মানুহজনৰ লগত চিনাকী হোৱাৰ
সুযোগ হৈছিল , তেখেতে লিখা-মেলাও কৰিছিল , তেওঁ ভাল ব্যক্তিত্বৰ গৰাকী আছিল | তেখেতৰ
আদর্শ , তেখেতৰ নম্রতা আৰু মর্জিত ব্যৱহাৰে মোক তেখেতৰ প্রতি আকৃষ্ট কৰি তুলিছিল |তেখেতৰ
প্রতি আকৃষ্ট হোৱাৰ আন এটা কাৰণ আছিল তেখেতৰ নির্ম্মল স্বভাৱ আৰু তেখেতৰ মুখৰ পৰা বাহিৰ
হোৱা মর্জিত শব্দবোৰৰ সেই বাক্যবোৰ, তেখেতৰ কথা কথা-বতৰাবোৰ..|জীৱনৰ বাটত নিৰাশ হৈ
কেতিয়াবা তেখেতৰ ব্যক্তিত্বৰ অনুশীলন কৰিছিলো , তেখেতে কেনেকৈ কথা কয়, কেনেদৰে সেই
মর্জিত শব্দৰ বাক্যকেইটা পৰিপাটি ভাৱে দুই উঠৰ মাজেৰে বাহিৰলৈ উলিয়াই দিয়ে , কেনেকৈ
খোজ কাঢ়ে , কেনেকৈ কথাবতৰাৰ মাজেৰে নিজৰ চচমাজোৰ তর্জনী আঙুলীটোৰে ওপৰলৈ উঠাই লয় ইত্যাদিবোৰ..|লাহে-লাহে
তেওঁ নজনাকৈ মই তেওঁক অনুশীলন কৰিব ধৰিছিলো
আৰু মোৰ জীৱনৰ বহুখিনি ঠাই তেওঁৰ আদর্শৰে পৰিপুর্ণ হৈছিল | দিনবোৰ আগুৱাই গৈ থাকিল
, এনেতে এদিনাখনৰ এটা ঘটনাই মোৰ জীৱনৰ সেই ব্যৱস্থা প্রণালীবোৰক চুৰমাৰ কৰি দিলে |
মই পথবিহীন , উদেশ্যবিহীন আৰু আদর্শ বিহীন
হৈ গ’লো…জীৱনটো যেন খেলি-মেলি হৈ গ’ল | মই বহুত আঘাটিত হ’লো , মোৰ চলি থকা জীৱনটোও
কিছুদিনৰ কাৰণে অচল হৈ ৰ’ল | সেইয়া আন একো নাছিল সেইয়া আছিল , সেইয়া আছিল তেওঁৰ মুখৰ
পৰা স্পষ্টকৈ বাহিৰ হৈ আকাশ-পাতাল চুৰমাৰ কৰা এটা অপশব্দ | তেখেতে সিদিনা সেই অনুষ্ঠানটোত
বিলাতী মদৰ দুই তিনিটা বটল খাই মতলীয়া হৈ আছিল , মোক চিঞৰি মাতিছিল আৰু তেখেতৰ মুখৰ
পৰা ওলাই গৈছিল এটাৰ পাছত এটাকৈ সেই অপশব্দবোৰ..| সেইদিনাৰ পৰা মই তেখেতক মোৰ জীৱনৰ
পৰা উলিয়াই দিছিলো | মই পিন্ধা তেখেতৰ সেই আদর্শৰ পোচাকজোৰ ক্রমান্বয়ে মোৰ শৰীৰৰ পৰা
সুলকি পৰিছিল | এৰা , সকলো মানুহৰে ভাল বেয়া দুটা স্বভাৱ আছে , বেয়াটো পৰিত্যাগ কৰি
তেওঁৰ পৰা তেওঁৰ ভাল খিনি লোৱাৰ প্রয়োজন | কথাবোৰ কিছুদিনৰ লৈকে ভাবি থাকিলো আৰু নিজৰ
এক সুকীয়া আদর্শৰে কাকো অনুসৰণ নকৰাকৈ জীয়াই থকাৰ ঠিৰাং কৰিলো | কথাবোৰ গভীৰভাৱে চিন্তা
কৰি কিছু শৈশৱলৈ আগুৱাই গ’লো | সৰুতে গাঁৱৰ কোনোবা এজনৰ পৰা এটা প্রচলিত অপশব্দ শুনি
ৰাতি ঘৰৰ পৰিয়ালৰ লগত ভাত খাই থাকোতে ককাইদেউৰ
লগত অলপ মনোমালিন্য হৈ বীৰত্বৰে সেই নতুন অপশব্দটো অগ্নিবান হিচাপে প্রয়োগ কৰি মাৰ
পৰা পোৱা সেই ভয়ংকৰ পিটনৰ কথা আজিও মনত পৰে | মই অতি সৰু আছিলো , মই সেই শব্দটোৰ অর্থও
বুজি পোৱা নাচিলো | আনবোৰ শিশুৰ দ’ৰে ময়ো সেই নতুন নতুন শব্দবোৰ অনুশীলন কৰি আনন্দ লভিছিলো | তাত
মোৰ একো দোষ নাছিল কিন্তু হ’ব পাৰে মোৰ আগত
কোৱা সেই মানুহজনো অশিক্ষিত আছিল আৰু সমাজৰ প্রতি কোনো দায়িত্ব নথকা আজিৰ সমাজৰ শিশুৰ
আগত অকথা আৰু মাদক দ্রব্য সেৱন কৰা ভদ্রলোকবোৰৰ মাজৰেই কোনোবা এজন আছিল |
সঁচাকৈ শব্দবোৰৰ কিছুমান নিজস্ব শক্তি আছে | ক’ৰবাত
যেন পাইছিলো “ আদিতে ঈশ্বৰে ক’লে, পোহৰ হওঁক তাতে পোহৰ হ’ল ” | আমি কোৱা ইতিবাচক আৰু
নেতিবাচক এই দুয়োবিধ শব্দতে যেন প্রচুৰ পৰিমানে শক্তি নিহিত হৈ থাকে | আপুনি হয়তো এটা
নেতিবাচক অপশব্দ প্রয়োগ কৰাৰ ল’গে ল’গে আপোনাৰ মনে প্রাণে তেনেধৰণৰ প্রতিক্রিয়া এটাৰ
সৃষ্টি হোৱাৰ ল’গতে অপোনাৰ ওচৰে-পাঁজৰে থকা মানুহবোৰো প্রভাৱিত
হৈ পৰে | হ’ব পাৰে আপোনাৰ সেই শব্দটো আপোনাৰ ঘৰৰেই কোনোবা শিশুৱে অনুশীলন কৰিছে বা কোনোবাই হয়তো মনে
মনে আপোনাক বহুদিনৰ পৰা অনুসৰণ কৰি আছে হয়তো বহুতে আপোনাৰ মুখৰ পৰা তেনে কোনো শব্দ
কেতিয়াও আশা কৰা নাছিল | শব্দটো কোৱাৰ ল’গে-ল’গে
আপোনাৰ আদর্শৰ সেই পোচাকজোৰো হয়তো কাৰোবাৰ শৰীৰৰ পৰা সুলকি পৰিব পাৰে , হয়তো কোনোবাই
আপুনি নজনাকৈয়ে আপোনাক তেখেতৰ সেই আদর্শৰ তালিকাখনৰ পৰা আপোনাৰ নামটো আতৰাই দিব পাৰে|
আপোনি হয়তো গমেই নেপাব , হয়তো আপোনাৰ তেতিয়াহে সংজ্ঞা ঘুৰাই আহিব যেতিয়া কোনোবাই আপোনাৰ ওচৰলৈ আহি আবেগেৰে
কৈ পেলাব “ আপোনাৰ পৰা সেই শব্দটো কেতিয়াও আশা কৰা নাছিলো ” |
এৰা
, এই জীৱন বৰ বিচিত্রময় , আপোনাৰ অজ্ঞানতে আপোনাৰ ওচৰে পাজৰে বহু কিবা-কিবি ঘটি থাকে
আৰু বহুতে আপোনাক অনুসৰণো কৰি থাকে , আপোনাৰ ওচৰে-পাঁজৰে সভ্য-উচ্চশিক্ষিত মানুহো
থাকে |হয়তো জানিতে বা অজানিতে ওলোৱা এটা অপশব্দই আপোনাৰ লগত জড়িত গোটেই প্রক্রিয়াটোৰ
ক্ষতি সাধন কৰিব পাৰে | এইক্ষেত্রত আমি সকলোৱে সাবধান হোৱা অতি প্রয়োজন |
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment