“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Wednesday, 31 December 2014

তোৰ অস্তিত্বই বা কি ?

অ’ই  মানুহ
 
তই আৰু কিমান দিন জীয়াই থাকিবি
তোৰ অস্তিত্বই বা কি ?
তই যেন এটা মুহুর্ত্বহে
এতিয়া আছা খন্তেকতে নাই..
তথাপি তই মৰিচ দিনে ৰাতিয়ে
এটা যন্ত্র হৈ ধন অর্জাৰ সাধনাত..
তোৰ মাজত সোমাই থকা সেই প্রকাণ্ড দানৱটোৱে
এফালৰ পৰা খাই আছে তোক
এদিন হয়টো হ'ব তোৰ সমাপ্তি...
আৰু কিমান দিন শুই থাকিবি
তথাপি তোৰ কোনো উমধামেই নাই
কেৱল ভাগৰিছা বেদনাত চটফটাই
পোৱা-নোপোৱাৰ হিছাপবোৰ লৈ..!
তোৰ হৃদয়ত থকা প্রকাণ্ড বেদনাৰ বোজাটো
সদাই নাথাকে , নাথাকে চকুৰ চকুলোঁবোৰ
সাহসী হোৱা প্রচণ্ড শক্তিয়ে তোক আবৰি ধৰিব
মাথো জানি লোৱা তই যেন এটা মুহুর্ত্বহে
বিচৰাবোৰ পাই বা কি লাভ তোৰ
নেপালেও দুখ কৰি লাভ কি তোৰ
অকনমান কেঁচা মাটি বিচাৰিছিলা
তোক গোটেই পৃথিবী খনেই দিম
কবিতা লিখিবলে ,পাৰিবা জানো লিখি শেষ কৰিব ?
অকনমান কোমল মেঘ বিচাৰিছিলা
গোটেই আকাশ খনেই দিম
পাৰিবা জানো বেদনাবোৰ কৈ শেষ কৰিবলে ?
ধনীবোৰ কেনেকৈ মৰে ,
ভিখাৰীৰ দৰেই নহয় জানো ?
তেনেহ'লে ধনী হৈ লাভ কি ?
জীৱনত জীয়াই থাকিয়েই বা কি লাভ
এদিনটো মৰিব ই লাগিব ..?
জীৱনটো বিশ্লেষন কৰি বা কি লাভ
ভাগ্যৰ চাবি কাঠি তোৰ হাতত নহ’লে..
সকলো বোৰ যেন অসাৰ
বতাহক ধৰিবলে চেষ্টা কৰাৰ দৰে..!
সমাধান কেৱল এটাই
ঈশ্বৰৰ নাম লৈ জীয়াই আছা
আৰু জীয়াই থাকিবা
পোৱা নোপোৱাৰ হিচাপ বোৰ কৰি লাভ নাই !!!
==================
© মণ্টু কুমাৰ ডেকা
মোবাইল : 0880030571
নতুন দিল্লী

No comments:

Post a Comment