ৰিক্ত হৃদয়ৰ দুৱাৰ খুলি
তুমি কিয় আহিলা মোৰ
মৰহা অতীত
আঙুলিৰ ফাঁকেৰে সৰকা
বিষাদৰ আস্যাদন লৈ.. !
কলিজা খান্দি পোৱা
মুকুতাবোৰেৰে
কিয় অহা বাৰে বাৰে
অনুভুতিৰে হোংকাৰ তোলা
বিষাদৰ মালা পিন্ধাই দিবলৈ.. !
চলাই নিয়া পৃ্থিৱীখনেও
কিয় বাৰে বাৰে উভতি যা্য়
সময়ৰ সিপাৰে থকা
তোমাৰ কাষলৈ..!
©মন্টু কুমাৰ ডেকা
No comments:
Post a Comment