“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 30 December 2014

ধর্মৰ সংজ্ঞা বিচাৰি …

         ৰুতে দিনটোৰ বেচি ভাগ সময়েই মই আমাৰ সেই ফুলনি বাগিচাখনৰ ফুলবোৰৰ ওপৰত উৰি ফুৰা  সেই ৰঙা নীলা হালধীয়া পখিলাবোৰৰ পাছে পাছে দৌৰি ফুৰিছিলো , পখিলাবোৰ ধৰি মোৰ ভাল লাগিছিল , মই সিহঁতক অন্যায় কৰিব বিচৰা নাছিলো বা সিহঁতক ধৰি মোহাৰি দিয়া নাছিলো কিন্তু সিহঁতৰ লগত খেলিব বিচাৰিছিলো , সিহঁতৰ লগত কথা পাতিব বিচাৰিছিলো ,সিহঁতৰ ভাষা সিহঁতৰ অনুভুতি মই বুজিব বিচাৰিছিলো , সিহঁতক ভাল পাই পেলাইছিলো গতিকে সিহঁতৰ লগত মই বন্ধুত্ব কৰিব খুজিছিলো | গধুলি আহি মাৰ কোলাত শুই গৈছিলো ভাবিছিলো সিহঁতৰ কথা | মাক বাৰে বাৰে সুধিছিলো সিহঁত কোন ধর্মৰ ? মায়ে কৈছিল সিহঁতৰ কোনো ধর্ম নাই সিহঁত কেবল এটা পখিলা আতি আনন্দেৰে ফুলৰ পাহে পাহে মৌ বিচাৰি ঘুৰি ফুৰাটোৱেই সিহঁতৰ কাম | খন্তেকৰ কাৰণে মই সিহঁতৰ দৰেই খুজিছিলো | এৰা ,মোৰো কোনো ধর্ম নাই মই কেবল এজন মানুহ , মানুহ মোৰ ভাল লাগে , নতুন নতুন মানুহৰ লগত চিনাকী হৈ কথা বতৰা পাতি মোৰ ভাল লাগে , ঈশ্বৰৰ সৃষ্টি এই মানুহবোৰক মই অতি মনোযোগেৰে চাওঁ ,নতুন নতুন মানুহ দেখিলে চুই চাওঁ , কথা পাতো , অনুভৱ কৰো , খন্তেকৰ কাৰণে আনন্দিত হওঁ এৰা কি যে সুন্দৰ  এই জীৱন |
   সেইদিনা পাকিস্থানত সেই ফুলকুমলীয়া ৰা-ছোৱালী কেইটাক সেই দানৱ কেইটাই গুলিয়াই হ্ত্যা কৰিছিল | কিছুদিন পাছতে বি টি ডি তো সেই একে জঘন্য অমানৱীয়তা পৰিচয় পোৱা গৈছিল | সিহঁতবোৰ হেনো ধার্মিক , ধর্মীয় মৌলাবাদী, জেহাদী , ঈশ্বৰ বা আল্লাহৰ কাৰণে সিহঁতে যুদ্ধ কৰে , পাছত নামাজ পঢ়ে বা গীর্জা বা মন্দিৰত গৈ প্রার্থনা কৰে হেনো সিহঁতত সৃষ্টিকর্তা জন সন্তুষ্ট হয় | ঈশ্বৰজনৰ সপক্ষে সিহঁতে সেই পখিলা খেদা বয়সৰ নিষ্পাপ ৰা ছোৱালীকেইটা বা সেই দুৰ্বল মহিলাকেইজনীৰ প্রাণ লৈ বাৰু কোনটো বীৰত্বৰ প্রদর্শন কৰিলে ? সিহঁতে নিজকে ধার্মিক বুলি অঙ্গীকাৰ কৰে , সিহঁতে সেই ধর্ম গ্রন্থবোৰৰ সপক্ষে যুদ্ধ কৰে , মানুহ হত্যা কৰে কিন্তু সিহঁতে নিজে নাজানে সেই গ্রন্থবোৰৰ ভিতৰতনো আচলতে কি আছে ? স্বর্গীয় ঈশ্বৰজনে সিহঁতক বিশেষ পুৰস্কাৰ দিব বুলি সিহঁতে নিজকে আত্মঘাটি বোমাৰে নিশেষ কৰিছে কিন্তু পাহৰি গৈছে এই মানৱ শৰীৰটোৱেই যে ঈশ্বৰৰ আত্মাৰ মন্দিৰ হয় | নিজকে যেতিয়া আ়ৱিস্কাৰ কৰিব এই বিশ্বব্রমাণ্ডৰ এটা অংশ হিচাপে , ঈশ্বৰৰ এটা অংশ হিচাপে তেতিয়াই সিহঁতৰ হৃদয়ৰ চকু মুকলি | এদিন হয়তো উপলবব্ধি কৰিব যে এই ঈশ্বৰজনক পোৱাৰ কাৰণে মন্দিৰ , মচজিদ , গীর্জা বা গুৰুদ্বাৰা গৈছিল , ঈশ্বৰজনক পোৱাৰ কাৰণে নানা নীতি নিয়ম , আইন-কানুন, সমাজৰ উচ্চ-নীচ , জাতি-ভেদ ভাৱ, নানা ধৰণৰ ধর্মীয় বাবাৰ একুৰি বাৰটা নিয়ম , পুজা পাতল, বলিদান এইবোৰ কৰিছিল কিন্তু সিহঁতে বিচৰা এই ঈশ্বৰজন যে মানুহৰ হৃদয়ৰ মাজতেই বাস কৰে সেইয়া সিহঁতে নাজানে  | হয় তেওঁলোকক তেওঁলোকৰ কর্মৰ সেই মুকুট দিবলে তেওঁ নিশ্বয়ে ৰৈ আছে ,কিছুমানে আকৌ এইটো জীৱনতে পালে |
    মানুহবোৰে বাৰু কিয় ধর্মক লৈ ইমান বলিয়া হয় ? ধর্ম যুদ্ধ কৰে ঈশ্বৰৰ সৃষ্টি মানুহক হ্ত্যা কৰে | ঈশ্বৰ জনক পাবৰ কাৰণে নানা ধৰণৰ সামাজিক নীতি-নিয়ম , আইন-কানুন, সমাজ, খেল, উচ্চ-নীচ, শুচি-অশুচিৰ বাদ-বিবাদ কৰি থাকে ? কিচু সময়ৰ বাবে ধর্ম- গ্রন্থবোৰ এফালে থৈ আমি যদি মুক্ত মনেৰে অলপ চিন্তা কৰো এই যে ঈশ্বৰ বা পৰমাত্মা জন সেইজনে ধার্মিক, অধার্মিক , হিন্দু, মুচলমান ,খ্রীষ্টিয়ান ,শিখ, বৌদ্ধিক , ভকত-অভকত সকলোৰে ওপৰত সমানে বৰষুণ পৰিব দিযে , সকলোৰে ওপৰত সমানে দিয়ে, পোহৰ দিয়ে , বতাহ বলাই ,উশাহ-নিশাহ লবৰ কাৰণে অক্সিজেন দিয়ে , কোনোজনকে তেখেতে ভেদাভেদ নকৰে , এতেকে আমিনো কিয় কৰো ? আকাশৰ চৰাইবোৰ নাইবা সেই ফুলনি বাগিচাৰ ধুনীয়া ধুনীয়া পখিলাবোৰ নাইবা আমি দেখি থকা সেই পৰুৱাবোৰ সিহঁতৰ কোনো ধর্ম নাথাকে , কোনো সমাজ নাথাকে ,সিহঁতবোৰৰ কোনো ভঁৰাল ঘৰো নাথাকে তথাপি  সিহঁতবোৰ কিমান সুখী আৰু ঈশ্বৰজনে সিহঁতকো খাবলৈ দিয়ে | সিহঁতবোৰৰ কেবল এটাই ধর্ম সেয়ে সিহঁত পখিলা , চৰাই বা পৰুৱাহে , যিদৰে আমিও কেবল মানুহেই |
      শুচি-অশুচি ,পাপ-পুর্ণ ,পবিত্র-অপবিত্র এইবোৰৰ পাছত পৰি বাৰু কিয় বাৰে বাৰে ধর্মৰ নানা ধৰণৰ ৰীতি-নীতি , বলিদান, পুজা-পাতল কৰি থাকে , নানা ধৰণৰ বাবাৰ একুৰি বাৰটা নিয়ম মানি থাকে ?  আপোনাৰ হৃদয়ত থকা কুচিন্তা , ব্যভিচাৰ ,চুৰ , নৰবধ, পৰস্ত্রীগমন, লোভ , দুষ্টতা , ছল , কামাভিলাষ , কুদৃষ্টি , অহংকাৰমুর্খতা এইবোৰে জানো মানুহক অশুচি নকৰে | যি মুখেৰে আপুনি গালি দিয়ে , কটু বাক্য কয় সেই একেখন মুখেৰেই অকৌ ঈশ্বৰৰ বা খোদাৰ ভজন কৰে , যি হাতেৰে আপুনি নৰ হত্যা কৰে সেই একেখন হাতেৰেই আপুনি ঈশ্বৰলৈ বলিদান বা দান দক্ষীণা আগবঢ়ায় |  ঈশ্বৰ জনে বাৰু সেই প্রার্থনা বা বলিদান গ্রহণ কৰিবনে ? ঈশৰজনে জানো আমাৰ পৰা বলিদান বা দান দক্ষীণা বিচাৰে ?
    কিছু সময়ৰ বাবে আপুনি অলপ ধ্যান কৰি আপুনি নিজে নিজৰ পৰা আঁতৰি গৈ আকাশৰ সেই ৰা আৰু নক্ষত্রবোৰৰ মাজৰ পৰা নিজকে চালে হয়তো গম পাব যে আপুনি এখন সৰু পৃথিবীত, এখন সৰু দেশৰ ভিতৰত সেই বিন্দুমান ঠাই খিনিত আছে | আপোনাৰ অস্তিত্বই বা কি ? তথাপি আপোনাক সেই ঈশ্বৰজনে সজাইছে |এতিয়া আপুনি তাৰ পৰা ধর্মৰ সংজ্ঞাটো বিচাৰিলে আপুনি কেবল নিজকে এজন মানুহ বুলিহে অনুভৱ কৰিব | আপুনি কৰি থকা সেই বাৰ মাহৰ সেই তেৰ পুজা , সৰু-সৰু শিল কিছুমানক সেন্দুৰ লগাই কৰি থকা সেই আৰাধনা , সমাজত আপুনি কৰি থকা ধর্মীয় ভেদ-ভাব এইবোৰৰ বিষয়ে চিন্তা কৰক ! হয় , নিশ্বয় আপুনি সেই ধর্মৰ সংজ্ঞাটো পাব , আপুনি বুজিব আকাশৰ চৰাইবোৰৰ ৰে আপুনিও মুক্ত এজন মানুহ …| 
  ধর্মৰ সংজ্ঞাটো বিচাৰি ধর্মীয় সেই গ্রন্থবোৰ একাষে লো কাৰণ সেইবোৰে মানুহৰ চিন্তাক সীমাবন্ধ কৰিহে ৰাখে | এতিয়া সৰুকালৰ সেই ফুলনি বাৰী খনৰ ওপৰত উৰি থকা সেই মুক্ত পখিলা কেইটাৰ কথা মনলৈ আনিলো | এৰা , মোৰো কোনো ধর্ম নাই , মই  কেবল এজন মুক্ত মানুহ , মানুহ মোৰ ভাল লাগে , মৰম লাগে , মানুহৰ অনুভুতি বুজিব খোজো, মানুহৰ সুখত মইও সুখী দুখতো দুখী , ঈশ্বৰক মই সকলো হৃদয়েৰে প্রেম কৰো আৰু ঈশ্বৰৰ সৃষ্টি সেই মানুহবোৰকো নিজৰ দৰেই প্রেম কৰো | ধর্মৰ সংজ্ঞাটো বিচাৰি নেপায়, ধর্ম বিশ্বাস নকৰা , ধর্ম নমনা এজন অধার্মিক হৈয়ে জীয়াই থকাৰ ঠিৰাং কৰিলো..|
© মণ্টু কুমাৰ ডেকা
 মোবাইল : 08800305719
নতুন দিল্লী  
 
 
 

No comments:

Post a Comment