“ প্রধান মন্ত্রী হোৱাৰ আগতে মই মোডীক ব্যক্তিগত ভাৱে ভাল পোৱা নাছিলো | তেওঁ বাক-পটুতা বাবে ভাষন বোৰ শুনি মানুহবোৰে তেওঁৰ প্রতি বিশেষ আকৃষ্ট হৈ গৈছিল | মইও শুনিছিলো , ভাল লাগিছিল , পিছে এদিনৰ এটা কথাই মোক বিশেষ ভাৱে চুই গৈছিল | কথাটো আছিল ” আচ্ছে দিন ” “আচ্ছে দিন আনেৱালা হে ” | এই আচ্ছে দিন শব্দটোৱে মোক বিশেষ ভাৱে স্পর্শ কৰিলে | মুখেৰে কৈ পেলালো আচ্ছে দিন ..আকৌ এবাৰ ক’লো , পাছত বাৰে বাৰে ক’লো |মোডীৰ এই আচ্ছে দিন আমাৰ দেশত আৰম্ভ হৈ গ’ল নে নাই নাজানো কিন্তু মোৰ জীৱনত সেই দিনাই আৰম্ভ হৈ গ’ল | মোডী দেশৰ প্রধান মন্ত্রী হ’ল , মইও কোনো দিশেই পাছ পৰি নাথাকিলো , প্রধান মন্ত্রী হৈ গ’লো মোৰ জীৱ্নৰ ! এতিয়া মই মোৰ জীৱ্নৰ প্রধান মন্ত্রী , মই যেন স্বাধীন হৈ গ’লো মোৰ নিজৰ পৰাই ,মোক Development লাগে , এই Development শব্দটো ও বাৰে বাৰে উচ্ছাৰণ কৰিলো | কেইবা দিনো নিজৰ লগতেই কথা পাতিলো , বিষয়বোৰ আলোচনা কৰিলো , ৰাজনৈতিক ভাষাত হয়তো ক’ব মন্ত্রীসভা বহিলো | হয় মোক Development লাগে মোৰ জীৱনত | মোৰ জীৱনৰ বিভিন্ন দিশবোৰ পর্য্যাবেক্ষন্ কৰিলো , মোৰ আত্মিক মানসিক , শৈক্ষিক , শাৰীৰিক, আর্থিক , সামাজিক এই সকলো বোৰ বিষয়ে এখন লিষ্ট তৈয়াৰ কৰিলো | আৰু আৰম্ভ কৰিলো সেইবোৰৰ উন্নতিৰ অর্থে কাম কৰি যোৱাৰ | কিছুমান দিশত মই বিশেষ গুৰুত্ব দিলো সেই দিশ কেইটা হ’ল আধ্যাত্মিক আৰু বাক- পটুতা | বাক- পটুতা মানে হিন্দী আৰু ইংৰাজী বিশেষ কৈ আমেৰিকান আৰু ব্রিটিচ ইংৰাজী কোৱাত বিশেষ উন্নতি কৰাৰ কথাটোলৈ মন দিবলৈ আৰম্ভ কৰিলো..কথা মতে কাম আৰম্ভ কৰিলো, সদায় আজৰি সময়ত অনলাইন অনুশীলন | আমাৰ দেশৰ মানুহবোৰে ইংৰাজী কওঁতে হোৱা ভুলবোৰ গোটাই তাক বর্জন কৰি ক’বলৈ আৰম্ভ কৰিলো | নিজৰ কাৰিকৰী দিশত কেইখন মান নতুন নতুন কিতাপ পত্র আৰু কিছু ভিডিঅ’ আৰু অন্য তথ্যবোৰ গোটাই লৈ নিজৰ কোঠাতে দুটামান লেপটপ গোটাই এটা লেবৰটৰী তৈয়াৰ কৰিলো.. মোৰ জীৱনটোৰ উন্নতিৰ পথত কৰা বিভিন্ন পৰিকল্পনা মতে কাম বোৰ চলি গৈ আছে , ইফালে মোডীয়েও দেশৰ উন্নতিৰ কাৰণে বিভিন্ন পৰিকল্পনা কৰি দেশ বিদেশ ঘুৰি আছে | দুয়ো নিজৰ নিজৰ দিশত আগবাঢি গৈ আছো ………” – একেলেঠাৰীয়ে মানুহ জনে কৈ গ’ল নিজৰ জীৱনৰ Development Project ৰ কথা |
ঘৰত আহি কথাবোৰ দ’কৈ ভাবিলো , হয় মোৰ জীৱনত্ Development লাগে | মই নিজে Development হ’লে মোৰ পৰিয়ালৰ Development হ’ব | মোৰ পৰিয়ালৰ Development হ’লে আমি বসবাস কৰা সমাজখন বা গাওঁখনৰ্ Development হ’ব | ঠিক তেনেকৈ মোৰ জিল্লাখনৰ্ , অসমখনৰ্ আৰু পাছত গৈ আমাৰ দেশখনৰ্ Development হ’ব | মানুহজনৰ দৰে মোৰ জীৱনতো Development আঁচনি থকাটো অতি প্রয়োজন অনুভৱ কৰিলো | সেইটো হয়তো আপোনাৰ বা আন কাৰোবাৰ জীৱনটো অতি প্রয়োজনীয় | মই ব্যক্তিগত ভাৱে বিশ্বাস কৰো আপুনি জীৱনত যেনেকুৱাই পৰিস্থিতিত নাথাকক কিয়্ আপোনাৰ ভবিষ্যত আপোনাৰ হাতত | আপোনাৰ জীৱনৰ আচ্ছে দিন আপোনাৰ হাতত | আপোনাৰ Development আঁচনিৰ লগতে কঠোৰ পৰিশ্রমৰ ওপৰত | কিছুদিন আগতে হাৰিয়ানাৰ এজন দুখীয়া ল’ৰাৰ IPS হোৱাৰ সফলতাৰ কাহানীটোৰ্ Interview টো চাইছিলো | ল’ৰাজনে প্রথমে পুলিচত চাকৰি কৰিছিল আৰু এদিন IPS হোৱাৰ সপোন দেখি Development আঁচনি এখন তৈয়াৰ কৰি কাম আৰম্ভ কৰি দিছিল | গাৱে-ভূঁয়ে নাইবা নিজৰ অফিচত ডিউটিত যোৱাৰ সময়ত তেওঁৰ লগত লৈ গৈছিল কিতাপৰ টোপোলাটো | য’তে সময় পাই ত’তে আৰম্ভ কৰিছিল পঢ়া-শুনাৰ ,নিজৰ জীৱনৰ সপোন নিজেই ৰচনা কৰি পাছত এদিন হৈ গৈছিল IPS বিষয়া | প্রথম ব্যক্তিজনৰ কথাই মোক বিশেষ ভাবে আকৃষ্ট কৰিলে | মোডীয়ে আমাৰ দেশৰ উন্নতিৰ অর্থে কাম কৰক বা নকৰক সেইটো মই বিচাৰ কৰাৰ সামর্থ বা মন মোৰ নাই | তথাপি মই বা আপুনি মোৰ বা আপোনাৰ জীৱনত উন্নতিৰ অর্থে কাম হৈছে নে নাই সেইটো বিচাৰ কৰাৰ অধিকাৰ আমাৰ প্রত্যেকজনৰেই আছে | আমাৰ নিজৰ জীৱনৰ সপোন আমি নিজে ৰছি তাক বাস্তৱত পৰিনত কৰাৰ চেষ্টা কৰাৰ অধিকাৰ আমাৰ সকলোৰে আছে| মনত ৰাখিব : আপোনাৰ বা মোৰ ব্যক্তিগত জীৱনত উন্নতি হ’লেই আমাৰ দেশৰ্ উন্নতি হ’ব | আপোনাৰ বা মোৰ জীৱনত আচ্ছে দিন আহিলেহে আমাৰ দেশত আচ্ছে দিন আহিব |
কিছুসময় নিৰৱে থাকি মইও অতি গভীৰ ভাৱে কৈ পেলালো “ আচ্ছে দিন আনেৱালা হে ” মোৰ জীৱনত , মোৰ পৰিয়ালত , মোৰ দেশত
|
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment