অসমীয়া নজনা সেই অসমীয়া ল’ৰাজন :
দিল্লীলৈ অহাৰ বেচিদিন হোৱা
নাছিল , সেইয়া আছিল ২০০৬ চনৰ ডিচেম্বৰ মাহৰ কোনোবা এটা দিন | মাঘ বিহুৰ বাবে ৰাতিপুৱা
সেই মাইনাচ্ পাঁচ নে ছয় কিবা এটা চেলচিয়াছৰ ঠাণ্ডাত ৭৭ নম্বৰ বাছখনত বহিছো | বাছত বহিয়েই
মনে-মনে ভাবিলো ট্রেইনৰ যাত্রাত কোনোবা অসমীয়াক লগ পালে ভাল আছিল | যথা সময়ত ষ্টেচন
পালোগৈ , ডাঙৰ-ডাঙৰ ,ৰঙা-ৰঙা আখৰ কেইটা সেই অনুসন্ধানকাৰী কোঠাটোৰ ওচৰত থকা ডিজিটেল
বর্ডখনত জিলিকি আছিল | কিছু সময়ৰ পাছত গুৱাহাটীলৈ
যোৱা নর্থ্-ইষ্ট এক্সপ্রেছ ট্রেইনখন বুলি হিন্দীতে কিবাকিবি ঘোষনা কৰিলে| লগে-লগে সেই
ডিজেটেল বর্ডখনৰ ওপৰত গতি কৰি থকা ৰঙা- ৰঙা আখৰ কেইটাই সংকেত দিলে যে নর্থ-ইষ্ট এক্সপ্রেছ ট্রেইনখন দুই ঘণ্টামান দেৰিকৈহে প্রস্থান কৰিব, উপায়হীন হৈ
প্লেটফর্মত বহি ক্ষণ গনি থাকিলোঁ যথা সময়লৈ ..| গোটেই ট্রেইন খনতেই কোনো অসমীয়া নাপালে
বৰ আমনিদায়ক হ’ব | কথাষাৰ ভাবি থাকোতেই মনলৈ ধাৰণা এটা আহিল | সকলোৱে ঠাণ্ডাত গৰম কাপোৰেৰে
গা-মুখ ঢাকি লৈছে , ময়ো যদি মায়ে সযতনে দিয়া গামোছাখন গলত মেৰিয়াই লওঁ তেতিয়া দুটা
কথা হ’ব পাৰে , প্রথম কথাটো ঠাণ্ডাৰ পৰা হাত সৰা , দ্বিতীয় কথাটো প্লেটফর্মত থকা কোনোবা
অসমীয়াক মই অসমীয়া বুলি চিনাকী দিয়াটো | মোৰ
বুদ্ধিটোৱে কাম দিলে ,কিছু সময়ৰ পাছতেই পাছ ফালৰ পৰা বাইদেউ এজনীয়ে মাত লগালে , “ সেই
ভাইটি ....” কিছু সকাহ পালো | সেইদিনাই গম
পালো গামোচাৰ লগতে পৰৰ দেশত অসমীয়া মাতষাৰৰ মুল্যৰ কথা | কথাবতৰা পাতি গম পালো তেওঁৰ
লগতে আৰু কেইবাজনো মোৰ সমনীয়া ডেকা ল’ৰা আছে | টিকেটটো চাই গম পালো আমাৰ চিটবোৰো একেলগেই , আমাক যেন আৰু কোনে পায় | খন্তেকৰ ভিতৰতে আটাইয়ে
মিলি চাহ-বিস্কুট খালোঁ | বাইদেউ জনীয়ে বেগৰ পৰা তামোলৰ টোপোলাটো উলিয়াই এখন তামোল
মোকো দিলে , সম্পুর্ণ এবছৰ পাছত সেইদিনা সেই তামোল খন খাই কিছু আনন্দ লভিলোঁ , অতি
কম সময়ৰ ভিতৰতে আমি আটাইয়ে এটা পৰিয়ালৰ দৰে হৈ পৰিলোঁ | ট্রেইনখন আহিল , আমি নিজৰ নিজৰ
আসনবোৰ ল’লো | বাইদেউ জনীয়ে তেওঁ অনা সেই পুৰিৰ টিফিনটোৰ পৰা পুৰি কেইখন মান উলিয়াই আমাক খাবলৈ দিলে
| খাই বৈ লাগি গ’লো কথা-বতৰাত | মই স্লিপাৰ
ক্লাচৰ সেই কাষৰ ওপৰৰ চিটটোত বহি আছো | মোৰ তলৰ চিটটোত নতুন কৈ ল’ৰা এজন আহিছে , দেখাই
শুনাই অসমীয়া , দুই এবাৰ হাতত থকা সেই দামী মোবাইলত কাৰোবাৰ লগত অসমীয়াত কথা পতাও শুনিলোঁ
| কিছু সময়ৰ পাছত মই চিধাই সুধিলোঁ “ দাদা , আপুনি অসমৰ কোন ঠাইৰ ?” তেওঁ মোৰ
ফালে কিছু সময় চালে আৰু ক’লে “ আসাম , জানা হে , তেজপুৰ ” | মোৰ অলপ সন্দেহ হৈ গ’ল ,মই আৰু কিবা সুধিম বুলিয়েই
তেখেতে খিৰিকিৰে বাহিৰলৈ চাই পঠিয়ালে | মোৰ ওচৰত থকা আটাইবোৰ নিৰব হৈ ৰ’ল , বাইদেউ
জনীৰ মুখখন খঙতে ৰঙা-চিঙা পৰি গ’ল | কিছু সময়ৰ
পাছত ল’ৰাজনে চিটৰ পৰা উঠি মোৰলৈ চাই ক’লে “ টাইম কিতনা হোৱা ? মই অসমীয়াতে ক’লো “
দহটা বাজিবৰ হ’ল ” তেওঁ যেন একোয়েই নুবুজিলে , বাথ ৰোমলৈ গ’ল | আমাৰ লগত থকা বাইদেউ
জনীয়ে খঙতে মুখেৰে কিবা কৈ আছে | তাকে দেখি ভায়েকজনে ক’লে “ তেখেতে দিল্লীলৈ আহি অসমীয়াই
পাহৰি গ’ল ’ | লাহে-লাহে ৰাতি হ’ল , বাইদেউ জনীয়ে টোপোলাবোৰ উলিয়াই খোৱা বস্তুবোৰ ভগাই
দিলে | মাজতে এবাৰ সেই ল’ৰা জনকো সুধিলে “
ভাইটি পুৰি খাবা? ” , ল’ৰা জনে হিন্দীতে নেখাওঁ বুলি ক’লে | খাই বৈ শুই থাকিলোঁ | ৰাতিপুৱা হ’ল ,শুই উঠিয়েই গ’ম পালো ল’ৰা জনৰ লগত
কোনোবা বেলেগ এজন ল’ৰাই খুব কথা পাতি আছে , অলপ কানপুৰৰ যেন লাগিলে | দুয়ো একেল’গে লালবিহাৰী চাহো খালে , কিমান যে কি
কথা পাতিছে দুয়োয়ে , কথা-বতৰাৰ পৰা এইটো বেচিকৈ স্পষ্ট হৈ পৰিছে যে তেখেত এজন অসমীয়া
| ৰাতি হ’ল , সেই একেটা চিটতে দুয়ো মিলামিছাকৈ শুইচেও ,আমিও ভাত পানী খাই শুই থাকিলোঁ
|আকৌ ৰাতিপুৱা হ’ল, বিহাৰ পাৰ হওঁ হওঁ , আমি সকলোৱে আকৌ লালবিহাৰী চাহৰ জুতি ল’লো
, আঠ বাজিবৰ হ’ল | ল’ৰাজনক তেতিয়ালৈকে শুই থকা দেখা গ’ল | লাহে লাহে মানুহৰো ভিৰ লাগিল
, তথাপি ল’ৰাজন শুইয়ে আছে | আমাৰ ল’গৰ বাইদেউজনী অসম পুলিচত কাম কৰে , তেখেতে কথাটো
অলপ মন কৰিলে , ল’ৰাজনৰ লগৰ সেই কানপুৰৰ হিন্দী ভাষী ল’ৰা জনো নাই , নাই তেখেতৰ মুৰৰ
ফালে থকা এডিদাচৰ ৰঙা বেগটো আৰু চিটৰ তলত থকা সেই জোটাজোৰ.. কেবল তেখেতৰ চেন্দেল জোৰৰ
এপাতহে তলত এফালে পৰি আছে | কথাটোৱে সকলোকে আচৰিত কৰি পেলালে | তেখেতক হিন্দীতে জগালো , কিছু সময়ৰ পাছত তেখেতৰ টুপনি
ভাগিল , বাথৰুমৰ পৰা চকু কেইটা ধুই আহি ধলং-পলং
কৈ আমাক এইবাৰ অসমীয়াতে ক’লে “ ল’ৰাজনে মোক চাধা খুৱাই সকলোবোৰ লৈ গ’ল ” | পকেটৰ
প্ইচা, বেগটোৰ ভিতৰত থকা ভনীয়েক়লৈ লৈ অনা সেই সোনৰ চেইনডাল , মাকলৈ লৈ অনা বিহুৰ কাপোৰ,
ঘৰৰ সেই সৰু-সৰু ল’ৰা-ছোৱালী কেইটাৰ কাপোৰ সেই আটাইবোৰ
লৈ গ’ল | কিচু সময় সেমেনা- সেমেনি কৰি থাকিল
| বাইদেউজনীয়ে এইবাৰ হিন্দীতে ক’লে “ থোৰা
চাই পি লে , লাল বিহাৰী..পেইচা মে হি দে দুংগী” ল’ৰা জনৰ চকুলো নিগৰি গ’ল , লাজে ভয়ে
অপমানে সেমেনা-সেমেনি কৰি থাকিল | যা নহওঁক আমি অসমীয়া , দয়া উপজিল , গুৱাহাটি পালোহি
, সকলোৰে পৰা ১০ , ২০ টকা লৈ তেখেতৰ কাৰণে এজোৰ চেন্দেল আৰু তেজপুৰলৈ যোৱা ভাড়াটো হাতত
দি দিলো | এইবাৰ মই সকলোৰে পৰা বিদায় লৈ ল’ৰা জনৰ কথা ভাবি ভাবিয়েই আদাবাৰীলৈ যোৱা
বাছখনত বহিলোঁ | ল’ৰাজনৰ সুৰেৰে ময়ো এবাৰ কন্টেকটাৰক কৈ চালো , “ আদাবাৰী জানা হে
” | কন্টেকটাৰ জনে চিঞৰি ক’লে , “ আদাবাৰী
নেযায় , নামি দিয়ক ” , মানুহবোৰে ঘুৰি মোৰ ফালে চালে ..মই যে অসমীয়া কথাটো আটাইযে জানিছিল
| বাছৰ পৰা নামি মযো এজন অসমীয়াৰ দৰে দ্বিতীয়খন বাছলৈ ৰৈ থাকিলোঁ…|
( হিন্দী আৰু ইংৰাজী ভালদৰে শিকিবলৈ সকলোকে পৰামর্শ
দিওঁ , কাৰণ এইটোও এজন অসমীয়াৰ বাবে অতি প্রয়োজনীয় , বিশেষকৈ অসমৰ বাহিৰত থকা বোৰৰ
কাৰণে কিন্তু সেইবুলি অসমীয়া নজনা হৈ গ’লে এনেধৰণৰ ঘটনা হোৱাতো নিশ্চিত ..| ”
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment