…..তেখেতে কিবা ক’ব খুজিছিলো , হয়তো নদীৰ পাৰৰ
সেই বাঁহগছ জোপাৰ কথা, হয়তো হালধী খেতিৰ সেই আধৰুৱা কাম খিনিৰ কথা, হয়তো সেই শালিধান খিনিৰ কথা
| কথাবোৰ ক’বৰ বাবেও তেখেতৰ সৰু পুতেক জনো তেতিয়া ওচৰত নাছিল | বৃদ্ধ পত্নীজনী আছে
যদিও তেখেত অতি পুৰণি ৰীতি-নীতিৰে চলা বিধৰ আছিল , গোট খাই থকা মানুহ খিনিৰ লগতে নিজৰ
পুতেক , জীয়েক, বোৱাৰীয়েকৰ আগত অন্তিম সময়ত নিজৰ স্বামীৰ ওচৰত বহি মনৰ সেই গোপন কথা
পাতিবলৈ লজ্জাবোধ কৰিছিল হয়তো জীৱনৰ সেই অন্তিম
সত্যক স্বীকাৰ কৰিবলৈ সাহস কৰা নাছিল্ | লাহে-লাহে গাঁৱৰ মানুহখিনিৰে চোতাল ভৰি পৰিছিল
|কিছুমানে দুৰৈত থকা মাজু পুতেকজনক মাতিবলৈ কুৱাকুই কৰিছিল| দুজন মানে নাম ঘৰৰ পৰা
গীতাখন উলিয়াই পাঠ কৰাৰ আয়োজন কৰিছিল |সৰু নাতিনীয়েক জনীয়ে ধুপ-ধুনাৰে গোটেই চোতালখন
সুগন্ধাই পেলাইছিল | কিছু সময়ৰ পাছতে হয়তো তেখেতে বিদায় ল’ব , যাত্রা কৰিব উভতি নহা
এনে এটা পথেৰে যিটোৱে আৰম্ভ কৰিব আৰু এটা নতুন জীৱনৰ | কিছুসময়ৰ আগতে তেখেতে নিজ ইচ্ছাৰে
পশ্চিম দিশে মুৰ কৰি নিজে বোৱা ঢাৰি এখনত শুই গৈছিল হয়তো তেখেতে জানিছিল বিদায়ৰ সেই
আগজাননীৰ কথা | তেখেৰে মুখেৰে কিবা কিবি কোনেও নুবুজাকৈ কৈ আছিল | এনেতে সৰু জীয়েকজনীয়ে
বৃদ্ধ মাকজনীক হাতত ধৰি তেখেতৰ ওচৰত বহুৱাই দিছিল | মাক জনীয়ে কন্ধিছিল আৰু কৈছিল
“ আজি তিনিমাহৰ আগতে গজগজীয়া হৈ নিজে চাইকেল চলাই বজাৰ কৰি অনা মানুহজন আজি অচল হৈ
গ’ল” | সঁচাকৈ তিনি মাহৰ আগতে তেখেতেই সমাজৰ
আটাইতকৈ সক্রীয় মানুহজন আছিল| ডাক্টৰে কিডনী পৰীক্ষা কৰি সৰু পুতেকেজনক গোপনে মাতি তেখেতৰ সেই অন্তিম
দিনৰ কথা কৈছিল| উপায়হীন হৈ ঘৰতে বহি অপেক্ষা কৰিছিল মৃত্যু নামৰ সেই ঘাটকটোৰলৈ | দিনে
দিনে তেখেতৰ অংগ-পতংগ বোৰ অচল হৈ আহিছিল | গাঁৱৰ্ মানুহ বোৰেও কথাটো জানিছিলো হয়তো
কিছুমানে আলোচনা কৰিছিল যে মৃত্যুলৈ তেখেতৰ বেছি দিন নাই | কিছুমানে তেখেতলৈ তেখেতে
ভালপোৱা এসাজ আনি খোৱাইছিল | এনেতে সমাজৰ দুই এজনে গীতা পাঠ আৰম্ভ কৰিছিল হে মাত্ৰ
সৰু জীয়েকজনীয়ে জোৰকৈ চিঞৰি দিছিল “ পিতাই অ’ পিতাই”…বুজিবলৈ বাকী নাথাকিল , তেখেতৰ
মৃত্যু হ’ল | খন্তেকৰ আগতে তেখেতে কৈ যাব খোজা সেই নদীৰ পাৰৰ বাঁহ গছজোপা , সেই হালধী
খেতি , সেই শালি খেতি আটাইবোৰ যেন একে ঠাইতে নিঠৰ হৈ ৰ’ল | এৰা মাতৃৰ গর্ভৰ পৰা অকলে
নাঙঠ হৈ আহিছিলো এদিন আকৌ সেই অকলে নাঙঠ হৈয়ে যাব লাগিব |টকা-পইচা , ধন-সম্পতি , মান-সন্মান,
আত্মগৌৰব ,অহংকাৰ, কামনা- বাসনা আদি সকলোবোৰ খন্তেকৰ ভিতৰতে মৃত্যু নামৰ সেই দানৱটোৱে
চূৰমাৰ কৰি লৈ যাব , থাকি যাব আত্মীয়-স্বজনৰ বেদনা , উচুপনি আৰু চকুলো ইত্যাদিবোৰ…|
ধনীবোৰ কেনেকৈ মৰে দুখীয়াৰ দৰেই নহয় জানো , ৰজাও কেনেকৈ মৰে সেই প্র্জাৰ দৰেই নহয় জানো|
জীৱনলৈ মোৰ বেজাৰ লাগিল , সকলোবোৰেই যেন অসাৰ , কেবল অসাৰতা আৰু বতাহক ধৰিবলৈ চেষ্টা
কৰা মাত্রহে মাথো | ধনী মানুহবোৰে বাৰু কিয় গর্ব কৰে , মোৰ বহুত ধন-সম্পতি আছে এই কথাটো
চকুৰে দেখা আৰু মনেৰে সন্তোষ্ট হোৱাৰ বাহিৰে আৰু বা কি আছে? এদিনটো তেৱো উভতি নহা সেই
একেটা বাটেৰেই গতি কৰিব লাগিব নিজৰ সেই চহকী দেহাটোক জ্বলাই.. মৃত্যুক জ্বয় কৰি গর্ব
কৰি দেখুৱাওকছোন বাৰু ?
কিছুবছৰ
আগতে মোৰ সম্বন্ধীয় ভাইটি এজনে দুপৰীয়া এপাক চাইকেল চলাই আহো বুলি গুচি গৈছিল ৰাজ পথলৈ
| খন্তেকৰে ভিতৰতে দ্রুতবেগী গাড়ী এখনে তাৰ সর্বশৰীৰ ৰক্তান্ত কৰি মৃত শৰীৰটো পেলাই
থৈ গৈছিল জাগিৰোডৰ সেই ৰাষ্টীয় ঘাই পথত ..| অপেক্ষা কৰি আছিল মাকে বনাই থোৱা সেই মাটিমাহৰ
দালিৰ বাটি…দুপৰীয়াৰ ভাত-সাজ আৰু এটা চকলেটৰ আশাত সেই কনমানি ভাগিনী জনীয়ে..| মৃতশৰীৰ
ঘৰলৈ আহিল , খন্তেকতে শেষ হ’ল মাক-বাপেকৰ সেই একমাত্র সন্তানটিৰ ওপৰত থকা অশেষ আশা
..কোনোবা গাভৰুৰ হৃদয়ৰ নানা সপোন… | ভাইটিজন
গুচি গ’ল কিন্তু আমাৰ মাজত থাকি গ’ল বেদনা ,যান্ত্রনা আৰু চকুপানী……..| এৰা জীৱনটো
যেন এনেকুৱাই আৰু মৃত্যুও এনেকৈয়ে আহে আমাৰ জীৱনলৈ…|
আমাৰ জীৱনৰ প্রত্যেকজনৰ লগতেই এই মৃত্যু নামৰ দানৱটোৰ
সম্বন্ধ | মৃতকজনে মৃত্যুক সাবটি গুচি যায়্ উভতি নহা সেই পথেৰে হয়তো ঘুৰি চাই বা ঘুৰি
নাচাই বেদনাগ্রস্থ আমালৈ… কিন্তু আমাৰ মাজত যেন তেওঁলোক সদায়েই জীয়াই থাকে আমাৰ ওচৰে
