ঘৰৰ পৰা অনা ৩০০০ টকাৰ ১০০ টকা এটাহে বাকী থাকিল ।খাবৰ কাৰণে একাপমান চাউল আৰু দুটামান আলু পিয়াজ ,দালি আৰু দুটা বটল পানী। দেউতাক কৈ আহিছিলোঁ ৩০০০ টকাৰ পাছত আৰু এটকাও ঘৰৰ পৰা নলওঁ। যোৱা চাৰি বছৰে যি দিলে দিলে আৰু,সেয়াই যথেষ্ট,বাকী খিনি মই নিজে কৰি লম।৩০০০ হেজাৰ টকাৰ এটকা এটকা হিচাপ কৰি কৰি খৰচ কৰিলোঁ যদিও যোৱা মাহটোত কমসোপা ইণ্টাৰভিউ দিয়া নাই নে? গতিকে কেনেকৈ বাচিব । সদায় নইডা আৰু গুৰগাঁৱ। গধূলি দেউতাৰ ফোন ।খা -খবৰ লোৱাৰ পাছত -"আজি ক'ৰবালৈ গৈছিলানে?, নইডাৰ ওৱেটিং লিষ্টত থকাটো কি হ'ল,মাতিম বুলি কৈছিল যে?" দেউতাৰ মনটো ভাল লগাবৰ বাবে কও-"মাতিব,তাত নহ'লে বেলেগ এঠাইটো হ'ব ।মুঠতে কিবা এটা হ'ব ।একো নহ'লেও সেই আফ্ৰিকান ল'ৰা-ছোৱালী হালকে টিউচন পঢ়ুয়াম । দুই তিনি মাহ চলি যাব ,দৰকাৰ হ'লে এডভাঞ্চ লম।" এনেদৰেই এমাহ পাৰ হ'ল। জীৱনত যেন হাৰি গ'লো। পঢ়াৰ দিনকেইটাই ভাল আছিল । চাকৰি বুলি ক'লে ইংৰাজী কেনে ,কিবা টেকনিকেল মানে টেকন'ল'জী জানেনে? তাৰোপৰি আছল কথাটো অভিজ্ঞতা,যাৰ কাৰণে বাৰে বাৰে "উই উইল কল ইউ" নামৰ সেই বিশেষ কথাষাৰ শুনিবলৈ পাওঁ। নইডা ,গুৰগাঁৱ ,দিল্লী এমাহৰ ভিতৰত ক'ত যোৱা নাই বাৰু? ইফালে কনচালটেনচি বোৰ…
নাই নাই জীৱনত হাৰি নেযাওঁ,ঈশ্বৰে হেনো শূন্যৰ পৰাহে কাম আৰম্ভ কৰে।মানে প্ৰথমতে নমাই একো নাইকীয়া কৰে ,তাৰ পাছতহে তেওঁ নিজৰ মতে কাম আৰম্ভ কৰে। কথাবোৰ ভাবি-ভাবি পেটত ভোক অনুভৱ কৰাত দোকানত গৈ দুই কেজি চাউল আনিলোঁ ৪০টকা দি,দেউতাক মিছ কল মাৰিবৰ বাবে ২০টকাৰ মোবাইল ৰিচাৰ্জ কৰিলোঁ ,বাকী থাকিল ৪০টকা। ৪০ টকাটো খৰছ কৰিলে একোৱেই নাথাকিব।তেতিয়া মই শূন্য মানে "জিৰো" হ'ম। তেতিয়াই চাগে ঈশ্বৰজনে মোৰ দাঙি চাব। এটা মিৰেকল হ'ব…আকাশৰ পৰা ঈশ্বৰে দূত পঠিয়াই ক'ব ইয়ালৈ যোৱা, তালৈ যোৱা,নতুবা কোনোবাই আহি টকাৰ মোনা এটা উপহাৰ দিব… হয়,ঈশ্বৰে মই "জিৰু" হোৱাৰলৈহে ৰৈ আছে । কথাবোৰ নিজকে কৈ পাগলৰ দৰে হাঁহিছো।ঈশ্বৰ ক'ত তুমি? মোৰ পৰা ৪০ টকাটোও লৈ যোৱা, মোৰ প্ৰাণো লৈ যোৱা…।মোৰ সকলো লোৱা। মাৰি পেলোৱা…চাল্লা একোয়েই নহ'ল।
এগাল চকুলোঁ বৈ গ'ল। দুখীয়া হোৱাটোৱেই এটা অভিশাপ।লগৰবোৰে ডিগ্ৰীৰ পাছতো কিমান যে কৰ্ছবোৰ কৰিছে,লাখ-লাখ টকা খৰছ কৰিছে আৰু আমাৰ দৰে গৰীৱবোৰৰ… । পঢ়া-শুনাৰ কোনো ভেলুৱেই নাই,টকাই সকলো,আৰু কোনো ভাগ্য বা ঈশ্বৰৰ দয়া নামৰ বস্তু নাই, কেৱল হাতত মানুহ লাগে,যোগাৰ লাগে…।
মোবাইলটো বাজি উঠিল।চকুৰ পানীত জলকমলক দেখিলোঁ,নম্বৰটো ধৰিব নোৱাৰি "হেল্ল" বুলি ক'লো। শোকাকুল মাত:
:-" হাই দিছ ইজ অৰুণা ,কেন আই স্পিক টু মণ্টু?
