“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Thursday, 18 September 2014

মই আৰু সেই লেব্রা কুকুৰটো

তাৰ নাম চিৰু , মই আগতে চিৰু বুলি মতিছিলোঁ যদিও সেই বিশেষ দিনটোৰ পাছৰ পৰা কুকুৰ বুলিয়েই কও | মই তাক কুকুৰ বুলি মাতিলে আন্টি আৰু আংকলে মনে মনে খং কৰে | দুই এবাৰ মোক সকিয়নিও দিছে কুকুৰ শব্দটো প্রয়োগ নকৰিবলে | মই গ্রাউন ফ্ল’ৰত থাকো মাজে মাজে বিশেষকৈ শনিবাৰে কাপোৰ শুকুৱাবলৈ বা কেতিয়াবা জাৰৰ দিনত ৰ’দ পুৱাবলৈ চাৰি নম্বৰ ফ্ল’ৰৰ ওপৰত থকা ছটলৈ যাব লগা হয় ! তেতিয়া তলৰ পৰা আন্টিক সুধি লওঁ কুকুৰটো আছেনে ? আন্টিয়ে একো নকয়, শুনিও নুশুনাৰ ভাও ধৰি থাকে | মোৰ বুজিবলে বাকী নাথাকে আকো লাহেকৈ মাত লগাই সুধো আন্টি চিৰু আছেনে ? লগে লগেই উত্তৰ পাও নাই বা আছে | এ়়ৰা কুকুৰক নো কুকুৰ বুলি নকৈ কিবা মানুহ বুলি ক’ব লাগেনে ? মাজে মাজে কথাটো আন্টিকো কৈ দিও | আন্টিৰ মুখখন তেতিয়া বেকিং পাউদাৰ দি বনোৱা ৰুটিৰ দৰে ফুলি উঠে ! সি যেতিয়া প্রথম আহিছিল তেতিয়া সি বহুতেই সৰু আছিল ! আন্টিৰ ডাঙৰ ল’ৰাজন আৰু মই আমি দুয়ো মিলি লৈ আহিছিলোঁ তাৰ কোনোবা এজন বন্ধুৰ ঘৰৰ পৰা |আমি বাইক লৈ গৈছিলো আৰু মই পাছত বহি মোৰ হেলমেটটো খুলি তাৰ ভিতৰত তাক বহুৱাই লৈ আনিছিলো | মাজে মাজে সি মোৰ আঙুলি বোৰ চেলেকিছিল | মই মৰমেৰে তাৰ পিঠিত হাত ফুৰাই দিছিলো | আমাৰ কাৰুকার্য্য বোৰ দেখা পাই হেলমেট নোহোৱাৰ কাৰণে দিল্লী ট্রেফিক পুলিছে ১০০ টকা জৰিমনা ও কৰিলে | সি হয়তো কথাবোৰ নাজানেই ,যা নহওক লাহে লাহে ডাঙৰ হৈ আহিছিল আৰু তাৰ প্রতিও মৰমবোৰ বাঢ়ি বাঢ়ি গৈছিল | মাজে মাজে সি মোৰ কোঠালৈ আহিছিল মই বৰ মৰমেৰে চিৰু বুলি মাতিছিলোঁ সি আনন্দতে নেজ ডাল জোঁকাৰি জোঁকাৰি মোৰ ওচৰলৈ আহিছিল | মই প্রায়ে তাক বিস্কুট আৰু বইল্ কনী দিছিলো ! সি খাই ভাল পাই দিনটো মোৰ কোঠালিতে শুই গৈছিল | লাহে লাহে আমাৰ বন্ধুত্ব মৰম আৰু বিশ্বাস বাঢ়ি গৈছিল |কিন্তু এনেকুৱা এটা দিন দেখিবলৈ পালো যিটো মই কোনোদিনেই আঁশা কৰা নাছিলো | সেইদিনা মই বেংকৰ কিবা এটা কামৰ কাৰণে আংকলৰ ওচৰত চহী বিচাৰি দুই নম্বৰ ফ্ল’ৰলৈ গৈছিলো | আংকলে চহীটো কৰি দিয়াৰ পাছত মোৰ লগত কিবা বিশেষ কথা পাতি আছিল | এনেতে চিৰু ঘৰৰ ভিতৰৰ পৰা ওলাই আহি মোৰ ফালে ভুক ভুকাই আগবাঢ়ি আহিছিল | মই চিৰু চিৰু বুলি কৈ মনে মনে থাকিলোঁ | তাৰ ভুক ভুকনি বোৰ বেছি হ’বলৈ ধৰিলে..| মই একো নকলো | আংকল ৰ লগত কথা খিলি পাতি তললৈ বুলি আগবাঢ়িলো|তাৰ গর্জনি বোৰ বেছি হ’বলৈ ধৰিলে আৰু একে চোঁচাই দৌৰি আহি মোৰ পাছফালে জপিয়াই পৰিলে | আংকলে তাক লাঠিৰে উত্তম মধ্যম দি দিলে | মই হাত খনেৰে সেপিয়াই গম পালো মোৰ জিনছ পেন্টটোৰ দুটা পকেটৰ মাজৰ ঠাই খিনিৰ পৰা ধাৰাসাৰে তেজ ওলাইছে | এটা পকেট তেতিয়াও ওলমি আছিল আনটো পকেট ৰ কাপোৰ খিনি তেজেৰে সৈতে তাৰ মুখত দেখা গৈছিল | আপোনি হয়তো অনুমান কৰিব পৰিছে মোৰ কোন খিনি ঠাইত সি আক্রমন কৰিছে   সেই বিশেষ দিনটোৰ পৰাই তাৰ নামটো চিৰুৰ পৰা কুকুৰ হ’ল | লগে লগেই আমাৰ মাজত আৰম্ভ হ’ল ঘোৰ শত্রুতা | মোৰ যেন গোটেই দিল্লী খনতেই এটাই শত্রু আছে সেইয়া হ’ল চিৰু নামৰ সেই লেব্রা কুকুৰটো | তাৰ ৰঙা ৰঙা চকু কেইটাৰে কেৰাকে এবাৰ চাই ভুকি দিলে স্বয়ং যম দেবতাও পলাই গুচি যাব |সেই দিনা ৰাতি সপোনত কেইবাবৰো সি আহি মোৰ আগফালে পাছফালে আক্রমন চলালে |আনকি এতিয়াও মাজে মাজে আহে | মই কোঠাটো এৰি গুছি যাবলৈ সংকল্প কৰিছিলো |পিছে আংকল আন্টিহ’তে বহুত বুজালে , থাকি গ’লো | আজি কেইদিন মান আগৰ কথা , মই অফিচৰ পৰা আহি সন্মুখৰ দর্জাখন খুলিছোহে মাত্র , সিফালৰ পৰা যান্তনাৰ বিকত কেকনি ..কেং কেং কে কেং কেং | ভাবিলোঁ নিশ্বয় কুকুৰটোৰ কিবা এটা হৈছে | কিবা মানে , কিবা হাড় মুৰ ভাগিছে কিজানি | | কোঠাটোত সোমাই বেগটো টেবুলত থৈ ওপৰলৈ গুছি গ’লো | নাই আজি কোনো ভয় নাই ! তাৰ হয়তো ভৰি ভাগিছে | আহ: কেনে মজা | এনেতে আকৌ আৰম্ভ হ’ল্ কেং কেং কেং কেং কেং ! Oh my God | Unbelievable! আন্টিৰ ভায়েকৰ সৰু সৰু ল”ৰা কেইটা , দুয়োজনেই বাঘৰ তেল খোৱা বিধৰ | সৰুজনৰ বয়স চাৰি বচৰ ডাঙৰ জনৰ চয় বচৰ | সৰু জনে কুকুৰটোৰ নেজ ডালত ধৰি পাছফালে জোৰকৈ টানিছে আৰু ডাঙৰ জনে কান কেইখনত ধৰি আগফালে টানিছে |কুকুৰটো উপায়হীন হৈ কেং কেং কেং কেং কৰি শুই পৰিছে , তাকে দেখি সিহঁতে তাক উঠাই দিলে আৰু তাৰ পিঠিত এজন এজন কৈ দুয়ো বহি গ’ল | কুকুৰটোয়ে কেং কেং কেং কেং কৰি বাগৰি পৰিলে , কুকুৰটো তলত সিহ্ত দুজন ওপৰত | তাকে দেখি মোৰ মুখৰ পৰা ওলাই গ’ল “চালা কুকুৰ কেনে মজা ”! হয় কুকুৰ টো মোৰ শত্রু তথাপি ঈশ্বৰে যেন তাক ভালে ভালে জীয়াই ৰাখক ! মনে মনে তাকেই কৈ মই তললৈ নামি অহিলোঁ !

No comments:

Post a Comment