পাজৰে আমাৰ আবেগ অনুভুতি হৈ আমাৰ উশাহ-নিশাহ হুমুনিয়াহ হৈ আমাৰ চকুপানী হৈ…আমি যেন কেতিয়াও স্বীকাৰ কৰিব নোৱাৰো
মৃত্যু নামৰ সেই দানৱ্টোক. কিছুমানে হয়তো নিজ পিতৃ বা মাতৃক অকালতে হেৰুৱাব লগা হোৱাত
নিজৰ শহুৰ দেউতাক বা শাহু মাকক কেতিয়াও দেউতা
বা মা বুলি মাতিব পৰা নাই..সেই একেদৰেই একমাত্র সন্তানৰ মৃত্যুৰ পাছত নিজৰ জোঁৱায়েক
জনকো হয়তো বোপা বুলি সেই মৰমৰ নামটো দিব পৰা নাই ,হয়তো নিজৰ প্রিয়জনৰ সেই অকাল মৃত্যুক
স্বীকাৰ নকৰাকৈয়ে জীৱনটো পাৰ হৈ যায়…|
ঈশ্বৰজনে বাৰু কিয় মৃত্যুক এই জগতলৈ পঠিয়াইছিল
|আছেনে কোনোৱা যিয়ে এই মৃত্যুকো জ্বয় কৰি অমৰত্বলৈ গতি কৰিছিল| আজিৰ বিজ্ঞানে মৃত্যুৰ
পাছত একো নাই বুলিয়েই বিশ্বাস কৰে | জীৱন যেন অণু-পৰমাণুৰ এক সংমিশ্রনহে যি একালত সমাপ্ত
হৈ যায় | কিন্তু
আমি কিছু আধ্যাত্মিক দিশলৈ মন কৰিলে এই কথাটো সকলো ধর্মৰ ধর্ম গ্রন্থবোৰে স্বীকাৰ কৰে
যে মৃত্যু মানে কেবল সমাপ্ত নহয় , মৃত্যু মানে এটা নতুন যাত্রা এটা শৰীৰ এৰি এখন সমাজ
এখন দেশ এ়ৰি কোনেও নেদেখা নুশুনা আন এটা অমৰ শৰীৰৰলৈ , আন এখন সমাজলৈ, এখন নতুন দেশলৈ
একুৰা প্রকাণ্ড জুইৰ মাজেৰে…. মৃত্যু মানে সমাপ্ত হৈ আৰম্ভ হোৱা এটা নতুন যাত্রা
,এটা নতুন বাট , উভতি নহা সেই বাটেৰে হয়তো আপুনিও এদিন গতি কৰিব ,হয়তো আপুনি হাঁহিছে,
কান্ধিছে, বা আত্মগৌৰব কৰিছে, হয়তো কোনে জানে খন্তেকতে গতি কৰিব সেই বাটেৰে,খন্তেকতে
পৰি ৰ’ব আপোনাৰ মান-সন্মান , আত্মগৌৰৱ , বন্ধু-বান্ধৱ… হয়তো আপোনাৰ সেই ধুনীয়া শৰীৰটো
জ্বলি উঠিব দপ-দপকৈ জ্বলি থকা একুৰা প্রকাণ্ড জুইত… আপুনি বা মই তাৰ পৰা ঘুৰি চামনে
নেচাম নাজানো কিন্তু মানুহৰ মাজত পৰি ৰ’ব আপোনাৰ বা মোৰ কিছুমান স্মৃতি , কাৰোবাৰ চকুপানী….|
আহকচোন বাৰু মৃত্যু নামৰ সেই দানৱটোলৈ ভয় নকৰি
প্রেমেৰে আঁদৰি লও জীৱনৰ এটা চৰম সত্য হিচাপে| জন্ম-মৃত্যু যেন কেবল ঈশ্বৰৰ হাততেই
, মৃত্যুৰ পাছত থকা সেই অনন্তজীৱনো কেবল ঈশ্বৰৰ হাততেই , ঈশ্বৰক স্বীকাৰ কৰি আহকচোন
আমিও কওঁ “ মৃত্যু তোৰ জ্বয় ক’ত ? ”
*************************
© মণ্টু কুমাৰ
ডেকা
মোবাইল : 08800305719
নতুন দিল্লী
No comments:
Post a Comment