:-ইয়েছ,প্লীজ।
:-মণ্টু আই গ'ট ইয়'ৰ নাম্বাৰ ফ্ৰম ন'কৰী ডট কম,আৰ ইউ লুকিং ফৰ এ জব?
:-ইয়েচ।
তাৰ পাছৰ খিনি এনেকুৱা,ফোন আহিছিল ভাটিবেলা ৪:২০ বজাত ।তাই ইণ্টাৰভিউৰ কাৰণে গুৱগাঁৱলৈ মাতিলে।মই ক'লো মোক কামএটা লাগে।পিছে মোৰ হাতত মুঠতে ৪০ টকাহে আছে।গতিকে মোক যদি অনুগ্ৰহ কৰি টেলিফ'নিক ইণ্টাৰভিউ লয় তেন্তে মোৰ কাৰণে যথেষ্ট সুবিধা হ'ব।তাই ক'লে কোম্পানীৰ পলিচি নহয় যদিও তাই চেষ্টা কৰিব।২ মিনিট পাছত বেলেগ এজনে ফোন কৰিলে,১৫ মিনিট কথা পাতিলে। তাৰ পাছত আকৌ সেই অৰুণাজনীৰ ফোন আহিল।ক'লে প্ৰথম ৰাউণ্ডত মই চেলেক্ট হ'লো ।দ্বিতীয় ৰাউণ্ডৰ কাৰণে যাব লাগিব। মই অৰুণাক কাতৰ অনুৰোধ কৰিলোঁ।ক'লো মেডাম ৪০টকাহে আছে।গুৰগাঁৱলৈ যোৱাৰ এফালৰ ভাৰাও নহয়।গতিকে দ্বিতীয়বাৰো যেন টেলেফ'নিক ইণ্টাৰভিউয়েই কৰি দিয়ে।তাই সেইটো নিয়ম নহয় যদিও মোৰ কথাত মেনেজাৰক অনুৰুধ কৰাত মেনেজাৰ জনে মোম্বাইৰ পৰা ৫মিনিট পাছত ফোন কৰিম বুলি ক'লে।মেনেজাৰৰ ফোন আহিল,আকৌ ১০ মিনিট কথা পাতিলে। অৰুণাই ফীডবেক দিব বুলি জোৰকৈ ৰিচিভাৰটো থৈ দিলে।
নিৰাশ হ'লো।মেনেজাৰ জন খঙাই গ'ল হ'বলা।অকনমান আশাৰ ৰেঙনী দেখা পাইছিলোঁ যদিও গ'ল।
৪০মিনিট পাছত মানে ৫:০০বজাত অৰুণাৰ কল।ক'লে ইণ্টাৰভিউ কেনেকুৱা হ'ল। মই ক'লো মোৰ লগত কথা পাতি ফোনটো জোৰকৈ ৰাখি দিলে,মানে মোক চেলেক্ট নকৰিলে।ভাগৰি গ'লো।
"ইমান সোনকালে কেলে নিৰাশ হৈছা,তেওঁ তোমাক চেলেক্ট কৰিলে।"- অলপ জকিং টাইপত অৰুণাই কৈ গ'ল।
বিশ্বাস কৰিব নোৱাৰিলোঁ। দ্বিতীয় দিনাখন জইনিং। এইবাৰ কোনো বাহানা নাই। যাবই লাগিব ।দেউতাক মোবাইলত থকা বিশ টকাৰে ফোন কৰি পইচা দুই হেজাৰৰ কথা ক'লো।" কি কোম্পানী বুলি সোধাত " মই ক'লো অকনমান ৰ'চোন মই অৰুণাক সুধি লও।
"বেংক অৱ আমেৰিকা"
(ঈশ্বৰে মাৰে আকৌ জীয়াই।যি কৰে ভালকেই কৰে সেই কথাটো বিশ্বাস কৰিলে নিৰাশ হোৱা নাযায়।জীৱনৰ বাটত শিকা কথা।কাৰোৱাৰ সহায় হ'লে ভাল লাগিব।)
©মণ্টু কুমাৰ ডেকা
নতুন দিল্লী ।
No comments:
Post a Comment