৰীৰটো প্রকাণ্ড অগ্নিকুন্ডত জ্বলি উঠিব নিমুখতে শেষ হৈ যাব জীবন |
কথাবোৰ দেখিলো ভাবিলো বুজিলো | ঠিৰাং কৰিলো বুকু ভৰাই এই সুন্দৰ জীবনটোৰ প্রতিটো দিনেই জীয়াই থাকিম এজন সাধাৰণ মানুহ হৈ…জীয়াই থাকিম মানুহৰ কাৰনে দহৰ কাৰণে …… মানুহ হোৱাৰ এয়াই স্ংজ্ঞা পাই লিখনি সামৰিলোঁ ..|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী

Subscribe to:
Posts (Atom)