“যীচুৱে তেওঁক ক’লে, ময়েই পুনৰুত্থানো আৰু জীৱনো ৷ যি কোনোৱে মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷ আৰু যি কোনোৱে জীয়াই থাকি মোত বিশ্বাস কৰে, তেওঁ কেতিয়াও নমৰিব ৷” -পবিত্ৰ বাইবেল (যোহন-১১:২৫,২৬ পদ) :::::::: “যীচুৱে তেওঁক ক’লে, ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগ’লে, পিতৃৰ ওচৰলৈ(স্বৰ্গলৈ) কোনো নাযায় ৷” -পবিত্ৰ বাইবেল (যোহন-১৪:৬ পদ)

Tuesday, 30 December 2014

গীতৰ পৰা জীৱনৰ বাটলৈ….


 বুকু হম হম কৰে মোৰ আই , কোনে নিদ্রা হৰে মোৰ আই
পুত্র হৈ মই কি মতে তৰোঁ? আই, তোৰে হৈ মই মৰোঁ
...........
নাজানো আজিও কিয় বুকুখন হমহমাই..গৰম দিনত গধুলি ঘৰৰ চোতালত আইতাৰ সাধুকথা শুনি থাকোতে হঠ্যাতে 'ৰবাত প্ৰতিধ্বনি যেন শুনো......ছ্য়কুৰিমান বছৰপুৰনি ককাদেউতাৰ একমাত্ৰ অনাতাঁৰ যন্ত্ৰটো তেতিয়া সাজো হৈ উঠে ভুপেনদাৰ গীত পৰিবেশন কৰাৰ কাৰণে ,গীত শেষ হৈ যায়...আৰম্ভ হয় ককাদেউতাৰ কাহিনী...ঘৰৰ পৰা পলাই গৈ ভুপেনদাৰ ঘৰত সৰুতে কাম কৰাৰ কাহিনী... ভুপেনদাক মুখামুখিকৈ দেখাৰ সুভাগ্য নহ' ,সৰুতে ভুপেনদা ' থাকে কি কৰে ইত্যাদিবোৰ কথা আইতাক সোধাত আইতাই চিধাই অনাতাঁৰ যন্ত্ৰটোলৈ আঙুলিয়াই দিছিল....ভাবিচিলো ভুপেনদা হেনো অনাতাঁৰ যন্ত্ৰটোৰ ভিতৰতে থাকে,তাৰ ভিতৰৰ পৰাই গীত গায় ,কথা কয় আজি ককাদেউতা নাই..আইতাৰ সাধুকথাবোৰো নাই...সেই অনাতাঁৰ যন্ত্রটোও নাই.. নাই ভুপেনদা...তথাপি আজিও সেই গীতবোৰ শুনাৰ পাছত মনে-প্রাণে বৈ যায় এক শিহৰণ এক অনুভুতি যেন এতিয়াও ভুপেনদা অনাতাঁৰ যন্ত্ৰটোৰ ভিতৰতে থাকে , লগীতৰ পৰা জীৱনৰ বাটলৈ….

গে লগে মনলৈ আহে আইতাৰ সাধু কথাবোৰ, বাৰিষাৰ সেই বিশেষ গধূলিবোৰ , ককাদেউতাই লেমৰ পোহৰত বাহ-বেতৰ কাম কৰা সেই মুহুর্ত্ববোৰ আৰু বহুতো কথা মনে-প্ৰাণে এক হুমুনিয়াহ হৈ...সাধুকথা হৈ.. | এই পৃথিবীখনলৈ এক পুৰুষ যায় এক পুৰুষ আহে , কিন্তু পৃথিবীখন সদায় থাকে , একে থাকে সেই মধুৰ গীতবোৰ , গীতবোৰৰ লগত জড়িত হৈ থকা সেই বিশেষ স্মৃতিবোৰ , জীয়াই থাকে আমাৰ হৃদয়ৰ সজীৱতা হৈ ,অমৰ হৈ.. | সুর্য্য উদয় হৈ আকৌ অস্ত যায় আৰু যি ঠাইৰ পৰা উদয় হয় পুনৰায় সেই ঠাইলৈকে বেগেৰে গমন কৰে | বছৰবোৰ আহে আৰু যায় , এই বছৰ বোৰে কঢ়িয়াই আনে বিভিন্ন গায়কৰ কণ্ঠৰ বিভিন্ন গীতবোৰ | সময়ৰ সোঁতত কিছুমান বিশেষ মুহুর্ত্বত হয়তো আপুনি সেই বিশেষ গীতবোৰ শুনিছে , জীৱনৰ দিনবোৰ বাগৰি গৈ আছে , হয়তো সময় , দিন-কাল , পৰিবেশ , ঠাই ইত্যদিবোৰৰো সলনি হৈছে , এতিয়াও হয়তো আপুনি সেই বিশেষ গীতবোৰ শুনাৰ পাছত হয়তো উপলব্ধি কৰিছে এৰি অহা দিনবোৰৰ সেই বিশেষ মুহুর্ত্বটো….. |
সচাঁকৈ , প্রতিজন মানুহৰে জীৱনত লুকাই আছে কিছুমান বিশেষ গীতৰ বিশেষ স্মৃতি | জীৱনৰ বিয়লি বেলাত অকলে অকলে হয়তো সেই গীতবোৰ শুনি এৰি অহা দিনবোৰক , নিজৰ স্মৃতিবোৰক সজীৱ কৰি তুলি কিছু আনন্দ লভিছে , মনে অতীতলৈ উৰা মাৰি গৈ হেনো পাইছে গৈ সেই মুহুর্ত্বলৈ যিটো নেকি জীৱনৰ আটাইতকৈ সুখৰ মুহুর্ত্ব বা দুখৰ | বেচি ভাগ মানুহেই অতীত ৰোমন্থন কৰি বর্তমানতো সেই অতীততেই জীয়াই থাকি ভাল পায়| গীতবোৰ যেন অতীতলৈ উভতি যোৱাৰ এক মাধ্যমহে |

কিছু বছৰ আগতে এজন অবিবাহিত অৱসৰ প্রাপ্ত শিক্ষকক কোঠাৰ ভিতৰত অকলে অকলে বহি বিহু গীত শুনি থকা দেখা পোৱাত কিছু আচৰিত লো | তেখেতৰ পৰা জানিব পাৰিলো যে দিনটোৰ বেচি ভাগ সময়েই তেওঁ বিহু গীত শুনে , তেখেতৰ স্মৃতিয়ে ঢাপলি মেলি যায় হৰ শিঙৰ পেঁপা বজাই-বজাই বিহু গোৱাৰ সেই দিনবোৰলৈ , সেই ডেকা তেজ , ডেকা শৰীৰ , ডেকা মন ,ডেকা প্রাণ, ডেকা অনুভুতি আৰু হয়তো বহুতো কিবা কিবি | লগে লগে সতেজ হৈ উঠে তেখেতৰ মন-প্রাণ , এক নতুন তৃপ্তিৰে , এক নতুন উপলব্ধিৰে পুনৰ বাস্তবলৈ উভতি আহে | জীৱনটো ৰৈ থকাৰ কাৰণে নহয় জীৱনটো গতিশীল আৰু গতিশীল হৈ জীয়াই থকাৰ কাৰণেহে | জীৱনৰ বিয়লি বেলাত হয়তো আৰু বহুদুৰ যাবলৈ আছে , তেখেতেও কিছু থমকি দি গীতৰ সেই মধু পান কৰি আকৌ আগুৱাই যোৱাৰ সকাহ পাইছে | এৰা জীৱনটো এনেকুৱাই , আৰু গীতবোৰো ঠিক তেনেই |
দিল্লীত ইনজিনিয়াৰিং পঢ়ি থকাৰ শেষত বছৰতছিগনেল ছিষ্টেম্নামৰ জটিল বিষয়টোত বাৰে বাৰে অসফল হোৱাত কেনেবাকৈ গীতৰ সেই বিশেষ গুনটোৰ কথা মনলৈ অহাত পঢ়াৰ সময়ত মই ভালপোৱা গীতবোৰ বজাই আছিলো | পৰীক্ষাৰ সময়ত যেতিয়া কাগজ কলম হাতত লৈ অস্থিৰ হৈ পৰিছিলো তেতিয়া লাহে-লাহে গুণ-গুণাইছিলো সেই গীতবোৰ | গীতৰ লহৰৰ মাজেৰে মোৰ স্মৃতি সজীৱ হৈ পৰিছিল , লাহে লাহে এটা এটাকৈ সকলোবোৰ কথাই মনত স্পষ্ট হৈ পৰিছিল | পৰীক্ষাত সফলতা লাভ কৰিলো , পৰীক্ষা শেষ হৈ , আজি বহু বছৰেই তথাপি মোৰ জীৱনলৈ সেই পৰীক্ষা বোৰ যেন আকৌ আহে যেতিয়া মই সেই গীতবোৰ শুনো , উভতি আহে বাৰে বাৰে ভুল হৈ যোৱা সেই সমীকৰণবোৰ..|
আজিও ৰিদীপ দত্তৰজীৱনতো অসাৰ প্রয়োজনো নাই তথাপিতো আছো জীয়াইএই গীতটো শুনাৰ লগে লগে মোৰ মনে ঢাপলি মেলে শৈশৱলৈ, বাৰিষাৰ বানাগ্রস্থ নগাৱৰ সেই দিনবোৰলৈ , বানপানী শুকাই যোৱাৰ পাছত ওলোৱা মাটিৰ সেই বিশেষ গোন্ধটোলৈ..পাল পাতি থকা হবোৰৰ সেই সৰু পোৱালীজনীলৈ.. লগে লগে নাকত লাগি যাই দেউতাই কিনি দিয়া নতুন চোলাটোৰ সেই নতুন নতুন গোন্ধটো ..| “ মই যেতিয়া এই জীৱ্নৰ মায়া এৰি গুচি যামভুপেন দাৰ এই গীতটো শুনাৰ পাছত হয়তো আপোনাৰ চকুলোঁ নিগৰি যাব , মনত পৰিব তেখেতৰ সেই মৃত্যৰ দিনটোলৈ..|
আমাৰ স্মৃতিবোৰ সেই বিশেষ গীতবোৰৰ মাজেৰেই সজীৱ হৈ উঠে | গীতবোৰ শুনাৰ পাছত সেই স্মৃতিৰ মধু পান কৰি তিতা-কেঁহা অনুভৱেৰে জীৱনটো সুন্দৰ কৰি তোলে | হয়তো তাৰ মাজেৰেই পাই জীৱনটো আগুৱাই যোৱাৰ সাহস , আনন্দ আৰু এক নতুন অনুভুতি | কালক্রমত গীতিকাৰ , গায়ন-বায়ন সকলোবোৰ শেষ হৈ যায়, শেষ হৈ যায় বছৰ দিন , যুগ, কিন্তু থাকি যায় তেওঁ লোকৰ কণ্ঠৰ সেই মধুৰ গীতবোৰ আৰু সেই গীতৰ লগত জড়িত আমাৰ স্মৃতিবোৰ ..|
জীৱনৰ বাটত আৰু বহু দূৰ যাবলৈ আছে , হয়তো আপোনাৰ কাৰণে জীৱনটো আমনি দায়ক হৈ পৰিছে , হয়তো আপুনি জীৱনৰ বিয়লি বেলাত অকলশৰীয়া হৈ পৰিছে , হয়তো আপুনি ভাগৰি পৰিছে নতুবা সংগীবিহীন হৈ পৰিছে , আপুনি এটা গীত শুনক | জীপাল কৰি তোলক সেই গীতটোৰ মাজত লুকাই থকা স্মৃতিবোৰক , সুখ-দুখৰ বিশেষ মুহুর্ত্ববোৰক ,পুনৰ জাগ্রত কৰক আপোনাৰ হেৰাই যোৱা সেই অনুভৱ , সেই মনোবল সেই দিন , সেই সময়বোৰক….|
আপোনাৰ কাৰণে জীৱনটো সহজ হৈ পৰিল , আপোনাৰ অনুভৱ , আপোনাৰ মনোবল সতেজ হৈ উঠিব , আপুনি জীৱ্নৰ বাটত আৰু কিছুদূৰ আগুৱাই যাবলৈ সাহসী হৈ পৰিব….|
আহক ভালপোৱা গীতবোৰ শুনি দুদিনীয়া জীৱনটো সুন্দৰ কৰি তোলো..|


                       *************************************************

© মণ্টু কুমাৰ ডেকা
মোবাইল : 08800305719
নতুন দিল্লী

No comments:

Post a Comment