1) বাটে ঘাঁটে :
............ৰেইল খনৰ গতিবেগ ধীৰে ধীৰে বাঢ়ি গৈ আছে , বিহাৰৰ কোনোবা এখন জিল্লাত প্ৰৱেশ কৰিছে , সেউজীয়া খেতি পথাঁৰবোৰে পৃথিৱীখন ধুনীয়া কৰি তুলিছে , বহুদিনৰ পাচত যেন আজি বিহাৰত মেঘে গিৰ্ গিৰ্ কৰে....বৰষুন হোৱাৰ কিছু আশা ...গৰমত যাত্ৰীবোৰৰ অৱস্হা .....মাজে মাজে লাল্ বিহাৰী চাই.....দিল্লীৰ পৰা অনা আটা পিঠা আৰু ছাগলীৰ মাংসখিনিৰে দুপৰীয়াৰ সাজতো খাই পানীৰ কাৰনে কিছু সময় অপেক্ষা কৰিলোঁ....নাই খোৱা পানীৰ কোনো আশা নাই...হাতখন ধুই লোৱাতোকে ঠিৰাং কৰি আগবাঢ়িলোঁ...চাৰি জনী বগা বগা বিদেশী মহিলাই হাতত দামী দামী কেমেৰাঁ লৈ দুৱাৰ খনৰ ঠাই খিনি আবদ্ধ কৰি আছে...গৰমত সিহঁতৰ গাল-মূখ কেইখন জেন পকা দালিমটো যেন হৈ পৰিছে...হাতত পেপসীৰ বটল কেইটা..গৰম হৈ পৰিছে যদিও পেলাই দিয়া নাই...পানীৰ অভাৱতো যেন সিহঁতেও বুজি পাইছে.....কও নকও কৈ কিছুসময় ৰৈ থাকিলোঁ অকনমান ঠাই দিবলে...সেউজীয়া পথাৰ ,ৰঙীন আকাশ আৰু মাজে মাজে নাকত লগা উতকট্ গোন্ধৰ মাজতো বিভোৰ হৈ পৰিছে ফ’টো লোৱাত....মাজে মাজে মুখত এমমেজিং শব্দটো....মনতো কিছু ভাল লাগিছে....ভাবিলোঁ দেখাই শুনাই অস্ট্ৰেলি্য়াৰ যেন লাগিছে...কিছূ কথা-বতৰা পাতি সময় অতিবাহিত কৰিম....লাহেকে ক’লো “ এচ কিউজ মি ! কুড ইউ প্লীজ মুৱ এ বিট ? ’’ ... এজনী্য়ে ঘুৰি চালে কিন্তু একো নকলে...আকৌ কলো...কিন্তু একো নকলে... “ কেন ইউ স্পীক ইনগ্লীছ , আই নিড টু ওৱছ মাই হেন্দ ’’...কিছু সময় চাই থাকিলো...সিহঁতেও ফ’টো লোৱাত ব্যস্ত...ভাবিলোঁ ইনগ্লীছ নাজানিবও পাৰে..আমাৰ দেশৰ অতিথি ,আঁদৰ কৰাতো মোৰ কৰ্তব্য...মই্য়ো মোবাইল তো উলিয়াই নিজকে ব্যস্ততা দেখোয়ালো...
“হাঁ: জী বাটাইয়ে , কিয়া পুচ ৰহে থে আপ ?.....আপনী বাংলা মানুস ?...বাংলা ব’লেন..”
মোক অবাক কৰি তাৰে মাজৰ এজনীয়ে সুধিলে একেলেঠাৰিয়ে হিন্দী আৰু বাংলাত...!!!
*******************************************
(2 ) নামবোৰ :
সকলোবোৰকে Job লাগে..ভালদৰে সাজ-পোচাক পিন্ধি শাৰী পাতি বহি আছে Interview ৰ অপেক্ষাত.. অমেৰিকান MNC ,নইডাত নতুনকৈ আহিছে...প্ৰা্য় এঘণ্টামান পাছত আৰম্ভ হ'ল ৷ বুকুখন মোৰ ধপ্ ধপাই কঁপি আহিছে..মুখেৰে মাত নোলোৱা হৈছে ,জনা English বোৰো যেন মুখত নহা হ'ল...বাৰে বাৰে নিজকে কলো All Is Well . সোনকালে যেন Interview ভালে ভালে হৈ যা্য় তাকে ঈশ্ৱৰক জনালোঁ ..! পাল আহিল মোৰ , ধুনীয়া মাডাম এজনী্য়ে মাতিলে , " মণ্টু কুমাৰ প্লিজ কাম "..কোঠাটোৰ ভিতৰলৈ গলো , বহিব কলে , বহিলোঁ ! নিজকে অলপমান সহজ কৰিবলৈ চেষ্টা কৰিলো.... কিছু সাহস আহিল ..মোৰ বিষয়ে সুধাত কলো...আৰু কিবা কিবি বহুতো সুধিলে এটা এটাকৈ জনাখিনি কলো !
Last Question : প্লীজ টেল মি দা মিনিং অফ ইয়ৰ নেম "মণ্টু" ?
মই আৰম্ভ কৰিলোঁ অলপ ধেমালি কৰি ," মাই গ্ৰেন্দ ফাডাৰ হেদ এ দগ , হিজ নেম ওৱজ "মণ্টু" , দা চেম দে হি দাইড ,আই ওৱজ বৰ্ন..স' হি হেজ গিৱেন মি হিজ নেম মন্টু.."
মাডাম জনীয়ে খুব হাঁহিলে....অহাৰ সময়ত Joining letter খন দি দিলে...!!!
.............................. ল'ৰাজনক মাজে মাজেহে লগ পাইছিলোঁ..নামটো কি সোধাত ক'লে টংলা বড়ো..বিশ্বাস নহল , আকৌ সুধিলোঁ...ক'লে টংলা বড়ো !!সচাঁকে মানুহবোৰে যদি নামবোৰ এনেদৰে ৰাখে কেনে লাগিব বাৰু ? অকনমান ভাবকচোন... টংলা বড়ো ,মঙলদৈ মহণ্ত ,ছিপাঝাৰ হাজৰিকা ,তেজপুৰ শইকীয়া ,জাগিৰোড বৰা
******************************************
(3) কুকুৰ ভক্তি:
............মানুহ জন তেনেই সাধাৰণ, অফিচৰ গাড়ী চলায় ,খোৱা শোৱা বেচি ভাগ গাড়ীতেই হয় , যেন গাড়ীয়েই তেওঁৰ ঘৰ....লগত থকা মোবাইল ফোনটোয়ে প্ৰায়ে তেখেতক আমনি কৰি থাকে , হয়তো সেইতোয়েই তেখেতৰ গাড়ী দূৰ্ঘটনাত পতিত হোৱাৰ একমাত্ৰ কাৰণ..৷ আজি তেওঁ আহি পোৱাত অকনমান পলম হ’ল , ৰাতিপুৱা ৭ বজাত তেওঁ সাধাৰণতে পিক্ আপ কৰি গুৰগাওঁ অভিমূখে ৰাওনা হ্য়...কিছু সময় অপেক্ষা কৰাৰ পাছত ফোন কৰি গম পালোঁ তেখেতৰ গাড়ীখন দূৰ্ঘটনাত পতিত হৈছে...উপায়হীন হৈ ঈশ্বৰক প্ৰাৰ্থনা জনাই কোঠালৈ উভতি আহিলোঁ...প্ৰায় আধা ঘণ্টামান পাছত তেখেতৰ ফোন পাই গম পালোঁ তেওঁ চিকিৎসালয়ৰ পৰা আহিছে. ....গোটেই শৰীৰটো কপিঁ উঠিল , গাৰ নোমবোৰ যেন এডাল এডালহে হ’ল... নাজানো কিমান আঘাট পাইছে...গাড়ীত বহিয়েই সুধিলোঁ বিশেষ একো নজনালে যদিও পুলিচ থানাত যোৱা নাই বুলি জানি সুখী হলোঁ...তেখেতক দেখাত আঘাটিত হোৱা যেন লগা নাই যদিও মানসিক ভাৱে কিছু কষ্টত থকা যেন লাগিল...অফিচ পালোগৈ...চমুকে জনালে যে তেখেতৰ গাড়ীয়ে ভৰি ভাগিছে...আকৌ চিকিৎসালয়ত যাব ৷কথাতো লগৰ বোৰৰ লগত আলোচনা কৰিলোঁ ৷ গধুলি অফিচত গাড়ী আহিল ,তেখেতক লগ পায়েই আগতিয়াকৈ বেমাৰীৰ খৱৰ ললোঁ...বেমাৰীৰ ভৰি ভাগিছে , ভৰিত পাট্টি বান্ধি খোৱাৰ কাৰনে কিছু আহাৰ থৈ আহিছে..ফোন কৰি পৰিবাৰক চিকিৎসালয়ত যাব ক’লে..... ঘৰত অহি ভাত পানী খাই কথাবোৰ ভাবি থাকিলোঁ...দূৰ্ঘটনা বুলিলেই ভয় লাগে.. জীৱনটোত ব্হুত দূৰ্ঘটনা দেখিলোঁ...বহুতকেইজনক চকুৰ আগতে হেৰুৱালোঁ...বহুতবাৰ ঈশ্বৰে বচালে..আগলৈ কেতিয়া কি হয় কোনে জানে? গতনাগতিক ভাৱে ৰাতিপূৱা আকৌ গাড়ী আহিল , আথেৰেথে বেমাৰীৰ খৱৰ সুধিলোঁ ...বেমাৰীক তেখেতৰ ঘৰত লৈ আনিছে তেখেতৰ পৰিবাৰে .তেওঁলোকৰ প্ৰতি মনতো শ্ৰদ্দ্বাৰে ভৰি পৰিল ৷ আজিৰ দিনতো ইমান ভাল মানুহ আছে পৃথিৱীখনত..!!! তিনিদিন পাছত তেখেতে বেমাৰীৰ কাৰণে ছাগলীৰ মঙহ বিচৰাৰ কথাতো জানি আছৰিত হলোঁ , তেখেতে মঙহ নাখায় , মঙহ খোৱাবোৰক ঘিন কৰে...! গধুলি অহাৰ সময়ত কথাতো উলিয়ালোঁ ৷ ডক্টৰে হেনো কলে ছাগলীৰ ভৰিৰ হাড় কেছাই কেছাই কুকুৰটোক দিবলে...!!!ৰাতি ভাত পানী খাই সেই ভাগ্যৱান কুকুৰতো চাবলৈ যোৱাৰ পৰিকল্পনা কৰি শুই থাকিলোঁ..!!
© মণ্টু কুমাৰ ডেকা
মোবাইল :
08800305719
নতুন দিল্লী
No comments:
Post a Comment