“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Wednesday, 17 September 2014

মানুহ হোৱাৰ সংজ্ঞা বিচাৰি…

     পালত হাত ফুৰাই ফুৰাই অতি মৰমেৰে মায়ে প্রায়ে কৈছিলভালদৰে পঢ়া শুনা কৰা ,মানুহ লাগিব ” | এৰা , মানুহ তো মই তেতিয়াও আছিলো , তাতে আকৌ কিহৰ মানুহ হোৱাৰ কথা কৈছিল |মাক সোধাত কৈছিলপঢ়া শুনা কৰি বহুত ডাঙৰ মানুহ লাগিব ” | সৰুৰ পৰা ডাঙৰ হৈ পঢ়া শুনা সমাপ্ত কৰি কর্মৰত লো | এতিয়া মায়ে কোৱা কথাষাৰে বাৰে বাৰে মনত
ভুমুকি মাৰে মই বাৰু মানুহ লোনে ? কেতিয়াবা মাক সুধিবৰ মন যায় যে মায়ে বিচৰা সেই মানুহ জন মই লো নে ? কিন্তু নুসুধো ! সুধিবৰ সাহস নহয় ! কথাবোৰ নিজৰ মাজতেই ৰাখো ..........!
শিক্ষকজনে সন্তান কেইজনক মানুহ কৰিব নোৱাৰিলে | এজনে প্রাথমিক বিদ্যালয় এখনত কাম কৰে বাকী দুজনে ভাৰতীয় সৈনিকত ভর্তি | এটা সুখী পৰিয়াল ! এই মানুহ হোৱাৰ সংজ্ঞাটো শিক্ষক জনে হয়তো পুতেক কেইজনক তেনেকৈয়ে শিকাইছিল ! এজনক শিক্ষা দান কৰাৰ কাৰণে আন দুজনক দেশৰ কাৰণে যুজিবলে তথাপিও যেন মানুহ নহ | মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি আৰু কিছু আগবাঢ়ি লো ..........|
ৰা জনে অষ্টম শ্রেণীৰ লৈকে পঢ়িছিল | ঘৰৰ পৰা পলাই গৈ মুম্বাই পালেগৈ | আজি কালি হেনো ভাল দৰমাহা পায় | মাজে মাজে দুই তিনি মাহৰ কাৰণে ডুবাই লৈকে যায় |বিয়া পাতিলে ঘৈনিয়েক জনীও হেনো বাহিৰৰে , মাজে মাজে গা়ৱলৈ আহে ককাইয়েক কেইজনৰ লগত মাক জনীও আগৰ সেই জুপুৰী ঘৰটোতে থাকে | গাও খনো আগৰ দৰেই আছে মানুহ বোৰো কোনো সলনি হোৱা নাই আগৰ দৰেই দিন হাজিৰা পেট ৰক্ষা | সি আহিলে গাৱৰ মানুহ বোৰে কোৱাকুই কৰে গাৱৰ ৰা বাহিৰত গৈ মানুহ | যোৱা মাহত মুম্বাইত হেনো ঘৰো কিনিছে | গাৱত আৰু থাকিব ? নিজৰ ভাগৰ মাটি খিনি বেচি গুচি যাব | কথাবোৰ শুনি কিছু বিমোৰত পৰিলোঁ | আগবাঢ়ি গৈ থাকিলোঁ......... |
কিছুদিন আগতে এজন দিল্লীৰ আৰক্ষীৰ লগত চিনাকী হৈছিল | অলপ ৰামতীয়া আছিল কাৰণে মোৰ লগত অতি সোনকালেই বন্ধুত্ব গঢ়ি উঠিছিল |তেওঁ সাধাৰনতে সুৰা পান নকৰে যদিও সেইদিনা কৰিছিল | কাৰণতো সোধাত কৈছিল তেওঁৰ ছোৱালীজনীয়ে হেনো কেইবাদিন ধৰি কিবা বিশেষ মানসিক বিকৃতিত ভুগি আছিল | তেওঁ অবিবাহিত ডেকা ৰা , কেইবা বছৰ আগতে ৰাস্তাৰ দাতিত পাইছিল সেই ছোৱালীজনীক | অবৈধ্য ভা়ৱে প্রবস কৰাৰ পাছত তাইক পেলাই থৈ গৈছিল আজিৰ সমাজৰ কোনোবা মানুহে |পঢাই শুনাই কিছু ডাঙৰ কৰিলে | এতিয়া তাই অষ্টম শ্রেণীত পঢ়ে | তাইক্ হেনো তেওঁ মানুহ কৰি তুলিব | মায়ে কোৱা কথাষাৰে আমনি কৰিব ধৰিলে | কথবোৰ ভাবো কিন্তু একো বুজি নেপাওঁ | মানুহ হোৱাৰ সংজ্ঞাটো বিচাৰি বাৰে বাৰে হাবাথুৰি খাওঁ........... |
মাজে মাজে ঘৰলৈ ( গাৱলৈ) যাও | প্রায় বোৰ মানুহেই খা-খবৰ লোৱাৰ পাছত এটাই প্রশ্ন কৰে কাম কৰা , চৰকাৰী নে বেচৰকাৰী , দৰমহা কিমান ? বাহিৰা পইছা আছেনে ?” মানুহ হোৱাৰ এই স্ংজ্ঞাটোক টকা পইচা , সা-সম্পতি , বেইমানী পইচা এইবোৰৰ লগত কেলেই তুলনা কৰে বাৰু ? কিছুদিন আগতে এজন শিক্ষকৰ এটা উক্তিয়ে মোৰ মানুহ হোৱাৰ ব্যখ্যাটো অলপ মুকলি কৰি দিছিল | সৰুৰ পৰাই জ্ঞানৰ পোহৰ পাই থকা শিক্ষকজনৰ পৰা শুনিবলৈ পালো মানুহ হোৱাৰ সেই স্ংজ্ঞাটো | অতি আবেগিত ভাবে কৈ উঠিল যে তেখেতৰ পুতেকে কৰা সেই চাকৰিটোত হেনো বাহিৰা পইচা নাই বাকীবোৰ সকলো ঠিকেই আছে | তেখেতে বিচাৰিছিল পুতেকে বাহিৰা টকা পোৱাটো আৰু আর্থিক ভাবে টনকীয়াল হৈ সমাজৰ দৃষ্টিত্ মানুহ হোৱাটো …….|
পঢ়া শুনা কৰি ডক্তৰ , ইনজিনিয়াৰ , প্রফেছ বা আই অছ বিষয়া হৈ কিছুমান মান বেইনমানী টকা গোটাই সমাজৰ আগত আর্থিক ভাবে টনকীয়াল হৈ দেখুৱাটোৱেই জানো মানুহ হোৱাৰ স্ংজ্ঞা| মানুহ হোৱাৰ সংজ্ঞাটোক মানুহবোৰে টকা পইচা , খ্যাতি সুনাম ইত্যাদিৰ লগত তুলনা কৰি পোৱা নোপোৱাৰ হিচাপ নিকাচবোৰ কৰি কৰি নোপোৱাৰ বেদনা খিনি আকোৱালি লৈ জীবনৰ মধুৰ আনন্দ খিনি বিসর্জন দিয়ে | মানুহ মানুহ গৈ হৈ পৰে পইচা সজাৰ এটা যন্ত্র | অতি যত্নৰে পঢ়া শুনা কৰি হৈ পৰে সমাজৰ একো একোটা উচ্চ শিক্ষীত পইচা সজা যন্ত্র |আনৰ সফলতাক সহজভাবে নোৱাৰে , নিজৰ পোৱাৰ আনন্দ খিনি হেৰাই নোপোৱাৰ বেদনাখিনিক লৈ জীয়াই থাকে সুৰা বা মদিৰাৰ সংগী হৈ ……. |
মোৰ মাই বিচৰা সেইডাঙৰ মানুহজন্বাৰু কেনেকুৱা আছিল সেই কথাটো আৰু সুধা আৰু এতিয়া প্রয়োজন বোধো নকৰো | এৰা মানুহ মই নোৱাৰিলোঁ আৰু মানুহ হোৱাৰ সেই সপোনটোও এৰিলো | ভাবিলোঁ মানুহ হৈ জন্ম পোৱাটোৱেই মানুহ হোৱাৰ এটা ডাঙৰ সংজ্ঞা| ঈশ্বৰে এখন সুন্দৰ পৃথিবীত এটা সুন্দৰ মানবী জীবন দিছে সুন্দৰ ভাবে জীয়াই থাকিবলে | দুদিন মানৰ পাছত হয়তো এদিন যাব লাগিব এখন অচিন দেশলৈ এই মানুহ হোৱাৰ সংজ্ঞাটো এৰি থৈ | দুদিনীয়া জী়বনটো যেন অসাৰ হৈ পৰিব যেন কোনোবাই বতাহক ধৰিবলে হে চেষ্টা কৰিছে | মই বহুত ধন সম্পতিৰ মালিক এই কথাটো চকুৰে দেখা আৰু মুখেৰে কোৱাৰ বাহিৰে একোয়েই নাথাকিব | সুন্দৰ শৰীৰটো প্রকাণ্ড অগ্নিকুন্ডত জ্বলি উঠিব নিমুখতে শেষ হৈ যাব জীবন |
কথাবোৰ দেখিলো ভাবিলো বুজিলো | ঠিৰাং কৰিলো বুকু ভৰাই এই সুন্দৰ জীবনটোৰ প্রতিটো দিনেই জীয়াই থাকিম এজন সাধাৰণ মানুহ হৈজীয়াই থাকিম মানুহৰ কাৰনে দহৰ কাৰণে …… মানুহ হোৱাৰ এয়াই স্ংজ্ঞা পাই লিখনি সামৰিলোঁ ..|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী

 

No comments:

Post a Comment