শীতৰ কোনোবা এটা সেমেকা ৰাতিপুৱা মই অতি আমেজেৰে লেপৰ তলত “ দ” হৈ শুই আছিলো | মই আৰু মোৰ ককাইদেউ আমাৰ দুয়োৰ কাৰণে আমি থকা বাহৰ ঘৰটোত এখনে বাহৰ বিচনা আছিল ,ঘৰটোৰ একাষে এখন সৰু দোকান ,মেট্রেছ নামৰ বস্তু নথকাৰ কাৰণে চাউলৰ বস্তাত খেৰ ভৰাই আমি মেট্রেছত শুৱাৰ মধুৰ আনন্দ অনুভৱ কৰিছিলো |এনেতে মোৰ দহবছৰীয়া বাইদেৱে জোৰকৈ বাহৰ দর্জাখন হেচি দি ক’লে “ বাপা , সোনকালে উঠা , বাহিৰত মানুহৰ ভিৰ লাগিছে ” | মই লেপৰ তলৰ মধুৰ আনন্দ লৈ বাগৰ সলাই কিবা কিবি ভাৱি আছো , তাইৰ কথালৈ গুৰুত্ব নিদিলো | কিচু সময়ৰ পাছত আকৌ মাত লগাই বাহিৰত কিবা এটা ওলোৱাৰ কথা ক’লে | এই ৰাতিপুৱা খন আৰু কাম-ধাম্ নাইনে তাইৰ | আকৌ বাগৰ সলাই গম পালো আজি ককাইদেউও শুই থকা নাই , কি হৈছে বাৰু ? সাধাৰণতে সি সদায় দেৰিলৈ শুই থাকে | মই চিলমিল টুপনীত থাকোতে এবাৰ সি উঠা যেন পাইছিলো | কোনোবাই হেনো ৰাতিপুৱাতেই বিড়ি বিচাৰি দোকানলৈ আহিছিল | ঘড়ী চাই গম পালো ৰাতিপুৱা আঠ বাজিলে | এনেতে মায়ে বাউদেউক কোৱা শুনিলো – “ লোকৰ ল’ৰা ছোৱালী উঠি ৰাস্তাত গোট খালে তাৰ খবৰেই নাই ” | নাই নিশ্বয় কিবা এটা হৈছে | চকমকাই উঠি একে দৌৰে ৰান্ধনী ঘৰত চাহ বনাই থকা মাৰ ওচৰ পালোগৈ | মায়ে পিঠা বনাই আছে আৰু লগতে দেখা পালো মোৰ প্রিয় বিচকুইটৰ পেকেটটো | মোক দেখা পাই মায়ে সেইবোৰ অলপ আতৰাই থৈ ক’লে – “ মুখ হাত ধুই আহি চাহ-পানী খাই পঢ়া-শুনা কৰ , ৰাস্তালৈ ঘনে-ঘনে গৈ নাথাকিবা , পৰীক্ষা ওচৰ পালেহি ” | “ কি হৈছে ৰাস্তাত ? ”- মই সুধি পেলালো | মায়ে একো নক’লে |চিধাই দৌৰ মাৰি গৈ ৰাস্তা পালোগৈ | মানুহৰ ভিৰ লাগিছে , কিছু দূৰৰ পৰা দেউতাৰ লগতে গাৱৰ বয়সীয়াল মানুহ কেইজনৰ গুণ-গুণনি শুনিব পাৰিলো | তাৰ মাজেৰে মোৰ বন্ধু নিপেন আৰু ভাস্কৰৰ মাতটো ও শুনিব পাৰিলো | অ’ এই খন দেখোন বাছ্গাড়ী | কেতিয়া আহিলে ক’ৰ পৰা আহিলে , কিয় আহিলে ইত্যাদি নানা প্রশ্ন ! দেউতাই গাৱৰ বয়সীয়াল কেইজনৰ লগত কিছুমান গুৰুত্বপুর্ণ কথা পাতি আছে , লগত দুই এজন অচিনাকী মানুহ দেখা গ’ল | দুই এজন বেলেগ অচিনাকী মানুহে ৰাস্তাৰ একাষত গৈ চিগাৰেট খাই আছে | অ’ এতিয়া বুজিলো , ৰাতিপুৱা চিগাৰেট বিচাৰি যোৱা এইকেইজনেই , সন্মান নাই , বয়সীয়াল কেইজনৰ আগত চিগাৰেট খাই আছে – মনতে ভাৱিলো | মই চিধাই গৈ নিপেনৰ ওচৰ পালোগৈ | সি আৰু ভাস্কৰে দুয়ো আমাৰ বাল্টি দুটা লৈ আমাৰ পুখুৰীৰ পৰা পানী আনি দুইজন মানুহক দি আছে | সেই দুইজন কিজানি ড্রাইভাৰ বা হেন্ডিমেন হ’ব | মোক দেখা পাই নিপেনে অলপ আওকান কৰিলে | মোৰ যেন বহ্ত পলম হ’ল , মই বহুতো যেন কিবা-কিবি হেৰুৱালো | নিপেনে অলপ আভিমানৰ চাৱনীৰে মোৰ ফালে চালে | মই উপায়হীন সেই মানুহ দুজনৰ ধ্যান আকর্ষণ্ কৰিবলৈ কৈ পেলালো – “ এই দুটা আমাৰ বাল্টি আৰু পানী অনা পুখুৰীটো ও আমাৰ” | ভাস্কৰৰ ওচৰত গৈ লাহেকৈ ক’লো, “ কেতিয়া আহিলে গাড়ী খন ?” সি তপৰাই উত্তৰ দিলে “ৰাতিপুৱা চাৰি বজাতেই আহিলে | আমিয়েই প্রথম দেখিলো | তই গমকেই নোপোৱা নেকি ? ” মোৰ অলপ লাজ লাগিল অলপ খঙো উঠিল | আজি কিমান দিনৰ মুৰত গাড়ী দেখিলো , সেই দিনা গাওঁবুঢ়া জনৰ বেমাৰ হোৱাত তেওঁক নিবৰ বাবে অম্বেচাদৰ এখন আহিছিল | কিছুসময় পাছত আকৌ উভতি আহিছিল ,গাড়ীখনৰ পৰা ওলাইচিল তেখেতৰ মৰা শ| বুকুখন কঁপি উঠিল | তেতিয়াৰ পৰা অম্বেচাদৰ দেখিলে বুকুখন কিবা এটা অচিন ভয়েৰে কঁপি উঠে | গাৱলৈ বছ্ৰৰ শেষত কেইখন্ মান ট্রাক আহিছিল গাৱৰ পৰা ধান নিবলৈ | ট্রাক অহাৰ কেইদিন আমাৰ ৰাম-ৰাজ্য্ | পঢ়া-শুনা , স্কুল সকলো বাদ দি লাগি পৰো সেই ট্রাকখনৰ লগত | কিমান যেন মধুৰ আনন্দ | কথা বোৰ ভাবি থাকোতেই পাছফালৰ পৰা মায়ে মাত লগালে | স্কুলৰ সময় হ’ল | নিপেন আৰু ভাস্কৰ আজি স্কুললৈ নেযায় | ময়ো অলপ আঁকোৰগোজ কৰিলে | মায়ে ধমক মাৰি দিলে | খন্তেকতে মোৰ আনন্দ চুৰমাৰ হৈ বিষাদত পৰিনত হ’ল |
