“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Monday, 1 August 2016

মাষ্টৰ:

………সৰু বাছখনৰ (আৰ টি পি) পৰা নামিলোহে মাত্ৰ ,বৰষুণ জাক আহিলেই। কিনকিনিয়া বৰষুণ মোৰ ভাল লাগে।তাতোকৈ ভাল লাগে বৰষুণৰ কাৰণে পাগল হোৱা মানুহবোৰ চাই।মানুহবোৰে বৰষুণত তিতি ভাল পায়, হিয়া উজাৰি উপভোগ কৰে বৰষুণজাকক। পিছে বেছি সময় নাথাকিব ,পোন্ধৰ মিনিট মানৰ পাছতেই এৰিব,দিল্লীৰ বৰষুণ। বৰষুণত টোপাল কেইটামান মোৰ চছমাৰ গ্লাছত পৰাত চছমাজোৰ খুলি পকেটৰ পৰা ৰুমালখন উলিয়াই আপেলৰ দোকানখনৰ তলতেই ঠিয় হৈ মচি আছো।মানুহবোৰ চাইছো ।
:চাৰ আপ ? কাহা যা ৰহে হ' ?
আঙঠাৰ দৰে কলা,কেঁকুৰা চুলিৰ প্ৰকাণ্ড কৃষ্ণাঙ্গ যুবক এজন।উচপ খাই উঠিলোঁ।
জিলিকমিলিক টি-চাৰ্ট পিন্ধা কলা ৰঙৰ এডিদাসৰ হাফপেণ্টৰ লগত সেউজীয়া ৰঙৰ জোতাৰ ,এওঁ বাৰু কোন? আফ্ৰিকান ।পিছে কোন??
হাঁহি এটা মাৰি কলা শক্তিশালী হাতখন আগবঢ়াই দিলে?
"মণ্টি?? আপ মণ্টি হে না?
ভঙা ভঙা হিন্দী। ল'ৰাজনৰ সোঁহাতৰ বাহুৰ ফালে লক্ষ্য কৰিলোঁ। হাতখন ইফাল সিফাল কৰাত গ্ৰীক শব্দৰে হাতত খোদিত "চাৰভেণ্ট" অৰ্থৰ সেই বিশেষ টাটুটো। লগে লগে চকু মুকলি হ'ল। ল'ৰাজন দেখোন সেই নাইজেৰিয়ান পৰিয়ালটোৰ সৰু ল'ৰাজন। চেম। মানে চেমুৱেল। সি আঠ নে ন বছৰ থাকোতেই মই তাক টিউচন পঢ়াইছিলোঁ। মোৰ নামটো সি " মণ্টি " উচ্চাৰণ কৰিছিল। বাপেক নাইজেৰিয়ান যদিও এজন ভদ্ৰলোক আছিল। সেই সময়ত তাক পঢ়াই পোৱা ধনেৰেই মোৰ দিনবোৰ চলিছিল।মই তাক সকলোবোৰ বিষয়েই পঢ়াব লগীয়া হৈছিল। তাৰ লগতে পঢ়িবলৈ বহিছিল তাৰ বাইদেউ মানে মাৰ্চি জনী। দুয়োকে মাক দেউতাকে আত্মৰক্ষাৰ কাৰণে "কেৰাটে" স্কুলতো নাম লগাই দিছিল।সেইটো হেনো তেওঁলোকৰ কালচাৰ।এনে ধৰণৰ কিবা এটা আছিল। ল'ৰাজন যথেষ্ট উৎপটীয়া ধৰণৰ আছিল।ক্লাছৰ আৰম্ভনিতে ফ্ৰীজত পৰি থকা ম'হৰ ভজা মাংসৰ লগতে বগা চুজিৰ দৰে এবিধ নিমখীয়া খাদ্য খাবলৈ দিছিল।মহৰ মাংস মই নোখোৱাত মাছ আৰু মুৰ্গী ভাজিয়ে স্থান পাইছিল।ক্লাছৰ মাজতো সেই নিমখীয়া চুজি আৰু মুৰ্গী ভাজি ,অহাৰ সময়তো…। এদিনত তিনিবাৰ ।নাখালে বেয়া পাইছিল। এসপ্তাহ চুটি লৈ পেটৰ চিকিৎসা কৰিলোঁ। কাৰণটো সোধাত ক'লো, দুখ কৰিলে। তাৰপাছত পেপছি আৰু চিপছে স্থান পালে। ল'ৰা ছোৱালী পঢ়াৰ সময়ত কানত ধৰিলে বা দুষ্ট কৰিলে পিটিলে বহু মাক দেউতাকে বেয়া পায়। অভিজ্ঞতা আছে। প্ৰথম দিনাখন বাপেক মানে পৌল আংকলে মোক ডাঙৰ এচাৰি এডাল হাতত ধৰাই সিঁহতক পিটিবলৈ আটাই অধিকাৰ দিলে।মই মৰম কৰা যেন পালে ,বা কথা নুশুনিলে মাকে কিটচেনৰ পৰা ওলাই আহি হাতত যি থাকে তাৰে …। সেইয়া নিয়ম যেন হ'ল। মাৰিব নোৱাৰো। কিনো মাৰিম মৰাৰ আগতে সি তাৰ "কেৰাটে" ট্ৰেকনিক ব্যৱহাৰ কৰি মোৰ পৰা আতঁৰি যায়। সদায় মাছ মাংসৰে ভাত খোৱাৰ কাৰণে সিঁহতবোৰ বহুত শক্তিবান।মাংস পেষীবোৰো শিলৰ দৰে টান। মজবুদ। বাপেকজন আহিলে বেচি ভয় কৰে। ল'ৰাও ল'ৰা সাংঘাটিক দুষ্ট ল'ৰা।পঢ়া শুনাতকৈ তাৰ লগত যুঁজিলেহে সি ভাল পায়। মোক সি চেলেঞ্চ কৰে,যুঁজিবলৈ। দেউতাকে গম পোৱাত খুব পিটিলে,গধুলি ভঙা নাকটো দেখুৱাবলৈ আকৌ চিকিৎসকৰ ওচৰলৈও লৈ গ'ল। সিহঁতৰ মতে ল'ৰাছোৱালীক সৰুতে এচাৰি নিদিলে ল'ৰাছোৱালীৰ প্ৰতি অন্যায় কৰা হয়। সিঁহতহালক মৰম কৰে বাবে পিটনো মাৰে। বক্সিং খেলে ,দুষ্ট কৰিলে বক্সিং মাৰে,সিঁহতৰ ভাষাত,সিঁহতৰ নিয়ম।
কথাবোৰ ভাবি থাকোতেই কেতিয়া ল'ৰাজনৰ হাতখন মোৰ হাতৰ লগত মিলি গ'ল ক'বই নোৱাৰিলোঁ। সি তাৰ শক্তিশালী হাতখনেৰে জোৰকৈ "হেণ্ডচেক" এটা দিলে…।বিষাই থাকিল।
বহু সময় কথা পাতিলোঁ। সি ডাঙৰ হ'ল। হিন্দী ক'ব পৰা হ'ল। অহা অক্টোবৰত হেনো সিহঁত ভাৰত এৰি সদাকাললৈ নিজৰ দেশলৈ উভতি যাব ।মনটো সেমেকিল।
সেমেকা মনেৰে ঘৰলৈ উভতি আহিলোঁ যদিও হাতখন তেতিয়াও বিষায়েই আছিল।

No comments:

Post a Comment