“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Monday, 1 August 2016

ব্ৰহ্মপুত্ৰ দেখিছানে ?:

সৰুতে দৰং জিল্লাৰ মানচিত্ৰখন আঁকোতে সদায় এটাই কথা মনলৈ আহিছিল ,সেইয়া হ'ল ব্ৰহ্মপুত্ৰ। গাঁৱৰে আইতা এজনীক ব্ৰহ্মপুত্ৰটো কিমান ডাঙৰ বুলি সোঁধাত আইতাই মুৰত হাত থৈ আৰ্শীবাদ দি কৈছিল,"আমাৰ জীৱনত ব্ৰহ্মপুত্ৰ চোৱাৰ ভাগ্য নহ'ল।ভালদৰে পঢ়া শুনা কৰি ডাঙৰ মানুহ হোৱা ,এদিন নিজে ব্ৰহ্মপুত্ৰ চাব পাৰিবা।"
গাঁৱখনত তেতিয়াও ব্ৰহ্মপুত্ৰ নোচোৱাকৈ এইখন পৃথিৱীৰ পৰা বিদায় লোৱা মানুহৰ সংখ্যা বহুতেই আছিল। হলধৰ খুড়াই জোৰে-জোৰে কৈছিল " দেউতাক দেখোন ব্ৰহ্মপুত্ৰৰ চাপৰিত বালি ঘৰ সাজি ডাঙৰ হোৱা নগাঁৱৰ ল'ৰা,পুতেকজনেহে পিছে ব্ৰহ্মপুত্ৰ দেখা নাই" ।
দাদা ,বাইদেউ আৰু মই,তিনিজনে লাগি গ'লো দেউতাক নগাঁৱলৈ ব্ৰহ্মপুত্ৰৰ মাজেৰে নৌকাৰে লৈ যোৱাৰ প্ৰস্তাৱটো লৈ।আমাৰ আশা আছিল,সপোন আছিল ব্ৰহ্মপুত্ৰৰ পানীত হাত বুলাই বুলাই নৌকাৰে নগাঁৱলৈ যোৱাৰ…নদীখন এবাৰ চুই চোৱাৰ।
১৯৯৫ ৰ জুলাই মাহ। দেউতা আৰু মই নগাঁৱলৈ তৃত্বীয়বাৰৰ কাৰণে গৈছিলোঁ। চহৰীয়া গাঁও।দেউতাৰ শৈশৱ,কৈশোৰৰ নানা স্মৃতি সেই গাঁৱখনতে লুকাই আছে। দহ কেজি বৰা চাউল আৰু বহুতো কিবা কিবি মোনাত ভৰাই লৈ চহৰীয়া গাওঁখন পালো। "অমুকাৰ পুতেকনে এইজন, তোমাৰ দেউতা মোৰ……অমুক তমুক"। দুদিনৰ ভিতৰতে গাওখন আপোন হৈ পৰিল। ধনে-ধানে, ফলে- ফূলে ভৰপুৰ "শুৱনি আমাৰ গাওঁখন" ৰ দৰে গাওঁখন।
মানুহবোৰলৈ যেন ঈশ্বৰৰ কোপহে আহিল।…এদিন দুদিন কৈ পানী বাঢ়িবলৈ ধৰিলে। বাৰী,চোতাল পাছত ঘৰৰ ভিতৰলৈ পানী লাহে -লাহে বাঢ়িবলৈ ধৰিলে। আলহি হিচাপে আছিলোঁ কাৰণে থকা খোৱাত লাহে লাহে অসুবিধা পোৱা হ'লো যদিও নিজকে সহজ কৰি ল'লো। পুৱা-গধুলি কলৰ ভেলৰ ওপৰতে শৌচ প্ৰস্ৰাৱ, ভেলৰ ওপৰতে দিনৰ দিনতো মাছ মৰা,গৰু ছাগলীৰ কাৰণে গছৰ পাত,কলৰ পাত অনা…। লাহে-লাহে পানী বাঢ়িবলৈ ধৰিলে। ঘৰলৈ উভতিব খোজিছিলোঁ যদিও পথ বন্ধ,নানা ঠাইত ৰাস্তা-ঘাট ,বাট,পথ সকলো ডুবি গ'ল পানীত। ডাঙৰ পৰিয়াল,থকা,খোৱা,শোৱাত বহুতো অসুবিধা হ'ল। দিনে ৰাতিয়ে টোপনি নাই,খোৱা পানীৰ অভাৱত বহুজনে বেমাৰতো পৰিলে। এনেকৈয়ে দহ দিন থকাৰ পাছত আমি পালোগৈ মাথাউৰি। গৰু,মহ,ছাগলী ,হাহ কুকুৰাৰ লগতেই দিনে ৰাতিয়ে থাকো।খোৱা বোৱা নাই। থকা চাউল কেইটা শেষ হোৱাৰ পাত মাথাউৰিত আমি নিয়া দহ কেজি চাউলেৰে দুদিন চলিলোঁ। দেউতাৰ পকেটৰ পইচাও লাহে-লাহে কমি আহিল…। চৰকাৰৰ পৰাও একো সাহায্য নোপোৱাকৈ কেনেকৈ যে সেই পোন্ধৰ দিন কটালোঁ। যি জনে ভূগে তেওঁহে বুজি পাব।
এই কেইদিনৰ বানপানীত মানুহবোৰৰ আলৈ-আথনি দেখা পায় বিশ বছৰ আগতে এৰি থৈ অহা সেই মাথাউৰিত বান্ধি থোৱা মহ কেইটাৰ গাৰ গোন্ধটো বাৰে বাবে নাকত লাগি আছে…। পেটৰ ভোক কি বস্তু বুজি পাইছিলো।
এচি ৰোমত বহি বহি মানুহবোৰে টি ভিত চাইছে ,ছোচিয়েল মেডিয়াত লিখিছে,চৰকাৰ বা আন কাৰোবাক দোষাৰুপ কৰিছে।
দেউতাৰ সেই গাওঁখন আৰু নাই। নাই মানুহবোৰ।সকলো থানবান হৈ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গ'ল। পিছে এতিয়াও বহুতো "শুৱনি আমাৰ গাঁৱখনি"ৰ দৰে গাওঁ আছে।হয়তো ডুবিছে,ভোগিছে… ন ,ন বোৱাৰীকেইজনীয়ে পানীত ভেল চলাই ছাগলীৰ কাৰণে গছৰ পাত আনিব গৈছে,বা কাৰোৱাক চিকিৎসালয়লৈ লৈ গৈছে…
ইফালে আপুনি আৰু মই ……ফেচবুকত আপদেট দি আছো ।ফ'টো আপলোড কৰিছো ।সমালোচনা কৰিছো,কাৰোৱাক জগৰীয়া কৰিছো।
পিছে জানেনে আপুনি একো কৰিব নোৱাৰিলেও যদি কাৰোৱাক এবটল খোৱা পানী বা দহ টকা এটাও যদি দিয়ে সেয়েই যথেষ্ট। বহুতো মানুহে তেনে কৰি আছে,বহুতে আগবাঢ়ি কাম কৰি আছে। আমি সকলোৱে তেনেকৈ অলপ অলপ কৰি নিজে নিজে গৈ বিপদত পৰা মানুহবোৰক যদি সহায় কৰো ,মই ভাবো সেয়াই যথেষ্ট। চৰকাৰ বা কোনোৱা মিডিয়াক দোষী লাভ নাই।
"ৰাইজে নখ জোকাৰিলে হেনো নৈ বয়।"

No comments:

Post a Comment