আজি কেইবাদিনো হ’ল | স্কুলৰ পৰা আহিয়েই ভাত পানী খাই কেবল গাড়ীখনৰ লগতেই লাগি পৰো |আমাৰ দোকানৰ পৰা মাল-বস্তু কিনিব লগীয়া হোৱাৰ কাৰণে সেই ড্রাইভাৰ আৰু হেণ্ডিমেন জন মোৰ লগত কিছু মিলি গৈছে | লাহে-লাহে নিপেন আৰু ভাস্কৰক চেৰ পেলাই মই হৈ গ’লো সব্বেসর্বা |সিঁহতে সদায় আমাৰ পুখুৰীৰ পৰা মোৰ কথা মতে পানী আনি দিয়ে গাড়ীত উঠাৰ লোভত | স্কুলৰ পৰা আহিয়েই গাড়ীখনত সোমাই আমি খেলো লুকাভাকু , চুৰ-পুলিচ , আৰু যে ক’ত খেলা | এদিন নিপেনে গাড়ীখনৰ ওপৰত উঠি গৈ যেন এটা বিশেষ আৱিস্কাৰ কৰিলে , ড্রাইভাৰেও একো নক’লে | তাতো মই অতিশয় লাজ পালো | আজি কালি আমি বাছ্ৰ ওপৰতেই বেচি ভাগ খেলো | পৰীক্ষাৰ শেষত ৰাতি পুৱাতে সোনকালে উঠি মোৰ সেই বিশেষ ব্লেনকেট খন আৰু দুটামান বস্তা লৈ বাচৰ ওপৰ পাওগৈ | লগত থাকে নিপেন আৰু ভাস্কৰ | লগেলগেই আৰম্ভ হয় দিনজোৰা আমাৰ নানা কথা | কাৰোবাৰ তামোল গছত থকা উৰিব নোৱাৰা চৰাই জনীৰ পৰা লৈ শনিবাৰে ৰাতি চোৱা চিনেমা খনলৈ | কি যে আমেজ শীতৰ সেই ৰাতিপুৱা বোৰৰ |
দিনবোৰ বাগৰি গৈ থাকিল | বাচখন অহাৰ আজি বিশ দিনেই হ’ল | কেনেকৈ বিশ দিন গ’ল গমকেই নেপালো |এই বাচখনেই আছিল আমাৰ শৈশৱৰ সেই মধুৰ দিনকেইটা আনন্দময় কৰি তোলাৰ একমাত্র কাৰণ | কাৰোবাৰ মুখৰ পৰা শুনিছিলো বাছ্খন হেনো বিধানসভাৰ ইলেকচনৰ কাৰণে আহিছে আকৌ হেনো এদিন গুছি যাব | সঁচাকৈ এদিন আমাৰ সকলোৰে আনন্দক চুৰমাৰ কৰিলে সেই বাচখনে | স্কুলৰ পৰা আহি চিধাই ৰাস্তালৈ গ’লো | নিপেন , ভাস্কৰ আৰু লগৰ কেইজনমানক অতি নিৰৱে ঠিয় হৈ থকা দেখিলো | আবেগিক হৈ নিপেনে কৈ উঠিল – “ বাছখন গ’ল , আকৌ হেনো আহিব আগন্তুক বিধান সভাৰ ইলেকচনত |”
চকুলোঁ নিগৰি গ’ল | কিছু সময় নিৰৱে থাকি একেথৰে বাছখনৰ চকাই ৰাস্তাত কৰি থৈ যোৱা চিন বোৰলৈ চাই ৰৈ থাকিলো আগন্তুক বিধান সভাৰ ইলেকচনলৈ ….|
লাহে লাহে ডাঙৰ দীঘল হ’লো , শৈশৱ, কৈশোৰ পাৰ হৈ কর্মৰত হ’লো ,বহুতো বাছ্গাড়ী দেখিলো , বহুতো উঠিলো , লাহে-লাহে আমাৰ চুবুৰীটোও ভৰি পৰিল নানা গাড়ীৰে তথাপিও জীৱনলৈ উভতি নাহিল শৈশৱৰ সেই বাছ্গাড়ী খন | আশাৰে ৰৈ থাকিলোঁ আগন্তুক বিধান সভাৰ ইলেকচনলৈ ……।
© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment